At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 26 December 2014

পূৰ্বাশঙ্কা... বিপদৰ আগজাননী

পূৰ্বাশঙ্কা.. বিপদৰ আগজাননী

ইংৰাজীত কয় প্ৰিমনিচন বুলি৷ কিবা এটা ঘটনা ঘটিব বুলি কিছুমানলোকে আগতেই কিবা এটা গম পোৱা পৰিঘটনাটোকে পূৰ্বাশঙ্কা বুলি ক’ব পাৰি৷ এই বিষয়ে পঢ়ি আহিছিলো যদিও নিজৰ ক্ষেত্ৰতোযে কেতিয়াবা তেনে ঘটিব ভাবিবই পৰা নাছিলো৷ এবাৰ নহয়, দুবাৰ নহয়, কেবাবাৰো ঘটিছে মোৰ জীৱনত এনে ঘটনা৷

১৯৯০ চন৷ মোৰ ডাঙৰ ল’ৰাটোৰ জন্ম হোৱা কেইমাহমান হৈছে মাথোন৷ সি কোনোমতে থৰক-বৰকৈ বহিব পাৰে৷ এদিন ৰাতি ভাতখোৱাৰ আগে-আগে টেবুলত বহি পঢ়ি আছো৷ কাষৰ কোঠাৰ বিচনাতে পৰি শ্ৰীমতীয়ে আলোচনী এখন মেলি লৈছে৷ কাষতে বিচনাত বহি ল’ৰাটোৱে মোৰ পিনে চাই আছে৷ মইও তাৰপিনে চাই আছো৷ হঠাতে মনলৈ ভাব আহিল সি বিচনাৰ পৰা পৰিব পাৰে৷ মই শ্ৰীমতীক সাবধান কৰি দিয়াৰ আগতেই চকুৰ পচাৰতে মোৰ চকুৰ আগতে সি বিচনাৰ পৰা মূৰ তল কৰি মজিয়াত বাগৰি পৰিল৷

তাৰ কেইমাহমান পিছৰ কথা৷ বঙাইগাঁৱত থকা ডাঙৰ দাদাৰ ঘৰলৈ গৈছো৷ ঘৰটো নতুনকৈ সাজিছে মাথোন৷ বাগেশ্বৰী মন্দিৰৰ কাষেৰে পাৰ হৈ কিছুদূৰ আগবাঢ়ি যাব লাগে৷ নতুনকৈ ঘৰ-বাৰী সাজি আশে-পাশে দুই এঘৰ মানুহ বহিব ধৰিছে৷ দুপৰীয়া ভাত খাই শ্ৰীমতী আৰু কেচুৱা ল’ৰাটো দাদাৰ ঘৰতে থৈ মই অকলে গুৱাহাটীলৈ বুলি ওলাই আহিলো দুইবজাৰ বাছ ধৰিবলৈ৷ আলিবাটৰ পৰা দাদাৰ ঘৰটোলৈ চাই ভাবিলো,
“ঘৰটো বৰ সুবিধাজনক ঠাইত নহয়৷ অতি নিৰ্জন ঠাই৷ ডকাইতি হোৱাৰ ভয় আছে৷” মনত কিবা এটা অজান আশঙ্কা জাগি উঠিল৷
সেইদিনাই ৰাতি দাদাৰ ঘৰলৈ ডকাইত আহিল৷ দাদাহঁতে দুৱাৰ নুখুলিলে৷ হুলস্থূল শুনি কাষৰ অত্যুৎসাহী মানুহ এজন খেদা মাৰি অহাত যেনিবা ডকাইতে বিশেষ একো কৰিব নোৱাৰিলে৷

কিছুদিন পাছৰ কথা৷ জালুকবাৰীৰ পৰা বাছেৰে পাণবজাৰৰ পিনে গৈ আছো৷ ভৰলু থানাৰ সন্মুখত দুৰ্ঘটনাগ্ৰস্ত হোৱা মাৰুতী-৮০০ গাড়ী এখন দেখিলো৷ মটীয়া ৰঙৰ৷ হঠাতে মোৰ সৰু দাদালৈ মনত পৰিল৷  দাদাৰো একেই গাড়ী, ৰঙো একে৷ মনত আশংকা জাগিল: সৰু দাদাৰ কিবা হ’ব পাৰে৷ বেছিদিন বাট চাবলগা নহ’লেই৷ খবৰ পালো, দাদা  একেলগে কাম কৰা মানুহতিনিজনৰ লগত  ৰাতি বিয়া খাই গুৱাহাটীৰ পৰা বঙাইগাঁওলৈ গাড়ীৰে গৈ থাকোঁতে বাইহাটা চাৰিআলিৰ ওচৰত এখন ট্ৰাকৰ লগত মুখা-মুখি সংঘৰ্ষ হয়৷ দাদা দ্ৰাইভাৰৰ কাষৰ চীটতে বহি আছিল৷ শেষ মুহূৰ্তত তেওঁ গাড়ীৰ ষ্টিয়াৰিং আনফালে ঘূৰাই দিয়া বুলিহে কোনোমতে জীৱন ৰক্ষা পৰিল৷ অৱশ্যে কপালখন ভালদৰেই কাট খালে৷


তাৰপিছৰ পৰা মোৰ একো ভাবিবলৈকে ভয় লগা হ’ল৷ কিন্তু আজি কিছুদিন আগতে এনে এটা ঘটনা ঘটি গ’ল যে মোক ভালদৰেই জোকাৰণি দি গ’ল৷ ঘটনাটো ৰাজহুৱা নকৰাই ভাল কিন্তু এই পূৰ্বাশঙ্কা নামৰ আচৰিত পৰিঘটনাটোৱে মোৰযে সহজে লগ নেৰে সেইকথা বুজি পালো৷ 

No comments:

Post a Comment