At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday 3 June 2014

সৰুপানী, বৰপানী, কিযে হায়ৰাণি..

সৰুপানী, বৰপানী, কি যে হায়ৰাণি..

সৰু সৰু কথা৷ মনহে কোনেও নকৰে ৷ ভুগিবলগীয়া হ’লেহে গম পোৱা যায় সৰু কথাও কিমান ডাঙৰ কথা হ’ব পাৰে৷
বিশেষ কামত ওলাইছিলো গুজৰাটৰ জামনগৰৰ পিনে৷ অংক্লেশ্বৰৰ বন্ধু এজনে বহুদিনৰ পৰা মাতি আছিল বাবে প্ৰচণ্ড গৰমকো নেওচি জামনগৰৰ পৰা তেখেতৰ ঘৰ পালোঁগৈ৷ তাৰপৰা মোৰ থকা ঠাই ৰাজস্থানৰ আবুৰোডলৈ আহোঁতে বৰোদা নগৰখন বাটতে পৰে৷ বৰোদাখনো অলপ চাই যোৱা ভাল হ’ব বুলি ভাবি তাতে থকা গুজৰাটী বন্ধু এজনলৈ ফোন কৰিলো৷ তেখেতে দিনটোৰ বাবে সময় হাতত লৈ আহিবলৈ ক’লে যদিও গৰমৰ বাবে বাহিৰ ওলাবলৈ সাহস নকৰি আবেলি চাৰিমান বজাতহে অংক্লেশ্বৰৰ পৰা বৰোদালৈ বুলি চৰকাৰী বাছ এখনত বহি পৰিলো৷ বৰোদা পাওঁতে প্ৰায় ছয় বাজিল৷ কালা ঘোৰা নামৰ ঠাই এখনতে বাছৰ পৰা নামি বন্ধুজনক ফোন কৰিলো৷ তেখেত আহে মানে ওচৰতে থকা বিখ্যাত উদ্যানখনতে সোমাই পৰিলো৷ প্ৰায় আধা ঘন্টামান লোকে লোকাৰণ্য উদ্যানখনৰ মাজত পায়চাৰি কৰি ফুৰাৰ পাছত বন্ধুজন আহি পালে৷
তেখেতৰ স্কুটাৰৰ পিছপিনে বহি পৰিলো লগত থকা সৰু বেগটো পিঠিত লৈ৷ কম সময়ৰ ভিতৰতে নগৰখনৰ ভিতৰত অলপ পাক মাৰি , সৰু ৰেষ্টোঁৰা এখনত লঘু আহাৰ অলপ কৰি, তেখেতক বিদায় দি, আবুৰোডলৈ বাছ ধৰিবলৈ বুলি অমিত নগৰ নামৰ ঠাইখন পালোঁগৈ প্ৰায় আঠমান বজাত৷ বাছৰ সময় দিয়া আছিল নিশা দহ বাজি পোন্ধৰ মিনিট বুলি৷ কাউন্টাৰতে বহি সময়খিনি পাৰ কৰিবলৈ সাজু হৈ ল’লো মানসিক ভাবে৷ কাউন্টাৰৰ সম্মুখৰ বাৰান্দাত থকা চকী দুখনৰ এখনত বহি পৰিলো৷ ইফালে গৰমত ঘামি-জামি জুৰুলা-জুপুৰা হৈ পৰিছো৷ ওচৰতে থকা দোকান এখনৰ পৰা পানী এবটল আনি প্ৰায় শেষেই কৰি পেলালোঁ একেকোবে৷
লাহে-লাহে সেই বিশেষ চিন্তাটোৱে আমনি কৰিবলৈ ধৰিলে, পানী বেছিকৈ খালে যিটো চিন্তা হয়তো সকলোৰে হয়৷ অংক্লেশ্বৰৰ পৰা আহোঁতে বাটতে চাহ খাবলৈ বাছখন এঠাইত ৰৈছিল, আবেলি পাঁচমান বজাত৷ সেই কামফেৰা তেতিয়াই কৰা হৈছিল৷ তিনিঘন্টাৰো বেছি সময় হৈ গ’ল ৷ আকৌ সেই কামফেৰাৰ কথা মনলৈ আহিলেই যেনে-তেনে য’তে-ত’তে কামফেৰা সমাধা কৰাৰ প্ৰবল হাবিয়াস এটাই আমনি কৰে৷ প্ৰথমতে কাউন্টাৰৰ ভিতৰৰ পিনে চালো দূৰৰ পৰাই৷ ভিতৰত কিজানিবা যাত্ৰীসকলৰ সুবিধাৰ বাবে কিবা ব্যৱস্থা আছেই৷ নাই, একো চকুত নপৰিল৷ তাৰপাছত বাহিৰৰ চাৰিওপিনে তীক্ষ্ণভাবে পৰ্যবেক্ষণ কৰিলো৷ কিন্তু কোনো ধৰণৰ সুবিধা চকুত নপৰিল৷ এইবাৰ অলপ দূৰলৈ গৈ সুবিধাজনক ঠাইৰ অনুসন্ধান কৰিবলৈ বুলি খোজ ল’লো৷ কিন্তু সকলোপিনে কেৱল মানুহ আৰু মানুহ৷ সকলোৱে যেন ফুটপাথত বহি পহৰাহে দি আছে কোনেও যাতে সেই কামফেৰা কৰিব নোৱাৰে সৰু জোপোহা, ৰৈ থকা বাছ, গাড়ী বা আন্ধাৰৰ সুযোগ লৈ, এনে অনুভৱ হ’ল৷ সোঁফালে প্ৰায় পঞ্চাশমিটাৰমান আগবাঢ়ি গ’লো আৰু বিফল মনোৰথে উভতি আহি বিপৰীত দিশে গ’লো৷ কিন্তু একো লাভ নহ’ল৷ হতাশমনে উভতি আহি আকৌ আগৰ ঠাইত বহি পৰিলো৷
গুজৰাটৰ মানুহবোৰে সেই কামফেৰা বাৰু নকৰে নেকি? একেলগে প্ৰায় দহটামান বাছৰ কাউন্টাৰ আছে মই বহি থকা ঠাইখিনিত৷ প্ৰায় প্ৰতি দহ-পোন্ধৰ মিনিটৰ মূৰে মূৰে কিবা নহয় কিবা এখন বাছ গৈয়েই আছে৷ প্ৰায় বিশ-ত্ৰিশজনমান মানুহ অনবৰতে অপেক্ষাৰত অৱস্থাত থাকেই ঠাইখিনিত৷ কিন্তু যাত্ৰীসকলৰ বাবে ন্যূনতম সুবিধাখিনিৰ কথাও কোনেও নাভাবেনে? চিন্তা কৰি কৰি বহি থাকিলো৷
দহ বাজিল৷ চাৰে দহ বাজিল৷ বাছ আহিছে গৈছে; আমাৰখনহে নাহে৷  ইফালে কামফেৰা নকৰাকৈ থাকিব পৰাটো প্ৰায় অসম্ভৱ যেন হৈ আহিছে৷ বাছখন আহিলে অলপ দূৰ যোৱাৰ পাছত দ্ৰাইভাৰক কৈ সুবিধাজনক ঠাইত ৰখাব পৰা যাব৷ তাৰেই আশাত নিজকে কোনোমতে নিয়ন্ত্ৰণ কৰি ৰাখিছো৷
মোৰ সম্মুখত, ফুটপাথত থিয় হৈ বাছৰ বাবে অপেক্ষা কৰি আছিল পৰিয়াল এটা, মাক , দেউতাক আৰু প্ৰায় দহ-বাৰবছৰীয়া ছোৱালী এজনী৷ হঠাতে দেউতাকে মাকক অলপ দূৰলৈ লৈ গ’ল আৰু জীয়েকে দূৰৰ পৰাই চাই থাকিল৷ তাৰপাছত দেউতাক উভতি আহিল আৰু ছোৱালীজনী মাকৰ ওচৰ পালেগৈ৷ দূৰৰ পৰা মাক-জীয়েকক লক্ষ্য কৰি বুজিলো তেখেতসকলেও মোৰ দৰেই সুবিধাজনক ঠাইৰ অনুসন্ধান কৰিছেগৈ৷ মইও আশাৰে বাট চালো, তেখেতসকল সফল হ’লে মইও সেইপিনেই আগবাঢ়িম৷
কিন্তু তেখেতসকল অলপসময় থিয় হৈ থাকি আকৌ উভতি আহিল৷ বিফলতাৰ চিন সুস্পষ্ট মুখ-মণ্ডলত৷ এইবাৰ অলপ খং উঠি আহিবলৈ ধৰিলে৷ সৰ্বসাধাৰণ মানুহৰ এই অসুবিধাখিনি দূৰ কৰাৰ বাবে কাৰো চিন্তা নাইনে? কাৰো দায়িত্ব নাইনে? পুৰুষে বাৰু যেনে-তেনে , লাজ-মান কাটি কৰিও কিবা এটা কৰি ল’ব পাৰে; কিন্তু মহিলাসকলে?
তেনেদৰে আৰু এঘন্টা পাৰ হৈ গ’ল৷ প্ৰায় চাৰে এঘাৰ বজাত বাছখন আহি পালে৷ স্বস্তিৰ নিশ্বাস পেলাই নিজৰ আসনত উঠিলোঁগৈ৷
অলপ পাছতে কোনোবাই দ্ৰাইভাৰক কোৱা কাণত পৰিল,
“বাথৰুম কৰনা থা, গাড়ী ৰোক দিজিয়েগা…”
বাছৰ বাবে অপেক্ষা কৰি থকা সকলোবোৰ লোকৰেই মনৰ কথাখিনি সেই মানুহজনে কৈ পেলালে৷ আমি আশাৰে বাট চালো৷ প্ৰায় আধাঘন্টামান পাছত দ্ৰাইভাৰে অনুগ্ৰহ কৰিলে৷ চৰকাৰী বাছ আস্থান এটাৰ ওচৰত বাছখন ৰাখিলে৷ প্ৰায় সকলো নামি পৰিল বাছৰ পৰা ৷
অলপ পাছত সকলো উভতি আহিল বাছলৈ৷ কি পৰম শান্তিৰ অভিব্যক্তি প্ৰত্যেকৰে মুখত৷
বাছ চলিবলৈ ধৰিলে৷ আমিও নিদ্ৰাদেৱীৰ কোলাত নিজকে সঁপি দিয়াৰ প্ৰচেষ্টা চলালোঁ৷


No comments:

Post a Comment