At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 17 December 2014

এটি বানান আৰু সন্মান..

এটি বানান আৰু সন্মান..

জীৱনত বহুজনকেই পালো শিক্ষক হিচাবে৷ নগাঁৱৰ ওচৰৰ শেনচোৱাৰ নামৰ ঠাইত শিক্ষাজীৱন আৰম্ভ কৰি, ক্ৰমে তিতাবৰ, শ্বিলং, বৰপেটা, গুৱাহাটী, চেন্নাই হৈ দিল্লীত মোৰ আনুষ্ঠানিক শিক্ষাজীৱনৰ সমাপ্তি ঘটে৷ বিভিন্ন ঠাইৰ বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহত লগপোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰায় সকলোকে মনত পৰে এতিয়াও৷কিন্তু সেইসকলৰ মাজৰে কিছুমানৰ কথা বেছিকৈ মনলৈ আহে কিছুমান বিশেষ ঘটনাৰ বাবে৷ তেনে এগৰাকী শিক্ষক আছিল বৰপেটা বিদ্যাপীঠৰ তৰণীসেন দাসছাৰ৷ গোটেই স্কুলখনেই বিশেষভাবে সন্মান কৰিছিল তেখেতক৷ ইংৰাজী বিষয়ত তেখেতৰ আছিল অগাধ জ্ঞান৷ সুন্দৰ গীতো পৰিবেশন কৰিছিল৷ এবাৰ স্কুলৰ এক বিশেষ অনুষ্ঠানত তেখেতে নিজে হাৰমনিয়াম বজাই পৰিৱেশন কৰা ভূপেন হাজৰিকাৰ “মোৰ একেটি সুৰত বাঁহীটি বন্ধা” গানটো এতিয়াও কাণত বাজি থাকে৷ মুঠতে তেখেত আছিল বহুমুখী প্ৰতিভাৰ ভঁড়ালস্বৰূপ৷ তেখেতৰ ডাঙৰ-ডাঙৰ, ৰঙা-ৰঙা চকুলৈ চাই কথা ক’বলৈ কিন্তু কোনো ছাত্ৰৰেই সাহস নাছিল৷

১৯৭১ চন৷ তেতিয়া মই ষষ্ঠ শ্ৰেণীত৷ অসমীয়া শ্ৰুতলিপিৰ পিৰিয়ড৷ শ্ৰেণীলৈ আহিল তৰণীসেন দাসছাৰ৷ সকলো ভয়ত নিমাত৷ ছাৰে শ্ৰুতলিপি দিলে৷ আমি লিখিলো৷ ছাৰে এখন এখনকৈ বহী পৰীক্ষা কৰিলে৷ মোৰ বহীত এটা বানান ভুল পালে৷ বানানটো আছিল “অটল” , ছাৰে কাটি দি ক’লে যে সেইটো হ’ব লাগে “অতল” ৷ মই সাহ কৰি আপত্তি কৰি ক’লো, “ছাৰ মই ইমানদিনে ‘অটল’ বুলিহে পাই আহিছো ৷” ছাৰে একো নক’লে৷ যথাসময়ত পিৰিয়ড শেষ হ’ল৷ ছাৰ গ’লগৈ৷ দুপৰীয়াৰ বিৰতিৰ পাছত আকৌ পাঠদান আৰম্ভ হ’ল৷ আমাৰ শ্ৰেণীলৈ পিয়ন এজন আহি পাঠদান কৰি থকা শিক্ষকগৰাকীক ক’লে তৰণীছাৰে মোক মতা বুলি৷ মই ভয়ে ভয়ে বাহিৰ ওলালো৷ ছাৰৰ লগত তৰ্ক কৰা বুলি ভাবি ছাৰে বেয়া পালে নেকি বাৰু? ভাবি ভয় লাগিল৷ বাহিৰ ওলাই দূৰৰ পৰাই দেখিলো ছাৰ অফিচলৈ উঠি যোৱা চিৰিৰ কাষত ৰৈ আছে৷ মই চুচুক-চামাককৈ ছাৰৰ ওচৰ পালোঁগৈ৷ চাওঁ-নাচাওঁকৈ তেখেতৰ বাঘৰ নিচিনা ভয়ানক চকুদুটাৰ পিনে চালো৷ 
একো পাতনি নেমেলি ছাৰে মোলৈ চাই ক’লে,
“মই অভিধানত চালোঁ৷ অতল আৰু অটল দুয়োটা বানানেই আছে৷ তোৰ ভুল হোৱা নাছিল যা৷”
মই একো নকৈ শ্ৰেণীকোঁঠাৰ পিনে খোজ ল’লো৷ কিন্তু ছাৰৰ প্ৰতি মোৰ শ্ৰদ্ধা-ভক্তি সহস্ৰগুণে বাঢ়ি গ’ল৷


No comments:

Post a Comment