At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Sunday 21 April 2013

দাতাই নিদিলেও বিধাতাই দিয়ে..



উৰাজাহাজেৰে কলিকতাৰ পৰা আহমেদাবাদলৈ যাবলগীয়া আছিল৷ প্ৰায় আঢ়ৈ ঘন্টীয়া যাত্ৰা৷ ইমানখিনি সময় একে ঠাইতে বহি থকাটো যথেষ্ট কষ্টকৰ কথা৷ কোনোবা এজন বিখ্যাত লোকে কিছুদিন আগতে উৰাজাহাজৰ ইক’ন’মি ক্লাচটো “কেটেল ক্লাচ” বা গৰু-ছাগলীৰ শ্ৰেণী বুলি কৰা বৰ্ণনাটো আচলতে সঠিক আছিল৷ কোনোমতে চীটটোত বহি লোৱাৰ পাছত হাত-ভৰি আদি ভালদৰে লৰ-চৰ কৰিবও নোৱাৰি৷ চীটবোৰৰ আকাৰে কোনো দুৰ্ভিক্ষ চলি থকা দেশৰ মানুহৰ অৱয়বৰ কথালৈহে মনত পেলাই দিয়ে৷ মোৰ শৰীৰৰ আকাৰ আকৌ জন্মগত ভাবেই ডাঙৰ৷ কান্ধ দুখনে নিজৰ নিৰ্দ্ধাৰিত আসনখনৰ সীমা পাৰহৈ গৈ কাষত বহা যাত্ৰীক আমনি কৰিব খোজে৷ সেই অসুবিধালৈ মনত ৰাখি, মই সদায় আইলচীট অৰ্থাৎ মাজৰ অহা-যোৱা কৰা বাটটোৰ পিনে থকা আসনখনত বহিবলৈ ভাল পাওঁ৷ এফাল মুকলি, কান্ধখনে সীমাৰ পৰিধি অতিক্ৰম কৰাত কোনো অসুবিধা নাই৷

মনে বিচৰা আসন পাবৰ কাৰণে মই যিমান পাৰো আগতে গৈ চেক-ইন কৰোঁ৷ কলিকতা বিমান-বন্দৰটো নতুনকৈ সজাইছে৷ বাট বিচাৰি থাকোঁতে অলপ পলম হৈ গ’ল৷ তথাপি প্ৰায় দুঘন্টা আগতেই গৈ কাউন্টাৰ পালোঁগৈ৷ সদায় বিচৰাৰ দৰে আইলচীট বিচাৰিলো৷ কাউন্টাৰত বহি থকা ছোৱালীগৰাকীয়ে ক’লে, কোনো আইলচীট নাই৷ একেবাৰে শেষৰ শাৰীত এটা আছে, চীটটো পুচ-বেক নহয়, অসুবিধা পাব৷ মই সুধিলো, খিৰিকিৰ কাষৰ চীট আছেনে নাই৷ উত্তৰ একেটাই৷ কোনো চীট খালী নাই৷ উপায় নাই৷ আজি কোনোবা দুজনৰ মাজত চেন্দুইচ হৈ বহি যাব লাগিব আৰু৷ হাত-ভৰি জঠৰ হৈ যাব৷ কিছুসময় পাছত কিজানি পিঠিৰ বিষো উঠিব৷ হতাশ মনেৰে বোৰ্ডিং কাৰ্ডখন ল’লো, যন্ত্ৰৰ দৰে চিকিউৰিটি চেক কৰাৰ আনুষ্ঠানিকতা সম্পন্ন কৰি অপেক্ষা কৰি ৰ’লো বোৰ্ডিং ঘোষণাৰ বাবে৷

যথা সময়ত ঘোষণা হ’ল৷ উৰাজাহাজত প্ৰবেশ কৰিলো৷ নিজৰ আসনখন বিচাৰি লৈ বহি পৰিলো৷ মাজৰ আসন৷ দুয়োফালৰ আসন দুখন, অৰ্থাৎ খিৰিকি-কাষৰ আৰু আইলচীট, তেতিয়ালৈকে খালী আছিল৷ কোনোবা এজন নাহিলেও হয়, মোৰ মনত ক্ষীণ আশা এটা উপজিল৷ 

দলে-বলে মানুহ আহিয়েই আছে৷ মই উৎকন্ঠাৰে বাট চাই ৰ’লো৷ অলপ পিছত এগৰাকী যুৱতী আৰু পিছে পিছে আদহীয়া মহিলা এগৰাকী সোমাই অহা চকুত পৰিল৷ যুৱতী গৰাকীয়ে মোৰ পিনে চাই চাই আগুৱাই আহি আছে৷ বুজিবলৈ অসুবিধা নহল, মোৰ দুয়ো কাষে তেওঁলোক দুগৰাকী মহিলা বহিব৷
“লৰ-চৰ নকৰাকৈ কাঠৰ মূঢ়া এটাৰ নিচিনাকৈ বহি থাকিব লাগিব, আঢ়ৈ ঘন্টা সময়৷ আজি মোৰ ফালে আধ্যা৷” মনতে ভাবিলো৷

যুৱতী গৰাকী মোৰ কাষ পালেহি৷ মই কিবা কোৱাৰ আগতেই মোৰ পিনে চাই মিচিকিয়া হাঁহি এটা মাৰি ক’লে,
“ আপুনি অনুগ্ৰহ কৰি আইলচীটটোত বহিব নেকি? মই মাজৰ চীটটোত বহিম৷ মা আৰু মই দুয়োজনে একেলগে বহিব খুজিছো৷ আচলতে মই মাজৰ চীটটো খালী থাকিব পাৰে বুলি ভাবি এনেদৰে চীট দুটা লৈছিলো৷ পিছে আজি বিৰাট ভীৰ৷”

মই নিজৰ কাণকেই বিশ্বাস কৰিবলৈ টান পালো৷ অতি উৎসাহেৰে ক’লো,
“ খুব ভাল কথা৷ মইতো আইলচীটেই বিচাৰি আছিলো৷”

ততাতৈয়াকৈ তেওঁলোক দুজনক বহিবলৈ দি মই আইলচীটটোত বহি পৰিলো৷ এটা স্বস্তিৰ নিশ্বাস পেলালো৷ ভাবিলো,
“ঈশ্বৰে দিওঁ বুলিলে কোনে ৰাখিব পাৰে? দাতাই নিদিলেও বিধাতাই দিয়ে৷”
===================ডঃ মাখন লাল দাস (২১ এপ্ৰিল, ২০১৩)

No comments:

Post a Comment