At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday, 27 June 2014

সংবাদ বিজুতি?

সংবাদ বিজুতি?

মহাভাৰতত থকা “অশ্বত্থামা হত, কিন্তু ইতি গজ” কথাষাৰ মিছা কথা নাছিল৷ অশ্বত্থামা সঁচাকৈয়ে মৰিছিল৷ কিন্তু অশ্বত্থামা নামৰ হাতী এটাহে মৰিছিল৷ কথাষাৰ সঁচা, কিন্তু তাৰ যোগেদি বেলেগ এটা সংবাদহে (ভুৱা সংবাদ) প্ৰেৰিত হৈছিল “কিন্তু ইতি গজ” বাক্যাংশটি গাপ দি ৰাখি৷
সঠিক বাৰ্তা প্ৰেৰণ কৰিবলৈ শিকাটো যেনেদৰে প্ৰয়োজনীয় শুনা কথাৰ পৰা সঠিক বাৰ্তা আহৰণ কৰিবলৈ শিকাটোও প্ৰয়োজনীয়৷ এইখিনিতে উদাহৰণ স্বৰূপে ইন্টাৰনেটত পঢ়া এটা ঘটনা উল্লেখ কৰা হ’ল৷

ঘটনাটো বিদেশৰ৷
মহিলা এগৰাকীয়ে ঘৰলৈ আলহী মাতিছিল আৰু আলহীক কাঠফুলা ৰান্ধি খুৱাব বিচাৰিছিল৷ কিন্তু ঘৰত বা ওচৰৰ দোকানত কাঠফুলা নথকাত চিন্তাত পৰিল৷ গিৰিয়েকে ক’লে,
“ওচৰৰ হাবিৰ পৰা অলপ কাঠফুলা গোটাই আনোগৈ ব’লা৷”
“বনৰীয়া কাঠফুলাহেনো বিষাক্ত?”, মহিলাগৰাকীয়ে শংকা প্ৰকাশ কৰিলে৷
“ একো নহয়, বেলেগ জন্তুৱে খাই থকা কাঠফুলা বিচাৰি আনিম৷ জন্তু যদি নমৰে, মানুহো নমৰে৷”, গিৰিয়েকে উপায় উলিয়ালে৷

কথামতে কাম৷ হাবিৰ পৰা তেনে কাঠফুলা বিচাৰি অনা হ’ল যিবোৰ আন জন্তুৱে খোৱা চকুত পৰিল৷
অলপ কাঠফুলাৰে তৰকাৰী এখন বনাই মহিলাগৰাকীয়ে তেওঁলোকৰ কুকুৰ টমক খাবলৈ দিলে আৰু চাই থাকিল৷ টমৰ একো অনিষ্ট নহ’ল৷

পিছদিনা ৰাতিপুৱাও টমক চালেগৈ৷ টম সম্পূৰ্ণ সুস্থ ৷ মহিলাগৰাকীয়ে নিশ্চিন্ত মনে বাকী কাঠফুলাখিনি ৰান্ধিলে৷ আলহী আহিল৷ সকলোৱে তৃপ্তিৰে খালে৷

তেনেতে সৰু ছোৱালীজনী আহি মাকৰ কাণত ফুচফুচাই ক’লে,
“টম মৰিল…”

মহিলাগৰাকী অলপ সময় তভক মাৰি ৰ’ল৷ তাৰপাছত উঠি গৈ ডাক্তৰক ফোন কৰিলে৷ ডাক্তৰে নিৰ্ভয় দি ক’লে,
“চিন্তা নকৰিব, আমি এম্বুলেন্স লৈ আহি আছো..”

অলপ সময় পাছতে চাইৰেন বজাই বজাই এম্বুলেন্স আহি পালেহি৷ এজন এজনকৈ সকলোকে বাথৰুমলৈ নি বমি কৰোৱালে আৰু পেটৰ ভিতৰৰ পৰা সকলো খাদ্য পাম কৰি কৰি উলিয়ালে৷

সকলো আহি ভাগৰত লাল-কাল দি চোফাত বহি পৰিল৷

সৰু ছোৱালীজনী আকৌ মাকৰ ওচৰলৈ আহি ক’লে’
“সেই মানুহজন যে বৰ অভদ্ৰ”
“কোনজন মানুহ?” মহিলাগৰাকীয়ে সুধিলে৷

“ আমাৰ টমক গাড়ীৰে চেপি মৰা মানুহজন৷ 
টমক চেপাৰ পাছত মানুহজনে গাড়ীখন নৰখালেই৷”

মহিলা অবাক৷ বাকী সকলো অবাক৷

সংবাদ বিজুতি ঘটিলে এনেকুৱাই হয়৷

Thursday, 26 June 2014

ঘোঁৰা আৰু ছাগলী..

ঘোঁৰা আৰু ছাগলী...

এজন খেতিয়কৰ এটা ঘোঁৰা আৰু এটা ছাগলী আছিল৷
এদিন ঘোঁৰাটো অচিন ৰোগত পৰিল
 খেতিয়কজনে ভেটেৰনেৰী ডাক্তৰ মাতি আনিলে৷ ডাক্তৰে ক'লে,
: এইটো অচিন ভাইৰাচ৷ তিনিদিনৰ ভিতৰত যদি ভাল নহয় তেনেহলে ঘোঁৰাটো ভালদৰে বান্ধি থৈ দিব লাগিব যাতে বেলেগ ঘোঁৰাৰ লগ ল'ব নোৱাৰে৷
মই তিনিদিনৰ ঔষধ দিছো৷ দিনত দুবাৰকৈ খুৱাব৷"

ছাগলীটোৱে কথাবোৰ শুনি আছিল৷ ঘোঁৰাটোৰ অৱস্থা দেখি তাৰ বৰ বেয়া লাগিল৷ খেতিয়কে ডাক্তৰক আগবঢ়াই থবলৈ গ'ল আৰু ছাগলীটো ঘোঁৰাৰ ওচৰলৈ আহি ক'লে,

:" বন্ধু, চিন্তা নকৰিবা৷ তুমি ভাল হ'বা৷
হতাশ নহবা৷ উঠিবলৈ চেষ্টা কৰা৷ নহলে তোমাক কামৰ পৰা আতৰাই দিব৷ তোমাৰ অপমান হ'ব৷ উঠা৷ উঠা৷"
ঘোঁৰাটো কিন্তু নুঠিল৷

পিছদিনাও খেতিয়কজনে ঘোঁৰাটোক ঔষধ খুৱালে কিন্তু অৱস্থাৰ একো পৰিৱৰ্তন নহ'ল৷

দুখমনে খেতিয়কজন যোৱাৰ পাছত ছাগলীটো আকৌ আহি ঘোঁৰাটোৰ কাষ পালে আৰু উৎসাহ দি ক'বলৈ ধৰিলে৷
: বন্ধু, চেষ্টা কৰা৷ উঠা৷ তুমি পাৰিবা৷ চেষ্টা কৰা৷
ঘোঁৰাটোৱে চেষ্টা নকৰি মাটিত দীঘল দি পৰি থাকিল৷

পিছদিনা ডাক্তৰ আহিল৷ ঘোঁৰাটো পৰীক্ষা কৰিলে৷ ঔষধো খুৱালে আৰু ক'লে,
: "ঘোঁৰাটোৰ অৱস্থাৰ একো উন্নতি হোৱা নাই৷ আজিৰ ভিতৰত যদি ভাল নহয় তেনেহলে ইয়াক কোনো নিৰ্জন ঠাইত নি বান্ধি ৰাখিব লাগিব৷ নহলে এই ভাইৰাচে আন ঘোঁৰাবোৰকো পাব৷"

ডাক্টৰ যোৱাৰ পাছত ঘোঁৰাটো লেবেজান হৈ অকলে পৰি থাকিল৷
ছাগলীটো ওচৰ চাপি আহি ক'লে,
: বন্ধু৷ আৰু সময় নাই৷ জোৰ পুৰি হাত পালেহি৷ তুমি চেষ্টা কৰা৷ পাৰিবা৷ উঠা৷
উঠা৷ চেষ্টা কৰা৷
বঢ়িয়া৷ পাৰিছা৷
পাৰিছা৷
এতিয়া খোজ কাঢ়িবলৈ চেষ্টা কৰা৷
এখোজ, দুখোজ, তিনিখোজ..
পাৰিছা
পাৰিছা..
পাৰিছা..
গৈ থাকা..."

অলপ পিছত খেতিয়কে বাহিৰ ওলাই দেখে যে ঘোঁৰাটো পথাৰত চেঁকুৰি আছে.. খট খট খট খট....

অতি আচৰিত হৈ খেতিয়কে আনন্দতে চিঞৰিবলৈ ধৰিলে,
: "অলৌকিক কথা৷ঘোঁৰাটো আচৰিত ভাবে ভাল হৈ গ'ল....
আজি ভোজ-ভাতৰ আয়োজন কৰিব লাগিব....
ছাগলীটো মাৰি তাৰ মাংসৰে ৰাইজক আজি এসাজ খুৱাব লাগিব......

আধুনিক নীতি শিক্ষা :  কোনটো কামৰ বাবে কাক প্ৰশংসা কৰিব লাগে মেনেজমেন্টে নাজানিবও পাৰে৷
কোনো কামৰ বাবে স্বীকৃতি পোৱাৰ পৰা বঞ্চিত হৈও জীয়াই থাকিবলৈ শিকাটো এটা কলা ৷

(ইন্টাৰনেটত পোৱা ইংৰাজী টোকা এটাৰ অসমীয়া ৰূপান্তৰ)

Saturday, 21 June 2014

কোনে কি খাই পাইছে?

কোনে কি খাই পাইছে?

ভুলতে কিবা বুলি কিবা বেলেগ খাই দিয়াৰ অভিজ্ঞতা আমাৰ বহুতৰে আছে৷ বিশেষকৈ সৰু থাকোঁতে এনেকুৱা প্ৰায়েই ঘটে ৷ ডাঙৰ অৱস্থাতো কেতিয়াবা এনে ভ্ৰমৰঙ্গ নোহোৱা নহয়৷

এবাৰ ফেচবুকত এইবিষয়ে জানিব বিচৰাত বিভিন্ন জনৰ পৰা মন্তব্য আহিছিল নিজৰ নিজৰ অভিজ্ঞতা জনাই৷ তাকেই ইয়াত আগবঢ়োৱা হৈছে ৰসৰ সমল যোগাবলৈ বুলি৷

এজনে আমুলৰ ঠাইত বেচন খাইছিল ৷ আন এজনে আকৌ পানী বুলি চ’দা পানী খাইছিল৷ এবাৰ এজনে হেনো গাখীৰ বুলি উঁই মৰা দৰৱ খাইছিল ৷ তেখেতৰ অৱস্থা কি হৈছিল সহজেই অনুমেয়৷ আন এজনে আকৌ গ্লুকোন ডি বুলি খোৱা চ’ডাকে খাইছিল৷

আনহাতে হেমন্ত কুমাৰ শৰ্মাই সৰু থাকোঁতে বাদাম বুলি ছাগলীৰ লাদকে খাইছিল৷ সৰুতে, কেচুৱা থাকোঁতে মোৰ সৰু ভাইটিয়ে কেৰেলুৱা এডালকে চোবাই দিছিল৷ কি বুলি ভাবি চোবাইছিল সিহে জানে৷

মাধুৰ্য বৰাই পানী বুলি খাইছিল ইনভাৰ্টাৰৰ বাবে আনি থোৱা দিষ্টিল্ড ৱাটাৰ৷ তেখেতে বৰ বেছি একো পাৰ্থক্য অনুভৱ নিশ্চয় নকৰিলে৷

ডাঙৰত হোৱা অভিজ্ঞতা অলপ বেলেগ হ’বও পাৰে৷ যেনে পানী বুলি হুইস্কিৰ লগত হেনো এজনে ভদকা মিহলাই খাইছিল৷ আন এজনে আকৌ পানী বুলি ভদকাকে খাই দিছিল৷ তাৰপাছত কি হ’ল সহজেই অনুমেয়৷ তেনেদৰে ভুলতেই নিচাসক্ত হৈ পৰিলে দোষ কাৰ?

পানী বুলি চাৰ্ফৰ পানী খাই দিছিল মোৰ শান্ত-শিষ্ট বন্ধু এজনে৷

এবাৰ আকৌ ৰাতি হেমন্ত কুমাৰ শৰ্মাৰ ঘৰত চোৰ সুমাই ভোকতে এবটল জেন্টিল খাই দিলে৷ তাৰপাছত বমি কৰি কৰি গোটেই ঘৰটোকে লেতেৰা কৰি পেলালে৷ তেনেকুৱা চোৰ নাহিলেই ভাল৷ অৱশ্যে কেনেধৰণৰ চোৰ আহিলেনো ভাল?

অৰ্ণৱ জ্যোতি মহন্তই দৈ বুলি চূণ হাতত দিছিল- যেতিয়া দুই বছৰ বয়স আছিল তেতিয়া । কিন্তু ঈশ্বৰৰ আশীৰ্বাদত তেওঁ নাখালে , তেওঁৰ কাপোৰযোৰেহে খালে । ৰক্ষা !!!

মোৰ বান্ধৱী এগৰাকীৰ সৰু ভায়েক তেতিয়া চেঙেলীয়া ডেকা৷ এদিন জহকালি দুপৰীয়া ৰ’দত ঘামি-জামি আহি ৰেফ্ৰিজাৰেটৰটো খুলি পানী বুলি ভিনেগাৰৰ বটলটোকে লৈ খাই দিছিল৷ পানীৰ বটলৰ লগত ভিনেগাৰৰ বটলনো কোনে ৰাখি থৈছিল? তেতিয়াৰে পৰা হেনো তেখেতৰ ভিতৰখন চিকচিকাই থকাকৈ পৰিষ্কাৰ৷

এজনে আকৌ বাবলগাম বুলি চাবোনকে চোবাইছিল ভুলতে৷

নবজ্যোতি ডেকাৰ অভিজ্ঞতা আকৌ বেলেগ৷ তেওঁ ভেচলিন বডিলোচন বুলি একে লগে থকা একে ৰঙৰ চেম্পুকে গাত সানি লৈছিল৷ তাৰপাছত গাটো আকৌ এবাৰ ভালদৰে ধুব লগা হৈছিল নিশ্চয়৷

গৌতম কাশ্যপে আকৌ সৰু থাকোঁতে মমেৰে বনোৱা সজাই থোৱা আঙুৰকে সঁচা আঙুৰ বুলি ভাবি চোবাই দিছিল৷

পোহৰ দত্তৰ অভিজ্ঞতা এনেধৰণৰ:
“ মই এম বি এ কৰি থকা সময়ৰ কথা৷ এদিন ৰাতি টোপনিৰ পৰা সাৰ পাই পানী খাবলৈ বুলি পাকঘৰ পালোঁগৈ৷ লাইটো জ্বলি থকা নাছিল৷ আন্ধাৰে-মুন্ধাৰে মই পানীৰ বটল বুলি মিঠাতেলৰ বটলটোকে হাতত লৈ ডিঙিত ঢালি দিলো…… ওহ.. কি ভয়ংকৰ অভিজ্ঞতা৷ সেই ৰাতিৰ কথা ভাবিলে মোৰ এতিয়াও খং উঠে৷

ক্ৰিম খাই ভাল নোপোৱা অসমীয়া মানুহ কমেই আছে৷ এবাৰ এজনে ক্ৰিম বুলি ভাবি চূণকে খাইছিল এখন বিয়াত৷ তাৰপাছত কি দশা হ’ব পাৰে সহজেই অনুমেয়৷ কেবাদিনো হেনো ভাত খাব পৰা নাছিল তেখেতে৷

ৰাতিপুৱা টোপনি ভালদৰে নভঙাকৈ দাঁত ব্ৰাছ কৰিবলৈ গৈ এজনৰ কি দশা হৈছিল শুনক৷ তেখেতে আকৌ টুথপেষ্ট বুলি খজুৱতিৰ মলমকে ব্ৰাছত লগাই দাঁত ব্ৰাছ কৰিছিল৷ তেখেতৰ দাঁত আৰু কেতিয়াও নখজুৱায় নিশ্চয়৷


এনেধৰণৰ হাঁহি উঠা ঘটনা প্ৰায় সকলোৰে ক্ষেত্ৰত ঘটে৷ সাৱধানতাৰ প্ৰয়োজন আছে সকলোৰে বাবে৷ ঘৰত কেঁচুৱা আদি থাকিলে বিষাক্ত সামগ্ৰী, দৰৱ বা আন যিকোনো হানিকাৰক সামগ্ৰী কণমানিহঁতে চুব নোৱাৰা ঠাইত ৰখাটো নিশ্চয় অতি প্ৰয়োজনীয় কথা৷

Thursday, 19 June 2014

Great knowledge... Funny but true..

Great Knowledge....Funny but true..

These are some answers written by students in examination..

On types of blood vessels.....

There are three types of blood vessels. They are:
Arteries
Vanes and
Caterpillars...

On human body.....
Our body consists of three parts: the brainium, the borax and the abominable cavity.
The brainium holds the brain,
Borax has the heart and lungs and
The abominable cavity contains our bowels, of which five are very important--- a,e,i,o,u

there is also the alimentary canal ...it is located in the south America just near Panama canal...

Wednesday, 18 June 2014

পোহৰ, দাপোণ , সৰলৰেখা ইত্যাদি...

পোহৰ, দাপোণ, সৰলৰেখা ইত্যাদি..

১৯৭২ চনৰ মাধ্যম অন্দোলনৰ পাছত অসমৰ প্ৰায়বোৰ মহাবিদ্যালয়তে অসমীয়া মাধ্যমত শিক্ষাদান আৰম্ভ হৈছিল৷ আমি অসমীয়া মাধ্যমতে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছিলো ১৯৭৬ চনত৷ সেই সময়ত ইংৰাজী মাধ্যমৰ বিদ্যালয় আঙুলিৰ মূৰত লিখিব পৰা আছিল৷ গুৱাহাটীৰ চেন্টমেৰীজ কন্টভেন্ট আৰু ডনবস্ক'ৰ বাহিৰে আন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ কথা মনত নপৰে৷

১৯৭৬  চনত গুৱাহাটীৰ কটন কলেজত প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীত নাম লিখাৰ পাছত এই বিদ্যালয়দুখনৰ পৰা অহা ছাত্ৰ-ছাত্ৰীকিছুমানক লগ পাওঁ৷ অসমীয়া মাধ্যমত দশম শ্ৰেণীলৈকে পঢ়ি আহিছিলো যদিও প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীত ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰিবলৈ সিদ্ধান্ত লৈছিলো৷ কিন্তু প্ৰায় সকলোবোৰ বিষয়ৰ সকলোবোৰ পাঠদান অসমীয়া মাধ্যমতে হৈছিল কটন কলেজত৷

ইংৰাজী মাধ্যমত পঢ়ি অহা ছাত্ৰ-ছাত্ৰীসকলৰ অলপ অসুবিধা নিশ্চয় হৈছিল৷

পদাৰ্থ বিজ্ঞানৰ পোহৰ বিষয়ৰ পাঠদান কৰিছিল বৰ্মণ ছাৰে৷ তেখেতৰ শ্ৰেণীত ঘটা কিছুমান ঘটনা এতিয়াও মনত পৰে৷ তেখেত অতি সহজ-সৰল প্ৰকৃতিৰ লোক আছিল৷ অতি নিয়মীয়া ভাবে পাঠদান কৰিছিল..

"পোহৰ সৰলৰেখাত গতি কৰে......" ইত্যাদি, ইত্যাদি..

তেখেতে একান্তমনে বোৰ্ডত লিখি থকা সময়তে কিছুমান ছাত্ৰ শ্ৰেণীকোঠাৰ পৰা মনেমনে ওলাই গুচি যোৱাটো এটা নিয়মযেন হৈ পৰিছিল৷

এদিন তেখেতে পোহৰৰ প্ৰতিফলনৰ কথা পঢ়াই আছে৷ অতি কষ্ট কৰিছে কথাবোৰ বুজাবলৈ৷
" দাপোণ.. উত্তল দাপোণ, অৱতল দাপোণ" ইত্যাদি নানান শব্দৰ জোৱাৰ উঠিছে ...

আমি যিমান পাৰো মনোযোগ দি বুজিবলৈ চেষ্টা কৰি আছো৷ আমনিও লাগিছে৷

একেবাৰে সম্মুখৰ বেঞ্চ এখনত বহী আছিল চেন্টমেৰীজ কনভেন্টত পঢ়ি অহা এগৰাকী অতি চোকা ছোৱালী৷ দেউতাক অতি বিখ্যাত অধ্যাপক৷ বৰ্মণ ছাৰকে আদি কৰি সকলোৱে ভালদৰে চিনি পায়৷

বৰ্মণ ছাৰে আকৌ এবাৰ দাপোণ বুলি কোৱাৰ লগেলগে ছোৱালীগৰাকীয়ে অতি লাহেকৈ, লেনিয়াই সুধিলে,

" ছাৰ, দাপোণ মানে কি ই ই ই ই ই ঈ ঈ..................."
ছাৰ থমকি ৰৈ গ'ল৷
আমি সকলোৱে অতি আমোদ পালো আৰু ছাৰেনো কি কয় আগ্ৰহেৰে চাই থাকিলো৷

ছোৱালীগৰাকীৰ মুখত অলপ দুষ্টালিৰ ভাৱ ফুটি উঠা যেন লাগিল৷ হয়তো ছাৰক আমনি কৰিবলৈ, হয়তো অলপ অপদস্থ কৰিবলৈ, হয়তো অলপ ৰং চাবলৈকে সেইদৰে সুধি দিছিল৷

ছাৰে কিন্তু কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷
লাহেলাহে ছোৱালীগৰাকীৰ কাষ চাপি আহিল আৰু সকলোৱে শুনাকৈ ক'লে,

" পাঠদানৰ মাধ্যম অসমীয়া৷ অসমীয়া শব্দবোৰ শিকি ল'বা.."

ছোৱালীগৰাকীৰ মুখত দুষ্টালিৰ হাঁহিটো অধিক প্ৰকট হৈ পৰিল৷

Tuesday, 10 June 2014

মনোবৃত্তিৰ পৰিৱৰ্তনে জীৱন সলনি কৰি দিব পাৰে.....

মনোবৃত্তিৰ পৰিৱৰ্তনে জীৱন সলনি কৰি দিব পাৰে....

কথাতে কয়,  
" আমি নিজক যি বুলি ভাবোঁ, সেয়েই হওঁগৈ..."
আমাৰ চিন্তা-ধাৰা, মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ ব্যক্তিত্ব৷ একেটা পৰিৱেশ-পৰিস্থিতিত থাকিয়েই মানুহ বেলেগ-বেলেগ হ'ব পাৰে৷ সকলো নিৰ্ভৰ কৰে আমি সেই সকলো পৰিৱেশ-পৰিস্থিতিৰ কেনেদৰে মুখামুখি হওঁ, সেইবোৰৰ পৰা কিবা শিকোঁ নে নিশিকোঁ, যদিহে শিকোঁ তাক জীৱনত প্ৰয়োগ কৰোঁ নে নকৰোঁ, ইত্যাদি, ইত্যাদি অনেক কথাৰ ওপৰত৷ 

কিছুমান মনোবৃত্তি তথা স্বভাৱে আমাক পিছলৈ টানে, কিছুমানে আমাক আগবঢ়াই নিয়ে৷ বহুসময়ত হয়তো আমি কথাটো ভাবি নাচাওঁ৷ কিন্তু আমি কিছুমান ইতিবাচক তথা সহায়কাৰী মনোবৃত্তি আহৰণ কৰিবলৈ বা গঢ়ি তুলিবলৈ সচেতন প্ৰচেষ্টা হাতত ল'ব পাৰোঁ৷ এনে কেইটামান মনোবৃত্তি/আচৰণ/স্বভাৱ তলত উল্লেখ কৰা হ'ল:

১) আনক সন্তুষ্ট কৰোঁতা নহ'ব৷ 
কিছুমান মানুহে সদায় আনক সন্তুষ্ট কৰিবলৈ বিচাৰে৷ তেনেকুৱা মানুহ জীৱনত সফল হ'ব নোৱাৰে, সুখী হ'ব নোৱাৰে কাৰণ সকলোকে সন্তুষ্ট কৰা কেতিয়াও সম্ভৱ নহয়৷ যিটো উচিত, যিটো শুদ্ধ সেইটোহে কৰা উচিত; লাগিলে তাৰ বাবে দুই একে বেয়াই পাওক৷

২) তৎক্ষণাত আনৰ বিষয়ে মত নিদিব বা সমালোচনা নকৰিব৷
এই ভুলটো আমি প্ৰায়েই কৰোঁ৷ কিবা এটা শুনা বা দেখা কথাৰ ভিত্তিতে আমি কোনো এজন লোকক সমালোচনা কৰি মানুহজনৰ বিষয়ে ধাৰণা এটা কৰি পেলাওঁ৷ কিন্তু কোনো এজন ব্যক্তিৰ বিষয়ে ধাৰণা এটা কৰা ইমান সহজ কাম নহয়৷ শুনা কথা বা দেখা কথা সম্পূৰ্ণ শুদ্ধ নহ'বও পাৰে৷ মানুহ এজনক জানিবলৈ অলপ সময় লওঁক৷

৩) যদিহে মনত অশান্তি হৈছে, তেনে কাম নকৰিব ৷
ভাল কাম, বেয়া কাম বুলি বহুতে একো মানিব নোখোজে৷ নৈতিকতাৰ দিন আজি আৰু নাই বুলি বহুতে ক'ব খোজে৷ কিন্তু আমাৰ বিবেকে আমাৰ পিছ নেৰে৷ যদিহে কোনো এটা কামৰ দ্বাৰা আপোনাৰ মনটো অশান্ত হয়, সেই কাম নকৰাই ভাল নহয়জানো?

৪) "নাই, নহ'ব" বুলি ক'বলৈ ভয় নকৰিব ৷
এইটো আমাৰ বহুতৰে দুৰ্বলতা৷ কোনো ডাঙৰ মানুহ/ ক্ষমতাশীল মানুহ/ আমি ভালপোৱা মানুহ আদিয়ে আমাক কিবা কৰিবলৈ দিলে কেতিয়াবা আমি অনিচ্ছা স্বত্বেও কৰি পেলাওঁ৷ তাৰবাবে হয়তো পাছত অনুতাপ কৰিবলগা হয়৷ স্পষ্ট ভাবে "নাই, নোৱাৰিম" বুলি ক'বলৈ শিকা উচিত৷ এনে স্পষ্টবাদী মানুহক আনে সন্মানহে কৰে৷

৫) আপুনি যি ক'ব বিচাৰে, স্পষ্টভাৱে ক'বলৈ শিকক৷
এইটো এটা কলা৷ নিজৰ মত সুস্পষ্টভাৱে, আনৰ আগত ক'ব পৰা লোকে কৰ্মজীৱনত অধিক সফল হ'ব পাৰে৷ সাক্ষাৎকাৰ আদিৰ সময়ত প্ৰাৰ্থীৰ জ্ঞানৰ পৰীক্ষাতকৈ এনেবিলাক আনুষঙ্গিক কৌশলৰ ধাৰণাও লোৱা হয়৷ বহুতে কথা ঘূৰাই পকাই সময় নষ্ট কৰে, বহুতে খুব কম কথাতে ক'বলগীয়া কথা খিনি জনাই দিব পাৰে৷ শুনোতাজনেও তেনে কম কথাৰে স্পষ্টকৈ বুজাই দিব পৰা মানুহকহে পচন্দ কৰে৷ তদুপৰি উচিত শব্দ আদি ব্যৱহাৰ কৰিবলৈও শিকিব লাগে যাতে আনে আমাৰ কথাৰ অৰ্থ  সহজে বিকৃত কৰিব নোৱাৰে৷

৬) আপুনি যিকোনো পৰিবেশতে সলনি হ'ব পাৰে, উন্নত হ'ব পাৰে বুলি মানি লওঁক ৷
পৰিৱেশ-পৰিস্থিতিক দোষ দি থাকি লাভ নাই৷ আমি নিজেও পৰিৱেশ-পৰিস্থিতিৰ একোটা অংশস্বৰূপ৷
যদি আমি মন বান্ধোঁ, যিকোনো পৰিৱেশ-পৰিস্থিতেই আমি নিজকে অলপ হ'লেও সলনি কৰিব পাৰো, নিজক উন্নত কৰিব পাৰোঁ৷

৭) নিজক প্ৰয়োজনতকৈ অধিক সমালোচনা নকৰিব৷
আত্মসমালোচনা ভাল, কিন্তু নিজক সমালোচনা কৰি, নিজক একেবাৰে অপদাৰ্থ বুলি ভাবিবলৈ ল'লে আমাৰ মনোবলেই হেৰাই যাব কিবা এটা কৰাৰ৷ নিজৰ সঠিক মূল্যয়ন কৰিবলৈ শিকা উচিত৷ আৰু নিজৰ ইতিবাচক দিশবোৰৰ সুবিধা গ্ৰহণ কৰিবলৈ শিকা উচিত৷

৮) "হয়" বুলি ক'বলৈও শিকক ৷
বহুতে দায়িত্ব এৰাই চলিবলৈ ভাল পায়৷ গা এৰা দি চলিবলৈ ভাল পায়৷ তেনেলোকে জীৱনত বেছি আগবাঢ়িব নোৱাৰে৷ সময়ত "হয়" বুলি ক'বলৈ, দোষ-দায়িত্ব আদি মূৰ পাতি ল'বলৈ শিকা উচিত৷

৯) আপুনি সকলো কাম কৰিব নোৱাৰে ৷
এইকথাটো মানি লওঁক৷ কিছুমান কথাৰ বাবে আমাক আনৰ সহায় লাগিবই৷ প্ৰয়োজনত আনৰ সহায় বিচাৰিবলৈ শিকিব লাগিব আৰু কোনো এটা কাম নিজে নোৱাৰোঁ বুলি স্বীকাৰ কৰিবলৈও লাজ পাব নালাগিব৷

১০) আশা, কল্পনা কৰিবলৈ নেৰিব ৷
সপোন দেখিবলৈ এৰি নিদিব৷ আশা কৰিবলৈ এৰি নিদিব৷ যিকোনো বয়সতে আমি নতুন সপোন দেখিব পাৰোঁ ৷ সপোনে আমাক নতুন লক্ষ্য দিয়ে৷ আমাক নতুন উদ্যমেৰে কাম কৰি যাবলৈ প্ৰেৰণা যোগায়৷

(ডঃ সুৰেশ মিট্টালৰ লিখনিৰ সহায় লোৱা হৈছে)

Saturday, 7 June 2014

মোৰ প্ৰথম আকাশী যাত্ৰা

মোৰ প্ৰথম আকাশী যাত্ৰা..

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা সময়ত এদিন নগা বন্ধু এজনে কথা-প্ৰসঙ্গত সুধিছিল,
" এজন মানুহ আগতে উৰা-জাহাজত উঠিছেনে নাই সেইটো কেনেকৈ গম পাব পাৰি জানানে?"
মই নাজানো বুলি উত্তৰ দিলো৷

তেতিয়ালৈকে উৰাজাহাজ ওচৰৰ পৰা দেখাৰ সৌভাগ্যই হোৱা নাছিল৷ উঠাৰ কথাতো বাদেই৷ যাত্ৰা বুলি ক'লে সৰুতে দেউতাৰ লগত গাড়ীত উঠি তিতাবৰ, গোলাঘাট, যোৰহাট, গুৱাহাটী, শ্বিলং আদি ঠাই ফুৰিছিলো আৰু দেউতা ঢুকুৱাৰ পাছত বাছেৰে কেৱল বৰপেটা, বৰপেটাৰোড , গুৱাহাটী আদি ৷ উৰাজাহাজত উঠি পোৱা লোকক বিশেষ ধৰণৰ লোক যেন জ্ঞান কৰিছিলো৷ আমাৰ সহপাঠী নগা, মিজো আদি ছাত্ৰবোৰৰ সৰহ সংখ্যকেই কেতিয়াবা নহয় কেতিয়াবা উৰাজাহাজত উঠিব লগা হৈছিল বিভিন্ন কাৰণত৷ গতিকে সেইবিষয়ে তেওঁলোকৰ পৰাই জানিবলগীয়া কথাবোৰ জানিব পৰা গৈছিল৷

মই নাজানো বুলি কোৱাত নগা ছাত্ৰজনে অতি বিজ্ঞৰ দৰে ক'বলৈ ধৰিলে,
: কোনোবা এজন মানুহে খুব ভাল সাজ-পোছাক পিন্ধি, বিৰাট স্মাৰ্ট দেখুৱাই উৰাজাহাজত আগতে কেতিয়াও নুঠা কথাটো যিমানেই লুকুৱাবলৈ  চেষ্টা নকৰক কিয়, তেওঁ ধৰা পৰি যাবই... চীটবেল্ট বান্ধিবৰ সময়ত৷ কাৰণ আগতে উৰাজাহাজত নুঠা মানুহজনে চীটবেল্টডাল বান্ধিব নাজানিব..৷"
মই আগ্ৰহেৰে সুধিলো,
: চীটবেল্টনো কেনেকৈ বান্ধে?
নগা বন্ধুজনে সুন্দৰ ভাবে বুজাই দিলে চীটবেল্ট কেনেকৈ বান্ধে৷

সেইসময়ত স্কুটাৰ, মটৰ চাইকেল আদিও অতি কম আছিল, হেলমেট আদিও দেখা নাছিলো বুলিয়েই ক'ব পাৰি৷
বন্ধুজনৰ পৰা চীটবেল্ট বন্ধাৰ প্ৰক্ৰিয়াটো জানি লোৱাৰ পাছত মনতে ভাবিলো, অন্ততঃ মই প্ৰথমবাৰ উৰাজাহাজত উঠোঁতে আনে গম নাপাব মোৰ সেইটো প্ৰথমবাৰ বুলি৷উৰাজাহাজত উঠাৰ সুবিধাহে নাপালো প্ৰায় তিনিবছৰ মানলৈকে৷

১৯৮৫ চনত, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰবক্তা হিচাবে যোগদান কৰাৰ কেইমাহমান পাছতে নগা বন্ধু এজনৰ লগত ফুৰিবলৈ ওলালোঁ মোককচাঙলৈ৷ তাত এদিন থাকি কোহিমা পালোঁগৈ৷ কোহিমাত দুদিন থাকি বাছেৰে ইম্ফল পালোঁগৈ৷ তাতে মালায়ালী বন্ধু এজন লগ পালোঁ৷ তেখেতে কলিকতালৈ যাবলৈ লগ ধৰিলে৷ পূজাৰ বন্ধৰ সময়ৰ কথা৷ হাততো যথেষ্ট ধন আছিল, একেলগে কেবামাহৰো দৰমহা পাইছিলো বাবে৷ আগতে কলিকতা দেখা নাই৷ গতিকে সেই সুযোগতে কলিকতালৈ এপাক মাৰি অহা বেয়া নহ'ব বুলি ভাবি কলিকতালৈ উৰাজাহাজৰ টিকট এটা কিনি ল'লো৷
ইম্ফলৰ পৰা কলিকতা৷ ইণ্ডিয়ান এয়াৰ লাইন্সৰ উৰাজাহাজ এখন চলিছিল তেতিয়া৷

অৱশেষত সেই নিৰ্দ্দিষ্ট দিনত , মালায়ালী বন্ধুজনৰ সৈতে ইম্ফল এয়াৰপোৰ্ট পালোঁগৈ৷ তেওঁ কোনো এজন ডাঙৰ মানুহ লগ পাই একেলগে বহিলগৈ৷ মই পৰিলো অলপ পিছৰ পিনে৷ কাষৰ চীটত সৰু ছোৱালী এজনী৷ বয়স সাত-আঁঠবছৰমান হ'ব৷ ছোৱালীজনীৰ সিফালে, খিৰিকিৰ কাষৰ চীটটোত মাইকীমানুহ এগৰাকী৷ বোধকৰো ছোৱালীজনীৰ মাক৷

চীটত বহি লৈ অতি অনায়াসে চীটবেল্টডাল বান্ধি ল'লো এনে এক ভংগিমাৰে যেন উৰাজাহাজত উঠি ফুৰাটো মোৰ বাবে অতি সাধাৰণ কথা৷

উৰাজাহাজে লাহে-লাহে গতি ল'লে৷ তাৰপাছত হঠাতে প্ৰচণ্ড বেগ৷ মূৰটো ছিঙি পৰিব যেন লাগিল৷ বেগ বাঢ়ি গৈ থাকিল৷ মইও যিমান পাৰো স্বাভাৱিক হোৱাৰ অভিনয় কৰি থাকিলো, কিন্তু মনে-মনে ঈশ্বৰৰ নাম লৈ থাকিলোঁ৷ বোলো, আজিহে আজি৷

এটা সময়ত উৰাজাহাজখন আকাশত হেলাৰঙে উৰিবলৈ ধৰিলে৷  মইও স্বস্তিৰ নিশ্বাস এটা পেলালোঁ৷

কিন্তু তেনেতে এটা চিন্তাই মোক আমনি কৰিবলৈ ধৰিলে৷
চীটবেল্টডাল বাৰু বান্ধিলো ৷ কিন্তু খুলিম কেনেকৈ? কেনেদৰে খুলিব লাগে সেইকথাটো মইতো শিকি নাহিলো৷ গতিকে নামিবৰ সময়তচোন ধৰা পৰি যাম মই প্ৰথম উৰাজাহাজত উঠিছো বুলি৷ তেতিয়াহে বৰ লাজৰ কথা হ'ব৷

মই চীট বেল্টডাল হাতেৰে পিটিকা-পিটিকি কৰিবলৈ ধৰিলো৷ ইফালে টিপি দিওঁ, নোখোলে, সিফালে টানি দিওঁ নোখোলে৷ তাৰপাছত চীট বেল্টডাল এনেদৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে যেন কোন কোম্পানীয়ে কি পদাৰ্থৰে নিৰ্মাণ কৰিছে সেইটোহে পৰীক্ষা কৰিছো এজন এক্সপাৰ্ট ইঞ্জিনিয়াৰ হিচাবে৷

তেনেদৰে চাইও একো চুইচ আদি চকুত নপৰিল বেল্টডাল খুলিবলৈ৷ মুঠতে আজি মোৰ লাজ-মান যাব আৰু বুলি নিশ্চিত হৈ বহি থাকিলো৷

ইম্ফলৰ পৰা উৰাজাহাজখন শিলচৰত নামে৷ কাষত বহা মহিলা আৰু ছোৱালীজনী যদি শিলচৰতে নামে তেনেহলে মোৰ হাতত সময় আৰু দহ-পোন্ধৰ মিনিটমানহে আছে বুলি বুজিলো৷  খিৰিকিৰে বাহিৰলৈ চাবলৈ ধৰিলো শিলচৰ পাবৰ হ'লনেকি বুলি৷

তেনেতে চকু গ'ল মোৰ কাষত বহা সৰু ছোৱালীজনীলৈ৷ তাই চীটবেল্টডাল এবাৰ খোলে, আকৌ বান্ধে, আকৌ খোলে৷ মই দেখিও নেদেখাৰ ভাও ধৰি তাইৰ পিনে অলপ সময় চাই থাকিলো৷ খোলাৰ কিটিপটো সহজে অনুমান কৰি ল'লো৷ তাৰপাছত মোৰ বেল্টডালৰ জোৰাটোৰ তলপিনৰ ধাতুৰ প্লেটচটা লাহেকৈ টানি দি চালো৷ লগে-লগে খোল খাই গ'ল মোৰো বেল্ট৷

মোক আৰু কোনে পায়৷

শিলচৰত কাষত বহা ছোৱালীজনী মাকৰ সৈতে নামি গ'ল৷
তাৰপাছত কোন আহি বহিল মনত নাই৷

মইও মনৰ আনন্দত খিৰিকিৰে বাহিৰলৈ চাবলৈ ধৰিলো ৷
উপভোগ কৰিবলৈ ধৰিলো মাৰ যাব ধৰা বেলিৰ হেঙুলি আভাৰে বোলোৱা আকাশৰ সৌন্দৰ্য৷

(উৰাজাহাজখন উৰাৰ আগতে আজিকালিৰ দৰে সেইদিনা এয়াৰ হোষ্টেচে চীটবেল্ট মৰা আৰু খোলাৰ কিটিপ প্ৰদৰ্শন কৰি দিয়া নাছিল নেকি বাৰু? কথাটো মনত পৰা নাই)

Tuesday, 3 June 2014

সৰুপানী, বৰপানী, কিযে হায়ৰাণি..

সৰুপানী, বৰপানী, কি যে হায়ৰাণি..

সৰু সৰু কথা৷ মনহে কোনেও নকৰে ৷ ভুগিবলগীয়া হ’লেহে গম পোৱা যায় সৰু কথাও কিমান ডাঙৰ কথা হ’ব পাৰে৷
বিশেষ কামত ওলাইছিলো গুজৰাটৰ জামনগৰৰ পিনে৷ অংক্লেশ্বৰৰ বন্ধু এজনে বহুদিনৰ পৰা মাতি আছিল বাবে প্ৰচণ্ড গৰমকো নেওচি জামনগৰৰ পৰা তেখেতৰ ঘৰ পালোঁগৈ৷ তাৰপৰা মোৰ থকা ঠাই ৰাজস্থানৰ আবুৰোডলৈ আহোঁতে বৰোদা নগৰখন বাটতে পৰে৷ বৰোদাখনো অলপ চাই যোৱা ভাল হ’ব বুলি ভাবি তাতে থকা গুজৰাটী বন্ধু এজনলৈ ফোন কৰিলো৷ তেখেতে দিনটোৰ বাবে সময় হাতত লৈ আহিবলৈ ক’লে যদিও গৰমৰ বাবে বাহিৰ ওলাবলৈ সাহস নকৰি আবেলি চাৰিমান বজাতহে অংক্লেশ্বৰৰ পৰা বৰোদালৈ বুলি চৰকাৰী বাছ এখনত বহি পৰিলো৷ বৰোদা পাওঁতে প্ৰায় ছয় বাজিল৷ কালা ঘোৰা নামৰ ঠাই এখনতে বাছৰ পৰা নামি বন্ধুজনক ফোন কৰিলো৷ তেখেত আহে মানে ওচৰতে থকা বিখ্যাত উদ্যানখনতে সোমাই পৰিলো৷ প্ৰায় আধা ঘন্টামান লোকে লোকাৰণ্য উদ্যানখনৰ মাজত পায়চাৰি কৰি ফুৰাৰ পাছত বন্ধুজন আহি পালে৷
তেখেতৰ স্কুটাৰৰ পিছপিনে বহি পৰিলো লগত থকা সৰু বেগটো পিঠিত লৈ৷ কম সময়ৰ ভিতৰতে নগৰখনৰ ভিতৰত অলপ পাক মাৰি , সৰু ৰেষ্টোঁৰা এখনত লঘু আহাৰ অলপ কৰি, তেখেতক বিদায় দি, আবুৰোডলৈ বাছ ধৰিবলৈ বুলি অমিত নগৰ নামৰ ঠাইখন পালোঁগৈ প্ৰায় আঠমান বজাত৷ বাছৰ সময় দিয়া আছিল নিশা দহ বাজি পোন্ধৰ মিনিট বুলি৷ কাউন্টাৰতে বহি সময়খিনি পাৰ কৰিবলৈ সাজু হৈ ল’লো মানসিক ভাবে৷ কাউন্টাৰৰ সম্মুখৰ বাৰান্দাত থকা চকী দুখনৰ এখনত বহি পৰিলো৷ ইফালে গৰমত ঘামি-জামি জুৰুলা-জুপুৰা হৈ পৰিছো৷ ওচৰতে থকা দোকান এখনৰ পৰা পানী এবটল আনি প্ৰায় শেষেই কৰি পেলালোঁ একেকোবে৷
লাহে-লাহে সেই বিশেষ চিন্তাটোৱে আমনি কৰিবলৈ ধৰিলে, পানী বেছিকৈ খালে যিটো চিন্তা হয়তো সকলোৰে হয়৷ অংক্লেশ্বৰৰ পৰা আহোঁতে বাটতে চাহ খাবলৈ বাছখন এঠাইত ৰৈছিল, আবেলি পাঁচমান বজাত৷ সেই কামফেৰা তেতিয়াই কৰা হৈছিল৷ তিনিঘন্টাৰো বেছি সময় হৈ গ’ল ৷ আকৌ সেই কামফেৰাৰ কথা মনলৈ আহিলেই যেনে-তেনে য’তে-ত’তে কামফেৰা সমাধা কৰাৰ প্ৰবল হাবিয়াস এটাই আমনি কৰে৷ প্ৰথমতে কাউন্টাৰৰ ভিতৰৰ পিনে চালো দূৰৰ পৰাই৷ ভিতৰত কিজানিবা যাত্ৰীসকলৰ সুবিধাৰ বাবে কিবা ব্যৱস্থা আছেই৷ নাই, একো চকুত নপৰিল৷ তাৰপাছত বাহিৰৰ চাৰিওপিনে তীক্ষ্ণভাবে পৰ্যবেক্ষণ কৰিলো৷ কিন্তু কোনো ধৰণৰ সুবিধা চকুত নপৰিল৷ এইবাৰ অলপ দূৰলৈ গৈ সুবিধাজনক ঠাইৰ অনুসন্ধান কৰিবলৈ বুলি খোজ ল’লো৷ কিন্তু সকলোপিনে কেৱল মানুহ আৰু মানুহ৷ সকলোৱে যেন ফুটপাথত বহি পহৰাহে দি আছে কোনেও যাতে সেই কামফেৰা কৰিব নোৱাৰে সৰু জোপোহা, ৰৈ থকা বাছ, গাড়ী বা আন্ধাৰৰ সুযোগ লৈ, এনে অনুভৱ হ’ল৷ সোঁফালে প্ৰায় পঞ্চাশমিটাৰমান আগবাঢ়ি গ’লো আৰু বিফল মনোৰথে উভতি আহি বিপৰীত দিশে গ’লো৷ কিন্তু একো লাভ নহ’ল৷ হতাশমনে উভতি আহি আকৌ আগৰ ঠাইত বহি পৰিলো৷
গুজৰাটৰ মানুহবোৰে সেই কামফেৰা বাৰু নকৰে নেকি? একেলগে প্ৰায় দহটামান বাছৰ কাউন্টাৰ আছে মই বহি থকা ঠাইখিনিত৷ প্ৰায় প্ৰতি দহ-পোন্ধৰ মিনিটৰ মূৰে মূৰে কিবা নহয় কিবা এখন বাছ গৈয়েই আছে৷ প্ৰায় বিশ-ত্ৰিশজনমান মানুহ অনবৰতে অপেক্ষাৰত অৱস্থাত থাকেই ঠাইখিনিত৷ কিন্তু যাত্ৰীসকলৰ বাবে ন্যূনতম সুবিধাখিনিৰ কথাও কোনেও নাভাবেনে? চিন্তা কৰি কৰি বহি থাকিলো৷
দহ বাজিল৷ চাৰে দহ বাজিল৷ বাছ আহিছে গৈছে; আমাৰখনহে নাহে৷  ইফালে কামফেৰা নকৰাকৈ থাকিব পৰাটো প্ৰায় অসম্ভৱ যেন হৈ আহিছে৷ বাছখন আহিলে অলপ দূৰ যোৱাৰ পাছত দ্ৰাইভাৰক কৈ সুবিধাজনক ঠাইত ৰখাব পৰা যাব৷ তাৰেই আশাত নিজকে কোনোমতে নিয়ন্ত্ৰণ কৰি ৰাখিছো৷
মোৰ সম্মুখত, ফুটপাথত থিয় হৈ বাছৰ বাবে অপেক্ষা কৰি আছিল পৰিয়াল এটা, মাক , দেউতাক আৰু প্ৰায় দহ-বাৰবছৰীয়া ছোৱালী এজনী৷ হঠাতে দেউতাকে মাকক অলপ দূৰলৈ লৈ গ’ল আৰু জীয়েকে দূৰৰ পৰাই চাই থাকিল৷ তাৰপাছত দেউতাক উভতি আহিল আৰু ছোৱালীজনী মাকৰ ওচৰ পালেগৈ৷ দূৰৰ পৰা মাক-জীয়েকক লক্ষ্য কৰি বুজিলো তেখেতসকলেও মোৰ দৰেই সুবিধাজনক ঠাইৰ অনুসন্ধান কৰিছেগৈ৷ মইও আশাৰে বাট চালো, তেখেতসকল সফল হ’লে মইও সেইপিনেই আগবাঢ়িম৷
কিন্তু তেখেতসকল অলপসময় থিয় হৈ থাকি আকৌ উভতি আহিল৷ বিফলতাৰ চিন সুস্পষ্ট মুখ-মণ্ডলত৷ এইবাৰ অলপ খং উঠি আহিবলৈ ধৰিলে৷ সৰ্বসাধাৰণ মানুহৰ এই অসুবিধাখিনি দূৰ কৰাৰ বাবে কাৰো চিন্তা নাইনে? কাৰো দায়িত্ব নাইনে? পুৰুষে বাৰু যেনে-তেনে , লাজ-মান কাটি কৰিও কিবা এটা কৰি ল’ব পাৰে; কিন্তু মহিলাসকলে?
তেনেদৰে আৰু এঘন্টা পাৰ হৈ গ’ল৷ প্ৰায় চাৰে এঘাৰ বজাত বাছখন আহি পালে৷ স্বস্তিৰ নিশ্বাস পেলাই নিজৰ আসনত উঠিলোঁগৈ৷
অলপ পাছতে কোনোবাই দ্ৰাইভাৰক কোৱা কাণত পৰিল,
“বাথৰুম কৰনা থা, গাড়ী ৰোক দিজিয়েগা…”
বাছৰ বাবে অপেক্ষা কৰি থকা সকলোবোৰ লোকৰেই মনৰ কথাখিনি সেই মানুহজনে কৈ পেলালে৷ আমি আশাৰে বাট চালো৷ প্ৰায় আধাঘন্টামান পাছত দ্ৰাইভাৰে অনুগ্ৰহ কৰিলে৷ চৰকাৰী বাছ আস্থান এটাৰ ওচৰত বাছখন ৰাখিলে৷ প্ৰায় সকলো নামি পৰিল বাছৰ পৰা ৷
অলপ পাছত সকলো উভতি আহিল বাছলৈ৷ কি পৰম শান্তিৰ অভিব্যক্তি প্ৰত্যেকৰে মুখত৷
বাছ চলিবলৈ ধৰিলে৷ আমিও নিদ্ৰাদেৱীৰ কোলাত নিজকে সঁপি দিয়াৰ প্ৰচেষ্টা চলালোঁ৷