At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 19 May 2014

মিষ্টাৰ ইণ্ডিয়া..

মিষ্টাৰ ইণ্ডিয়া..

সৰুৰে পৰা ভূতলৈ বৰ ভয় আছিল মোৰ৷

সেইবাবে ডাঙৰ ল'ৰাটো জন্ম হোৱাৰ পাছতে ভাবি ল'লো তাক এনেদৰে ডাঙৰ কৰিম যাতে সি ভূতলৈ কেতিয়াও ভয় নকৰে৷ সৰুৰে পৰাই তাক শিকোৱা হ'ল ভূত বোলা কোনো বস্তু নাই বুলি৷ তাৰ চাৰি বছৰ বয়সত আমাৰ দ্বিতীয়টো ল'ৰাৰ জন্ম হ'ল আৰু ডাঙৰটোক তেতিয়াৰ পৰাই এটা বেলেগ কোঁঠাত অকলে শুবলৈ দিয়া হ'ল ৷ সিও কোনো আপত্তি নকৰি অকলেই শুবলৈ সাহস কৰিলে৷

সৰু ল'ৰাটোৰ বয়স তেতিয়া প্ৰায় দুবছৰমান হ'ব, ডাঙৰটো প্ৰায় ছবছৰীয়া৷ সৰুটোক চোৱা-মেলা কৰাৰ বাবে ঘৰত এজনী ছোৱালীও ৰখা হ'ল৷

তেতিয়া আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত থাকোঁ৷ দীপৰ বিলৰ কাষত থাকো৷ ডাঙৰ চৌহদ৷ ৰাতি প্ৰায়েই লাইট নাথাকে আৰু থাকিলেও যিহে ভল্টেজ, লাইট থকা-নথকা প্ৰায় একেই কথা যেন হয়৷ তাতে আকৌ স্ত্ৰীট লাইট বুলিবলৈ একো নাছিলেই বুলিব পাৰি আমি থকা ঠাইখিনিত৷ ঘৰৰ পৰা প্ৰায় তিনিশ মিটাৰমান দূৰতে নতুনকৈ শ্মশান এখনো গঢ় লৈ উঠিব ধৰিছিল৷  ৰাতি হ'লে ঘৰৰ বাহিৰ ওলাবলৈ যথেষ্ট সাহসৰ প্ৰয়োজন৷ ডাঙৰ ল'ৰাটোৱে পিছে দোভাগ ৰাতিও ঘৰৰ বাহিৰ ওলাবলৈ ভয় নকৰে তেতিয়াও৷

এদিন কিবা কাৰণত আবেলি শ্ৰীমতী আৰু মই গুৱাহাটীলৈ যাব লগা হ'ল৷ ঘৰতে এৰি থৈ গ'লো ছবছৰীয়া ল'ৰাটোৰ সৈতে সৰু ল'ৰাটো আৰু তাক চোাৱাচিতা কৰা ছোৱালীজনী৷ সিহঁতেও থাকিব পাৰিম বুলি ক'লে৷ আমিও নিশ্চিন্তে গ'লোঁগৈ৷

উভতি আহোঁতে ৰাতি প্ৰায় চাৰে সাতমান বাজিল৷
ঘোৰ অন্ধকাৰ৷
ঘৰ পাই দুৱাৰত টুকুৰিয়ালো৷ কোনো সাৰ-সুৰ নাই৷
আকৌ টুকুৰিয়ালো৷ নাই, কোনো সাৰ-সুৰ নাই৷

বাহিৰলৈ ওলাব পৰা তিনিওখন দুৱাৰ ভিতৰৰ পৰাই বন্ধ৷ অলপ আচৰিত হ'লো৷ এইবাৰ দুৱাৰত অলপ জোৰেৰে ঢকিয়ালো আৰু লগতে চিঞৰি চিঞৰি মাতিলো..
: বাবলু.. জয়ন্তী..

অলপ পাছত ভিতৰৰ দুৱাৰ এখন খোলাৰ শব্দ হ'ল৷ তাৰপাছত মূল দুৱাৰখন খোল খালে৷ দুৱাৰমুখত জয়ন্তী, কোলাত সৰুটো আৰু জয়ন্তীৰ হাতত ধৰি থিয় হৈ আছে ছবছৰীয়া বাবলু৷

: দুৱাৰ খোলা নাছিলা কিয়?
আমি সুধিলো৷

: আমি সকলো দুৱাৰ বন্ধ কৰি একেবাৰে ভিতৰৰ শোৱা কোঁঠাত সোমাই আছিলো৷
ছোৱালীজনীয়ে উত্তৰ দিলে৷

: কিয়? কি হৈছিল?
অলপ আচৰিত হৈ আমি সুধিলো৷

:  আন্ধাৰ হোৱাৰ অলপ পাছত কোনোবাই আহি বাহিৰৰ পৰা দুৱাৰত হেঁচা যেন শব্দ শুনিছিলো৷ আমি বাহিৰ ওলাই চালো কিন্তু কাকো নেদেখিলো৷ সেইকাৰণে ভয় খাই আমি সকলো দুৱাৰ বন্ধ কৰি ভিতৰত সোমাই আছিলো৷
এইবাৰ বাবলুৱে উত্তৰ দিলে৷

আমাৰ অলপ চিন্তা হ'ল যদিও সিহঁতৰ মনৰ পৰা ভয়ৰ ভাব নোহোৱা কৰিবলৈ অলপ দৃঢ় ভাবেই ক'লো,
: কিয় ভয় কৰিব লাগে? ভূত বোলা একো বস্তু নাই নহয়..

: আমি ভুতলৈ ভয় কৰা নাই নহয়৷ মই ভাবিলো কিজানি মিষ্টাৰ ইণ্ডিয়া আহিল.....
ছবছৰীয়া সৰল মনৰ বাবলুৰ উত্তৰ শুনি হাঁহিমনে কান্দিম একো ভাবি নাপালো৷

কিন্তু একোখন চিনেমাই শিশুৰ কোমল মনত কিমান গভীৰ প্ৰভাৱ পেলাব পাৰে তাকেই আকৌ অনুভৱ কৰিলো৷


No comments:

Post a Comment