At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 7 October 2013

নামৰ কাম..



নামৰ কাম..

চৰকাৰী চাকৰিত যোগদান কৰাৰ পাছতে প্ৰথমটো ডাঙৰ চিন্তা আৰম্ভ হয় পে’শ্লিপ আনিবলৈ যোৱাক লৈ৷ আমি চাকৰিত যোগ দিয়া সময়ত এ জি অফিচটো শ্বিলঙতে আছিল৷ গতিকে কামটো আৰু টান৷ শ্বিলঙলৈ যাব লাগিব, কোনোবা হোটেলত থাকিব লাগিব, এদিনতে কামটো সাধাৰণতে নহয়, সোনকালে কৰাবৰ বাবে কিবা ব্যৱস্থা হয়তো কৰিব লাগিব, ইত্যাদি নানান কথা৷ অফিচৰ কাম কৰাত মই আছিলো তেনেই কেঁচা৷ গতিকে সাধাৰণ কথাবোৰেই পৰ্বতৰ সমান গধুৰ যেন হৈ পৰে মোৰ বাবে৷ তথাপি যিহেতু নগ’লেই নহয়,  এদিন গুৱাহাটীৰ পৰা শ্বিলং অভিমুখে বাছত উঠিলো৷ সৰুতে শ্বিলঙতে আছিলো, এবছৰৰ বাবে, তৃতীয় শ্ৰেণীত থাকোঁতে৷ ইমানদিনৰ মূৰত পুনৰ শ্বিলঙলৈ যাবলৈ পাই ভালো লাগিছিল৷ মোৰ লগত যাবলৈ ওলাল আন এজন প্ৰবক্তা, একেই কামত ওলাইছে ৷ তেওঁ লগত থকাত ভালেই হ’ল৷ শ্বিলঙত কোনোবা আছে, তাতেই ৰাতিটো কটোৱাৰ সুবিধা হ’ল৷

পিছদিনাখন ৰাতিপুৱাতে এ জি অফিচ পালোঁগে৷ আমাৰ কাম কৰা খাচীয়া মহিলাগৰাকীৰ বিষয়ে আমাক কোৱা হৈছিল তেখেত অফিচলৈ অহাৰ ক্ষেত্ৰত যথেষ্ট অনিয়মীয়া বুলি৷ তেখেতক লগ পোৱা হেনো বৰ টান৷কথাটো সঁচানে মিছা নাজানিলো৷ আমি ঈশ্বৰক খাটি গৈছিলো যাতে তেখেতক লগ পাওঁ৷ সেইদিনা কিন্তু আমি অপেক্ষা কৰিবলগা নহ’ল৷ মহিলাগৰাকী নিজৰ টেবুলতে বহি আছিল৷ আমি সুপ্ৰভাত জনাই আমাৰ কামৰ কথাটো ক'লো৷ মহিলাগৰাকীয়ে আমাৰ কাম কৰিবলৈ ধৰিলে৷ তাৰপাছত আমাক অলপ সময়ৰ পাছত আহিবলৈ ক’লে৷ চহী কৰাবলৈ ওপৰৱালা অফিচাৰৰ ওচৰলৈ যাব হেনো কাগজবোৰ৷ তেখেতে চহী কেতিয়া কৰে একো ঠিক নাই বুলি ক’লে৷ গতিকে মানসিক ভাবে সাজু হ’লো আকৌ এটা ৰাতি শ্বিলঙত কটাবলৈ৷

অফিচৰ পৰা বাহিৰ ওলাই গৈ ওচৰতে থকা কেন্টিনত কিবা-কিবি অলপ খাই শ্বিলঙৰ বিখ্যাত লে’কটোৰ পাৰতে অলপ বহিলো৷ এটামান বজাত পুনৰ অফিচলৈ আহিলো, খীণ আশা এটা লৈ. কিজানিবা চহী কৰিলেই অফিচাৰে বুলি৷ অফিচত সোমাই আকৌ মহিলাগৰাকীৰ টেবুলৰ ওচৰ পালোঁগৈ৷ ওচৰতে আৰু তিনিখনমান টেবুল আছিল৷ তাতে বহি থকা মানুহকেইজনে অসমীয়াতে কথা-বতৰা পাতিছিল আমাৰ লগত৷ আমি অনুৰোধ কৰাত পিয়ন এজন ওপৰলৈ উঠি গ’ল আমাৰ কাগজ চহী কৰিবলগা অফিচাৰজনৰ ওচৰলৈ৷ আমি নিজ নিজ ভাগ্যক ধিয়াই বহি থাকিলো৷

প্ৰায় লগে লগেই পিয়নজন নামি আহিল৷ হাতত আমাৰ পে’শ্লিপদুখন৷ চহী হৈ আছে৷ ইমান সোনকালে আমাৰ কাম কেনেদৰে হ’ল কোনেও বুজি নাপালে৷ সকলোৱে খোলা-খুলিকৈ আশ্চৰ্য প্ৰকাশ কৰিলে৷ হঠাতে কিবা মন যোৱাত কেৰাণী এগৰাকীয়ে আমাৰ পে’শ্লিপ দুখনত চকু ফুৰালে৷ তাৰপাছত মুখত হাঁহি বিৰিঙি উঠিল তেখেতৰ৷ আমি আচৰিত হৈ তেখেতৰ মুখলৈ চাই থাকিলো৷ তেওঁ যেন কিবা ডাঙৰ কথা এটাহে আৱিষ্কাৰ কৰিলে তেনে এক ভাবত চিঞৰি চিঞৰি কৈ উঠিল,

“অ'...আচল কথা বেলেগ৷ আচলতে আপোনাৰ নামটো দেখিয়েই আমাৰ অফিচাৰে লগে লগে চহী কৰি দিলে৷”

“মোৰ নাম? মোৰ নামটো ইমান বিখ্যাতনে?” মই আচৰিত হৈ সুধিলো৷ 

“নাই, মানে আমাৰ অফিচাৰৰ নাম আৰু আপোনাৰ নাম একে, হা হা হা.” মানুহজনে ৰহস্যটো ভাঙি দি ক’লে৷

আমাৰো ভাল লাগিল৷ মোৰ নামৰ গুণতে মোৰ বন্ধুজনৰ কামটোও সোনকালে হ’ল৷ সকলোকে ধন্যবাদ জনাই দুয়ো ততাতৈয়াকৈ বাছ আস্থানৰ পিনে বেগ দিলো৷

এৰা, নিজৰ নামটো মানুহে বৰ ভাল পায়, মোৰ নামটোক লৈ সৰুৰে পৰা কিমান ঠাট্টা-মস্কৰা শুনি আহিছো৷ হওঁক তেও , মোৰ একে নামৰ মানুহ আৰু আছে৷ কথাটো ভাবি ভালেই লাগিল৷

No comments:

Post a Comment