At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 11 November 2013

পকামূৰীয়াৰ জ্ঞান..



পকামূৰীয়াৰ জ্ঞান…

আপুনি বয়স হৈলে বুদ্ধি হৈবে ভাল বুলি কথা এষাৰ আছে৷ বয়স বঢ়াৰ লগে লগে আমি কথাবোৰ বেলেগ ধৰণে চাবলৈ শিকোঁ৷ পকামূৰীয়াৰ কথালৈ কাণ দিবা বুলি এনেয়ে কোৱা হোৱা নাই৷ ক্লিভলেণ্ড, অ’হিওৰ ৰেজিনা ব্ৰেট নামৰ এগৰাকী ৯০ বছৰীয়া মহিলাই লিখা কেইটামান কথা ইয়াতে উল্লেখ কৰা হ’ল৷ জীৱনৰ অভিজ্ঞতাৰ আধাৰত লিখা এই সিদ্ধান্তখিনি সকলো ঠাইৰ সকলোলোকৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব পাৰে বুলি ভাবিব পাৰি৷

১) জীৱনটো সুন্দৰ নহ’ব পাৰে, তথাপি ই ভাল৷
২) যেতিয়া সন্দেহ থাকে, পিছৰ সৰু খোজটো লওঁক৷
৩) জীৱনটো ছুটি-ইয়াক উপভোগ কৰক৷
৪) আপুনি ৰোগত পৰিলে আপোনাৰ চাকৰিয়ে আপোনাৰ যত্ন নলয়৷ আপোনাৰ বন্ধু আৰু আত্মীয়-স্বজনেহে ল’ব৷
৫)আপুনি প্ৰতিটো তৰ্ক জিকাৰ প্ৰয়োজন নাই৷ নিজৰ প্ৰতি নিষ্ঠাবান হৈ থাকক৷
৬) আন কাৰোবাৰ সৈতে কান্দক৷ অকলে কন্দাতকৈ ই বেছি সুস্থতা প্ৰদান কৰে৷
৭)কেতিয়াবা ঈশ্বৰৰ প্ৰতি খং উঠিলেও ঠিকে আছে৷ তেওঁ সেইখিনি সহ্য কৰিব পাৰে৷
৮) আপোনাৰ প্ৰথম দৰমহাৰ দিনৰ পৰাই অৱসৰৰ সময়ৰ বাবে সঞ্চয় কৰক৷
৯) চকলেটৰ ক্ষেত্ৰত নিজক বাধা দিবলৈ চেষ্টা কৰি লাভ নাই৷
১০)আপোনাৰ অতীতৰ সৈতে মিত্ৰতা কৰক যাতে ই আপোনাৰ বৰ্তমানটো নষ্ট নকৰে৷
১১) আপোনাৰ ল’ৰা-ছোৱালীয়ে আপোনাক কন্দা দেখিলে একো ডাঙৰ কথা নহয়৷
১২) আপোনাৰ জীৱনটো আনৰ সৈতে তুলনা নকৰিব৷ তেওঁলোকৰ যাত্ৰা কেনেকুৱা আছিল আপুনি বিশেষ একো নাজানে৷
১৩)যদিহে কোনো এটা সম্বন্ধ গোপন কৰি ৰাখিব লাগে আপুনি তেনে সম্বন্ধ নকৰাই ভাল৷
১৪) সকলো চকুৰ পচাৰতে সলনি হ’ব পাৰে, কিন্তু চিন্তা নকৰিব ঈশ্বৰে চকুৰ পিৰিকতি নামাৰে৷
১৫) দীঘলকৈ উশাহ এটা লওক৷ ই মনটো শান্ত কৰে৷
১৬) যিবোৰ প্ৰয়োজনীয় নহয় সেইবোৰৰ পৰা মুক্ত হওঁক৷ বোজাই আপোনাৰ গতি লেহেম কৰি পেলায়৷
১৭) যিবোৰ বিষয় বা কথাই আপোনাক মাৰি নেপেলায় সেইবোৰে আচলে আপোনাক শক্তিশালীহে কৰে৷
১৮) সুখী হোৱাৰ সময় কেতিয়াও পাৰ হৈ যোৱা নাই কিন্ত তাৰ সিদ্ধান্ত আপোনাৰ হাতত, আনৰ হাতত নাই৷
১৯) আপোনাৰ জীৱনত ভালপোৱা বিষয়টো পোৱাৰ ক্ষেত্ৰত “নাই” বা “নহব” টো উত্তৰ হিচাবে গ্ৰহণ নকৰিব৷
২০) মমবাতি জ্বলাওঁক, সুন্দৰ বিচনা চাদৰ পাৰক, ভাল কাপোৰযোৰ পিন্ধক৷ কোনো বিশেষ দিনৰ বাবে সাঁচি নাৰাখিব৷ আজিৰ দিনটোৱেই বিশেষদিন৷
২১) আপোনাৰ জীৱনত ঘটা যিকোনো “দুৰ্যোগ”ৰ বিষয়ে এনেদৰে ভাবক “ আৰু পাঁচবছৰ পাছত ইয়াৰ কিবা গুৰুত্ব থাকিবনে?”
২২) সদায় জীৱন বাছি লওঁক
২৩) ক্ষমা কৰক
২৪) আনে আপোনাৰ বিষয়ে কি ভাবে সেইটোলৈ মূৰ নঘমাব৷
২৫) সময়ে প্ৰায় সকলোবোৰ সুস্থ কৰে৷
২৬) এটা পৰিস্থিতি যিমানেই ভাল বা বেয়া নহওঁক কিয়, সি সলনি হ’বই৷
২৭) নিজক ইমান গুৰুত্বসহকাৰে নল’ব, আন কোনেও আপোনাক ইমান গুৰুত্বসহকাৰে নলয়৷
২৮) ঈশ্বৰে আপোনাক নিজ গুণে ভাল পায়, আপুনি কৰা বা নকৰা কিবা কামবোৰৰ বাবে নহয়৷
২৯)জীৱনৰ জমা-খৰচ কৰি লাভ নাই, নিজকে আগবঢ়াই দি এতিয়াই ইয়াৰ পৰা লাভ উঠাওক৷
৩০) আপোনাৰ সন্তানৰ বাবে শৈশৱকাল এবাৰেই আহে৷
৩১) অৱশেষত সকলোতকৈ প্ৰয়োজনীয় বিষয় সেইটোৱেই হয়গৈ যিটো আপুনি ভাল পায়৷
৩২) সদায় বাহিৰ ওলাই যাওঁক৷ আচৰিত ঘটনা সকলোপিনে ঘটিবলৈ বাট চাই আছে৷
৩৩) যদি আমি সকলোৱে আমাৰ নিজৰ নিজৰ সমস্যাবোৰ দ’ম কৰি লওঁ আৰু আনৰ দ’মবোৰলৈ চাওঁ, আমি নিজৰখিনি পুনৰ উভতাই ল’ম৷
৩৪) ঈৰ্ষা কৰা মানে অযথা সময় খৰচ৷ আপোনাৰ যি আছে তাকে গ্ৰহণ কৰক, আপোনাক কি লাগে নাভাবিব৷
৩৫)উত্তমখিনি এতিয়াও আহিবলৈ বাকী..
৩৬) আপোনাৰ মানসিক অৱস্থা যেনেকুৱাই নহওঁক কিয়, উঠক, সাজ-পোচাক পিন্ধক আৰু নিজকে প্ৰকাশ কৰক৷
৩৭) মানি লওঁক৷
৩৮) জীৱনটো সুন্দৰ ভাৱে সজোৱা নহ’ব পাৰে৷ তথাপি ই এটা উপহাৰ৷


আমাৰ জীৱনটো আমাৰ৷ ইয়াক ভালদৰে উপভোগ কৰা নকৰাৰ সিদ্ধান্তও আমাৰ৷ ইয়াক ভালদৰে ব্যৱহাৰ কৰাৰ সময় উকলি কেতিয়াও নাযায়৷


No comments:

Post a Comment