At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 3 December 2014

মোৰ উৰণ আৰু পতন

মোৰ উৰণ আৰু পতন..

১৯৬৮ চনৰ কথা৷ তেতিয়া আমি থাকো শ্বিলঙত৷ মই তৃতীয় শ্ৰেণীত৷ আমি লৌচথন বুলি সৰু ঠাইএখনত থকা চৰকাৰী ৰেচম পামত থাকোঁ৷ লাবান, বিষ্ণুপুৰৰ পৰা অলপ আগুৱাই যাব লাগে৷

পামত আমি পাঁচঘৰমান অসমীয়া মানুহ আছিলো৷ পামত আৰু পামৰ আশে-পাশে থকা নেপালী, খাচীয়া আদি ল'ৰা-ছোৱালীকিছুমান লগ হৈ আমি বিভিন্ন ধৰণৰ খেল খেলিছিলো, কেতিয়াবা একো কৰিবলৈ নাথাকিলে পাহাৰে-পাহাৰে টিঘিল-ঘিলাই ফুৰিছিলো৷ সৰল গছবোৰৰ গাত সৰু এটা ঘাপ কাটি ঘাপটোৰ তলতে সৰু টেমা এটা ওলোমাই থোৱা থাকে৷ তাতে গছডালৰ ৰস আহি জমা হয়৷ সেইবোৰ সময়ে-সময়ে সংগ্ৰহ কৰি লৈ যোৱা হয় আৰু তাৰ পৰা তাৰ্পিন তেল বনায় বুলি শুনিছিলো৷ মাজে-মাজে আমি সেই সৰু টেমাবোৰৰ পৰা ৰস গোটাই-গোটাই ঘৰলৈ লৈ আনিছিলো৷ জুইত ঢালি দিলে দপদপাই জ্বলে৷ তাতেই আমাৰ আনন্দ৷

লাহে-লাহে আমাৰ সাহসো বাঢ়ি গৈছিল৷ এদিন আবেলি সময়ত আমি দলে-বলে পাহাৰৰ ওপৰলৈ উঠি গৈ থাকিলো৷ কোনো বিশেষ উদ্দেশ্য নাছিল৷ এনেই উঠি গৈছিলো৷ দলটোত আমি দহজনমান আছিলো৷ লগত মোৰ দাদাদুজনো আছিল৷আমাৰ প্ৰত্যেকৰে হাতে-হাতে একোডাল লাখুটি৷ লাখুটি মানে কাটি লোৱা সৰু সছ একোডাল৷ থিয় পাহাৰ বগাবলৈ তেনেকুৱা লাখুটি এডাল নহলেই নহয়৷ আমি শ্বিলঙত  নতুন আছিলো৷ নেপালী, খাচীয়া লগৰীয়াবোৰেই আমাক কথাবোৰ শিকাইছিল৷ তেনেদৰে কিমান ওপৰলৈ উঠিলো মনত নাই৷ লাহে-লাহে বেলি ডুব যাবৰ উপক্ৰম হ'ল৷ আমিও তললৈ নামি অহাৰ সিদ্ধান্ত ল'লো৷

পাহাৰৰ ওপৰলৈ উঠাতকৈ নামি অহাটো বেছি টান৷ হাতৰ লাখুটিডালেৰে খোপনি লৈ লৈ নামিব লাগে৷ আমাক সাবধানে নামিবলৈ অভিজ্ঞ লগৰীয়াকেইজনে উপদেশ দিলে৷ আমিও লাহে-লাহে এখোজ-দুখোজকৈ তললৈ নামিবলৈ ধৰিলে৷

হঠাতে আমাৰ লগত থকা খাচীয়া ল'ৰা এটাই হাতত  লাখুটি নোলোৱাকৈয়ে বিশেষ কৌশলেৰে জপিয়াই জপিয়াই তললৈ নামি যাব ধৰিলে৷ ল'ৰাটো ইমান অনায়াসে তললৈ দৌৰি যোৱা দেখি মইও হাতৰ লাখুটি এৰি দিলো দৌৰ তলমুখে৷ পিছৰ পৰা চিঞৰি কোনোবা এজনে বাধা দিছিল যদিও মন নকৰিলো৷ লাহে-লাহে মোৰ গতিবেগ বাঢ়ি গ'ল৷ তাৰপাছত এনে লাগিল যেন আকাশেৰে উৰিহে আছো৷ মূৰে কাম নকৰা হ'ল৷ চকুৰে জলক-তবক দেখিলো৷ তেনেদৰে উৰি গৈ প্ৰচণ্ড বেগত এঠাইত বাগৰি পৰিলো৷ দুবাৰমান বাগৰি মাটিত পৰি থকা গছ এডালৰ গাত লাগি ৰৈ গ'লো৷ কিছুসময় পাছত সম্বিত ঘুৰাই পালো৷ তেনেদৰে কিছুসময় পৰি থাকিলো৷ ইতিমধ্যে দাদাহঁতো ওপৰৰ পৰা আহি ওচৰ পালে৷ সকলোবোৰ আহি মোক ঘেৰি ধৰিলেহি৷ লাহে-লাহে থিয় দিলো৷ গালৰ এফালে অলপ আঁচোৰ লাগিছিল৷ এটা ওঁঠ ফাটি তেজ ওলাইছিল৷ তাৰবাহিৰে বিশেষ আঘাট নাপালো৷ মাটিত পৰিথকা সেই গছডালে বাধা দি নৰখোৱাহ'লে হয়তো বাগৰি বাগৰি আৰু অধিক তললৈ গ'লোহেতেন৷

সকলোৱে মোক আগুৰি ধৰি দুখ পাইছোনেকি চালে৷ লাজতে মই একোহোৱা নাই বুলি কৈ যিমান পাৰো সহজ হ'বলৈ চেষ্টা কৰি আকৌ লাহে-লাহে তললৈ খোজ ল'ব ধৰিলো৷ এইবাৰ পিছে হাতত লাখুটি লৈ সাবধানে নামিলো৷ তললৈ আহি এঠাই্ত ভালদৰে মুখ ধুলো আৰু কিছুসময় পাছত দাদাহঁতৰ লগত অতি নিমাখিত প্ৰাণীৰ দৰে ঘৰত প্ৰৱেশ কৰিলো৷ ইতিমধ্যে ওঁঠৰ পৰা তেজ ওলোৱা বন্ধও হৈছিল৷ ঘৰত কথাটো গমেই নাপালে৷

No comments:

Post a Comment