At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 14 October 2013

তেৰৰ মেৰ

১৯৬৪ চনৰ কথা৷ তেতিয়া আমি নগাঁৱৰ ওচৰৰ শেনচোৱা নামৰ ঠাই এখনত থাকোঁ৷ দেউতা তাৰে চৰকাৰী ৰেচম পামৰ অধীক্ষক আছিল৷ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লগা পামখন৷ তাৰ পৰা অলপ দূৰ নগাঁও চহৰৰ পিনে আগুৱাই গ'লেই ৰেলআলিটো পাৰ হোৱা লেভেল ক্ৰচিংটো৷ সেইটো পোৱাৰ আগতে, ৰাস্তাৰ সোঁফালে আছিল এখন প্ৰাথমিক বিদ্যালয়৷ আলিটাঙনি নিম্ন বুনিয়াদী বিদ্যালয়৷ দুয়োজন দাদা সেইখন স্কুললৈকে যায়৷ লগতে মোকো লৈ যায় মাজে মাজে৷ জানুৱাৰী মাহ পৰাৰ লগে লগে মোকো ক-শ্ৰেণীত নাম লগাই দিয়া হ'ল৷ ডাঙৰজন দাদা গ'ল বেবেজীয়া হাইস্কুললৈ৷

মই দ্বিতীয় শ্ৰেণীত পঢ়া সৰুদাদাৰ লগতে স্কুললৈ যাবলৈ ল'লো৷ হাতত ঢাৰি বা কঠ একোখন লৈ যাব লাগে৷ তাকে পাৰি বহিব লাগে৷ স্কুলখনৰ চাৰিওফালৰ বেৰকেইখন মাত্ৰ আছিল৷ মাজত কোনো বেৰ নাছিল৷ গোটেই স্কুলখন এটা কোঠাৰ নিচিনাই আছিল৷ সৰুদাদাৰ শ্ৰেণী আৰু আমাৰ শ্ৰেণীৰ শিক্ষয়িত্ৰী একেগৰাকীয়েই৷ মাজতে ব্লেকবোৰ্ডখন ৷ সিপাৰে দাদাহঁতৰ শ্ৰেণী, ইপাৰে আমাৰ৷ বোৰ্ডখনৰ সিটো ফালে দাদাহঁতৰ পাঠবোৰ লিখে আৰু আমাক পঢ়ুৱাবলৈ ব্যৱহাৰ কৰা  হয় বোৰ্ডখনৰ আমাৰ ফালে থকা ফালটো৷ মুঠতে আমি সকলোৱে সকলোকে দেখি থাকোঁ৷ কোনোবাই চেকনিৰ কোব খালে গোটেই স্কুলখনেই দেখা পায়৷

স্কুললৈ যোৱা দুদিনমান হোৱাৰ পাছত ঘৰত ডাঙৰ দাদাই সুধিলে, "তোৰ ক্ৰমিক নম্বৰ কিমান?"
"কি ক্ৰমিক নম্বৰ?" মই একো বুজি নাপাই সুধিলো৷
" মানে ৰোল নম্বৰ৷ তোক কেই নম্বৰত মাতে হাজিৰা কৰোঁতে? সেই নম্বৰটোৱেই তোৰ ক্ৰমিক নম্বৰ বা ৰোল নম্বৰ," দাদাই মোক ভালদৰে বুজাই দিলে৷
" মই নাজানো, কালিলৈ চাম গণি গণি৷ তাৰপাছত আহি তোক কম," মই যথেষ্ট আগ্ৰহেৰে ক'লো৷ মোৰো এটা নম্বৰ আছে, কথাটো ভাবি ভাল লাগিল৷

পিছদিনা স্কুললৈ যথেষ্ট উৎসাহেৰে গ'লো৷ প্ৰৰ্থনাৰ পিছতে প্ৰথম পিৰিয়ড আৰম্ভ হ'ল৷ বাইদেৱে হাজিৰা কৰিবলৈ বহীটো উলিয়াই ল'লে৷ মইও সাজু হ'লো মোৰ ক্ৰমিক নম্বৰ হিচাব কৰিবলৈ৷
বাইদেৱে প্ৰথম নামটো মাতিলে, ল'ৰা এজন থিয় হৈ ক'লে, "উপস্থিত", মই আঙুলিত গণিলো, এক৷
বাইদেৱে দ্বিতীয় নাম এটা মাতিলে, কোনোবা এজন থিয় হৈ ক'লে, "উপস্থিত", মই গণিলো, দুই৷
তেনেদৰে বাইদেৱে এটা এটাকৈ নাম মাতি থাকিল, মইও গণি থাকিলো, তিনি, চাৰি, পাঁচ, ছয়, সাত, আঠ, ন, দহ, এঘাৰ ৷
এইবাৰ বাইদেৱে মাতিলে, "বাসন্তী", বাসন্তী নামৰ ছোৱালীজনীয়ে থিয় দি ক'লে, "উপস্থিত", মইও গণিলো, "বাৰ৷"
তাৰপাছতে হঠাতে ভাঁহি আহিল মোৰ নামটো বাইদেউৰ মুখৰ পৰা, "মাখন৷"
মইও ততালিকে থিয় হৈ চিঞৰি ক'লো, "তেৰ৷"
বাইদেউ ৰৈ গ'ল৷ মোৰ ফালে আচৰিত হৈ চালে৷  শ্ৰেণীৰ গোটেই ল'ৰা-ছোৱালীবোৰে গিৰ্জনি মাৰি হাঁহি দিলে৷ লগতে সম্মুখৰ শ্ৰেণীত বহি থকা দাদাহঁতৰ শ্ৰেণীৰ বোৰেও হাঁহিত যোগ দিলে৷ তাকে দেখি বাকী শ্ৰেণীৰ ল'ৰা-ছোৱালীবোৰেও মোৰ ফালে চাবলৈ ধৰিলে উৎসুকহৈ৷  মোৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁ৷ মই নিজৰ ঠাইত বহি দুই হাতেৰে মুখখন ঢাকি তলমূৰকৈ বহি ৰ'লো ভালেমান পৰ৷ শ্ৰেণীত কি শিকালে একো মনত নাথাকিল৷
বাৰে বাৰে কেৱল মনলৈ আহি থাকিল, তেৰ তেৰ তেৰ৷


No comments:

Post a Comment