At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 27 November 2014

ৰাতি চুৰ ক'ৰবা গেইছিলি?....

ৰাতি চুৰ ক’ৰবা গেইছিলি?

দূৰণিবটীয়া ঠাইলৈ বাছেৰে যাবলৈ ওলাইছে? বাছত আপোনাৰ কাষত বহি যোৱা মানুহজনৰ ওপৰত বহুপৰিমাণে নিৰ্ভৰ কৰে আপোনাৰ যাত্ৰা কেনেকুৱা হ’ব৷ নাইটচুপাৰৰ কথা সুকীয়া৷ বাছত উঠিয়েই প্ৰায় সকলোৱে অলপ টোপনি মাৰিবলৈ চেষ্টা কৰে৷ বাছখন প্ৰায় ক’তো নোৰোৱাকৈ গৈ থাকে৷ কিন্তু দিনৰ বাছত কথাবোৰ অলপ বেলেগ হয়৷ আপোনাৰ কাষত বহা মানুহজনে যদি একান্তমনে নাক খুচৰি থাকে বা হাঁচিয়াই থাকে আপোনাৰ যাত্ৰা অস্বস্তিকৰ হ’বই৷ আৰু এবিধ সহযাত্ৰী পোৱা যায় যিসকলে বাছত বহিয়েই টোপনিয়াবলৈ আৰম্ভ কৰে৷ বিশেষকৈ খুব ৰাতিপুৱাৰ বাছ নাইবা দুপৰীয়াৰ আহাৰৰ পিছত যাত্ৰা কৰা বাছ হ’লেতো কথাই নাই৷ তেনে টোপনিপ্ৰেমী সহযাত্ৰীয়ে টোপনি মাৰিলে আপত্তি কৰিবলগীয়া একো নাথাকিলহেতেন যদিহে টোপনিতে ক’বনোৱাৰাহৈ আপোনাৰ গাত হালি নপৰিলহেতেন৷ প্ৰায়ক্ষেত্ৰতে তেনে টোপনিপ্ৰেমী সহযাত্ৰীৰ মূৰটো আহি আপোনাৰ কান্ধত লাগেহি৷ তেখেতে আপোনাৰ কান্ধখনকেই গাৰু বিবেচনা কৰি নাক বজাই শুবলৈ ধৰে৷ চাফ-চিকুণ মানুহ হ’লে অলপ হয়তো সহ্য কৰিব পাৰি কিন্তু যদি ঘাম আৰু অন্যান্য গোন্ধেৰে আমোলমোলাই থকা মানুহ হয় তেনেহলে? তেনে পৰিস্থিতিত পৰা বিভিন্ন মানুহে বিভিন্নধৰণে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে৷

এবাৰ বাছেৰে বৰপেটালৈ গৈ আছিলো গুৱাহাটীৰ পৰা৷ ৰাতিপুৱাৰ বাছ৷ মোৰ পিছৰ তিনিজনীয়া চীটটোত তিনিজন মানুহ৷ তিনিজনীয়া চীটবোৰ আচলতে আঢ়ৈজনীয়া চীটহে৷ কোনোমতে হেঁচা-থেলা কৰি তিনিজন বহিব পাৰে৷ তেনেদৰেই তিনিজন মানুহ বহি গৈছিল চীটটোত৷ খিৰিকিৰ কাষত বহা মানুহজনৰ পিন্ধন-উৰণৰ পৰা অলপ অভিজাত বুলি ধৰিব পাৰি৷ তেখেতৰ কাষত বহা মানুহজন দেখাত অতি সাধাৰণ৷ হয়তো ক’ৰবাত বনুৱা কাম কৰে৷

যাত্ৰা আৰম্ভ হ’ল৷ প্ৰায় পোন্ধৰ মিনিটমান পাছতে নাকৰ ঘোৰঘোৰণিৰ শব্দ ভাঁহি আহিল মোৰ পিছৰ চীটটোৰ পৰা৷ ঘূৰি নোচোৱাকৈয়ে বুজিলো ইতিমধ্যে কোনোবা এজন নিদ্ৰাদেৱীৰ কোলাত নিৰ্মল আনন্দেৰে জিৰণি লৈছে বুলি৷ প্ৰায় পাঁচমিনিটমান পাৰ হ’ল৷ তাৰপাছত হঠাতে গোটেই বাছখনৰ শান্তি ভঙ্গ কৰি মোৰ পিছৰ চীটটোৰ পৰা এজনে চিঞৰি উঠিল৷

“ ঐ .. উঠ.. ৰাতি চুৰ ক’ৰবা গেইছিলি?”

উভতি চাই দেখিলো সেই খিৰিকিৰ কাষত বহা মানুহজনে কাষত বহি টোপনি মাৰি যোৱা বনুৱাযেন লগা মানুহজনক জাউৰিয়ে জাউৰিয়ে গালি পাৰিছে তেওঁৰ গাত ভেঁজা দি টোপনি মাৰি যোৱা বাবে৷ এটামান থাপৰো মৰা যেন লাগিল৷ টোপনি মাৰি যোৱা মানুহজনে কিবা এটা ক’বলৈ চেষ্টা কৰিছিল যদিও আনজনে ওলোটাই কিবা-কিবি কৈ নিমাত কৰি থ’লে৷


গোটেই ঘটনাটোৱে বাছৰ মানুহবোৰক যথেষ্ট আমোদ দিলে৷ টোপনি মাৰি যোৱা মানুহজনলৈ বেয়া লাগিল যদিও “ৰাতি চুৰ ক’ৰবা গৈইছিলি “ বাক্যষাৰে কিবা এটা আমোদো দিলে৷ 

মিচিক-মাচাক হাঁহি খিৰিকিৰে বাহিৰলৈ চাই নিজে টোপনি নাযাবলৈ তৎপৰ হ’লো৷

সেইবোৰ মোৰেই তেজনে?

সেইবোৰ মোৰেই  তেজনে?

সৰুৰে পৰাই তেজ চাব নোৱাৰো৷ আগতে ঘৰত মুৰ্গী কাটিলে মই ভয় কৰোঁ বাবে দেউতাই চাবলৈ নিদিছিল৷ তেজ ভয় কৰা বাবে জীৱবিজ্ঞান নপঢ়িলো ৷ ডাক্তৰ হ’বলৈও মন নেমেলিলো৷

১৯৮৪ চনৰ কথা৷ ডিগবৈ ৰিফাইনাৰিত চাকৰিৰ ইন্টাৰভিউ দিবলৈ গৈছো৷ ৰাতিপুৱা ইন্টাৰভিউ হৈ গ’ল৷ আমি কেইজনমানক নিৰ্বাচিত কৰিলে বুলি বুজিলো যেতিয়া আমাক মেডিকেল পৰীক্ষা কৰিবলৈ হস্পিটেললৈ পঠিয়ালে৷ পৰীক্ষা মানে ভাল পৰীক্ষাই৷ বহুত কিবা-কিবি চালে৷ তাৰপাছত পঠিয়ালে তেজ পৰীক্ষাৰ বাবে৷ ভয়ে-ভয়ে কোঠাত প্ৰৱেশ কৰিলো৷ প্ৰকাণ্ড চিৰিঞ্জ এটা লৈ মানুহ এজন কাষ চাপি আহিল৷ মই ভয়তে চকু মুদি দাঁত-মুখ কামুৰি বেলেগ ফালে মূৰটো ঘুৰাই আন কথা চিন্তা কৰিবলৈ চেষ্টা কৰিলো৷ পূৰণৰ বৰ নেওতাখন আকৌ মনত পেলাবলৈ চেষ্টা চলালো৷ ইতিমধ্যে বেজীৰ খোঁচ পৰিল৷ মই নেওঁতা মুখস্থ মতাত ব্যস্ত হ’লো৷

অলপ সময় পাৰ হ’ল৷ মানুহজনে কপাহ এডোখৰ বেজীৰে বিন্ধোৱা ঠাইখিনিত লগাই দি মোক হাতেৰে চেপা পাৰি ধৰি থাকিবলৈ ক’লে৷ মইও চকু মেলি চালো৷ প্ৰথমেই চকু পৰিল মানুহজনৰ হাতত থকা প্ৰকাণ্ড চিৰিঞ্জটোত৷ কিজানি ৫০ চি চি মান হ’ব৷ গোটেইটো তেজেৰে ভৰ্তি হৈ আছিল৷ 
দেখিয়েই ভাবিলো,

“আও, ইমানবোৰ মোৰেই তেজনে?”

লগে-লগে মূৰটো ঘূৰাবলৈ ধৰিলে৷ চকুৰে আন্ধাৰ দেখিলো৷ বহাৰ পৰা উঠিবলৈ চেষ্টা কৰিলো কিন্তু বাগৰি ভৰাৰ ভয়তে আকৌ বহি পৰিলো৷ মানুহজনক সেহাই সেহাই সুধিলো,

“ স্মেলিং চল্ট আছেনেকি? মূৰটো ঘূৰাইছে৷”

তেখেতে মোক সাহস দি অলপ সময় চকু মুদি জিৰণি ল’বলৈ ক’লে৷ মোৰ লাজো লাগিল৷ প্ৰায় পাঁচ মিনিটমান পাছত অলপ প্ৰকৃতিস্থ হোৱা যেন লগাত থৰক-বৰককৈ থিয় দিলো৷

সকলো পৰীক্ষা হৈ গ’ল৷ একো বেমাৰ-আজাৰ আদি ধৰা নপৰিল৷ কিন্তু মোক বিশেষভাবে মাতি পঠিওৱা হ’ল মূখ্য চিকিৎসকগৰাকীৰ ওচৰলৈ৷ তেখেতে বুকুত স্টেথোস্ক’পডাল লগাই কিবা-কিবি চালে৷ মোৰ হৃৎপিণ্ডৰ স্পন্দন পৰীক্ষা কৰা যেন লাগিল৷ তাৰপাছত মোক বিদায় দিলে৷ 

চাকৰি হৈ গ’ল৷ 
তেজলৈ ভয় অৱশ্যে থাকি গ’ল৷


Tuesday, 25 November 2014

বগৰীৰ হাঁহি

বগৰীৰ হাঁহি

দেউতাৰ মৃত্যুৰ পাছত আমি হঠাতে দুখীয়া হৈ পৰিলো৷ শ্বিলঙৰ পৰা বৰপেটালৈ গুচি আহিলো৷ পৈত্ৰিক ঘৰত থকা ঠাইৰ অভাৱ বাবে মাৰে সৈতে আমি কীৰ্তন ঘৰৰ ওচৰতে ঘৰ এটা ভাড়া লৈ থাকিবলৈ ল'লো৷ ডাঙৰ দাদা তেতিয়া নৱম শ্ৰেণীত, মই চতুৰ্থ শ্ৰেণীত, সৰু ভাইজন স্কুললৈ যাবলৈ লৈছে মাথোন৷ অতি কম বয়সতে মৃত্যু ঘটা দেউতাই আমালৈ বিশেষ একো থৈ যাব নোৱাৰিলে৷ চৰকাৰৰ পৰা পৰিয়াল-পেঞ্চন হিচাবে মাহে ১৫৮/- টকাকৈ আমি পাইছিলো৷ তাৰেই টুক-টাককৈ কোনোমতে অতি কষ্টেৰে চলিছিলো৷ অতীতৰ দিনবোৰ সপোন যেন লগা হৈ আহিছিল৷ আৰ্থিক অনাটন কি বস্তু, তাৰ লগে-লগে সমাজত মানুহৰ স্থান কেনেদৰে সলনি হয়, কেনেদৰে অতি কোমল বয়সৰ শিশু এটাইও বাস্তৱৰ নিষ্ঠুৰতাৰ কথা বুজি পোৱা হয় তাৰ জ্বলন্ত উদাহৰণ আমিয়েই আছিলো৷ সহায় কৰোঁতা কোনো নাছিল; বন্ধু-বান্ধৱৰ সংখ্যা কমি গৈছিল৷

এবাৰ আমি থকা ভাড়াঘৰটোৰ ওচৰলৈ আলহী এঘৰ আহিছিল৷ মাক আৰু ল'ৰা-ছোৱালীদুটা৷ দেউতাকক দেখা নাছিলো৷ বৰপেটাৰ হাটীৰ ঘৰবোৰ প্ৰায় লগ লাগি থাকে৷মাজত কোনো ব্যৱধান নাথাকেই বুলিব পাৰি৷ চোতালৰ মাজত বেৰ প্ৰায় নাথাকেই বাবে সকলোৱে সকলোৰে চোতাল-বাৰান্দা আদি দেখি থাকে বুলি ক'ব পাৰি৷ কাৰ ঘৰত কি ঘটিছে হাটীখনৰ প্ৰায় সকলোৱে গম পায়৷ আমাৰ ওচৰৰ ঘৰলৈ গুৱাহাটীৰ পৰা অহা সেই আলহী পৰিয়ালটোও ভালদৰে লক্ষ্য কৰি থাকিবলৈ সুযোগ পাইছিলো৷ দেউতাক কোনো ডাঙৰ চাকৰিয়াল৷ চালে চকুৰোৱা মাকগৰাকী৷ আৰু দেখিলেই মৰমলগা অতি স্মাৰ্ট ল'ৰ-ছোৱালীদুটি৷ আমি অতি উৎসুকহৈ তেওঁলোকক লক্ষ্য কৰিছিলো৷

তেতিয়া আছিল জাৰকাল৷ ৰাতিপুৱা বাৰান্দা-চোতালত বহি মানুহে ৰ'দ পুৱায়৷ আমি বাৰান্দাতে ৰ'দত বহি কিতাপ পঢ়ো৷ সেইদিনাও পঢ়িবলৈ বহিছো যদিও বাৰে-বাৰে চকু গৈ আছিল সেই পৰিয়ালটোলৈ৷ মাক বাৰান্দাত বহি আছে৷ ল'ৰা-ছোৱালীদুটাই দুজনমান লগৰীয়াৰে সৈতে চোতালত কিবা খেলি আছে৷

অলপ পাছত ডেকা এজন সোমাই আহিল হাতত মোনা এটা লৈ৷ মোনাৰ পৰা কাগজৰ ডাঙৰ টোপোলা এটা উলিয়াই বাৰান্দাত বহি থকা মহিলাগৰাকীক দিলে ৷ নিশ্চয় কিবা কিনি আনিবলৈ কৈছিল৷ মহিলাগৰাকীয়ে কাগজৰ টোপোলাটো খুলিলে৷ দূৰৰ পৰাই চাই দেখিলো ৰ'দত চিকমিকাইছে সৰু-সৰু ৰঙা-ৰঙা বগৰীবোৰ৷ তিতাবৰৰ ফালে আমি কেঞা বগৰী বুলি কৈছিলো৷ বৰপেটাত কয় খুদ বগৰী বুলি৷ খুব ভাল পাইছিলো খাই৷ দহ পইচাত অকণমান টেমা এটাৰে দোকানীয়ে এটেমা দিয়ে৷ গুটিৰে সৈতে চোবাই খাওঁ৷ মহিলাগৰাকীৰ হাতত থকা প্ৰকাণ্ড টোপোলাটোত কিমান টেমা বগৰী হ'ব দূৰৰ পৰাই অনুমান কৰিবলে চেষ্টা কৰিলো৷ বিশ টেমামান হ'ব বোধকৰো৷ লোভো লাগি আহিল৷ মোকো কেইটামান খাবলৈ দিয়াহেতেন.....মনতে ভাবিলো৷

মহিলাগৰাকীয়ে ল'ৰা-ছোৱালীদুটাক মাতিলে৷ সিহঁত কাষ চাপি আহিল বগৰী খাবলৈ৷ মাকেও দুটামান মুখত দিলে৷ সিহঁতেও হাতত লৈ খাবলৈ ধৰিলে ৷ কিন্তু হঠাতে কিবা এটা হ'ল৷ দূৰৰ পৰা একো বুজি নাপালো৷ মহিলাগৰাকীয়ে টোপোলাটোৰ পৰা বগৰীবোৰ মুঠিয়ে মুঠিয়ে লৈ চোতালত সিঁচি দিবলৈ ধৰিলে , ল'ৰা-ছোৱালীদুটাই চাই থাকিল৷ গোটেই টোপোলাটোৰ বগৰীখিনি চোতালত চতিয়াই দি শেষ কৰি পেলোৱাৰ পাছত ল'ৰা-ছোৱালীদুটা লাহে-লাহে আঁতৰি গ'ল৷ হয়তো মাকৰ কিবা কথাত খং উঠি তেনে কৰিলে৷ নাইবা হয়তো বগৰীবোৰ বেয়া আছিল৷ কাৰণটো একো বুজি নাপাই দূৰৰ পৰাই অবাক হৈ চাই থাকিলো৷

চোতালত ৰ'দত চিক মিক চিক মিক কৰি থকা বগৰীবোৰেৰে গোটেই চোতালখেই বুটা বাছি দিয়াৰ দৰে হ'ল৷  দূৰৰ পৰাই বগৰীবোৰে যেন মোলৈ চাই অবুজ হাঁহি মাৰি আছে, এনে ভাব হ'ল৷

মোৰ কুমলীয়া মনত এটা ধাৰণাই কিন্তু সাঁচ বহুৱাই দিলে:
"ধনীমানুহৰ কথাই বেলেগ৷"

Tuesday, 11 November 2014

সেয়া কি কল আছিল?

সেয়া কি কল আছিল?

বজাৰ কৰা কামটো  সৰুৰে পৰা বেয়া পাওঁ ৷ বয়-বস্তু ভালদৰে চিনিও নাপাওঁ ৷ মাছ কিনিবলৈ যে একেবাৰে ভাল নাপাওঁ ৷ উপায় নাথাকিলেহে কেতিয়াবা বজাৰ কৰিব লগা হয় ৷

১৯৮১ চন মানৰ কথা ৷ তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ হৈ আছো ৷ অসম আন্দোলনো চলি আছে ৷ তেতিয়া আমি বঙাইগাওঁত থাকো ৷ তৃতীয় বাৰ্ষিকৰ পৰীক্ষা দি বঙাইগাওঁলৈ আহিছো ৷ ইতিমধ্যে ঘৰত এটা ডাঙৰ বিপদ ঘটিছে ৷ মা বাথৰুমত পিছল খাই পৰি আঁঠুৰ ঘিলা ভাগি বঙাইগাওঁ ৰিফাইনাৰী হস্পিটেলত ৷ দাদা দুজনৰ বিয়া-বাৰু তেতিয়াও হোৱা নাই ৷ ডাঙৰ দাদা ৰাতিপুৱাতে নিজৰ ক্লিনিকলৈ ওলাই যাব লাগে , সৰু দাদাৰ কাম ৰিফাইনাৰীত ৷ চিফ্ট ডিউটি কৰিব লাগে ৷ সময়ৰ কোনো মা-বাপ নাই ৷ ঘৰত ৰন্ধা-বঢ়া আদি  সকলো দায়িত্ব মোৰ ওপৰতে পৰিল ৷ ৰাতিপুৱাতে উঠি সকলো কাম-বন কৰি মাৰ বাবে খোৱা-বস্তু লৈ চাইকেল মাৰি হস্পিটাললৈ যাওঁ ৷ চহৰৰ আমি থকা ঠাইৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰমান হ'ব ৷ আবেলি উভটি আহি আকৌ ৰন্ধা-বঢ়া কাম ৷ তেনেদৰে দিনবোৰ গৈ আছে ৷ যাওঁতে মাৰ বাবে কিবা-কিবি কিনি লৈ যাব লাগে বজাৰৰ পৰা ৷

এদিন তেনেদৰে গৈ থাকোঁতে মনত পৰিল মাৰ বাবে মালভোগ কল লৈ যাব লাগে বুলি ৷ পাগলাস্থানৰ বজাৰত চাইকেল ৰখাই কল কিনিবলৈ সোমালো ৷ মাটিত বস্তা পাৰি কল বেচি থকা মানুহ এজনৰ ওচৰ পাই সুধিলো,
" মালভোগ কল আছেনে?"
দোকানীজনে কল কেইআখিমান দেখুৱাই দিলে ৷ আকাৰত অলপ সৰু ৷ বাকলিবোৰো খুব বেছি নিমজ নহয় ৷ মোৰ অলপ সন্দেহ হ'ল ৷ আকৌ সুধিলো,
" এইবোৰ মালভোগ কলনে?"
" অঁ, খাটি মালভোগ কল ৷ লোকেল ৷"
মই হাতেৰে অলপ লিৰিকি-বিদাৰি চালো, তাৰপাছত অলপ দৰ-দাম কৰি দুই ডজন কিনি ল'লো ৷ কলখিনি বেগ এটাত ভৰাই চাইকেলৰ হেণ্ডেলত ওলোমাই আকৌ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিলো ৷
কিন্তু মনটোৱে নামানে ৷ বাৰে-বাৰে সন্দেহ হ'ল, " এইবোৰ সঁচাকৈয়ে মালভোগ কলনে ? "
কিছুসময় তেনেদৰে আগবাঢ়িলো কিন্তু মনটোৱে নমনাত চাইকেল ৰখাই নামিলো ৷ তাৰপাছত কল এটা উলিয়াই বাকলি গুচাই কামোৰ মাৰিলো ৷ একামোৰ দুকামোৰকৈ গোটেই কলটো শেষ কৰিলো ৷ তথাপি মালভোগ কল খোৱা যেন নালাগিল ৷ চেনিচম্পা নেকি বাৰু? নে মনোহৰ কল? মনত সন্দেহ বাঢ়ি গ'ল ৷ হঠাতে টিঙিচ কৈ খং এটা উঠি আহিল ৷ মোক ঠগিবলৈ আহিছে ৷ চিনি পোৱা নাই বুলি চাইকেলত জাপ মাৰি উঠি উভতি আহিলো পাগলাস্থানলৈ ৷ আহিয়েই দোকানীজনৰ আগত কলখিনি দলিয়াই সি জাউৰিয়ে জাউৰিয়ে গালি পাৰিলো ৷
এইবোৰ চেনিচম্পা কল ৷ মই কল চিনি নাপাওঁ বুলি ভাবিছ? মোক মালভোগ কল বুলি ঠগাবলৈ আহিছ ৷ মই খাই চালো নহয়...দে.. পইচা ঘূৰাই দে.. ইত্যাদি , ইত্যাদি ৷
দোকানীজনে অবাক হৈ মোৰ মুখলৈ চাই থাকিল ৷ একো উত্তৰ নিদিলে ৷  মই এটা কলৰ পইচা দি বাকীখিনি ওভোতাই লৈ কল নিকিনাকৈয়ে চাইকেলত আকৌ উঠি পৰিলো ৷

কিছুসময় পাছত আকৌ সন্দেহ হ'ল ৷ কলকেইটা বাৰু মালভোগ কলেই আছিল নেকি?

নহলে দোকানীজনে ইমান আচৰিত হৈ মোলৈ কিয় চাই থাকিল ? হয়তো ভাবিলে, কি বুৰ্বক ল'ৰা ! মালভোগ কলো চিনি নাপায়... !!!

কথাটো ভাবি লাজহে লাগিবলৈ ধৰিলে ৷ কেতিয়া গৈ হস্পিটাল পালো ক'বকে নোৱাৰিলো ৷




Monday, 10 November 2014

মিছা কথাৰ মেৰপাক

মিছা কথাৰ মেৰপাক..

১৯৬৮ চনৰ কথা ৷ তিতাবৰৰ পৰা শ্বিলঙলৈ আমি বদলি হৈ আহিছো ৷ দেউতাই ডাঙৰ দাদাহঁতক শ্বিলং বিদ্যালয় আৰু মোক আৰু সৰু ভাইটিক শঙ্কৰদেৱ বিদ্যাপীঠত নাম লগাই দিলে ৷ তেতিয়া মই তৃতীয় শ্ৰেণীৰ ছাত্ৰ ৷

শঙ্কৰদেৱ বিদ্যাপীঠ স্কুলখন আছিল অতি সৰু ৷ আমাৰ শ্ৰেণীত আছিলো মাত্ৰ ষোলজন ছাত্ৰ-ছাত্ৰী ৷ তেনেদৰে বাকী শ্ৰেণীবোৰতো যথেষ্ট কম সংখ্যক ছাত্ৰ-ছাত্ৰী ৷ ক'বলৈ গ'লে গোটেই স্কুলখন আছিল এটা সৰু পৰিয়ালৰ নিচিনা ৷ সকলোৱে সকলোকে চিনি পায় ৷ পানীখোৱা ছুটীৰ সময়ত সকলোৱে একেলগে খেলোঁ ৷

স্কুললৈ কোনোবা নতুনকৈ আহিলে সকলোৱে গম পায় ৷ আমিও অলপ পলমকৈ গৈছিলো ৷ কিন্তু আমি যোৱাৰ কিছুদিন পাছতে এজন ল'ৰা আহিল দ্বিতীয় শ্ৰেণীলৈ ৷ অতি স্মাৰ্ট ল'ৰা ৷ আমি তিতাবৰৰ পৰা শ্বিলঙৰ দৰে ডাঙৰ ঠাইলৈ আহিছিলো বাবে অলপ লাজ-সংকোচ আছিল ৷ পিন্ধা-উৰা, চাল-চলন আদিত আনবোৰ নিচিনা নাছিলো যদিও সোনকালেই খাপ খাব ধৰিছিলো ৷

নতুন ল'ৰাজনৰ লগত চা-চিনাকি হ'ল ৷ কথা-বতৰা পাতিবলৈ ধৰিলো ৷ ল'ৰাজন কোনো ডাঙৰ পৰিয়ালৰ ৷ বিদেশতো চিনাকি মানুহ আছে বুলি গম পালো ৷

এদিন কথা প্ৰসঙ্গত ল'ৰাজনে সুধিলে,
"তোমালোকৰ কোনো সম্বন্ধীয় মানুহ বিদেশত থাকে নেকি? "

" থাকে ৷ ইংলেণ্ডত থাকে ৷"
মই ঘপৰাই উত্তৰ দিলো ৷

"হয় নেকি? কোন থাকেনো?"
সি সুধিলে ৷

ময়ো লগেলগে উত্তৰ দিলো ৷
" মাহঁতৰো কোনোবা থাকে, দেউতাহঁতৰো চিনাকি মানুহ আছে ৷"

আচলতে এবাৰ মা-দেউতাই কথাপাতি থাকোঁতে শুনিছিলো  "তেওঁ এতিয়া ইংলেণ্ডত থাকে " বুলি দেউতাই মাক কোৱা ৷  তাৰ আধাৰতে মই ওফাইডাং মাৰি কথাখিনি ক'লো ৷

ল'ৰাজনো কম নহয় ৷ সি আকৌ সুধিলে,
" তোমালোকলৈ চিঠি-পত্ৰ লিখেনে ?"

ময়ো সহজে এৰা ভকত নহয় ৷ আকৌ মিছা উত্তৰ দিলো গভীৰ আত্ম-বিশ্বাস দেখুৱাই ৷ ক'লো,
" লিখে ৷ মাজে-মাজে আমালৈ চিঠি আহি থাকে ৷"

এইবাৰ ল'ৰাজন আচল কথালৈ আহিল ৷ আচলতে বিদেশত সম্বন্ধীয় মানুহ থকাটো ল'ৰাজনৰ বাবে একো ডাঙৰ কথা নাছিল ৷ মোক সোধাৰ কাৰণটো বেলেগহে আছিল ৷ সি ক'লে,

" আগতে অহা চিঠিৰ পৰা ডাক-টিকট কেইটামান খুলি আনি মোক দিব পাৰিবানে ? মই বিভিন্ন দেশৰ ডাক-টিকট গোটাওঁ ৷ সেইটো মোৰ হ'বি ৷ "

"এইবাৰহে মৰিলো ৷ ইমানপৰে মিছাকথাৰ ফুলজাৰি মাৰি আছিলো ৷ এতিয়া বিদেশৰ ডাক-টিকট ক'ৰ পৰা আনি দিওঁ তাক?" মনে মনে চিন্তা কৰিলো ৷ তথাপি হাৰ নামানি ক'লো,

" ঠিক আছে ঘৰত বিচাৰি চাম ৷ মাহঁতে চিঠিবোৰ বা ক'ত থয় নাজানো ৷ তথাপি বিচাৰি চাম ৷"
কথাখিনি কৈ তাৰ ওচৰৰ পৰা পলালো ৷

পিছদিনা ল'ৰাজনে সুধিলে,
" টিকট বিচাৰি পালানে ?"

" নাই, বিচাৰি আছো ৷ পালে দিম দিয়া ৷" ময়ো উত্তৰ দি লাহেকৈ আতৰি গ'লো ৷

ঘৰত দেউতাক সুধিলো ক'ৰবাত বিদেশৰ ডাক-টিকট পোৱা যাবনেকি বুলি ৷ দেউতাই বিশেষ আগ্ৰহ নেদেখুৱালে ৷

তাৰপাছত প্ৰায় প্ৰতিদিনেই ল'ৰাজনৰ সেই একেই প্ৰশ্ন , মোৰো একেই উত্তৰ ৷  এসপ্তাহমান তেনেদৰে পাৰ হ'ল ৷ হয়তো ল'ৰাজনে বুজি পালে মোৰ পৰা টিকট পোৱাৰ আশা নাই বুলি ৷ সুধিবলৈ এৰি দিলে ৷ ময়ো সকাহ পালো ৷

মিছা কথা কৈ নিজক জহাবলৈ গৈ এনেদৰে আৰু বিপদত কেতিয়াও নপৰাৰ সিদ্ধান্ত ল'লো ৷




প্ৰতিকূলৰ পৰা অনুকূল পৰিস্থিতি

প্ৰতিকূলৰ পৰা অনুকূল পৰিস্থিতি
(সাধুকথাৰ চলেৰে গুৰুত্বপূৰ্ণ শিক্ষা )

বহুবছৰ আগৰ কথা ৷ এখন গাৱঁৰ দুখীয়া খেতিয়ক এজনে এজন মহাজনৰ পৰা বুজন পৰিমাণৰ ধন ধাৰে লৈছিল কিন্তু সেই ধাৰ পৰিশোধ কৰিব পৰা নাছিল৷ মহাজনজনে বাৰে বাৰে তাগিদা দি দি বিফল হৈ অৱশেষত খেতিয়কজনৰ আগত এটা প্ৰস্তাৱ ৰাখিলে ৷ তেওঁ ক’লে, খেতিয়কজনে নিজৰ সুন্দৰী ছোৱালীজনীক যদি মহাজনলৈ বিয়া দিয়ে তেনেহলে খেতিয়কজনৰ সকলো ধাৰ ক্ষমা কৰি দিয়া হ’ব ৷

সেই প্ৰস্তাৱ শুনি খেতিয়কৰ লগতে ছোৱালীজনীও অবাক হ’ল, বিপাঙত পৰিল ৷ তেওঁলোক নিমাতে থাকিল ৷ তেতিয়া চতুৰ মহাজনে ক’লে যে ভাগ্যত যি আছে তাকেই হওঁক ৷ তেওঁ নিজে জোৰ নকৰে ৷ তেওঁ ক’লে যে এটা মোনাত তেওঁ দুটা শিল ৰাখিব ৷ এটা বগা আৰু আনটো ক’লা ৷ ছোৱালীজনীয়ে মোনাটোত হাত ভৰাই এটা শিল উলিয়াব লাগিব ৷ যদিহে তাইৰ হাতত ক’লা শিলটো আহে তেনেহলে তাই মহাজনক বিয়া কৰাব লাগিব আৰু তাইৰ দেউতাকৰ সকলো ধাৰ ক্ষমা কৰা হ’ব ৷ যদিহে তাইৰ হাতত বগা শিলটো আহে তেনেহলে তাই বিয়াত বহিব নালাগে কিন্তু তথাপি দেউতাকৰ সকলো ধাৰ ক্ষমা কৰা হ’ব৷ কিন্তু তাই শিল উলিয়াবলৈ অমান্তি হ’লে তাইৰ দেউতাকক কাৰাগাৰত থোৱা হ’ব৷
তেওঁলোক তিনিওজন খেতিয়কজনৰ পথাৰৰ কাষত শিলেৰে ভৰা বাট এটাত থিয় হৈ আছিল ৷ কথা কৈ থকাৰ মাজতে মহাজনজনে তললৈ মূৰ কৰি বাটৰ পৰা দুটা শিল বুটলিবলৈ ধৰিলে৷ তেওঁ শিল বুটলি থাকোঁতে চোকা দৃষ্টিৰ ছোৱালীজনীয়ে লক্ষ্য কৰিলে যে মহাজনে এটা বগা এটা ক’লা নহয়, দুটা ক’লা শিল বুটলি লৈ হাতৰ পাকতে মোনাটোত ভৰাই দিলে৷

মহাজনে ছোৱালীজনীলৈ চাই ক’লে,
“এটা শিল উলিয়াই আনা মোনাটোৰ পৰা ৷”

ছোৱালীজনীয়ে এতিয়া কৰে কি? তাই জানে মোনাৰ ভিতৰত থকা দুয়োটা শিলেই ক’লা বুলি ৷ শিল উলিয়াই আনিলেই তাই বুঢ়া মহাজনক বিয়া কৰিবলৈ বাধ্য হ’ব ৷ আনহাতে শিল উলিয়াবলৈ অমান্তি হ’লে দেউতাক যাব লাগিব কাৰাগাৰলৈ ৷

কিছুসময় মনে মনে থাকি , চিন্তা কৰি ছোৱালীজনীয়ে লাহেকৈ সোঁহাতখন মোনাৰ ভিতৰত ভৰাই দিলে ৷ ভিতৰত থকা শিলদুটাৰ এটা হাতেৰে মুঠি মাৰি ধৰিলে ৷ তাই জানে সেইটো ক’লা শিল বুলি ৷ তাৰপাছত মুঠিমৰা হাতখন লাহেকৈ মোনাৰ পৰা উলিয়াই আনিলে৷ কিন্তু হাতৰ মুঠিটো খোলাৰ আগতেই তাই জানি-বুজি উজুটি খাই বাটত কৰ্ফাল খাই পৰিল ৷ হাতত লোৱা শিলটো বাটত থকা শিলবোৰৰ মাজত মিলি হেৰাই গ’ল ৷ শিলটো বিচাৰি পোৱা অসম্ভৱ হৈ পৰিল ৷

গাৰ কাপোৰ জোকাৰি তাই থিয় দি মহাজনলৈ চালে ৷ মহাজনে কিবা কোৱাৰ আগতেই তাই মাত লগালে,
“ অহ্.. মইযে কি এলাইবাদু ৷ শিলটো বাটত পৰি গ’ল ৷ বিচাৰি পোৱা অসম্ভৱ ৷ কিন্তু কোনো কথা নাই ৷ মোনাত বাকী থকা শিলটো চালেই হ’ল ৷ যদি মোনাত থকা শিলটো ক’লা তেনেহলে মই হাতেৰে উলিয়াই অনা শিলটো বগা আছিল … “

মহাজনে উত্তৰ দিয়াৰ আগতেই তাই হাতখন আকৌ মোনাত ভৰাই দি আনটো শিল উলিয়াই আনিলে৷
“ এয়া চাওক, এইটো ক’লা ৷ তেনেহলে মই বগা শিলটো আনিছিলো৷ গতিকে মই বিয়াৰ পৰা বাচিলো, দেউতাৰ ধাৰো ক্ষমা হ’ল ৷..”

মহাজনো দোমোজাত পৰিল৷  নিজৰ অসততাৰ কথানো তেওঁ স্বীকাৰ কৰে কেনেকৈ ?

এনেদৰেই অতি প্ৰতিকূল পৰিস্থিতিটোও অনুকূল হৈ পৰিল খেতিয়কৰ পৰিয়ালৰ বাবে ৷
(ইন্টাৰনেটৰ পৰা সংগ্ৰহ)


.