At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday 2 May 2013

আপোনভোলাৰ বিলৈ...

মোৰ ম'বাইল ইন্টাৰনেট পেকটোৰ ম্যাদ উকলিবৰ হ'লত সন্ধিয়া দোকান এখন বিচাৰি গ'লো ৰিচাৰ্জ কৰিবলৈ৷ কিছুদূৰ বাটকুৰি বাই গ'লো, সন্ধিয়া অলপ খোজ কঢ়াও হ'ল৷ দোকান এখন পাই ভিতৰ সোমাই গ'লো৷ ১৯৯/- টকাৰ ইন্টাৰনেট পেক এটা লাগে বুলি ক'লো৷ দোকানীয়ে নম্বৰটো ল'লে আৰু ৰিচাৰ্জ কৰিবলৈ বুটাম টিপিলে৷ কেইচেকেন্ডমান পাছত মেচেজ এটা আহিল মোৰ ম'বাইললৈ৷ পঢ়িবৰ প্ৰয়োজন বোধ নকৰিলো৷ ইন্টাৰনেট পেকৰ ৰিচাৰ্জ হৈ গ'ল বুলি ধৰি ল'লো৷ তাৰ পাছত দোকানীজনক ক'লো ১৪৯/- টকাৰ এচ টি ডি পেক এটাও ভৰাই দিবলৈ৷ আকৌ এটা মেচেজ আহিল৷ বুজিলো এইটো ৰিচাৰ্জো সফল হ'ল৷ দোকানীক ৩৫০/- টকা দি ঘৰলৈ বুলি খোজ ল'লো৷ ইতিমধ্যে মোৰ ২৩০/- টকা মান বেলেঞ্চ আছিলেই৷গতিকে আপোনমনে ইন্টাৰনেট কৰি গ'লো, ফোন কৰি থাকিলো সঘনাই, বিশেষকৈ অসমলৈ, ঘৰলৈ৷

তিনিদিন পাৰ হ'ল৷ আবেলি পৰত ঘৰলৈ আহি অলপ জিৰাবলৈ ল'লো আৰু মোবাইলটো হাতত ল'লো, ফেচবুক কৰো বুলি৷ ইন্টাৰনেট কোনোপধ্যেই নোখোলে৷ ফোন এটা কৰিব খুজিলো, সিফালৰ পৰা শুৱলা মাতেৰে মহিলা এগৰাকীয়ে মোক সোৱঁৰাই দিলে মোৰ বেলেঞ্চ নাই বাবে ৰিচাৰ্জ কৰি ল'ব লাগে বুলি৷ মই হতবাক৷ ই কেনেকৈ হ'ব পাৰে? ইমান টকাৰ বেলেঞ্চ শেষ কেনেদৰে হ'ব পাৰে মাত্ৰ তিনিদিনত?

কিবা এটা মনত খেলোৱাত তিনিদিন আগতে দোকানত ৰিচাৰ্জ কৰা সময়ত পোৱা মেচেজ দুটা বিচাৰি উলিয়াই পঢ়ি চালো৷ উৰহী গছৰ ওৰ পাবলৈ অসুবিধা নহ'ল৷ প্ৰথম মেচেজটোত আচলতে মোৰ ১৯৯/- টকাৰ ইন্টাৰনেট পেকৰ ৰিচাৰ্জটো সফল নোহাৱা বুলিহে মোক জনাইছিল৷ মই নপঢ়িলো৷ দোকানীক টকাও দিলো আৰু ধুম-ধাম ইন্টাৰনেটো কৰি থাকিলো৷ গতিকে ইন্টাৰনেটৰ নামত মোৰ মূল বেলেন্স কমি কমি তিনিদিনতে ২৩০/- টকা শেষ৷
হাঁহিম নে কান্দিম এতিয়া?

নিজৰ গালতে দুটামান চৰ শোধাই কাপোৰ সলাই বাহিৰ ওলাই গ'লো, আকৌ ৰিচাৰ্জ কৰিবলৈ৷

সন্ধিয়া শ্ৰীমতীক ফোন কৰিব লাগিব৷ ফোনত এই কথাটো হ'লে তেওঁক নকওঁ৷

No comments:

Post a Comment