At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday 21 November 2013

সহপাঠী তৰুণ, অনিল আৰু দেউতাৰ ঔকিল..



সহপাঠী তৰুণ, অনিল আৰু দেউতাৰ ঔকিল...

১৯৬৭ চন মানৰ কথা৷ তেতিয়া আমি তিতাবৰৰ চৰকাৰী ৰেচম পামত থাকোঁ৷ মই তিতাবৰ অভ্যসন বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীত৷ মোৰ লগত একেলগে পঢ়ে তৰুণ আৰু অনিল নাম ৰা দুজনে৷ অনিলৰ দেউতাক একে বিভাগতে কাম কৰে৷ আমাৰ লগত ৰেচম পামতে থাকে৷ তৰুণ অলপ দূৰত, মিহিৰাম শইকীয়া হাইস্কুলৰ ওচৰত থাকে৷ দুয়ো স্বভাৱত মোতকৈ শান্ত৷
 
দেউতাই আমাক ঘৰত বিশেষ বিশেষ নাম একোটাৰে জোকাইছিল৷ মেকুৰী, নেউল, নিগণি, পৰুৱা আৰু মোৰ জোকোৱা নাম আছিল দুটা: ভেকুলী আৰু থেপা৷ দেখাত অলপ শকত-আৱত আছিলো আৰু সৰুতে একে ঠাইতে থেপথেপাই বহি থাকিছিলো বাবেই সেই নাম৷ মোৰ জোকোৱা নামটো অনিলে কেনেবাকৈ গম পালে আৰু এদিন স্কুলৰ পৰা ঘৰলৈ আহি থাকোঁতে অলপ নিৰাপদ দূৰত্বলৈ গৈ মোকথোপা থোপাবুলি জোকাবলৈ ধৰিলে৷ তাৰ লগতে তৰুণেও যোগ দিলে৷ থেপা বুলি লেও কিজানি অলপ সহ্য লহেতেন৷ কিন্তু থোপা থোপা বুলি মোৰ নামটো বিকৃত কৰি জোকোৱাত মোৰ খঙে চুলিৰ আগ পালেগৈ৷ সিহঁত অলপ দূৰৈত আছিল বাবে দুটামান শিলগুটি  গালৈ মাৰিলো৷ কিন্তু এটাও গাত নালাগিল৷ সিহঁত জোকাই জোকাই দৌৰি ঘৰ পালেগৈ৷ মইও মনৰ খং মনতে মাৰ নিয়াই নিজৰ ঘৰত সোমালোগৈ৷

পিছদিনাখন তৰুণক স্কুলৰ প্ৰাৰ্থনা আৰম্ভ হোৱাৰ আগতে অকলে কোঁঠাত পাই বেৰত খুন্দিয়াই খুন্দিয়াই মাৰিলো৷ বেচেৰাই দুৱাৰৰ চুকত লুকাই লুকাই উচুপি উচুপি কান্দিলে৷ মোৰো দুখ লাগিল (তাৰ দেউতাক নাছিল), অনুশোচনা হ; ভয়ো লাগিল৷ কাৰণ বায়েকহঁতো আমাৰ স্কুলতে পঢ়িছিল৷ তৰুণে কিন্তু বায়েক বা শিক্ষক কাকো কথাটো নজনালে, ময়ো সাৰি গলো৷ কিন্তু অনিলকহে একো কৰিবলৈ সুযোগ পোৱা নাছিলো৷
সেইদিনা বোধহয় শনিবাৰ আছিল৷ গৰমৰ দিন৷ ফুটবল খেলৰ বতৰ৷ দেউতাই যোৰহাটৰ পৰা চাৰি নম্বৰী ফুটবল এটা আনি দিছিল৷ সেইটো খেলিবলৈ ওচৰ-পাজৰৰ বহুতো ৰা আবেলি আমাৰ ঘৰৰ সম্মুখত থকা পথাৰখনত গোট খায়হি৷ আবেলি তিনিমান বজাত মইও পাকঘৰত মাৰ কাষত বহি কিবা এটা খাই লৰ মাৰিলো ফুটবল খেলিবলৈ বুলি৷ ঘৰৰ পৰা ওলায়েই বাটত দেখিলো অনিলক৷ সি ৰবালৈ গৈ আছিল আমাৰ ঘৰৰ আগেৰে৷ মই তাক দেখিয়েই  আগ-পাছ নুগুণি পিঠিত দিলো এটা প্ৰচণ্ড ঘোঁচা৷ তাৰপাছত পথাৰত ফুটবল খেলিবলৈ বহি থকা ৰাবোৰৰ মাজত গৈ বীৰৰ দৰে বহি পৰিলো৷ সিহঁত সকলোৱে দেখিলে ঘটনাটো৷

ইফালে অনিল কান্দি কান্দি ঘৰমুৱা ল৷ আমি পথাৰত বহি দূৰৰ পৰা চাই থাকিলো৷ অলপ পাছত অনিলৰ মাক আৰু বায়েক দুগৰাকী ঘৰৰ পৰা ওলাই আহিল৷ আমাৰ ঘৰৰ কাষতে থকা লিচুগছডালৰ তলত থিয় হৈ মাকে চিঞৰি চিঞৰি গালি পাৰিবলৈ ধৰিলে৷ আমাৰ মা দুৱাৰমুখলৈ ওলাই আহি আচৰিত হৈ চাই কি কথা একো বুজি নাপাই ভিতৰ সোমাই ল৷ দেউতা তেতিয়া অফিচতে আছিল৷ অলপ সময় পাছত অনিলৰ বায়েক দুগৰাকী আমাৰ আগেৰে পাৰ হৈ দেউতাৰ অফিচৰ ফালে ল৷ মোৰ ভয় লাগি আহিব ধৰিলে৷ তথাপি ভাবিলো, লগৰীয়াবোৰৰ মাজত বহি থাকিলে দেউতাই একো নকৰে৷ লগৰীয়াবোৰেও মই একো কৰা নাই বুলি মোৰ হৈ ওকালতি নিশ্চয় কৰিব৷ অলপ পাছত অনিলৰ বায়েকহঁত ভোঁ-ভোৱাঁই উভতি আমাৰ আগেৰে৷ মইও উৎকন্ঠাৰে দেউতাৰ অফিচৰ ফালে চাই থাকিলো৷
 
বেছিপৰ লগা নহল৷ দেউতা অফিচৰ পৰা ওলাল৷ গহীন খোজেৰে আমাৰ ফালে আগবাঢ়ি আহিল৷ পোনে পোনে মোৰ ফালে আহিল৷ তাৰপাছত মুখেৰে একো নকৈ মোক চুলিত ধৰি চোচোৰাই লৈ ঘৰৰ পিনে৷ সমনীয়াবোৰৰ আগত মোৰ মান-সন্মান সকলো ধূলিস্যাত হৈ পৰিল৷
 
ঘৰ পোৱাত মা আহি ধৰিলে,
: সি দেখোন অলপ আগলৈকে মোৰ লগত পাকঘৰত বহি জলপান খাই আছিল৷ তাৰ পৰা চিধা-চিধি খেলিবলৈ ল৷ তনো সি মাৰিবলৈ সময় পালে?

দেউতাই একো উত্তৰ নিদিলে৷ কাকো একো নুসুধিলেও৷ মইও একো কৈ লাভ নাই বুলি মনে মনে থাকিলো৷ তাৰপাছত বাথৰুমত সুমুৱাই লৈ  দেউতাই মোক উত্তম-মাধ্যম সোধালে প্ৰায় আধা ঘন্টামান৷ তাৰপাছত মোক বাথৰুমতে বন্ধ কৰি থৈ গুছি ল৷

".....মোক সিহে আগতে জোকাইছিল৷  সকলোৰে আগত মোক জোকাইছিল৷ তৰুণকো সিহে জোকাবলৈ লগাই দিছিল৷ সেইবাবেহে ঘোঁচা এটা মাৰিলো ঘৰৰ আগত পাই৷ তাৰ কাৰণে মোক ইমান অপমান কৰি সকলোৰে আগত মাৰিব লাগেনে?....."  কথাবোৰ ভাবি ভাবি দুখ-অভিমানত ফেঁকুৰি ফেঁকুৰি কান্দিলো
 
তাৰ কিছুদিন পাছতেই আমি বদলি হৈ শ্বিলঙলৈ গুছি যাওঁ৷ তৰুণ আৰু অনিলক লগ পোৱাৰ সুযোগ আৰু নঘটিল৷

দেউতাৰ কঠোৰ অনুশাসনৰ তলত অৱশ্যে আৰু বেছি দিন থাকিবলৈ নাপালো৷
 
তাৰ প্ৰায় ডেৰবছৰ পাছত ১৯৬৮ চনৰ ডিচেম্বৰ মাহৰ আঠ তাৰিখে দেউতাই আমাক এৰি গুছি লগৈ চিৰদিনৰ বাবে৷

No comments:

Post a Comment