At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday 28 March 2013

মাহী আৰু হাঁহি



মাহী আৰু হাঁহি
গুৱাহাটীত তিনিগৰাকী মাহী থাকে৷ 
তাৰে এগৰাকী মাহীৰ ঘৰলৈ প্ৰায়েই গৈছিলো কটন কলেজ আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা সময়ত৷ মাহীৰ ল’ৰা-ছোৱালীকেইটাৰ স’তে আমি প্ৰায় সমনীয়া হোৱা বাবে, একেলগে উমলি-জামলি ডাঙৰ হৈছিলো বুলি ক’ব পাৰি৷ পঢ়া-শুনাত আমাৰ ফলাফল খুব ভাল হৈছিল বাবে মহা-মাহীহঁতে আমাক লৈ বৰ গৌৰৱ অনুভৱ কৰিছিল৷
কালক্ৰমত আমি চাকৰি কৰিবলৈ ল’লো৷ মই সোমাই পৰিলো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত, এজন প্ৰবক্তা হিচাবে৷ ইতিমধ্যে মাহীৰ সৰুটো ল’ৰাও ডাঙৰ হৈ আহিল৷ সি পঢ়া-শুনা নকৰে, কেৰম, ক্ৰিকেট আদি খেলি ঘূৰি ফুৰে, তাৰ যে কি হ’ব? মহা-মাহীৰ খুব চিন্তা৷ মই মহাক এদিন ক’বলৈহে পালো, 
“চিন্তা নকৰিব, খেলি থাকিব দিয়ক, সি ভালেই হ’ব,” মহা একেবাৰে জাঙুৰ খাই উঠিল৷ মোকেই গালি পাৰিব ধৰিলে ল’ৰাটোৰ হৈ ওকালতি কৰা বুলি৷ 

ল’ৰাটো এদিন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ হৈ পৰিল৷ মোৰেই ছাত্ৰ৷ মহা-মাহীক ক’লো, “এতিয়া সি মোৰ ছাত্ৰ, আপোনালোকে একো নক’ব আৰু৷”

সময় বাগৰি গ’ল৷ ল’ৰাটিয়ে ভালদৰেই পাছ কৰিলে৷ মহা-মাহীৰ মুখত হাঁহি বিৰিঙিল৷ ভাল চাকৰি পালে৷ এটাৰ পাছত এটাকৈ চাকৰি সলাই সলাই বিদেশ পালেগৈ৷ তাক লৈ সকলোৱে গৌৰৱবোধ কৰিবলৈ ধৰিলে৷

মাহীৰ ঘৰলৈ যোৱাটো কম হৈ আহিল, নিজৰ পৰিয়ালক লৈ ব্যস্ত হৈ পৰিলো৷ প্ৰায় দুবছৰ মান বিৰতিৰ পাছত এদিন মাহীৰ ঘৰলৈ গ’লো৷ নান ধৰণৰ কথা বতৰা চলিল৷ কিবা এটা কথা প্ৰসঙ্গত মাহীয়ে মন্তব্য কৰিলে, “ ইমান ভাল ৰিজাল্ট কৰি তোৰনো কি হ’ল?”
মই মিচিকিয়া হাঁহি এটা মাৰি মনে মনে থাকিলো৷

ঘৰলৈ  ওভটাৰ সময়ত বাৰে বাৰে মনটোক আমনি কৰিবলৈ ধৰিলে, মাহীৰ মন্তব্যটোৱে৷ 
“ এৰা, মোৰনো কি হ’ল? মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এজন সাধাৰণ শিক্ষকহে হ’লো৷ আমেৰিকা, অস্ট্ৰেলিয়া আদি দেশত কাম কৰিবলৈ যোৱা সকলহে আচল মানুহ৷” চিন্তা  কৰি কৰি কেতিয়া আহি  মহাবিদ্যালয়ৰ চৌহদত প্ৰবেশ কৰিলো গমকে নাপালো৷ 

হাত-মুখ ধুই , নিশাৰ আহাৰ খাই, পঢ়া মেজত বহি পৰিলো৷ 
“অহাকালি হীট-ত্ৰেন্সফাৰৰ ক্লাচ আছে৷” মনত পৰিল৷ 
কিতাপ দুখনমান মেলি লৈ, হাতত কাগজ কলম লৈ ক্লাচ-নোট বনোৱাত ব্যস্ত হৈ পৰিলো৷ মুখত বিৰিঙি উঠিল এটি হাঁহি৷ 
সংজ্ঞাবিহীন হাঁহি৷

No comments:

Post a Comment