At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 26 May 2014

হাতত ৰিভলভাৰ নাইতো?

হাতত ৰিভলভাৰ নাইতো?

চনটো মনত নাই৷
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰি আছো তেতিয়া৷
সচৰাচৰ মই পৰীক্ষাৰ ইনভিজিলেটৰ নহৈছিলো কাৰণ ইনভিজিলেটৰ হ'লে কোনো ধৰণৰ নকল বা নীতিবিৰুদ্ধ কাম দেখিলে সহ্য কৰিব নোৱাৰি উচিত পদক্ষেপ লবলৈ বাধ্য হৈছিলো৷ আনহাতে ছাত্ৰ এজনৰ কেৰিয়াৰ বেয়া কৰিবলৈও মন নগৈছিল৷ তাতে আকৌ ভূতৰ ওপৰত দানহৰ দৰে আহি পৰিছিল অতি আমনিদায়ক বাতৰি এটা:

"অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ প্ৰিন্সিপালক  অজান আততায়ীয়ে গুলি কৰি মাৰিলে কোনো নকল কৰা ছাত্ৰক পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰা বাবে৷"
অৱশ্যে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত তেনেধৰণৰ কোনো ঘটনা আজিলৈকে ঘটা নাই৷

দায়িত্ব এৰাব নোৱাৰি মাজে-মাজে ইনভিজিলেটৰ হৈছিলো আৰু মোৰ বাবে দায়িত্ব উচিত ভাবে পালন কৰাৰ  সহজ উপায় আছিল গোটেই তিনি ঘন্টা সময় কোঁঠাটোত আগৰ পৰা পিছলৈ পায়চাৰি কৰি ফুৰা, প্ৰতিজন পৰীক্ষাৰ্থীৰ ওচৰে-পাজৰে নিজৰ উপস্থিতি জাহিৰ কৰি নীৰৱে সাবধানবাণী শুনোৱা যাতে কোনেও সেইফেৰা কাম নকৰে আৰু মইও বাধ্য হৈ কোনো ব্যৱস্থা ল'ব লগা নহয়৷

এদিন পৰীক্ষা চলি আছে৷ মই ইনভিজিলেটৰৰ কাম কৰি আছো প্ৰকাণ্ড দ্ৰইং হ'লটোত৷ তাত প্ৰায় ৮০জন মান পৰীক্ষাৰ্থী বহে৷ ইনভিজিলেটৰ তিনিজন থাকে৷

আনদিনাৰ দৰে সেইদিনাও মই হলৰ ভিতৰত পায়চাৰি কৰি আছোঁ৷ একেবাৰে পিছৰ পৰা লাহে-লাহে আগলৈ খোজ দিছো বাবে আগৰবোৰে মই পিছপিনৰ পৰা আহি থকাটো দেখা নাই৷  তদুপৰি দ্ৰয়িংবোৰ্ডবোৰ এঢলীয়া হোৱা বাবে পৰীক্ষাৰ্থীসকলৰ সকলো কাৰ্যকলাপ অতি সহজে পৰ্যবেক্ষণ কৰিব পাৰি পিছ পিনৰ পৰা৷

তেনেদৰে হাতত সাৰে ভৰিত সাৰে আগবাঢ়ি গৈ থাকোঁতে চকুত পৰিল এজন ছাত্ৰৰ ধূৰ্ত্তালি৷ ওপৰত প্ৰশ্নখন ভালদৰে মেলি লৈছে৷ তাৰ অলপ তলত উত্তৰ লিখা বহীটো প্ৰায় সমান্তৰালভাবে ৷ প্ৰশ্ন আৰু বহীটোৰ মাজত অলপ খালী ঠাই৷ সেই খালী ঠাই পূৰণ কৰিছে বগা কাগজ এখনে৷ ছাত্ৰজনে অতি কৌশলেৰে প্ৰশ্নখন আৰু উত্তৰৰ বহীখন একেলগে ওপৰৰ পৰা তললৈ পিচলাই লৈ যায় যাতে মাজৰ ব্যৱধান একেই থাকে আৰু সেই ব্যৱধানেৰে তলত পাতি লোৱা কাগজখনৰ পৰৱৰ্তী অংশ দৃষ্টিগোচৰ হয়৷

অলপ সময় ভালদৰে লক্ষ্য কৰিলো ল'ৰাজনক৷ বপুৰাই গমেই নাপালে৷
তাৰপাছত হঠাতে চোঁ মাৰি গৈ থাপ মাৰি ধৰিলো হাতত৷ বহী, প্ৰশ্ন আৰু নকলৰ কাগজ গোটাইখিনি কাঢ়ি লৈ ল'ৰাজনক হাতত ধৰি টানি লৈ গ'লো পৰীক্ষা চলোৱা অফিচটোলৈ৷ ল'ৰাজনে মুখেৰে এটা মাতো নামাতিলে৷ তাৰপাছত বিশ্ববিদ্যালয়ৰ নিয়মমতে পালন কৰিবলগীয়া আনুষ্ঠানিকতাখিনি পালন কৰি ল'ৰাজন বিদায় দিলো৷ মইও নিজৰ কামত লাগিলো৷

পৰীক্ষা শেষ হ'ল৷ আবেলি ঘৰ পালোঁগৈ৷ মনটো অলপ বেয়াও লাগি থাকিল ল'ৰা এজনক তেনেদৰে উলিয়াই দিবলগা হোৱা বাবে৷ মাজে-মাজে আততায়ীৰ গুলিত প্ৰাণ দিয়া সেই অধ্যাপকজনৰ কথাও মনত পৰিবলৈ ধৰিলে৷

সন্ধিয়া ঘৰতে থাকিলো৷ ৰাতি প্ৰায় আঠমান বজাত দুৱাৰত টোকৰ পৰিল৷ বাৰান্দাৰ লাইটো জ্বলাই দি দুৱাৰ নোখোলাকৈ পৰ্দাখন একাষৰীয়া কৰি বাহিৰলৈ চালো৷ দেখিলো সেই নকল কৰা ল'ৰাজন ৷ লগত আৰু এজন প্ৰকাণ্ড চেহেৰাৰ ডেকা৷ খন্তেকৰ বাবে বুকুখন কঁপিল৷ ল'ৰাদুজনৰ হাতলৈ চালো৷ ৰিভলভাৰ নাইতো?
ভালদৰে পৰ্যবেক্ষণ কৰি আশ্বস্ত হোৱাৰ পাছতহে দুৱাৰ খুলি দিলো৷ দুয়োকো বহিবলৈ দিলো৷
: কোৱাচোন..
মই আৰম্ভ কৰিলো৷
: চাৰ একো উপায় নাইনে এতিয়া?
ল'ৰাজনে সুধিলে৷
: এতিয়া আৰু উপায় নাই৷ কাগজ ইউনিভাৰ্চিটি পালেগৈ৷ অতি কমেও এবছৰ লোকচান হ'বই তোমাৰ৷ মোক পৰীক্ষাৰ সময়তে অনুৰোধ নকৰিলা কিয়? তুমিতো মুখেৰে একোৱেই নামাতিলা?
মই ক'লো৷
: চাৰ, সকলোৱে কৰা দেখি মইও আজি কৰিবলৈ চেষ্টা কৰিছিলো৷ পিছে ধৰা পৰি গ'লো৷ সেই মুহূৰ্ত্তত ইমান নাৰ্ভাচ হ'লো যে মুখেৰে মাতেই নোলাল৷ পাৰিলে কিবা এটা কৰক ৷
ল'ৰাজনৰ সৰল উক্তি৷
: নাই, এতিয়া মোৰ হাতত একো নাই৷ যি হ'ল হ'ল আৰু৷ এতিয়া ভবিষ্যতৰ বাবে ভালদৰে চিন্তা কৰা৷
মোৰ উপদেশ৷
আৰু দুই এটা কথাৰ আদান-প্ৰদান হ'ল৷
গধুৰ মনেৰে ল'ৰাদুজন গ'লগৈ৷
মোকো সান-মিহলি চিন্তা কিছুমানে আমনি কৰিবলৈ ধৰিলে৷

No comments:

Post a Comment