At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 21 February 2014

নৈশ ফুটবল.. উৰি গ’ল বল !!



নৈশ ফুটবল.. উৰি গ’ল বল !!

১৯৮৮ চন৷ তেতিয়া  আই আই টি, মাদ্ৰাজত এম. টেক. কৰি আছো৷ কৃষ্ণা হোষ্টেলত থাকো৷ কৃষ্ণা আৰু কাবেৰী হোষ্টেলত পি. এইচ. ডি. আৰু এম. টেক. কৰা জ্যেষ্ঠ ছাত্ৰসকল থাকে৷ খেলা-ধূলা কৰা ছাত্ৰ বেছি নাই৷

মাদ্ৰাজ আই. আই. টি.ত বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা হৈছিল৷ তাৰে এটা আছিল “চিক্স এ চাইড” ফুটবল প্ৰতিযোগিতা৷ প্ৰতিটো দলত ছজনকৈ খেলুৱৈ থাকে৷ কোনো অফ চাইড নাই৷ বাকী নিয়ম একেই৷

এদিন ৰাতি ভাত খোৱাৰ পাছত মালায়ালী ছাত্ৰ এজনে আহি সুধিলে,
: দাস, আপুনি অসমৰ৷ নিশ্চয় ফুটবল খেলে..
মই ৰসিকতা কৰি উত্তৰ দিলো,
: মই কেবল বলটো গোৰ মাৰি দিব জানো আৰু দৌৰিব জানো…
: ডেট ইজ এনাফ… সেয়ে যথেষ্ট…
মালায়ালী ছাত্ৰজনে উত্তৰ দিলে৷

মই সৰুতে লগ-সমনীয়াৰ লগত কেতিয়াবা কেতিয়াবা ফুটবল খেলিছিলো যদিও হাইস্কুল পোৱাৰ পাছত আৰু কেতিয়াও খেলা নাছিলো বুলি ক’ব পাৰি৷ ফুটবল খেলুৱৈৰ শাৰীতযে কেতিয়াও নপৰো৷ তথাপি মালায়ালী ছাত্ৰজনৰ কথাত অলপ উৎসাহ পালো৷ ছাত্ৰজনে ক’লে,
: আপুনি আমাৰ হোষ্টেলৰ “খ” দলত খেলিব লাগিব৷ আজি ৰাতি খেল আছে৷ ছিক্স এ চাইড খেল৷ আপুনি ফুল বেক৷
মই মানি ল’লো৷ ভালো লাগিল৷ জীৱনত প্ৰথমবাৰৰ বাবে কোনোবাই মোক নিজে আগবাঢ়ি আহি দলত স্থানত দিছে৷ তাতে আকৌ ফুটবল দলত৷

ৰাতি চাৰে আঠমান বজাত আমি খেলপথাৰ পালোগৈ৷ লাইটৰ পোহৰত গোটেইখন দিন যেন পোহৰ হৈ আছিল৷ আমাৰ খেল কোনোবা এটা বি. টেক. হোষ্টেলৰ “ ই” দলৰ লগত৷ সৰু-সৰু ল’ৰা৷ মোতকৈ দহবছৰমান সৰু হ’ব বয়সত৷ তাতে মই অলপ ব্যায়াম, ভাৰোত্তোলন আদি কৰিছিলো বাবে শৰীৰৰ আকাৰ তুলনামূলকভাবে সকলোতকৈ ডাঙৰ৷ প্ৰকাণ্ড ভৰি আৰু কলাফুল৷ অসমৰ মানুহৰ কলাফুল এনেও ডাঙৰ৷

মোক বুজাই দিয়া হ’ল৷ মোৰ কাম ফুল বেক৷ বলটো বিপক্ষৰ গ’ল পোষ্টৰ আগত থিয় দি থকা আমাৰ খেলুৱৈ দুজনলৈ মাৰি পঠিয়াব লাগিব যেতিয়াই মই বল পাওঁ৷ কোনো অফ চাইড নাই৷ আৰু বিপক্ষৰ দলৰ কোনোবাই বল লৈ আহিলে যেনে-তেনে বলটো বাহিৰলৈ মাৰি দিলেই হ’ব৷

খেল আৰম্ভ হ’ল৷ মোৰ জীৱনৰ প্ৰথম প্ৰতিযোগিতামূলক ফুটবল খেল৷ বি. টেক. পঢ়া সৰু-সৰু ল’ৰাবিলাকে চিঞৰ বাখৰ আৰম্ভ কৰিলে৷ এজন বল লৈ আগবাঢ়ি আহিল আমাৰ গ’লৰ ফালে৷ মই খেদি গ’লো৷ মোক দেখিয়েই বোধকৰো ভয় খালে৷ বলটো এৰি দিলে৷ বাহিৰৰ পৰা কোনোবাই চিঞৰিলে,
: ঐ বডি বিল্ডাৰ..
বলটো কাঢ়ি লৈ মই বিপক্ষৰ পিনলৈ মাৰি দিলো৷ আমাৰ এজনে ধৰিলে৷ কিন্তু গ’ল দিব নোৱাৰিলে৷ খেল চলি থাকিল৷ মোৰো আত্ম-বিশ্বাস লাহে-লাহে বাঢ়ি গ’ল৷ কোনেও কাকো গ’ল দিব পৰা নাই৷

হাফ-টাইম হ’ল৷ অলপ জিৰণি পালো৷ তাৰপাছত আকৌ সেই একেই একেই দৌৰা-দৌৰি৷ অতি আমোদজনক কথা যে বিপক্ষ দলে আমাৰ গ’ললৈ এটাও ছট লব নোৱাৰিলে৷ মোক দেখিয়েই সকলোৱে ভয় খায় বুলি বুজিলো৷ কিন্তু অতি দুখৰ কথা যে আমাৰ দলেও এটাও গ’ল দিব নোৱাৰিলে৷

নিৰ্দ্ধাৰিত সময় শেষ হ’ল৷ খেল দ্ৰ৷ এইবাৰ হ’ব টাই ব্ৰেকাৰ৷ তিনিটা তিনিটা পেনাল্টী ছট মাৰিব দুয়ো দলে৷ মোকো এটা ছট ল’বলৈ কোৱা হ’ল৷ মই আপত্তি কৰিলো৷ আগতে কেতিয়াও খেলিয়েই পোৱা নাই৷ তাতে আকৌ টাইব্ৰেকাৰৰ পেনাল্টী৷ মোক সকলোৱে আশ্বাস দি ক’লে,
: চিন্তা নকৰিব৷ বিৰাট জোৰত মাৰি দিব৷ গ’লকীপাৰে ধৰিবই নোৱাৰিব৷
ময়ো মান্তি হ’লো৷ বুকুখনে কিন্তু ধান বানিছে৷

পেনাল্টী ছট লোৱা আৰম্ভ হ’ল৷ প্ৰথমে মাৰিলে তেওঁলোকে৷ তাৰপাছত আমাৰ এজনে৷ তেওঁলোকৰ তিনিওজনে মাৰিলে আৰু আমাৰ দুজনে মাৰিলে৷ তেওঁলোকৰ এজনে গ’ল কৰিলে আৰু আমাৰ দুজনে এটাও গ’ল দিব নোৱাৰিলে৷ অৰ্থাৎ তেওঁলোক আগবাঢ়ি থাকিল ১-০ ত৷ একেবাৰে শেষত পৰিল মোৰ পাল৷ সম্মুখত বিপক্ষৰ গ’ল কীপাৰ৷ ভৰিৰ আগত বল৷ মই দাঁত-মুখ কামুৰি সৰ্ব-শক্তি প্ৰয়োগ কৰি মাৰি দিলো বল৷ বল আগবাঢ়িল তীব্ৰ বেগে৷ বিপক্ষৰ গ’লকীপাৰে লৰ-চৰেই নকৰিলে , বল ধৰিবলৈ কোনো চেষ্টা নকৰিলে ভয়তে৷ সকলোৱে ভাবিলে গ’ল….

কিন্ত বলটো ক’ত?
প্ৰচণ্ড আঘাত সহিব নোৱাৰি বলটো গ’লপোষ্টৰ ওপৰেৰে উৰি গৈ দূৰৰ আন্ধাৰত বিলীন হৈ গ’ল৷ আমাৰ জয়লাভৰ আশাৰো সিমানতে সামৰণি পৰিল৷

বিষাদমনে আমি ওভতি আহিলো৷

কিন্তু জন্ম হ’ল এজন নতুন ফুটবল খেলুৱৈৰ…
ভাবিলো “ গছ নোহোৱা ঠাইত এৰাই বৰগছ..”

No comments:

Post a Comment