At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday 26 November 2013

এজন শিক্ষা বিষয়াই দিয়া শিক্ষা..

এজন শিক্ষাবিষয়াই দিয়া শিক্ষা..

যদি সোধা হয় অসমত কি কাম কৰিবলৈ সকলোতকৈ টান, বিভিন্নজনে বিভিন্ন উত্তৰ দিব৷ কিন্তু প্ৰাইমেৰী স্কুলৰ চাকৰিৰ সৈতে জড়িত বহুতেই হয়তো মানি ল’ব যে কোনো এগৰাকী প্ৰাইমেৰী স্কুলৰ শিক্ষক/শিক্ষয়িত্ৰীক এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰি অনাটোও অতি কঠিন কাম৷ তেনে তিতা-কেঁহা অভিজ্ঞতা মোৰো হৈ গৈছে৷

তেতিয়া মই চাকৰি কৰো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত৷ শ্ৰীমতী বৰপেটাত, এখন প্ৰাইমেৰী স্কুলৰ শিক্ষয়িত্ৰী৷ মাকৰ ঘৰত থাকে, লগত আমাৰ এবছৰীয়া সন্তানটো৷ স্বামীৰ লগত একেঠাইতে থাকি কাম কৰিবলৈ মন যোৱাটো স্বাভাৱিক৷

মই সঘনাই বৰপেটালৈ গৈ থকা বাবে এদিন কলেজৰ অধ্যক্ষ মহোদয়ে ক’লে,
: তুমি ইমান বৰপেটালৈ গৈ থাকিবলগা হৈছে৷ শ্ৰীমতীক বদলি কৰি অনাৰ ব্যৱস্থা কৰা ভাল৷ ডি পি আই মোৰ ভাল বন্ধু৷ তেওঁলৈ চিঠি এখন লিখি দিছো৷ তুমি গৈ লগ কৰাগৈ৷

তেখেতে চিঠি এখন লিখি দিলে৷ মই ভাবিলো কাম হৈ গ’ল আৰু৷ অতি আনন্দেৰে ডি পি আই অফিচ পালোগৈ আৰু যথেষ্ট আত্ম-বিশ্বাসেৰে তেখেতৰ কোঁঠাত সোমালো৷ হাতে হাতে চিঠিখন দিলো৷ চিঠিখন হাতত লৈ তেখেতে মোক বহিবলৈ ক’লে৷

চিঠিখন পঢ়ি তেখেতে ক’লে,
: ক’ত পদ খালী আছে সেইটো গম পালে মই লগে লগে কৰাই দিম৷ গতিকে খালী পদ দেখুৱাই দিবলৈ মই জিলাৰ অফিচলৈ লিখি দিম৷ তাৰপাছত হৈ যাব৷

তাৰপাছত চিঠিখনতে কিবা এটা লিখি মোক সহায়ক এজনৰ ওচৰলৈ পঠিয়াই দিলে৷ সহায়কগৰাকীয়ে চিঠি এখন টাইপ কৰিলে, ডি পি আইৰ চহী ল’লে আৰু তিনিমান বজাত চিঠিখন হাতত দিলে৷ সকলোখিনি ভালে-ভালেই হ’ল৷ ভাবিলো, কাম হ’লেই আৰু৷

পিচদিনা জিলাৰ অফিচটোনো ক’ত মানুহক সুধি সুধি উলিয়ালো৷ মূল বিষয়াজনক চিঠিখন দি থিয় হৈ থাকিলো৷ চিঠিখন পঢ়ো-নপঢ়োকৈ তেখেতে পঢ়িলে৷ বহুসময় পাছত লাহেকৈ উত্তৰ দিলে,
: ক’ত পদ খালী আছে বিচাৰি চাব লাগিব৷ লগে-লগে আমি ক’ব নোৱাৰিম৷

তাৰপাছত সহায়ক এজনক মাতি ক’লে,
: ক’ৰবাত পদ খালী আছে নেকি চাই মোক জনাবচোন৷
সহায়কজনৰ নিৰ্বিকাৰ ভংগী৷

তাৰপাছত মোলৈ চাই ক’লে,
: আপুনি দুদিনমান পাছত আহিব৷

মোৰো থিয় হৈ হৈ আমনি লাগিছিল৷ উভতি আহিলো৷ তাৰপাছত দুবাৰমান গ’লো৷ বিষয়াজনক লগ নাপাই সেই সহায়কজনকে সোধো, “কিবা খবৰ পালেনে?” একো সদুত্তৰ হ’লে নাপালো৷

এদিন আন এজন অধ্যাপকক লগত লৈ দুয়ো পুনৰ সেই কাৰ্যালয় পালোঁগে৷ সেইদিনা বিষয়াজন আছিল বুলি জানি ভাল লাগিল৷ দুয়ো বিষয়াজনৰ কোঁঠাত সোমালো৷ আমালৈ কেৰাহিকৈ চালে আৰু সম্মুখত থকা কোনোবা এজনৰ লগত কথা পতাত ব্যস্ত হ’ল৷ কথা পাতি শেষেই নহয়৷ আমি কথা উলিয়াবলৈ সুবিধা বিচাৰি থাকোঁতেই প্ৰায় এঘন্টামান পাৰ হ’ল বোধহয়৷ এসময়ত থিয় হৈ হৈ ভৰিৰ বিষ উঠিল৷ অৱশেষত কথা পতাৰ সুবিধা ওলাল৷ সেই একেই উত্তৰ পালো৷ খালীপদ নাই বুলিও নকয়, আছে বুলিও নকয়, চাব লাগিব বুলিহে কয়৷ সেইটো চাবলৈকে কাৰো সময় নাই৷ নে আগ্ৰহ নাই? 

দুয়ো লাহে লাহে বাহিৰ ওলাই আহিলো৷ অ'ত-ত'ত জুম বান্ধি থকা মানুহবোৰলৈ চাই বিভিন্ন চিন্তা মনলৈ আহিল৷

খুব অপমানিত বোধ কৰিলো তেনেদৰে কোঠাৰ ভিতৰত ইমানসময় আমাক থিয় কৰাই থোৱা বাবে৷ মোৰ লগতে মোৰ জ্যেষ্ঠ অধ্যাপকজনকো সেই বিষয়াজনৰ ওচৰলৈ নি থিয় কৰাই থৈ অপমানিত কৰা বাবে দুখো লাগিল৷ তেখেতে পিছে একো নকলে৷ শ্ৰীমতীৰ বাবে খালীপদৰ সন্ধান কৰিবলৈ সেই কাৰ্যায়লৈ গৈ আৰু লাভ নাই বুলি বুজি পালো৷ প্ৰক্ৰিয়াটো তাতেই সমাপ্ত কৰিলো, তাৰ যোগেৰে অৱশ্যে বহু কথাই বুজি পালো৷

No comments:

Post a Comment