At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 11 November 2013

কাণৰ বিন্ধা



কাণৰ বিন্ধা..
(জন্মৰ পৰাই কাণত বিন্ধাথকা মোৰ জ্যেষ্ঠ এগৰাকীলৈ ক্ষমা প্ৰাৰ্থনাৰে)

বৰপেটা বিদ্যাপীঠত পঢ়ি থকা সময়ৰ কথা৷ ১৯৩০ চনৰ ২৮ আগষ্ট তাৰিখে আমাৰ স্কুল প্ৰতিষ্ঠা হৈছিল৷ প্ৰতিবছৰে ২৮ আগষ্ট তাৰিখে অতি উলহমালহেৰে স্কুলৰ প্ৰতিষ্ঠাদিৱস পালন কৰা হৈছিল৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেইদিনমান আগৰ পৰাই বিভিন্ন প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছিল৷ সেইবোৰৰ ভিতৰত আন্তঃশ্ৰেণী একাঙ্কিকা নাট প্ৰতিযোগিতা অতি আকৰ্ষণীয় আছিল৷ প্ৰায় প্ৰতিটো শ্ৰেণীয়েই সেই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল৷ পঞ্চম শ্ৰেণীত থকাৰ পৰাই প্ৰতিবছৰে একাঙ্কিকা নাট প্ৰতিযোগিতাত ময়ো ভাগ লোৱাৰ সুযোগ পাইছিলো, ভাল অভিনেতা কাৰণে নহয়, কিন্তু মোৰ নিচা আৰু আগ্ৰহৰ বাবে৷

এবাৰৰ কথা৷ প্ৰতিযোগিতা চলি আছে৷ এখনৰ পাছত এখনকৈ নাটক মঞ্চস্থ হৈ আছে৷ আৰু মাত্ৰ এখন নাটকৰ পাছতেই আমাৰ পাল৷ আমি মেক-আপ কৰি সাজু হৈ আছো আৰু আমাৰ আগৰ নাটকখন চলি আছে৷ হঠাতে হাঁহিৰ শব্দ ভাঁহি আহিবলৈ ধৰিলে মঞ্চৰ পৰা৷ উইংচৰ ফাঁকেৰে চাই দেখিলো এজন অভিনেতাই আন এজন অভিনেতাৰ মুখলৈ চাই চাই হাঁহিব ধৰিছে৷ ইজন অভিনেতাই আচৰিত হৈ চাই আছে৷ কিবা কবলৈ চেষ্টা কৰে কিন্তু আনজনে তেওঁৰ পিনে চাই মুখত হাত দি ঘেকঘেকাই হাঁহে৷ ইপিনে স্মাৰকজনে সংলাপ বাৰে বাৰে মনত পেলাই দি আছে কিন্তু হাঁহিব ধৰাজনে মুখত হাত দি বেছিকৈহে হাঁহিব ধৰিলে, সংলাপ কোৱাতো দূৰৰে কথা৷ লাহে লাহে দৰ্শকসকলেও হাঁহিত যোগ দিলে৷ সুবিধা পাই সকলোৱে চিঞৰিবলৈ ধৰিলে৷ তেনেদৰে কিছুসময় পাৰ হোৱাৰ পাছত কোনো উপায় নেদেখি আঁৰকাপোৰ পেলাই দিয়া হ’ল৷ কোনেও একো বুজিব নোৱাৰিলে কিয় সেই অভিনেতাজনৰ ইমান হাঁহি উঠিল৷

আঁৰকাপোৰ পৰাৰ পাছত বাকীবোৰ অভিনেতাই গৈ সেই হাঁহিথকা অভিনেতাজনক আগুৰি ধৰি গালি-গালাজ কৰিব ধৰিলে৷ কিন্তু হাঁহি থকাজনে যি বৰ্ণনা দিলে তাত আনবোৰেও নাহাঁহি নোৱাৰিলে:

“তাৰ কাণৰ বিন্ধাৰে দূৰৰ টিউব লাইটৰ পোহৰ আহি মোৰ চকুত পৰিছিলহি৷ যিমানেই মই তাৰ ফালে চাওঁ সিমানেই তাৰ কাণৰ বিন্ধাৰে পাৰ হৈ অহা পোহৰ আহি মোৰ চকুত পৰে আৰু মোক আমনি কৰে৷ তাৰপাছত আৰু মই হাঁহি ৰখাব নোৱাৰিলো৷”

আনজন অভিনেতাৰ কাণত এটা ডাঙৰ বিন্ধা আছিল৷ সমনীয়াবোৰে তেওঁক সেইনামেৰেই চিনি পাইছিল৷ গতিকে এন্ধাৰ মঞ্চত সেই বিন্ধাৰে সোমাই অহা দূৰৰ টিউব লাইটৰ পোহৰে অভিনৱ পৰিস্থিতি এটাৰ সৃষ্টি কৰিছিল৷ তেনে অৱস্থাত হাইস্কুলীয়া ছাত্ৰ এজনৰ হাঁহি উঠাটো স্বাভাৱিক৷

No comments:

Post a Comment