At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 24 March 2014

মোৰ প্ৰথম আৰু শেষ বৰগীত .. কীৰ্তনঘৰত



মোৰ প্ৰথম আৰু শেষ বৰগীত .. কীৰ্তনঘৰত

সৰুৰে পৰা বৰগীত শুনি শুনি ডাঙৰ হৈছিলো৷ সন্ধিয়া মাৰ লগত প্ৰাৰ্থনা কৰিছিলো বৰগীত গাই গাই ৷ ১৯৬৯ চনত বৰপেটালৈ অহাৰ পাছতহে বৰগীতৰ সূক্ষ্ম দিশবোৰৰ সৈতে পৰিচয় ঘটে৷
তেতিয়া মই বৰপেটা বিদ্যাপীঠৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ৷ বৰপেটালৈ অহা কিছুদিন হৈছেহে মাত্ৰ৷ কোনোবা এজনে খবৰ দিলে বৰপেটা চৰকাৰী উচ্চতৰ হাইস্কুলত এটা মইনা পাৰিজাত আৰম্ভ কৰা হৈছে বুলি ৷ দুজনমান উৎসাহী বন্ধুৰ সৈতে মইনা পাৰিজাতত যোগ দিলোঁগৈ৷ প্ৰথম দিনাই আমাক এটা বৰগীত শিকোৱা হ’ল৷
“গোকুল চলৰে মুৰাৰু ৰে….”
শিকাবলৈ আহিছিল বিখ্যাত বৰগীত গায়ক নৰেন দাস৷
এমাহমান পাছতে খবৰ পালোঁ দক্ষিণহাটীৰ জীৱনলতা ছোৱালী হাইস্কুলত অসম কেশৰী মইনা পাৰিজাত নামেৰে আন এটা মইনা পাৰিজাত আৰম্ভ হ’ব ধৰা কথাটো৷ মোৰ ঘৰৰ ওচৰ হোৱা বাবে আৰু লগ-সমনীয়া সেইপিনে বেছি থকা বাবে তালৈকে গ’লোঁগৈ৷
অসম কেশৰী মইনা পাৰিজাতত আমাক নিয়মিত ভাবে বৰগীত শিকাবলৈ আহিছিল বৰপেটা কীৰ্তন ঘৰৰ কেৱলীয়া ভকত এজন৷
“আৰে চিন্তিত গোপিনী পেখিয়ে নৈৰাশ..” আছিল আমাক শিকোৱা প্ৰথমটো বৰগীত৷
বৰগীতৰ তাল বেলেগ-বেলেগ বুলি আৰু তালবোৰ আমি সচৰাচৰ শুনি থকা আধুনিক গীত , লোকগীত আদিৰ তালতকৈযে অলপ বেলেগ সেই কথা বুজি পালো৷ এটা চক্ৰত তালটো ঘূৰি থাকে৷ এবাৰ এৰিলে আকৌ ঠিক ঠাইত ধৰিব নোৱাৰিলে তালটো ওলট-পালট হৈ যায়৷ সেইবাবে গোৱাৰ সময়ত হাতেৰে তাল দি থকা হয়৷ সেই সকলো কথা ভালদৰে আয়ত্ব কৰিবলৈ ধৰিছিলো ৷ কেৱলীয়া ভকত গৰাকীৰ মই এজন প্ৰিয় ছাত্ৰ হৈ পৰিছিলো অতি কম সময়ৰ ভিতৰতে৷ মাজে-মাজে তেখেতে মিলন মন্দিৰত চলোৱা পাঠদানতো যোগদান কৰিছিলোঁগৈ আৰু বৰগীতৰ লগতে কৃষ্ণ নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য আদিও শিকিছিলো৷
সেইসময়ৰে কথা৷ তেতিয়া বোধকৰো মই ষষ্ঠ শ্ৰেণীত ৷ এদিন সন্ধিয়া কিবা কাৰণত দক্ষিণহাটীৰ পিনে গৈছিলো৷ কীৰ্তনঘৰত কিবা এখন ডাঙৰ অনুষ্ঠান চলি আছিল৷ চাবলৈ বুলি ভিতৰ সোমালো আৰু মঞ্চৰ কাষ পালোঁগৈ৷ মোক দেখি মোৰ গুৰু কেৱলীয়া ভকত গৰাকীয়ে কাষলৈ মাতি ক’লে,
“তই বৰগীত এটা গাব লাগিব৷”
মই ভয় খাই অলপ আপত্তি কৰি ক’লো,
: নাই, মই মানসিক ভাবে সাজু হৈ নাই অহা, নাগাওঁ৷
তেখেতে জোৰ দি ক’লে৷ “তই সদায় গাই আছ নহয়৷ কোনো ৰিহাৰ্চেল নালাগে৷ গাব লাগিব৷ “
মইও মান্তি হ’লো৷ আগতে তেনেকুৱা কোনো অনুষ্ঠানত বৰগীত বা আন একো গান গাই পোৱা নাই বুলি ক’ব লাগিব৷ কীৰ্তন ঘৰৰ চৌহদত আয়োজিত তেনে ডাঙৰ অনুষ্ঠানত বৰগীত গাবলৈ পোৱাটো সৌভাগ্যৰ কথা বুলি ভাবিলো৷
সময় চমু চাপি আহিল৷ মোৰ বুকুখনে পিছে ধান বানিবলৈ ধৰিলে৷ যিমান পাৰো নিজকে সুস্থিৰ কৰিবলৈ প্ৰচেষ্টা চলাই থাকিলো৷
অৱশেষত মোৰ নামটো ঘোষণা কৰি দিয়া হ’ল৷ ভয়ে-ভয়ে মঞ্চত প্ৰৱেশ কৰিলো৷ চাওঁ-নাচাওঁকৈ সম্মুখলৈ চাই পঠিয়ালোঁ৷ একেবাৰে সম্মুখত , মাটিত পাৰি দিয়া বিশেষ আসনত বহি আছিল বুঢ়া সত্ৰাধিকাৰ মহোদয়৷ তেখেতৰ পিনে চালো৷ চকুৱে চকুৱে পৰিল৷ বুকুৰ ভিতৰত কলিজাটোৱে প্ৰচণ্ড জোৰেৰে ধপ-ধপাবলৈ ধৰিলে৷ কাণ-মূৰ গৰম হৈ আহিবলৈ ধৰিলে৷
ভয়ে-ভয়ে আৰম্ভ কৰিলোঁ মোৰ বৰগীত.. মাধৱদেৱ বিৰচিত বৰগীত এটি৷ লগত কোনে খোল সঙ্গত কৰিছিল মনত নাই৷ তাল নিজেই হাতত লৈছিলো৷ কিন্তু এফাকি কোনোমতে গোৱাৰ পাছত ডিঙি শুকাই আহিল৷ বাৰে-বাৰে ঢোক গিলিবলৈ ধৰিলো৷ ক’ৰ তাল ক’লৈ গ’ল হিচাব নাই৷ সম্মুখত বহি মোৰ পিনে একান্তমনে চাই থকা মানুহবোৰলৈ যিমানেই চাওঁ সিমানেই অধিক ঢোক গিলোঁ৷ তেনেদৰে কোনোমতে ঘামি-জামি বৰগীতটো সামৰি মঞ্চৰ পৰা নামি আহিলো৷
কেৱলীয়া ভকতজন মোৰ পিনে আগবাঢ়ি আহিল৷ মই লাজ-লাজকৈ তেখেতৰ পিনে চালো৷ তেখেতে মোলৈ চাই গালি পৰাৰ দৰেই ক’লে,
“ধেৎ….”
মাথোন সিমানেই৷ তাৰ মাজেৰেই ক’বলগা সকলোখিনি কৈ দিলে তেখেতে৷ মই একো উত্তৰ নিদিলো৷ তাৰপাছত তলমূৰকৈ আঁতৰি আহি আন্ধাৰৰ আঁৰ লৈ ঘৰ পালোঁহি৷
সেয়াই আছিল বৰপেটা কীৰ্তন ঘৰত মোৰ প্ৰথম আৰু শেষ বৰগীত৷

Wednesday 19 March 2014

দুৰ্গন্ধময় তলা…



দুৰ্গন্ধময় তলা…
সকলো ঠাইৰে ভাল-বেয়া, তিতা-মিঠা অভিজ্ঞতা থাকে৷ কেতিয়াবা বেয়া অভিজ্ঞতাবোৰহে মনত ৰৈ যায়৷ বৰপেটা বিদ্যাপীঠত পঢ়া দিনবোৰৰ কথা মনত পেলালেও তেনে দুই-এটা ঘটনা মনত নপৰা নহয়৷
বোধকৰো ১৯৬৯ বা ১৯৭০ চনৰ কথা৷
আনদিনাখনৰ দৰে সময়মতে স্কুল পালোঁগৈ৷ স্কুলৰ গেট পায়েই পৰিৱেশটো বেলেগ বেলেগ যেন দেখিলো৷ সকলোবোৰ ছাত্ৰ বাহিৰত থিয় দি আছে হাতে-হাতে কিতাপবোৰ লৈ৷ কোনো এটা শ্ৰেণীকোঠাই খোলা নাই৷ ভাবিলো কিবা কাৰণত চকীদাৰ আহি পোৱা নাই কিজানি৷
ইফালে বাহিৰত থিয় হৈ ল’ৰাবিলাকে চিঞৰ-বাখৰ কৰি আছে৷
ভালদৰে মন কৰি দেখিলো চকীদাৰজন আছে৷ হাতত স্কুলৰ শ্ৰেণীকোঠা খোলাৰ বাবে চাবিকোচাও আছে৷ তেনেহলে কোঠাবোৰ কিয় খোলা নাই?
লাহে-লাহে কথাটো দেখি-শুনি বুজি পালো৷ ঘিণ লগাত নাক কোঁচালো৷
কোনোবা দুষ্কৃতিকাৰীয়ে স্কুলৰ প্ৰতিটো কোঠাৰ, প্ৰতিটো তলাত মানুহৰ বিষ্ঠা সানি থৈ দিছিল ৷
গতিকে তলাবোৰ পানী মাৰি মাৰি পৰিষ্কাৰ কৰি নোধোৱালৈকে খোলাৰ প্ৰশ্নই নুঠে৷ সেই কামটো কৰিবলৈও ভালেখিনি সময়ৰ প্ৰয়োজন৷
আমাক ছুটি দিলেই ভাল পালোঁতেহেন যদিও তেনে নহ’ল৷ প্ৰায় এঘন্টামান পাছত দুৱাৰবোৰ খোলা হ’ল৷ আমিও নাক-মুখ বিকটাই কোঠাত প্ৰবেশ কৰিলো৷
শিক্ষক আহিল৷
ৰসিক শিক্ষক গৰাকীয়ে মন্তব্য কৰিলে,
“যিজন মহাপুৰুষে এই কামটো কৰিছিল, তেওঁ বাৰু কেনেদৰে কামটো কৰিছিল? হাতত বিষ্ঠা লৈ তলাবোৰত প্ৰলেপ লগাই ফুৰিছিল নে উৰি উৰি বিষ্ঠা ত্যাগ কৰা কাম ফেৰা কৰি ফুৰিছিল?”
কথাষাৰত আমিও যথেষ্ট ৰস পালো৷
কিন্তু কি কাৰণতনো সেই ব্যক্তিজনে কামফেৰা কৰিছিল সেই কথাটোহে বুজি নাপালো৷

Saturday 15 March 2014

বৰপেটাত প্ৰথম হোলী.. কিয় অবাটে গ’লি?



বৰপেটাত প্ৰথম হোলী.. কিয় অবাটে গ’লি?

দেউতাৰ মৃত্যুৰ পাছত ১৯৬৯ চনৰ ফেব্ৰুৱাৰী মাহত আমি বৰপেটালৈ আহোঁ৷ কীৰ্তনঘৰৰ একেবাৰে ওচৰতে থকা দলাহাটীত ভাড়াঘৰ এটা লৈ মা আৰু আমি পাঁচজন ভাই-ককাই থাকিবলৈ লওঁ৷ কীৰ্তনঘৰৰ সিটো পাৰে দক্ষিণহাটীত মামাহঁতৰ ঘৰ৷ 

কিছুদিন পাছতে আহিল হোলী৷ আমাৰ বাবে একেবাৰে নতুন অভিজ্ঞতা৷ আগতে কেতিয়াও দেখা নাছিলো৷ দিনৰ দিনটো কীৰ্তনঘৰৰ চৌহদ বা আশা-পাশে কটাওঁ৷ সকলো অনুষ্ঠান হেঁপাহ পলুৱাই চাওঁ৷ কীৰ্তন ঘৰলৈ অহা কিছুমান সম্বন্ধীয় মানুহে আমাৰ ঘৰতো দেখা এটা দি যায়৷ নিমকি, ভুজিয়া, সন্দেশ, চানাৰ খুৰমা , গন্ধৰ লাড়ু আদি ভিন ভিন মিঠাই-খোৱা বস্তু আদিৰে ঘৰ ভৰি পৰে৷ লগৰীয়াৰ লগত বহি হোলীগীত গাবলৈও শিকিলো কম সময়ৰ ভিতৰতে৷ 

হোলীৰ শেষৰ দিনটো হৈছে সুৱেৰি বা ফাকুৱা৷ সেইদিনা কলীয়া গোঁসাইক কীৰ্তন ঘৰৰ পৰা শোভাযাত্ৰা কৰি উলিয়াই লৈ যোৱা হয় দক্ষিণহাটীৰে নসত্ৰৰ পিনে৷ সেইদিনা সকলো ৰঙীণ হৈ পৰে৷ সেইদিনা ৰাতিপুৱাতে আমি দক্ষিণহাটীত থকা মামাৰ ঘৰ পালোঁগৈ শোভাযাত্ৰা চাবলৈ বুলি৷ সকলোৱে মনৰ আনন্দত ৰং খেলি মতলীয়া হৈ পৰিছো৷ কিছু সময় পাছত ঘৰৰ আগেৰে শোভাযাত্ৰাও পাৰ হৈ গ’ল৷ হেঁচা-ঠেলা কৰি সকলোৱে শোভাযাত্ৰা চালো৷ লাহে-লাহে ভাগৰো লাগি আহিল, ভোকো লাগি আহিল৷ 

হঠাতে কিবা এটা হুলস্থূল যেন শুনিলো৷ অলপ মন কৰি গম পালো আমাৰ মাই আমাক, ভাই-ককাই পাঁচজনক মাতিছে আৰু বৌয়েক অৰ্থাৎ আমাৰ মামীক কৈছে,
“ এইবিলাক দেখুৱাবলৈ মই মোৰ ল’ৰা কেইটাক ইয়ালৈ নাই অনা, আমি যাওঁ…”
কথাটোনো কি সুধিবলৈ সাহস নহ’ল যদিও বুজি পালো যে মনৰ আনন্দত সেইদিনা কিছুমানে সুৰাপান কৰি মতলীয়া হৈ এটা অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰি তুলিছিল চাৰিওফালে আৰু তেনেকুৱা এটা পৰিৱেশ আমি জীৱনত প্ৰথমবাৰৰ বাবে দেখিবলৈ পাইছিলো৷ সেইটো মাৰ কোনোমতে সহ্য হোৱা নাছিল আৰু আমাক পাচোঁটাকে প্ৰায় টানি অনাৰ দৰে সেই ঠাইৰ পৰা লৈ আহিছিল৷

দক্ষিণহাটীৰ পৰা কীৰ্তনঘৰৰ সম্মুখেৰে দলাহাটীলৈ পোনে পোনে গ’লে পাঁচ মিনিটমানতে ঘৰ পোৱা যায় যদিও আমি কীৰ্তনঘৰৰ সম্মুখৰ ভিৰ এৰাই বেলেগ বাটেৰে যাবলৈকে ভাল পালোঁ৷

মাই ক’লে, “ আমি কেতেকীবাৰী হৈ যাওঁ ব’ল৷”

বৰপেটালৈ অহা আমাৰ বেছিদিন হোৱা নাই, বাট-পথ ভালদৰে চিনি নাপাওঁ৷ মাই আমাক বাট দেখুৱাই নিব বুলি আশা কৰি আমি পিছে পিছে খোজ ল’লো৷ দক্ষিণহাটীৰ পৰা দহাটীৰ বাটেৰে আমি আগবাঢ়িলো৷ ভালেমান সময় সেইবাটেৰে গৈ থাকিলো কিন্তু কেতেকীবাৰী নাপাওঁ হে নাপাওঁ৷ কিছুসময় পাছত সম্মুখত এটা ঘাইপথ দেখিলোঁ৷ (মন্দিয়ালৈ যোৱা বাটটো) দাদা-মাহঁতে কিবা কোৱাৰ আগতেই মই ক’লো,
“চিনি পাইছো ৰাস্তাটো৷ বাওঁফালে ঘূৰ৷”

মোৰ কথাকে মানি সকলোৱে সেই ৰাস্তাত উঠি বাওঁফালে ঘূৰিলো আৰু খোজকাঢ়ি আগুৱাই থাকিলো৷ যিমানেই আগবাঢ়ি যাওঁ সিমানেই জন-বসতি কমি যায়, চাৰিওফালে কেৱল খোলা পথাৰহে দেখিবলৈ ধৰিলো৷ কিছুদূৰ তেনেদৰে যোৱাৰ পাছত মাই মাত লগালে, “এইটো ৰাস্তা নহয় যেন লাগিলে৷”

আমাৰো সন্দেহ হৈছিল যদিও যাওঁ-নাযাওঁকৈ আগবাঢ়ি গৈ থাকিলো৷ তেতিয়া আবেলি দুই মান বাজিছে৷ হঠাতে চকুত পৰিল ল’ৰা এজনে সম্মুখৰ পৰা গৰু এটা লৈ আাহি আছে৷ ওচৰ চাপি অহাত চিনি পালো৷ বৰপেটা বিদ্যাপীঠত মোৰ লগত একেলগে পঢ়ে চতুৰ্থ শ্ৰেণীত৷ আমাক দেখি আচৰিত হৈ সি সুধিলে,
“কিয়ে, ক’ত যা?”
“ঘৰত যাওঁ..”, মই উত্তৰ দিলো৷
“ঘৰ? ক’ৰ ঘৰ?” সি আচৰিত হৈ সুধিলে৷
আমি দলাহাটী বুলি উত্তৰ দিয়াত সি হাঁহি হাঁহি ক’লে সেইটো দলাহাটীলে যোৱা ৰাস্তা নহয় বুলি আৰু আমাক কেনেদৰে যাব লাগিব ভালদৰে বুজাই দিলে৷
আমিও তাৰ কথামতে উভতি খোজ ল’লো৷ লাহে-লাহে  বাট-পথবোৰ চিনাকি যেন লাগি আহিবলৈ ধৰিলে আৰু কাকতীহাটী, প্ৰগতি সংঘ, কেতেকীবাৰী, ৰংপুৰহাটী হৈ দলাহাটী পালোঁহি আবেলি তিনিমান বজাত৷

বৰপেটাৰ প্ৰথম হোলী স্মৰণীয় হৈ থাকিল৷

Wednesday 5 March 2014

ইংৰাজীত বেবেৰিবাং

ইংৰাজীত বেবৰিবাং..

অসমীয়া মাধ্যমত পঢ়িছিলো বাবে ইংৰাজীত কথা-বতৰা কোৱাটো বৰ টান কাম বুলি ভাবিছিলো৷ ইংৰাজী শুদ্ধকৈ লিখিবলৈ শিকিছিলো ঠিকেই কিন্তু ক'বলৈহে ভয়৷ অৱশ্যে ইংৰাজীত কথা পাতিবলগীয়া অৱস্থাও নহৈছিল৷ ইংৰাজী মাধ্যমৰ স্কুল নাছিল বুলিবই পাৰি গুৱাহাটী আৰু আন দুখনমান ঠাইত থকা মিছনেৰী স্কুলবোৰৰ বাহিৰে৷ সৰুতে এবছৰৰ বাবে শ্বিলঙত থাকোঁতে ইংৰাজীত কথা-বতৰা কোৱা ল'ৰা-ছোৱালী কিছুমান দেখা আৰু শুনাৰ সৌভাগ্য হয়৷ সেইসকলক আমি দূৰৰ পৰাই চাওঁ৷ চিৰিয়াখানাৰ জন্তু চোৱাৰ দৰে৷ ওচৰ চপাৰ সাহস নহয়, কিজানিবা ইংৰাজী ক'ব লাগে৷
শ্বিলঙৰ পাছত আহোঁ বৰপেটালৈ৷ হাইস্কুল বৰপেটাতে পঢ়োঁ৷ কোনো কাৰণতেই ইংৰাজীত কথা ক'বলগীয়া নহয়৷ তাৰপাছত আহি পাওঁ কটন কলেজ৷
চেন্টমেৰিজ , ডনবস্ক আৰু সেইসময়ত থকা একমাত্ৰ কেন্দ্ৰীয় বিদ্যালয়খনৰ বাহিৰে ইংৰাজী মাধ্যমৰ হাইস্কুল গুৱাহাটীত বোধহয় নাছিল৷ আমি সেই স্কুলসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগত অসমীয়াতে কথা পাতিছিলো যদিও তেওঁলোকে নিজৰ মাজত ইংৰাজীতে কথা পতা দেখিলে ৰ' লাগি চাইছিলো৷ কেতিয়াও ইংৰাজীত কথা কোৱাৰ মৰসাহ কৰা নাছিলো৷ সেই ছাত্ৰ-ছাত্ৰী সকলে ব্যৱহাৰ কৰা কিছুমান শব্দ বুজিও নাপাইছিলো৷
কটনৰ হোষ্টেললৈ অহাৰ পাছত এদিন ৰাতি নৱাগত সকলক চিনাকী দিবলৈ কওঁতে মৃদুল ভূঞা নামৰ লগৰীয়াজনে চিনাকী এনেদৰে দিছিল,
: মোৰ নাম'..... মই এক নং ছাত্ৰাবাসৰ 'বোনা ফাইড ' বোৰ্ডাৰ.. ৷"
'বোনা ফাইড' মানেনো কি বুজি নাপাই ভেবা লাগি থাকিলো৷
কটন কলেজত থাকোঁতে এবাৰ আন্তঃ শ্ৰেণী ক্ৰিকেট প্ৰতিযোগিতা চাই আছো সকলোৱে একেলগে বহি, জজ খেল পথাৰত৷ কোনোবা এজন আউট হোৱাত নব কোৱঁৰ বেটিং কৰিবলৈ গ'ল৷ তাকে দেখি আমাৰ সহপাঠী নমিতা শৰ্মা নে মৈত্ৰেয়ী সিদ্ধান্ত কোনোবা এগৰাকীয়ে সুধিলে,
" ই স্কীপাৰ নেকি?"
কোনোবা এজনে হয় বুলি ক'লে৷
মই হ'লে স্কীপাৰ মানে কি একো বুজি নাপালো৷
তাৰপাছত কিবা কথা প্ৰসঙ্গত নমিতাই ক'লে,
" .. নহ'লে 'বছে' এসেকা দিব.."
বছ মানেনো কি  বুজি নাপালো ৷ ( তাৰমানে যে দেউতাকক বুজাইছিল সেইটো বহুবছৰ পাছতহে বুজি পাইছিলো৷)
এদিন আমি দলে-বলে হোষ্টেললৈ উভতি আহি থাকোঁতে উত্তম বৰঠাকুৰ নামৰ সহপাঠী এজনে  আন এজনক কোৱা শুনিলো:
" প্লীজ, দোন্ট বোডাৰ আচ৷"
'বোডাৰ' মানে কি বুজি পাবলৈও বহুদিন লাগিল৷
লাজতে মুখ খুলি নকলেও মনে-মনে হীনমন্যতাত ভুগিছিলো ইংৰাজীত কথা ক'ব নজনা বাবে৷
কটন কলেজতেই এবাৰ ইংৰাজীৰ ক্লাচত এগৰাকী অধ্যাপিকাই কিবা এটা লিখিবলৈ দিছিল৷ মই দেখুৱাবলৈ গ'লো৷ তেখেতে সুধিলে,
" তুমি কি মাধ্যমত পঢ়া?"
মই অসমীয়া মাধ্যম বুলি কওঁতে অলপ আচৰিত হৈ ক'লে,
"অসমীয়া মাধ্যমত পঢ়া ছাত্ৰই ইমান ভাল ইংৰাজী লিখিব পাৰেনে?"
সেইদিনা মনটো অলপ ভাল লাগিল, উৎসাহ পালোঁ৷

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ আহি নগা, মিজো, গাৰো, খাচী আদি ছাত্ৰ-ছাত্ৰী কিছুমানৰ সংস্পৰ্শলৈ আহিব লগা হয়৷ তেওঁলোকক দেখিলেই ভয়তে পলাওঁ কাৰণ ইংৰাজীত কথা পতাৰ সাহস তেতিয়ালৈকে গোট খোৱা নাই৷ কেতিয়াবা মুখা-মুখিকৈ পৰিলে কি সুধিম বুলি ভাবি তাকে ইংৰাজীত অনুবাদ কৰি থাকোঁতেই সময় পাৰ হৈ যায় আৰু তেওঁলোকো কাষেৰে  পাৰ হৈ যায়৷

এবাৰ কিবা এটা কাৰণত মোক ইস্ট্ৰী এটাৰ দৰকাৰ হ'ল৷ হেষ্টেলত কাৰ ইস্ট্ৰী আছে খবৰ কৰি গ'ম পালোঁ নিকি নামৰ জ্যেষ্ঠ মিজো ছাত্ৰ এজনৰ ওচৰত থকা বুলি৷ ইংৰাজীতে ইস্ট্ৰীটো কি বুলি খুজিব লাগিব অলপসময় চিন্তা কৰি নিকিৰ কোঠা পালোঁগৈ৷ নিকি পঢ়া টেবুলত বহি আছিল৷ এখন বিচনাত ইস্ট্ৰীটো দেখিলো৷ কিন্তু ইস্ট্ৰীটোৰ কাষতে আন এজন মিজো ছাত্ৰই পৰম আমেজত টোপনি মাৰি থকা দেখিলো৷
মই মৰসাহ কৰি নিকিলৈ চাই ক'লো
: "ইলেক্ট্ৰিক.. প্ৰেছ.....
কওঁতে হাতেৰে ইষ্ট্ৰী কৰাৰ ভংগিমাও কৰি দেখুৱালো৷ নিকিয়ে বুজি পালে৷ তাৰ পাছত সেই ইস্ট্ৰী থকা বিচনাখনলৈ দেখুৱাই কিবা ক'লে৷ মই আধা বুজিলো আধা নুবুজিলো৷ অলপ সময় থিয় হৈ থাকিলো৷ কি উত্তৰ দিব লাগিব ঠাৱৰ কৰিব নোৱাৰিলো৷ তাৰপাছত একো উত্তৰ নিদি মনেমনে কোঠাৰ পৰা বাহিৰ ওলাই আহিলো৷

নিকিয়েনো আচলতে মোক কি কৈছিল তাকে চিন্তা কৰি কৰি দুবছৰমান পাছত বুজি পালো যে ইস্ট্ৰীটো তাতেই ব্যৱহাৰ কৰিব লাগিব৷ সেই শুই থকা আনজন মিজো ল'ৰাক টোপনিৰ পৰা উঠাই সেই বিচনাখনতে মোক ইষ্ট্ৰীটো ব্যৱহাৰ কৰিবলৈ কৈছিল৷

বুজি পাওঁতেহে দুবছৰমান পলম হ'ল৷ কিন্তু সেইদিনা বুজি পালেও শুই থকা মিজো ছাত্ৰজনক কি বুলি টোপনিৰ পৰা উঠালোহেতেন?
চিন্তা নকৰাই ভাল..

Monday 3 March 2014

ইটো ৰমণী হবাই লাগবো... হোই....?????



ইটো ৰমণী হবাই লাগবো…. হোই????

১৯৭৬ চন৷ সেইবছৰ বৰপেটা বিদ্যাপীঠৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিলো৷ জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষা৷ ঘৰত ডাঙৰ বুলিবলৈ বিধৱা মা৷ ডাঙৰ দাদা তেতিয়া ত্ৰিবান্দ্ৰম মেডিকেল কলেজত পঢ়ে আৰু সৰু দাদা গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত৷ গতিকে চোৱা-চিতা বা সহায় কৰিবলৈ আন কোনো নাই ঘৰত৷ 

পৰীক্ষাৰ এডমিট কাৰ্ড আহিল৷ দিনো ওচৰ চাপি আহিল৷ মোৰ বন্ধু ৰমণীক ক’লো আমাৰ পৰীক্ষা কোনটো পৰীক্ষা কেন্দ্ৰত হ’ব আৰু মোৰ বহা চীট কোনটো কোঠাত হ’ব ভালদৰে খবৰ লৈ চাই-চিতি পৰীক্ষাৰ আগদিনা সন্ধিয়া মোক যাতে ঘৰলৈ আহি জনাই থৈ যায়হি৷ সেই সময়ত খবৰ দিবলৈ আন কোনো ব্যৱস্থা নাছিল৷ ৰমণীয়েও তাকে কৰিবলৈ গাত ল’লে৷

পৰীক্ষাৰ আগদিনা সন্ধিয়া পঢ়িবলৈ বহিলো৷ পিছদিনা দুয়োবেলা অসমীয়াৰ পৰীক্ষা৷ ঘৰত বিজুলি সংযোগ নাই৷ কেৰাচিন তেলৰ লেমটো জ্বলাই লৈ অসমীয়াৰ নোটবোৰ উলিয়াই লৈ চিঞৰি চিঞৰি পঢ়ি আছো৷ বাহিৰত ঘিটমিটিয়া আন্ধাৰ৷ আমাৰ সৰু খেৰৰ ঘৰটো মুকলি পথাৰ এখনৰ মাজত৷ ঘৰৰ সম্মুখত কোনো ৰাস্তাই নাই৷ বিজুলি বাতিতো দূৰৰে কথা৷ ঘৰৰ সম্মুখতে পুৰণি শ্মশানখন৷ ৰাতি অকলে ঘৰৰ আগেৰে মানুহ অহা-যোৱা নকৰেই বুলিব পাৰি৷ মই পঢ়ি আছো যদিও বাৰে-বাৰে মনত পৰে ৰমণী সিমান পৰলৈকে নহা কথাটো৷ পঢ়াত মনটো বহুৱাব পৰা নাই৷ 

এই ৰমণীটো নাহিল দেখোন৷ নাহিলে বৰ অসুবিধা হ’ব৷ বেলেগ কাৰোবাৰ হাতত খবৰটো দি পঠিয়ালেওতো হয় মোৰ পৰীক্ষা কেন্দ্ৰৰ সবিশেষ জনাই….
মই মনে-মনে চিন্তা কৰোঁ , আকৌ পঢ়াত মন দিওঁ৷

ইফালে সময় বেগাই পাৰ হৈ গৈ আছে৷ ৰাতি বোধকৰো আঠমান বাজিল৷ ৰমণী আৰু নাহে বুলি বুজিলো৷ মনটো বেয়া লাগিল, অলপ চিন্তাও হ’ল৷ ৰাতিপুৱা অলপ সোনকালেই ওলাই যাব লাগিব পৰীক্ষা দিবলৈ বুলি৷ চাইকেলখন লৈ যাব লাগিব৷ মাধৱ চৌধুৰী মহাবিদ্যালয়তে পৰাৰ সম্ভাৱনা বেছি,,,
মই চিন্তা কৰি থাকিলো আৰু চিঞৰত গগন ফালি পঢ়িও থাকিলো৷

“অ’ মাখন….”
হঠাতে বাহিৰত কোনোবাই মোৰ নাম কাঢ়ি মতা শুনিলো৷ মই পঢ়া বন্ধ কৰি দুৱাৰৰ পিনে দৌৰ মাৰিলো৷ দুৱাৰৰ ওচৰৰ চকী এখনত মা বহি আছিল৷ মাক উদ্দেশ্যি কিন্তু বাহিৰৰ আগন্তুকেও শুনাকৈ  মই চিঞৰি চিঞৰি ক’লো,
“ ইটো ৰমণী হবাই লাগবো, ইটো ৰমণী হবাই লাগবো… (এইটো ৰমণী হবই লাগিব)..
তাৰপাছত দুৱাৰখন খুলি দি বাহিৰৰ ফালে চাই চিঞৰি সুধিলো,
“ হোয়ি…? (হয়নে?)
বাহিৰত আন্ধাৰ৷ একো নেদেখি৷ মোৰ “হোয়ি”ৰ কোনো উত্তৰ নাহিল৷ কিন্তু কোনোবা এজনে মোৰ মুখত টৰ্চৰ পোহৰ মাৰি দিলে৷ মই অলপ সময় তভক মাৰি ৰ’লো৷ তাৰপাছত আকৌ চিঞৰি সুধিলো.
"হোয়ি????

কোনোবা এজনে মাত ল’গালে,
“ কি এ.. ইমেন আটাহ পাৰি পাৰি পোচ্চা? (কি হে, ইমান চিঞৰি চিঞৰি পঢ়িছা?)

মাতটো চিনি পালো৷ আমাৰ অংকৰ চাৰ মনীন্দ্ৰ নাথ দাস৷ মই যাতে লাজ নাপাওঁ সেইবাবে মোক সহজ কৰি দিবলৈকে চাৰে তেনেদৰে কথাৰ পাতনি মেলিলে৷ ইতিমধ্যে টৰ্চটো নুমুৱাই দিয়াত ঘৰৰ ভিতৰৰ পৰা যোৱা লেমৰ পোহৰত দেখিলো মনীন চাৰৰ লগত আৰু তিনিজন চাৰ: তৰণী সেন দাস চাৰ, অক্ষয় মিশ্ৰ চাৰ আৰু বৰ্মণ চাৰ৷ 

মইও অলপ সকাহ পাই থৰক-বৰকৈ উত্তৰ দিলো, “ মানে চাৰ, আটাহ পাৰি পোল্লি বেছি সহজে মনত থাকে… (চিঞৰি পঢ়িলে বেছি সহজে মনত থাকে)

চাৰসকল ভিতৰ সোমাই আহিল৷ তেখেতসকলক বহিবলৈ দিলো৷ মা চাহ বনাবলৈ গ’ল৷ মই ৰমণীৰ বাবে বাট চাই আছিলো বুলি অলপ লাজ-লাজকৈ জনালো৷ চাৰসকলে হাঁহিলে৷ মাধৱ চৌধুৰী মহাবিদ্যালয়তে আমাৰ পৰীক্ষা হ’ব বুলি তেখেতসকলৰ পৰাই গম পালো৷

বেছি পলম নকৰি, দুই এটা উপদেশ দি,  মোক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাই চাৰসকল গ’লগৈ৷ চাৰসকল যোৱাৰ পাছত মোক মাহঁতে জোকাবলৈ ধৰিলে...ইটো ৰমণী হবাই লাগবো, হবাই লাগবো বুলি৷

অলপ লাজ পালো যদিও মোৰ মনলৈ কিবা এটা অদ্ভূত সাহস আহিল৷ আকৌ পঢ়া টেবুলত বহিলো৷ তাৰপাছত দুগুণ জোৰেৰে চিঞৰি চিঞৰি পঢ়িবলৈ ধৰিলো৷ 

চাৰসকলৰ শুভেচ্ছাও অথলে নগ’ল৷ মোৰ পৰীক্ষাৰ ফলাফলে চাৰসকলক আনন্দিত কৰিলেগৈ৷

আজিও সেই চাৰসকলৰ কথা মনত পৰিলে শ্ৰদ্ধাত মূৰ দোঁ খাই যায়৷