At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday, 30 April 2013

থপ-থপ


গাড়ী কেতিয়া আহিব তাৰ সঠিক খবৰ পাব পৰা নাছিলো৷ ইফালে পিয়াহতে মোৰ ডিঙি শুকাই গৈছিল৷ কিযে আচৰিত স্টেচন এই বাঙ্কুৰা৷পানীৰ পাইপ ফাটি গৈছিল, দুদিন ধৰি পানী অহা নাছিল৷ চাই দেখিলো, প্লেটফৰ্মত খুব বেছি আঠ-দহজনমান মানুহ হ’ব৷ 

পিয়াহত আতুৰ হৈ মই স্টেচনৰ পৰা বাহিৰ ওলাই গ’লো৷ তিনিজন ৰিক্সাৱালা আছিল৷ এজনক সুধিলত চহৰ যাবলৈ মান্তি হ’ল৷ বহাৰ লগে লগে ক’লে, “এসপ্তাহ ধৰি চহৰত সংঘৰ্ষ চলি আছে, মই বেছি ভিতৰলৈ নাযাওঁ৷” মোৰ বিশ্বাস আছিল যে কোনো ধাবা বা ৰেস্টোঁৰা পাই যাম, চহৰৰ ভিতৰলৈ যোৱাৰ প্ৰয়োজন নহব৷
দহ মিনিটৰ পাছত ৰিক্সাখন ৰৈ যোৱাত মই মনে মনে নামি পৰিলো৷ পইচা দি, নিজৰ বেগটো উঠাই খোজ ল’লোঁ৷ কোনো খোলা দোকান নেদেখিলো, কোনো মানুহ অহা-যোৱা কৰাও চকুত নপৰিল৷ ঘড়ীলৈ চকু দিলো- ৰেডিয়ামযুক্ত কাঁটাডালে নবজাৰ সংকেত দিছে মাথোন৷ সম্মুখত আলিবাটৰ টি-পইন্ট এটা আহি পৰাত মই মন নকৰাকৈয়ে বাওঁপিনে ঘুৰিলো আৰু এনেকুৱা পৰিস্থিতিত সচৰাচৰ কৰাৰ দৰে --- যি ঘৰৰ সম্মুখত ছয় গণা শেষ হ’ল সেই ঘৰৰ দুৱাৰমুখতে থিয় হৈ দিলো৷ দুৱাৰত ঢকিয়াব খুজি দেখোঁ, দুৱাৰখন এনেই জপাই থোৱা আছে৷ 

“ঘৰত কোনোবা আছেনে?” বুলি মাত দিওঁতেই ভিতৰৰ পৰা মাত লগালে, “আহক প্ৰভু৷”অতিথিক ভগৱান বুলি মনা কথাটো মই শুনিছিলো, কিন্তু এই “প্ৰভু” সম্বোধনটো শুনি থতমত খাই গ’লো৷ পিয়াহে মোৰ শালীনতাৰ সীমাৰ পৰিধি অলপ সৰু কৰি পেলাইছিল৷ ভিতৰ সোমাই গ’লো আৰু দেখিলো যে এজন শকত-আৱত মানুহে কঁকালত মাথোন গামোছা এখন মেৰিয়াই থিয় হৈ কলৰ বাকলি গুচাই খাই আছে৷ মোক দেখি মিচিকিয়াই হাঁহিলে আৰু কাষৰ চকীখনৰ পিনে ইঙ্গিত দি ক’লে, “আসন গ্ৰহণ কৰক৷.. নিশ্চয় ভোকে-পিয়াহে আহিছে, লওঁক, কলকে খাওঁক৷” তেওঁ হাত আগবঢ়াই দিয়াত মই ডিঙি লৰাই- শুকাই যোৱা ডিঙিৰে কোনোমতে মাত উলিয়াই ক’লো-“হ’ব, অলপ পানীকে খুৱাওক৷”
সেই মহাশয় হয়তো অলপ ধেমেলীয়া প্ৰকৃতিৰ আছিল, নহ’লে অত্যধিক শালীন—পানীৰ বটলৰ লগতে বিয়েৰ আৰু থাম্পচ আপৰ বটলো লৈ আহিল৷ মই গোটেই বটল পানী শেষ কৰি দিলো আৰু অলসভাবে কাষৰ চকীখনত বহি পৰিলো-  আশা কৰা মতেই তেখেতে কোনো আপত্তি নকৰিলে৷ অত্যন্ত নীৰস বাতাবৰণটো অলপ সজীব কৰিবলৈ মোৰ মুখেৰে ওলাই আহিল, “ এনেকুৱাও হ’ব লাগেনে? স্টেচনত এটুপিও খোৱা-পানী নাই? চাওঁকচোন, বাধ্য হৈ মই ইমান দূৰ আহিবলগীয়া হ’ল…৷” মানুহজনে মোৰ পিনে নাচালেই যেন ঘৰলৈ সোমাই অহাৰ বাবে বাধ্য হৈহে কিবা এটা অজুহাত দেখুৱাইছোঁ৷
শৰীৰলৈ অলপ শক্তি অহাত মই থিয় হৈ বিদায় ল’ব খুজিলো – 
'বাৰু, আপোনাক ধন্যবাদ৷ মই আহোঁ৷” 
তেখেতে তপৰাই ক’লে, “ এনেদৰে কেনেকৈ হ’ব প্ৰভু৷ অভ্যৰ্থনা নকৰাকৈ আপোনাক কেনেকৈ যাবলৈ দিওঁ? সিপুৰীলৈ যোৱাৰ পাছত মোক মোৰ কুল-দেৱতাই কি ক’ব, হাঁ? আপুনি বহক, আহাৰ গ্ৰহণ কৰক৷ ৰাতিৰ কথা, শয়ন-জিৰণ কৰক৷ …কিন্তু ক্ষমা কৰিব, আহাৰ আপুনি নিজে বনাই ল’ব লাগিব৷” 

মই এনেকুৱা কোনো অপ্ৰত্যাশিত পৰিস্থিতিৰ কাৰণে সাজু নাছিলো, কিবা কোৱাতকৈ মনে মনে থকাই ভাল বুলি ভাবিলো৷ মনলৈ চিন্তা এটা আহিল আৰু সুধিবৰ মন গ’ল ঘৰৰ বাকী সদস্যবোৰ ক’লৈ গ’ল বুলি৷ কিন্তু পানী খোৱাৰ পাছত শালীনতাৰ সীমা আকৌ আগৰ স্থানলৈ উভটি গৈছিল৷ গতিকে সোধাটো অনুচিত বুলি ভাবিলো৷ তেওঁৰ ভোজন আৰু শয়নৰ প্ৰস্তাৱটোৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিলো৷ এটা বেয়া পৰিস্থিতিতো হৈ আছিলেই৷ নাজানো স্টেচনত বা কিমান সময় পাৰ কৰিব লাগিব আৰু উভটি যাবলৈ বা ৰিক্সা পাম নে নাপাম৷ আতিথ্য স্বীকাৰ কৰাটোৱেই মই উচিত দেখিলো৷ 

মই ক'লো. "কওঁক, পাগঘৰটো কোন ফালে আছে ৷ একো নহলেও ভাত-দাইলতো মই বনাই ল'ব পাৰিম৷"

দাইল আৰু ভাতৰ কাৰণে পানী উতলিবলৈ দি মই পাগঘৰৰ পৰা ওলাই আহি দ্ৰইংৰুমৰ চকীত বহি পৰিলো৷ পাগঘৰত উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল৷ বেৰত আঁৰি থোৱা ফটো এখনলৈ মোৰ চকু গ'ল৷ চাৰিগৰাকী মহিলা ফটো উঠাৰ ভংগিমাৰে দ্ৰইং-ৰুমৰ এই চকী কেইখনতে বহি আছিল৷ চিনি পাইছিলো৷ অনুমান কৰিলো যে সংঘৰ্ষ চলি থকা কাৰণে পৰিয়ালৰ মহিলাসকলক কোনো নিৰাপদ ঠাইলৈ পঠিয়াই দিয়া হৈছে৷ সেয়েহে ইমান দিন ব্যৱহাৰ নোহোৱা বাবে পাগঘৰত উশাহ বন্ধ হবলগীয়া পৰিবেশ হৈ আছে৷ মোৰ সহানুভূতি উপজিল৷ বেচেৰা পৰিয়ালৰ সদস্যবিলাক৷ ইফালে এই মহাশয়ে ইয়াত ঘৰ পহৰা দি আছে আৰু বাকী লোকবোৰ বা ক'ত কি অৱস্থাত আছে?

এই সাম্প্ৰদায়িক সংঘৰ্ষত লিপ্ত মানুহবোৰ মই বৰ বেয়া পাওঁ৷ মানুহক মাৰ-পিট কৰে, সা-সম্পত্তি জ্বলাই দিয়ে আৰু পাছত সেই ক্ষতিপূৰণৰ নামত গম নোপোৱাকৈ নিজৰেই কঁকাল বেকা হয়৷

এটা মহে কুঁ-কুঁৱাই থকা দেখি অভ্যাসবশত: মই ততালিকে হাত চাপৰি মাৰি মহটো চেপেটা কৰি পেলালো৷ কিন্তু সেই মহোদয়ৰ হঠাৎ গৰ্জন শুনি ভয় খাই গ'লো---"দুষ্ট, তুমি ক'ত সাহস পালা হিংসাৰ আশ্ৰয় ল'বলৈ?" 

তেওঁ ডাইনিং টেবুলত থকা ছুৰিখন হাতত তুলি ল'লে৷ মই নাৰ্ভাচ হৈ পৰিলো-- "মহোদয়... কব নোৱাৰাকৈয়ে মই... মই মহ সহ্য কৰিব নোৱাৰো, বহুতো বেমাৰো বিয়পায়- মেলেৰীয়া, ফ্লু..." মই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বিচাৰিলো৷ 

তেওঁৰ মুখৰ টান হৈ উঠা শিৰবোৰ কিছু নৰম হ'ল আৰু ছুৰিখন আগৰ ঠাইত থৈ দিলে৷ তেওঁৰ দৃষ্টি ডাইনিং টেবুলতেই আছিল-- 

"প্ৰভু, ইয়াত হিংসা কৰা নিষেধ৷ মই মোৰ জীৱন-কালত ইমান হিংসা দেখিছো যে সাধাৰণ কথাতে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাওঁ৷ কিন্তু এতিয়া অনুশোচনা হয়... অলপ ৰ'ব, এতিয়াই আহিছো৷" 

মহোদয় বেগাই ওলাই গ'ল, মোৰ আশংকা আৰু বৃদ্ধি পালে--কোমল হৃদয়ৰ মানুহ যেন লাগিছে, একো অঘটন নঘটালেই হয়৷ অহ, এটা সমস্যাৰ পৰা হাত সৰাৰ লোভত ক'ত যে সোমাই পৰিলো এতিয়া৷ তেনেতে সেই মহাশয় হাতত এগাঁঠ নোট লৈ সোমাই আহিল আৰু মোৰ হাতত গুজি দি ক'লে-

"যাওক, বজাৰৰ পৰাই কিবা খোৱা-বস্তু লৈ আহক৷ এই ৰন্ধা-বঢ়া কামটো পুৰুষৰ বাবে শোভা নাপায়৷" 

মই চাই দেখিলো, এশটকীয়া নোটৰ গাঁঠ এটা, অৰ্থাৎ একেবাৰে দহ হেজাৰ টকা! তেওঁৰ ফালে চোৱাত ক'লে, 

"দ্ৰয়াৰৰ তলাটো খুলিব পৰা নাছিলো, ভাঙি পেলালো৷ এতিয়া আপুনি এই গাঁঠটো খুলিবৰ প্ৰয়োজন নাই, দোকানীয়ে হিচাব কৰি পইচা লৈ বাকীকিনি ঘুৰাই দিব৷" 

কোনো কথা নকৈ বা একো প্ৰতিবাদ নকৰি মই পাগঘৰলৈ গৈ গেচ বন্ধ কৰিলো আৰু চুপ-চাপ বাহিৰ ওলাই গ'লো৷

বাহিৰৰ পৰিবেশ আগতকৈ ভালেখিনি সলনি হৈ গৈছিল৷ জ্বলি থকা লাইটৰ সংখ্যা কমি গৈছিল৷ এই কথাটো মই বাহিৰ ওলোৱাৰ আগতেই মনত পেলোৱা উচিত আছিল যে চহৰৰ ভিতৰলৈ অহাৰ সময়ত মই সকলো দোকান-পোহাৰ বন্ধ দেখিছিলো৷ হঠাৎ মনলৈ এটা ভাব আহিল৷ জেপত দহ হেজাৰ টকা আছে, উভটি কিয় যাওঁ? এনেকুৱা মনোভাৱৰ মানুহজনৰ বাবে বিশেষ একো সলনি নহ'ব কিন্তু মোৰ দৰে মাহে সাত-আঠশ টকা দৰমহা পোৱা মানুহৰ বাবেতো বহু কিবা-কিবি হ'ব৷ কিন্তু বিবেক পৃথিবীৰ সকলোতকৈ ডাঙৰ শক্তি, ঈশ্বৰতকৈও বেছি৷ গতিকে আৰু কেইখোজমান যোৱাৰ পাছত উভটি খোজ ল'লো৷ আগতেও সকলো দোকান বন্ধই পাইছিলো৷ 

মহোদয়ক টকাখিনি ঘূৰাই দি ক'লো-

" সকলো দোকান বন্ধ, ঘৰ-বাৰীত কোনো সা-শব্দ নাই৷ এই সংঘৰ্ষ..." 

মহাশয়ে মোৰ পিনে চালে, একো নোকোৱাত মই পাগঘৰলৈ সোমাই গৈ গেচ স্টোভটো আকৌ জ্বলাই দিলো৷ দাইল আৰু চাউল খোলা কেৰাহীত বহাই দি মহাশয়ৰ ওচৰত আহি বহি পৰিলো-- 

"শোৱাৰ ব্যৱস্থা ক'ত হ'ব, বেগটো থৈ মই লুঙীখন পিন্ধিব বিচাৰিছিলো৷" তেওঁৰ টোপনি ধৰা যেন অনুমান হৈছিল৷ গতিকে মই সৰু মাতেৰে সুধিলো৷

স্টেচনৰ পৰা এতিয়ালৈকে মোৰ শৰীৰটো কেইবাবাৰো ঘামেৰে লুতুৰি পুতুৰি হৈছে, কাপোৰ সোলোকাই ভালদৰে হাত-মুখ ধোৱাৰ প্ৰয়োজন আছিল৷ টুপনিয়াই  থাকিয়েই তেওঁ ক'লে, 

"আপোনাৰ যিটো কোঠা ভাল লাগে তাতেই থিতাপি লওঁক....আৰু আপোনাৰ সেই লুঙীখন উলিয়াই মোক দি দিয়ক৷ বহুদিন হৈ গ'ল লুঙী নিপিন্ধা৷ আৰু এইখিনিও আপুনিয়েই ৰাখক৷" 

শেষৰ বাক্যটো তেখেতে টেবুলত থকা নোটৰ গাঁঠটোৰ পিনে দেখুৱাই ক'লে৷ তেখেতৰ কথা শুনি মই আচৰিত হ'লো৷ ইমান ধনী মানুহ আৰু এখন লুঙী পিন্ধিবলৈ ইমান লোভ! আৰু এতিয়া এই টকাখিনি মোৰ লগত ৰখা কি দৰকাৰ? মহাশয়ে মোক আঠ-দহদিনৰ বাবে অতিথি কৰিব বিচৰা নাইতো? মই কালি কলিকতাত উপস্থিত হৈ চাৰ্ভেৰ ৰিপোৰ্ট জমা দিব লগা আছে৷ 

মই নিজৰ বেগ খুলিলো আৰু হাঁহি মাৰি লুঙীখন উলিয়াই তেখেতৰ হাতত গুজি দিলো৷ ডাইনিং টেবুলত থকা ফলৰ খালী পাচিটোত টকাৰ গাঁঠটো থোৱাৰ পাছত কোঠালীৰ ভিতৰ সোমাই বেগটো থলো৷ চাৰিও পিনে চালো- বা: কি বিশাল আৰু আটক-ধুনীয়া কোঠা! ইমান ধুনীয়াকৈ সজোৱা,  টাটা-বিৰলা নাইবা আম্বানী ভ্ৰাতৃদ্বয়ৰ কোঠাবোৰো কিজানি এনেকুৱাই৷ যদিহে বহুত পাৰ্থক্য আছে তেনেহলে মোৰ কল্পনাৰ সীমাৱদ্ধতাহে দায়ী৷ মই ভাবিলো, মহাশয়ৰ ধেমেলীয়া স্বভাব বা অঁকৰামি যিয়েই নহওঁক লাগে, একোতো অবাবতে কৰা নাই৷ ধন-বৈভৱে মানুহৰ মানসিকতাৰ পৰিৱৰ্তন আনে, লাগিলে তেওঁলোকৰ শিক্ষা যেনেকুৱাই নহওঁক কিয়৷ 

মোৰ প্ৰিয়গীত, "আগে ভী জানেনা তু, পিছে ভী জানে না তু, জো ভী হে, বচ য়হী এক পল হে" মুখেৰে গুণগুণাই কোঠালিৰ পৰা ওলাই পাগঘৰত সোমালোগৈ-সাত-আঠ মিনিট লাগিল, দাইল-ভাত তৈয়াৰ হৈ গ'ল৷ ৰেকত থকা কাঁহী-বাতি উলিয়াই, ধুই মচি ল'লো আৰু বাহিৰ ওলাই সুধিলো-
"খোৱা-বোৱা কৰা ভাল নেকি? ৰাতি বাৰ বাজিবৰ হ'ল৷"

শিথিল হৈ পৰি থকা মহাশয় সাৰ পাই উঠিল- "আপুনি মুখ-হাত ধুলেনে?" 

মই উত্তৰ দিলো, "নাই, সম্ভৱ নহয়, কাৰণ মই পিন্ধিবৰ বাবে এযোৰ কাপোৰেই লৈ আহিছিলো ৷ এতিয়া এইযোৰ পিন্ধি মুখ-হাত ধোৱা... চিন্তা কৰিব নালাগে , মই ঠিকে আছো৷"

তেওঁ মুখেৰে অদ্ভুত শব্দ এটা কৰি মনে মনে থাকিল৷ মই কল্পনা কৰিব পাৰিছিলো- পৰিয়ালৰ অনুপস্থিতিকে ধৰি, সংঘৰ্ষগ্ৰস্ত এই চহৰৰ তথা তেখেতৰ নিজৰ অৱস্থাওতো শোচনীয়, এনে অৱস্থাত কোন কিমান মুখৰ অথবা স্বাভাবিক হৈ থাকিব পাৰে?

মই ডাইনিং টেবুলত আহাৰ ৰাখি মাত লগালো, "আহাৰ ঠান্ডা হ'ব মহাশয়, উঠক৷" কোনো প্ৰতিক্ৰিয়া চকুত নপৰাত ভাবিলো কিজানি গভীৰ টোপনি, ওচৰলৈ গৈ লাহেকৈ কান্ধত ধৰি জোকাৰিলো৷ তেওঁ যেন ভয় খাই উঠি থিয় হ'ল আৰু হাত-ভৰি বতাহত জোকাৰিবলৈ ধৰিলে৷ মুখেৰে এনেদৰে মাতো ওলাল, 

"পলা... দুষ্ট...তোমালোক সকলোকে এদিন নহয় এদিন..." মই অলপ ডাঙৰ মাতেৰে ক'ব ল'গা হ'ল তেওঁক তন্দ্ৰা অথবা টোপনিৰ পৰা জগাবলৈ, 

" ভাত.. ভাত বাঢ়ি দিছো....৷" 

হয়তো সংঘৰ্ষৰ সৈতে লিপ্ত মানুহৰ স'তে ঘটা ঘটনাৰ দৃশ্য টোপনিত জীৱন্ত হৈ পৰিছিল৷ তেওঁ মোলৈ চালে, তাৰ পাছত ভাপ ওলাই থকা ভাত-দাইলখিনিলৈ৷ মই চকীত বহিলত তেৱোঁ বহি পৰিল৷ পাগঘৰত থকা বয়মৰ পৰা আচাৰৰ অলপ মচলা দাইলত মিহলাই দিছিলো৷ খাবলৈ সোৱাদ হৈছিল৷ দুই-তিনি গৰাহমান আহাৰ পেটত পৰাত পৰিবেশটো অলপ পাতল হ'ব ধৰিছিল৷ 

বহু সময় ধৰি এটা কথা মোৰ ভাল লগা নাছিল৷ মহাশয়ে মোৰ নাম জনা নাছিল, আৰু সংকোচ কৰি মইও তেওঁক নাম সোধা নাছিলো৷--- 

" কেতিয়াবা আকৌ আপোনাক লগ পাব লাগিলে... মই মোক আলহী সোধা মানুহজনৰ নামেই সোধা নাই..." 

দুই-তিনি ঘন্টাৰ মূৰত মহাশয়ৰ মুখত পুনৰ হাঁহি দেখিলো-- "নাই, মই নাম নকওঁ!" 

তেওঁৰ কথা শুনি মোৰ চুটি ফ্ৰেন্সকাট দাড়িয়ে মোক বিন্ধিবলৈ ধৰিলে৷ কিন্তু তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু বাঢ়ি গ'ল৷ কিমান যে সঁচা কথা- এই মৰা-কটাৰ সময়ত ইয়াতকৈ ডাঙৰ উদাহৰণ একো হ'ব নোৱাৰে৷ এই পৰিচয়টোৰ কাৰণেইতো পৃথক-পৃথক হোৱা বা কৰোৱাৰ বাবে প্ৰৰোচনাৰ সৃষ্টি হয়৷

বাহি বাচনবোৰ পাগঘৰত থোৱাৰ পাছত কৰ্তব্য বুলি ভাবি যেতিয়া সমুখৰ দুৱাৰ জপাবলৈ গ'লো তেতিয়া মহাশয়ে বাধা দিলে-- "বন্ধ নকৰিব, কোনো চিটিকনি বা শলখা লগুৱাটো অসভ্যালি ৷ আপুনি আহোঁতে জানো দুৱাৰখন বন্ধ আছিল?"

মহাশয়ৰ মুখত আগৰ নিচিনাই হাঁহি জিলিকি আছিল৷ তেওঁ কেৱল সৰল আৰু বিনোদন প্ৰিয়ই মাথোন নহয়, অত্যন্ত শিক্ষিত আৰু সভ্যও৷ তেওঁক যদি আকৌ লগ পাব পাৰিলোহেতেন! এতিয়াতো সংঘৰ্ষই গেটেই ভূগোলেই সলনি কৰি দিছে৷

বিচনাত আহি বহিলো৷ চাইদ টেবুলত লেম্পৰ কাষত দুটা ৰিমোট আছিল৷ এটাৰ বুটাম টিপিলত এয়াৰ-কন্ডিচনাৰটো চলিল৷ মোৰ অনুমান অনুসাৰেই দ্বিতীয়টো টিভিৰ বুলি প্ৰমাণ পালো ৷ টিভি অন হোৱাৰ লগে-লগে ক্ৰিকেট খেলৰ প্ৰসাৰণ দেখা গ'ল৷ মোৰ বাবে এয়া জীৱনত প্ৰথম বাৰৰ বাবে এক অদ্ভুত বিলাসিতা যেন অনুভৱ হ'ল৷

মই লোভনীয় কোমল বিচনাখনত বাগৰ দিলো৷  টোপনিয়ে নিজৰ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিছিল৷ তেতিয়াই মোৰ চকু গ'ল দুৱাৰৰ বন্ধ চিটিকনিডাললৈ৷ অহ, তেখেতেতো চিটিকনি লগাবলৈ মানা কৰিছিল৷ মই ভাবিব ধৰিলো, তেখেতৰ মনোভাবৰ প্ৰতি সন্মান জনাই চিটিকনিডাল খুলি দিওঁ নেকি? এনে দোধোৰ-মোধোৰ অৱস্থাত থাকোঁতেই মই দুৱাৰত থপৰিউৱা শব্দ শুনিলো৷ হে ৰাম, কি অনৰ্থ! নিশ্চয় মহাশয়ে চাব বিচাৰিছে মই এজন দুটকীয়া নীচ মানুহ নেকি- যি শালীনতাৰ পৰা সদায় আঁতৰত থাকে? অথবা পঢ়া-শুনা কৰা সম্ভ্ৰান্ত এক কুলীন ব্যক্তি? বেগাই বিচনাৰ পৰা নামিলো আৰু জোতা বিচাৰিলো৷ এপাত জোতা বিচনাৰ তললৈ সোমাই গ'ল কিজানি৷ চাবলৈ তললৈ হাউলি দিওঁতে কিবা এটা কাণত পৰাত মনটো টিভিলৈ আকৰ্ষিত হ'ল৷ বিচনাৰ পৰা উঠাৰ সময়ত ৰিমোটৰ কোনোবাটো বুটাম টিপা যোৱাত চেনেল সলনি হৈ গৈছিল৷ টিভিত ঘোষকে কৈ আছিল- ".. এই পাগলজনৰ ৰং বগা, ওখই ছয় ফুট তিনি ইঞ্চি ৷  এই কুখ্যাত হত্যাকাৰী আৰু মানসিক ৰোগী অৰ্ধেন্দু সান্যাল তৃতীয় বাৰৰ বাবে জেলৰ পৰা পলায়ন কৰিছে৷ বাঙ্কুৰা বা আশে-পাশে কোনো গাৱঁত লুকাই থাকিব পাৰে..."

মোৰ এনেকুৱা লাগিল যেন গোটেই কোঠাটো ঘূৰিব ধৰিছে- ছয় ফুট তিনি ইঞ্চিৰ বগা ৰঙৰ পাগল...জেলৰ পৰা পলোৱা...আগতে ইমান ঘাম ওলোৱা মোৰ মনত নপৰে৷ জোতাৰ কথা পাহৰি গ'লো৷ ঘোষকজনে কৈ গ'ল.." এই চৰম অৱহেলাৰ বাবে জেলৰ কৰ্তব্যৰত কৰ্মচাৰী আৰু...."

মাত স্পষ্ট নাছিল কিন্তু দুৱাৰত হোৱা থপ-থপ ঘনাই হবলৈ আৰম্ভ কৰিছিল৷

 ===============================================
মূল (হিন্দী): কেশৱ পান্ডে
অনু: ড০মাখন লাল দাস

---






Thursday, 25 April 2013

বাৰে ভচহু লিমাৰিক...

১)
ভয়ানক বেটচমেন চাৰ ক্ৰিচ গেল
অকলেই জিকাই দিব পাৰে খেল
দাঁত চেলোৱা হাঁহি, বলাৰে দেখে ত্ৰাহি
বাকী বেটচমেন শুৱে নাকত দি তেল৷




২)
সকলোতকৈ ওখ অমিতাভ বচ্চন
কোন বনেগা খেলি ঘটে বহু ধন
মুখৰ পকা দাড়ি, হাঁহে লাৰি লাৰি
হটচীটত বহা জনে বুজি নাপায় মন৷


৩)
শশীন ৰমেশ টেন্ডুলকাৰ
আমাৰ ক্ৰিকেট চুপাৰস্টাৰ
চল্লিশ বছৰ হ'ল, মাত একেই ৰ'ল
মাৰিবলৈহে পাহৰি গ'ল চিক্সাৰ৷








৪)
আমাৰ কেপ্টেন মহেন্দ্ৰ সিং ধোনী
দীঘলীয়া চিক্সাৰ মাৰে গণি গণি
হেলিকপ্তাৰ চট, মাৰে ফটাফট
সেয়ে হয় সকলোৰে নয়নৰ মণি৷






৫)
প্ৰবাসত থকা মাখন লাল দাস
বহুদিন ধৰি খাটিছে বনবাস
ফেচকুকত বহি, থাকে অন্তৰ দহি
অসমলৈ ওভটাৰ নেদেখি কোনো আশ৷

Monday, 22 April 2013

The day passed off nicely today....

The day passed off nicely today
No girl was raped
At the street corners no girl was teased. 
No one maligned any one
No m.m.s. was made on anyone 
The police also did not slap any woman
On the road no demonstrations were seen.
The day passed off well today
The corrupt officials were caught
Also leaders busy in worldly pleasure
And sadhus watching blue movies... 
It had been a fantastic day today
The price came down dramatically
People could have a meal peacefully
There was no accident on the road
Even a child could cross the road safely.
The day passed off really well
I have dreamed a dream today
The day...
============================
Origin (Hindi) Girish Pankaj
(आज का दिन बहुत अच्छा बीता)
Translated by Dr Makhan Lal Das

Sunday, 21 April 2013

The examination..

She said, "You two will  not  pass the exam; that other man will." 
The two men got angry, swore at her and left.

When the results of the examination turned out as the woman had predicted, they were surprised...
The  two who had failed went back to find out how she had known they would not pass, while the third man would.
..........................................................................................................author unknown.. collected from the net

দাতাই নিদিলেও বিধাতাই দিয়ে..



উৰাজাহাজেৰে কলিকতাৰ পৰা আহমেদাবাদলৈ যাবলগীয়া আছিল৷ প্ৰায় আঢ়ৈ ঘন্টীয়া যাত্ৰা৷ ইমানখিনি সময় একে ঠাইতে বহি থকাটো যথেষ্ট কষ্টকৰ কথা৷ কোনোবা এজন বিখ্যাত লোকে কিছুদিন আগতে উৰাজাহাজৰ ইক’ন’মি ক্লাচটো “কেটেল ক্লাচ” বা গৰু-ছাগলীৰ শ্ৰেণী বুলি কৰা বৰ্ণনাটো আচলতে সঠিক আছিল৷ কোনোমতে চীটটোত বহি লোৱাৰ পাছত হাত-ভৰি আদি ভালদৰে লৰ-চৰ কৰিবও নোৱাৰি৷ চীটবোৰৰ আকাৰে কোনো দুৰ্ভিক্ষ চলি থকা দেশৰ মানুহৰ অৱয়বৰ কথালৈহে মনত পেলাই দিয়ে৷ মোৰ শৰীৰৰ আকাৰ আকৌ জন্মগত ভাবেই ডাঙৰ৷ কান্ধ দুখনে নিজৰ নিৰ্দ্ধাৰিত আসনখনৰ সীমা পাৰহৈ গৈ কাষত বহা যাত্ৰীক আমনি কৰিব খোজে৷ সেই অসুবিধালৈ মনত ৰাখি, মই সদায় আইলচীট অৰ্থাৎ মাজৰ অহা-যোৱা কৰা বাটটোৰ পিনে থকা আসনখনত বহিবলৈ ভাল পাওঁ৷ এফাল মুকলি, কান্ধখনে সীমাৰ পৰিধি অতিক্ৰম কৰাত কোনো অসুবিধা নাই৷

মনে বিচৰা আসন পাবৰ কাৰণে মই যিমান পাৰো আগতে গৈ চেক-ইন কৰোঁ৷ কলিকতা বিমান-বন্দৰটো নতুনকৈ সজাইছে৷ বাট বিচাৰি থাকোঁতে অলপ পলম হৈ গ’ল৷ তথাপি প্ৰায় দুঘন্টা আগতেই গৈ কাউন্টাৰ পালোঁগৈ৷ সদায় বিচৰাৰ দৰে আইলচীট বিচাৰিলো৷ কাউন্টাৰত বহি থকা ছোৱালীগৰাকীয়ে ক’লে, কোনো আইলচীট নাই৷ একেবাৰে শেষৰ শাৰীত এটা আছে, চীটটো পুচ-বেক নহয়, অসুবিধা পাব৷ মই সুধিলো, খিৰিকিৰ কাষৰ চীট আছেনে নাই৷ উত্তৰ একেটাই৷ কোনো চীট খালী নাই৷ উপায় নাই৷ আজি কোনোবা দুজনৰ মাজত চেন্দুইচ হৈ বহি যাব লাগিব আৰু৷ হাত-ভৰি জঠৰ হৈ যাব৷ কিছুসময় পাছত কিজানি পিঠিৰ বিষো উঠিব৷ হতাশ মনেৰে বোৰ্ডিং কাৰ্ডখন ল’লো, যন্ত্ৰৰ দৰে চিকিউৰিটি চেক কৰাৰ আনুষ্ঠানিকতা সম্পন্ন কৰি অপেক্ষা কৰি ৰ’লো বোৰ্ডিং ঘোষণাৰ বাবে৷

যথা সময়ত ঘোষণা হ’ল৷ উৰাজাহাজত প্ৰবেশ কৰিলো৷ নিজৰ আসনখন বিচাৰি লৈ বহি পৰিলো৷ মাজৰ আসন৷ দুয়োফালৰ আসন দুখন, অৰ্থাৎ খিৰিকি-কাষৰ আৰু আইলচীট, তেতিয়ালৈকে খালী আছিল৷ কোনোবা এজন নাহিলেও হয়, মোৰ মনত ক্ষীণ আশা এটা উপজিল৷ 

দলে-বলে মানুহ আহিয়েই আছে৷ মই উৎকন্ঠাৰে বাট চাই ৰ’লো৷ অলপ পিছত এগৰাকী যুৱতী আৰু পিছে পিছে আদহীয়া মহিলা এগৰাকী সোমাই অহা চকুত পৰিল৷ যুৱতী গৰাকীয়ে মোৰ পিনে চাই চাই আগুৱাই আহি আছে৷ বুজিবলৈ অসুবিধা নহল, মোৰ দুয়ো কাষে তেওঁলোক দুগৰাকী মহিলা বহিব৷
“লৰ-চৰ নকৰাকৈ কাঠৰ মূঢ়া এটাৰ নিচিনাকৈ বহি থাকিব লাগিব, আঢ়ৈ ঘন্টা সময়৷ আজি মোৰ ফালে আধ্যা৷” মনতে ভাবিলো৷

যুৱতী গৰাকী মোৰ কাষ পালেহি৷ মই কিবা কোৱাৰ আগতেই মোৰ পিনে চাই মিচিকিয়া হাঁহি এটা মাৰি ক’লে,
“ আপুনি অনুগ্ৰহ কৰি আইলচীটটোত বহিব নেকি? মই মাজৰ চীটটোত বহিম৷ মা আৰু মই দুয়োজনে একেলগে বহিব খুজিছো৷ আচলতে মই মাজৰ চীটটো খালী থাকিব পাৰে বুলি ভাবি এনেদৰে চীট দুটা লৈছিলো৷ পিছে আজি বিৰাট ভীৰ৷”

মই নিজৰ কাণকেই বিশ্বাস কৰিবলৈ টান পালো৷ অতি উৎসাহেৰে ক’লো,
“ খুব ভাল কথা৷ মইতো আইলচীটেই বিচাৰি আছিলো৷”

ততাতৈয়াকৈ তেওঁলোক দুজনক বহিবলৈ দি মই আইলচীটটোত বহি পৰিলো৷ এটা স্বস্তিৰ নিশ্বাস পেলালো৷ ভাবিলো,
“ঈশ্বৰে দিওঁ বুলিলে কোনে ৰাখিব পাৰে? দাতাই নিদিলেও বিধাতাই দিয়ে৷”
===================ডঃ মাখন লাল দাস (২১ এপ্ৰিল, ২০১৩)

Saturday, 20 April 2013

Freedom at midnight in Chennai….



The MTech classes in IIT, Madras started from 19th July.  I was late by a week because of my sickness.  I was allotted a hostel called Alakananda.  It was the usual practice of  the institute to put the students of a particular class in the same hostel, as far as possible.  Almost all of my class-mates were in a hostel called Tapti. I was the lone flag bearer for my class in that remotest corner of the campus. As I was from Assam, I also felt out of place for various reasons.  

My first class in IIT, Madras was a nightmare.  It was on a subject called Reactor Theory.  Our BE syllabus did not have a full paper of Reaction Engineering.  It was only a  part of a subject called Thermodynamics  and  kinetics. Only two questions were used to be asked from that topic and one can easily ignore that part of the subject, which I also did since there were plenty of choices in the question paper.  So, practically I had no knowledge on reaction engineering.  Reactor Theory was a subject of a higher level and without basic knowledge it is impossible to understand a single concept of the subject. 

The teacher was a very well known professor who came to teach us the subject as a visiting faculty.  What he spoke in the class was all Greek to me.  After the class was over, he distributed an assignment sheet. It contained about ten problems to be solved and to be submitted within a week. I just glanced through the sheet and there was another great shock waiting for me there. Most of the problems dealt with a mathematical concept involving DELTA FUNCTION, a term I had never heard before in my life. I felt terribly depressed and didn’t know what to do.  I knew no one from among my class-mates who could help me out to understand some related concepts. 

I had no time to lose. I started searching for books in the library desperately.. I had to learn the basics of the subject, then the topic itself and then the mathematical concept called delta function and its application and finally I must solve the problem using all these concepts. I started spending all my spare time reading in the library.. It was a race against time..

About four days passed in the process.. I was doing some progress but Delta Function was still haunting me.

On that fateful day, I headed towards the library after my dinner with a disturbed mind. I took few books from the rack in the reference section and sat down to study at an empty cubicle .slowly but steadily the mystery called Delta Function started unfolding… things started getting clearer and clearer…I gained some confidence to try solving the problem using the concept of Delta Function..I tried and after few attempts , suddenly the problems started appearing simpler to me and with some more effort I could solve them one by one…withing an hour or so, I could solve all of them.

I was so excited that I felt like shouting then and there.. I looked at my watch. It was exactly 12 midnight..I congratulated myself.  

All of a sudden I remembered the book I had read few years ago.. FREEDOM AT MIDNIGHT..the whole expression had a new meaning to me.. since it was my Freedom at Midnight in Chennai..
I never looked back after that hard earned freedom..

Tuesday, 16 April 2013

Come, Let Us Forget...

Come, let us forget
Which things of whom
Should we remember,
Come, let us forget everything,
There will no longer be bitterness in mind
Nor  will there be any suffocation in mind
It would be good if we remember nothing
Come, let us forget everything.

.......................................

चलो भूल जाएँ / * अशोक लव 
------------------------
Origin (Hindi): Ashok Lav
Translated by : Dr Makhan Lal Das

Monday, 8 April 2013

We'll find out

How many persons lost their lives, we'll find out,

Some eye witnesses for the same, we'll find out.


Where numerous people shiver in cold winter nights,

Warm comfortable place there in, we'll find out.

 

Here exists hunger-thirst-famine everyday,

There how do people enjoy accolades , we'll find out.

 

In this atmosphere of  love and brotherhood,

Who has spread these rumors, we'll find out.

 

In the neighborhood where message of love exchanged,

How this agony and pain have entered, we'll find out.

 

The river that has been flowing for ages,

Why has it stopped here suddenly, we'll find out.

+++++++++++++++++++++++++++++++++++++

Origin: (Hindi) Dr Raghunath Misra

Translated by: Dr Makhan Lal Das


Friday, 5 April 2013

Even the storms will make way for you..



Don’t lose heart; this storm will make way for you,
You’ll see tomorrow, it will give your life its meaning.

The one who is afraid of pain, how can he move ahead?
When courage is the companion, thorns will also make way.

Tell me friend, is there any ,not laughed at by this world?
Tomorrow, those who mocked, will give your life its meaning.

Go ahead singing your own song, not listening to others,
Even the dusts of your feet will direct the paths of many.

This is the rule of this world; it takes side with the winner,
People of this world someday will give your life its meaning.
 
--Dr Yogendra Nath Sharma Arun
Translated by: Dr Makhan Lal Das