At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday 15 February 2014

দূৰদৰ্শন দৰ্শন...চাগুদানাৰ ভীতি প্ৰদৰ্শন



দূৰদৰ্শন দৰ্শনচাগুদানাৰ ভীতি প্ৰদৰ্শন..

১৯৮২ চন৷ সেইবছৰ দিল্লীত এচিয়াড (এচিয়ান গেমচ) অনুষ্ঠিত হৈছিল৷ সেইটো বছৰ অসমৰ মানুহৰ বাবে অতি স্মৰণীয় বছৰ কাৰণ সেই এচিয়াডৰ অজুহাততে অসমলৈ প্ৰথম দূৰদৰ্শন আহে সেই চনতে৷
তেতিয়া মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিকৰ ছাত্ৰ৷ ছাত্ৰাবাসত থাকো৷ মোৰ বন্ধু এজনৰ ঘৰ গুৱাহাটীৰ লাচিত নগৰত৷ এচিয়াড আহি আছে, গুৱাহাটীলৈ দূৰদৰ্শন আহি আছে, তাকেই ভাবি আমি উত্তেজিত৷ এচিয়াডৰ উদ্বোধনী অনুষ্ঠানৰ দিন ওচৰ চাপি আহিল৷ লাচিত নগৰৰ বন্ধুজনে মোক খবৰ দিলে তেওঁলোকে এটা টেলিভিচন কিনিব বুলি, এচিয়াড চাবলৈ৷ চাবলৈ যাবলৈ মোক নিমন্ত্ৰণ জনালে৷

সেই দিনটো আহি পালে৷ দুপৰীয়াতে গৈ লাচিত নগৰ পালোঁগৈ৷ উদ্বোধনী অনুষ্ঠান আবেলি আৰম্ভ ব৷ বন্ধুৰ ঘৰত টেলিভিচন আহি পালে৷ প্ৰকাণ্ড টেলিভিচন এটা৷ টেলিৰামা নে তেনে কিবা এটা নাম৷ ব্লেক এণ্ড হোৱাইট৷ সেই সময়ত ব্লেক এণ্ড হোৱাইট টেলিভিচন ঘৰত থকাটোৱেই খুব ডাঙৰ কথা৷

দুপৰীয়াৰ পৰাই টেলিভিচনটো চলোৱাৰ যো-জা চলিছে যাৱতীয় কাৰু-কাৰ্য সম্পন্ন কৰি৷ দীঘল বাঁহ এডালত এন্টেনাডাল লগাই ঘৰৰ কাষত পুতি দিয়া ল৷ তাৰপাছত তাঁৰডাল আনি টেলিভেচনৰ পিছপিনে থকা নিৰ্দ্দিষ্ট ঠাইত অতি সাৱধানে লগাই দিলে কোনোবা এজনে৷ আমি দূৰৰ পৰা অতি আগ্ৰহ তথা কৌতুহলেৰে চাই থাকিলো৷ ইতিমধ্যে টেলিভিচন চাবলৈ অহা মানুহেৰে ঘৰ ভৰি পৰিছে৷ ইফালে সময় চমু চাপি আহিছে৷ বোধকৰো চাৰিমান বজাত অৱশেষত টেলিভিচনটো অন কৰা ল৷ ভল্টেজ স্টেবিলাইজাৰৰ যোগেৰে৷ আমি সকলোৱে অধীৰ আগ্ৰহেৰে টেলিভিচনৰ পৰ্দাখনলৈ চাই থাকিলো৷
লাহে লাহে পৰ্দাখন পোহৰ হৈ উঠিল৷ লা পৰ্দাখন বগা হৈ পৰিল৷ তাৰপাছত খেৰ খেৰ খেৰ শব্দ শুনিবলৈ পালো৷ সকলো মানুহ ইতিমধ্যে বহি পৰিছে ঠায়ে-ঠায়ে৷ চকী, মেজ , বিছনা, যিয়ে তে পাইছে বহি লৈছে এচিয়াডৰ উদ্বোধনী অনুষ্ঠান চাবলৈ বুলি৷ বহিবলৈ নোপোৱা দহজনমান থিয় দি আছে৷ মুঠতে এটা ডাঙৰ উৎসৱ৷

সকলোৰে চকু টেলিভিচনৰ পৰ্দাত৷ লাহে লাহে লা-বগা পৰ্দাখনত চাগু দানাৰ নিচিনা গুটি গুটি কিছুমান জিলিকি উঠিবলৈ ধৰিলে৷ গোটেই পৰ্দাখন চাগুদানা-চাগুদানাযেন হৈ পৰিল৷ আমি ভাবিলো তাৰপাছত চাগুদানাবোৰে মানুহৰ ৰূপ কিজানি৷ তেনেদৰে আধা ঘন্টা মান চাগুদানা চাই থাকিলো আৰু খেৰ খেৰ খেৰ শব্দ শুনি থাকিলো৷ আমনি কিন্তু কাৰো লগা নাই৷ জীৱনত প্ৰথমবাৰ টেলিভিচন দেখিছে৷ চাগুদানা লেও কিবা এটাতো দেখিছে৷
 
কোনোবাই কিবা-কিবি -চৰা কৰিলে৷ হঠাতে টেলিভিচনৰ পৰ্দাত মানুহৰ নিচিনা কিবা এটা ওলাই ক্ষন্তেকতে কঁপি-কঁপি নোহোৱা হৈ ল৷ কোনোবাই চিঞৰিলে,
: ওলাইছে, ওলাইছে

তাতে উৎসাহ পাই বিভিন্নজনে বিভিন্ন ঠাইত হাত ফুৰাবলৈ ধৰিলে৷ বাকীসকলে একান্তমনে টেলিভিচন চাই থাকিল৷ চাগুদানাই কিন্তু মানুহৰ ৰূপ আৰু নললে৷
 
সন্ধিয়া সাতমান বজাত চাগুদানা চাই চাই চকুৰ বিষ উঠা যেন লগাত কলেজলৈ উভতি যোৱাই উচিত বুলি ভাবি বন্ধুজনৰ পৰা বিদায় লৈ বাহিৰ ওলালো৷

কিছুমানলোক তেতিয়াও বহি থাকিল টেলিভিচনৰ পৰ্দাত কিবা দেখা পোৱাৰ আশাত৷ 

একো নেদেখিলেও অন্ততঃ টেলিভিচনতো দেখিলো..... মইও নিজকে ক'লো৷

No comments:

Post a Comment