At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday, 26 December 2014

পূৰ্বাশঙ্কা... বিপদৰ আগজাননী

পূৰ্বাশঙ্কা.. বিপদৰ আগজাননী

ইংৰাজীত কয় প্ৰিমনিচন বুলি৷ কিবা এটা ঘটনা ঘটিব বুলি কিছুমানলোকে আগতেই কিবা এটা গম পোৱা পৰিঘটনাটোকে পূৰ্বাশঙ্কা বুলি ক’ব পাৰি৷ এই বিষয়ে পঢ়ি আহিছিলো যদিও নিজৰ ক্ষেত্ৰতোযে কেতিয়াবা তেনে ঘটিব ভাবিবই পৰা নাছিলো৷ এবাৰ নহয়, দুবাৰ নহয়, কেবাবাৰো ঘটিছে মোৰ জীৱনত এনে ঘটনা৷

১৯৯০ চন৷ মোৰ ডাঙৰ ল’ৰাটোৰ জন্ম হোৱা কেইমাহমান হৈছে মাথোন৷ সি কোনোমতে থৰক-বৰকৈ বহিব পাৰে৷ এদিন ৰাতি ভাতখোৱাৰ আগে-আগে টেবুলত বহি পঢ়ি আছো৷ কাষৰ কোঠাৰ বিচনাতে পৰি শ্ৰীমতীয়ে আলোচনী এখন মেলি লৈছে৷ কাষতে বিচনাত বহি ল’ৰাটোৱে মোৰ পিনে চাই আছে৷ মইও তাৰপিনে চাই আছো৷ হঠাতে মনলৈ ভাব আহিল সি বিচনাৰ পৰা পৰিব পাৰে৷ মই শ্ৰীমতীক সাবধান কৰি দিয়াৰ আগতেই চকুৰ পচাৰতে মোৰ চকুৰ আগতে সি বিচনাৰ পৰা মূৰ তল কৰি মজিয়াত বাগৰি পৰিল৷

তাৰ কেইমাহমান পিছৰ কথা৷ বঙাইগাঁৱত থকা ডাঙৰ দাদাৰ ঘৰলৈ গৈছো৷ ঘৰটো নতুনকৈ সাজিছে মাথোন৷ বাগেশ্বৰী মন্দিৰৰ কাষেৰে পাৰ হৈ কিছুদূৰ আগবাঢ়ি যাব লাগে৷ নতুনকৈ ঘৰ-বাৰী সাজি আশে-পাশে দুই এঘৰ মানুহ বহিব ধৰিছে৷ দুপৰীয়া ভাত খাই শ্ৰীমতী আৰু কেচুৱা ল’ৰাটো দাদাৰ ঘৰতে থৈ মই অকলে গুৱাহাটীলৈ বুলি ওলাই আহিলো দুইবজাৰ বাছ ধৰিবলৈ৷ আলিবাটৰ পৰা দাদাৰ ঘৰটোলৈ চাই ভাবিলো,
“ঘৰটো বৰ সুবিধাজনক ঠাইত নহয়৷ অতি নিৰ্জন ঠাই৷ ডকাইতি হোৱাৰ ভয় আছে৷” মনত কিবা এটা অজান আশঙ্কা জাগি উঠিল৷
সেইদিনাই ৰাতি দাদাৰ ঘৰলৈ ডকাইত আহিল৷ দাদাহঁতে দুৱাৰ নুখুলিলে৷ হুলস্থূল শুনি কাষৰ অত্যুৎসাহী মানুহ এজন খেদা মাৰি অহাত যেনিবা ডকাইতে বিশেষ একো কৰিব নোৱাৰিলে৷

কিছুদিন পাছৰ কথা৷ জালুকবাৰীৰ পৰা বাছেৰে পাণবজাৰৰ পিনে গৈ আছো৷ ভৰলু থানাৰ সন্মুখত দুৰ্ঘটনাগ্ৰস্ত হোৱা মাৰুতী-৮০০ গাড়ী এখন দেখিলো৷ মটীয়া ৰঙৰ৷ হঠাতে মোৰ সৰু দাদালৈ মনত পৰিল৷  দাদাৰো একেই গাড়ী, ৰঙো একে৷ মনত আশংকা জাগিল: সৰু দাদাৰ কিবা হ’ব পাৰে৷ বেছিদিন বাট চাবলগা নহ’লেই৷ খবৰ পালো, দাদা  একেলগে কাম কৰা মানুহতিনিজনৰ লগত  ৰাতি বিয়া খাই গুৱাহাটীৰ পৰা বঙাইগাঁওলৈ গাড়ীৰে গৈ থাকোঁতে বাইহাটা চাৰিআলিৰ ওচৰত এখন ট্ৰাকৰ লগত মুখা-মুখি সংঘৰ্ষ হয়৷ দাদা দ্ৰাইভাৰৰ কাষৰ চীটতে বহি আছিল৷ শেষ মুহূৰ্তত তেওঁ গাড়ীৰ ষ্টিয়াৰিং আনফালে ঘূৰাই দিয়া বুলিহে কোনোমতে জীৱন ৰক্ষা পৰিল৷ অৱশ্যে কপালখন ভালদৰেই কাট খালে৷


তাৰপিছৰ পৰা মোৰ একো ভাবিবলৈকে ভয় লগা হ’ল৷ কিন্তু আজি কিছুদিন আগতে এনে এটা ঘটনা ঘটি গ’ল যে মোক ভালদৰেই জোকাৰণি দি গ’ল৷ ঘটনাটো ৰাজহুৱা নকৰাই ভাল কিন্তু এই পূৰ্বাশঙ্কা নামৰ আচৰিত পৰিঘটনাটোৱে মোৰযে সহজে লগ নেৰে সেইকথা বুজি পালো৷ 

Wednesday, 24 December 2014

কোন বা আছিল সেই মানুহঘৰ

কোন বা আছিল সেই মানুহঘৰ?

আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চতুৰ্থ নে পঞ্চম বাৰ্ষিকত পঢ়ি আছিলো তেতিয়া৷ ব্ৰহ্মপুত্ৰৰ ওপৰৰ দ্বিতীয়খন দলং অৰ্থাৎ কলীয়া ভোমোৰা দলঙৰ নিৰ্মাণ কাৰ্য তেতিয়া চলি আছিল৷ আমাৰ কলেজৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰসকলে শিক্ষামূলক ভ্ৰমণ হিচাবে সেই নিৰ্মাণকাৰ্য চাবলৈ গৈছিল৷ তেজপুৰৰ পৰা বাছেৰে উভতি আহি থাকোঁতে এজনৰ পেটৰ কমোৰণি আৰম্ভ হ’ল৷ কোনোমতে দাঁত-মুখ কামুৰি চীটত বহি থাকিল আৰু গুৱাহাটী পালেই কামফেৰা সমাধা কৰিম বুলি ভাবি থাকিল৷ কিন্তু লাহে-লাহে অৱস্থা বেয়া হৈ আহিবলৈ ধৰিলে৷ লাজো লাগিল লগৰীয়াবোৰৰ আগত কথাটো কৈ বাছখন ৰখাই দিন-দুপৰতে পথাৰত বহিবলৈ৷

বাছখন আহি মঙ্গলদৈ পাবৰ হ’ল৷ মঙ্গলদৈত কিবা কাৰণত বাছখন বজাৰৰ ওচৰৰ এঠাইত অলপ সময় ৰখাই আকৌ পিছুৱাই আহি বাছখন ঘূৰায়৷ গতিকে পাঁচমিনিটমান সময় পোৱা যাব বুলি তেওঁ বুজিলে আৰু সাজু হৈ থাকিল৷ 

মঙলদৈৰ সেই নিৰ্দিষ্ট ঠাই পোৱাৰ লগেলগে ল’ৰাজন নামিল৷ নামিয়েই ৰাস্তাৰ কাষতে থকা ঘৰ এটালৈ সোমাই গ’ল৷ চোতালত ল’ৰা-ছোৱালীদুটামানে খেলি আছিল৷ ল’ৰাজনে সুধিলে,
“ভন্টি , তোমালোকৰ পায়খানা ক’ত?”
ছোৱালীজনীয়ে হাতেৰে আঙুলিয়াই দেখুৱালে৷ ল’ৰাজন তীব্ৰবেগে সেইফালে ঢাপলি মেলিলে৷ তাৰপাছত একমিনিটৰ ভিতৰতে পেট খালী কৰি চেনিটেৰী পায়খানাৰ পেন ভৰাই দিলে৷ ভিতৰ সোমাওঁতে লগত পানী লৈ যাবলৈ পাহৰিলে৷ ভিতৰত থকা সৰু মগ এটাত থকা অকণমান পানীৰে নিজৰ শৰীৰৰ সেই অংশ অলপ পখালি হাতখন কোনোমতে ধুই পুনৰ ৰাস্তালৈ দৌৰ দিলে৷ ইতিমধ্যে বাছখন ঘূৰোৱা হৈছিল৷ ল’ৰাজন গৈ চীটত বহিল যেন একোৱেই হোৱা নাই, এনে ভাবেৰে৷ বাছখন গুৱাহাটী অভিমুখে ৰাওনা হ’ল৷ সকলো কাম প্ৰায় দুই-তিনি মিনিটৰ ভিতৰতে যুদ্ধকালীন ক্ষিপ্ৰতাৰে সম্পন্ন হৈ গ’ল৷

ল’ৰাজনৰ সেই কাহিনী শুনি আমি হোষ্টেলত বাগৰি বাগৰি হাঁহিলো৷ বেয়া লাগিল সেই মানুহঘৰৰ কথা ভাবিহে৷ ক’ৰ অচিনাকী ল’ৰা এজন আহি পায়খানাটো লেতেৰা কৰি থৈ গ’ল বুলি কিজানি এতিয়াও শাওপাত দি থাকে৷

Tuesday, 23 December 2014

চাকাটু ঘুচ্চে...

চাকাটু ঘুচ্চে….

প্ৰায় গোটেইখন অসমেই চোৱাৰ সুযোগ পালো৷ উজনি-নামনি দুয়োপিনে থাকিও পালো৷ বিভিন্ন ঠাইৰ কথা মনলৈ আহিলে বিভিন্ন কথা মনলৈ আহে৷

মা-দেউতা বৰপেটাৰ যদিও চাকৰিসূত্ৰে বৰপেটাৰ বাহিৰতেই থাকিবলগা হৈছিল বাবে আমি কেতিয়াবাহে বৰপেটালৈ আহিবলৈ সুযোগ পাইছিলো৷ দেউতাৰ মৃত্যুৰ পাছত আমি বৰপেটালৈ গুচি আহো আৰু কীৰ্তনঘৰৰ ওচৰতে ঘৰ এটা ভাড়া লৈ থাকিবলৈ লওঁ৷ বৰপেটাৰ বহুতো কথাই আন ঠাইতকৈ বেলেগ৷ ইয়াৰ মানুহে দৈ আৰু মাছ খাই খুব ভাল পায়৷ বিশেষকৈ কাৱৈ মাছ বৰ প্ৰিয়৷ সেইকাৰণেই বোলে বৰপেটাৰ মানুহৰ বুদ্ধি বৰ প্ৰখৰ৷ তাতে আকৌ ব্যৱসায় বাণিজ্যত অসমৰ ভিতৰতে নামথকা ঠাই৷ উপস্থিত বুদ্ধিও কম নহয়৷ কিন্তু সকলোতকৈ মন কৰিবলগীয়া কথাটো হৈছে ইয়াৰ মানুহৰ ৰসিকতাবোধ৷ তাৰে দুই-এটা উদাহৰণ দিবলৈ মন গ’ল৷

এসময়ত চাইকেলৰ যথেষ্ট প্ৰচলন আছিল৷ এবাৰ এজন মানুহে এঘৰ মানুহৰ তালৈ চাইকেলেৰে আহিছিল৷ ঘৰৰ আগফালে চাইকেলখন থৈ তেখেত ভিতৰ সোমাই গ’ল৷ ৰাস্তাত বহি আছিল কেইটামান চেঙেলীয়া ল’ৰা৷ মানুহজন অলপপাছত ওলাই আহিল আৰু চাইকেলখন লৈ জাপ মাৰি উঠি পেদেল মাৰি আগবাঢ়িব ধৰিলে৷ পিছে-পিছে চেঙেলীয়া ল’ৰা কেইটামান দৌৰিবলৈ ধৰিলে, এইবুলি চিঞৰি চিঞৰি..
“ হাও , পাছোচ্চাকাটু টক টককে ঘুচ্চেয়ে… ঘুচ্চে,, ঘুচ্চে…. ( পাছৰ চকাটো কি টক টককৈ ঘূৰিছে.. ঘূৰিছে.. ঘূৰিছে..)
চাইকেল চলাই যোৱা মানুহজন চাইকেলৰ পৰা নামিল৷ আৰু পাছৰ চকাটো পৰীক্ষা কৰি চালে৷ একো বিসঙ্গতি নেদেখি আকৌ চাইকেল চলাবলৈ ধৰিলে৷ ল’ৰাকেইটাই আকৌ চিঞৰিলে… “ আৰো ঘুচ্চে.. আৰো ঘুচ্চে.. (আকৌ ঘূৰিছে.. আকৌ ঘূৰিছে..)
মানুহজন আকৌ নামিল৷ ল’ৰাকেইজনলৈ চাই সুধিলে:
“ক’ত ঘুচ্চে?”
“চাইকেল চললিতো চাকা ঘুৰবোৱে.. (চাইকেলখন চলিলেতো চকা ঘূৰিবই)” এজন ল’ৰাই মাত দিলে৷ বাকী কেইজনে হাঁহিত যোগ দিলে৷
*****
বিয়াৰ সময়ত বৈথকী পতা নিয়ম এতিয়াও চলি আছে বৰপেটাত৷ সাধাৰণতে তিনিদিনীয়া বিয়া পাতিলে প্ৰথমদিনা তেলৰভাৰ (জোৰোণ), দ্বিতীয়দিনা শূইন আৰু তৃতীয়দিনা মুল বিয়াখন৷ শূইনৰ দিনা ৰাতি বৈথকী পতা হয় বিশেষকৈ হাটীৰ মানুহখিনিৰ মনোৰঞ্জনৰ কাৰণে৷ কেতিয়াবা গোটেই ৰাতি বৈথকী চলে৷ বৈথকীত গান গোৱা কিছুমান স্থানীয় বিখ্যাত লোকো আছে৷

অলপতে বৰপেটাত এখন বৈথকী চাই আছিল গুৱাহাটীৰ পৰা যোৱা মোৰ বন্ধু এজনে৷ এজন বৃদ্ধলোকে গীত পৰিৱেশন কৰিছিল৷ ভূপেন হাজৰিকাৰ গীত অবিকল গাইছিল৷ তেওঁৰ সেই গীত পৰিৱেশনত অভিভূত হৈ গুৱাহাটীৰ পৰা যোৱা বন্ধুজনে মন্তব্য কৰিলে,
“ কি সুন্দৰ গাইছে৷ এই বুঢ়া বয়সতো ইমান সুন্দৰ গলা৷ এই বয়সতো ইমান ধুনীয়া গাইছে৷ বিশ্বাসেই নহয়৷”
কাষত বহি থকা মানুহজনে মাত লগালে,
“ বান্দাৰ বুৰা হ’লি গাছোত উঠবা পাহেৰবোনা?.. “ (বান্দৰ বুঢ়া হ’লে জানো গছত উঠিবলৈ পাহৰি যাব)
কি উপস্থিত বুদ্ধি, কি ৰসবোধ, কি উপমা !!!
*****
দুজনী ছোৱালী ৰাস্তাৰে আহি আছিল৷ তাৰে এজনী যথেষ্ট দেখনিয়াৰ আনগৰাকী কিম্ভূত-কিমাকাৰ৷ কিম্ভূত-কিমাকাৰ গৰাকীয়ে মুখত যিমান পাৰে স্নো-পাউদাৰ-লিপষ্টিক আদি লগাই আহিছিল৷ আনহাতে দেখাত সুন্দৰীগৰাকীয়ে কোনো ধৰণৰ চূণকাম নকৰি অতি সাধাৰণভাবে আহিছিল৷ দুজন ডেকাই দূৰৰ পৰাই আহি থকা দুয়োগৰাকী ছোৱালীলৈ লক্ষ্য কৰি আছিল৷ ছোৱালী দুগৰাকী আহি একেবাৰে ওচৰ পালে৷ অতিপাত ধুন-পেচ মাৰি অহা কিম্ভূত-কিমাকাৰ ছোৱালীগৰাকীলৈ লক্ষ্য কৰি এজনে মন্তব্য কৰিলে,
“ হলিও বুইন্দাটু পাম দিলি আৰো ৰসগোল্লা হবা পাৰবোনা?” (বুন্দিয়া এটা পাম দিলে জানো ৰসগোল্লা হ’ব পাৰিব?)

******

Monday, 22 December 2014

কিয়ে, তুহাৰ ভায়ে দেহুন কিবা ভাড়া দিয়ে ৱে...


কিয়ে, তুহাৰ ভায়ে দেহুন কিবা ভাড়া দিয়ে ৱে…

সৰু কথা যদিও হয়তো ডাঙৰ কথা ৷ মামা এজনে আৰক্ষী বিভাগত কাম কৰিছিল ৷ মাজতে সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ আছিল৷ তেতিয়া আমি বৰপেটাত৷ বৰপেটালৈ তেওঁ প্ৰায়ে আহিছিল৷ নিজৰ স্কুটাৰ এখন আছিল যদিও প্ৰায়েই বাছেৰে অহা-যোৱা কৰিছিল৷ মামাহঁতৰ মূল ঘৰ বৰপেটাৰ দক্ষিণ হাটীত৷ তাতে তেওঁলোকৰ খুড়াক আৰু জেঠায়েকৰ পৰিয়াল থাকে৷ বৰপেটা সৰু ঠাই ৷ সকলোৱে সকলোকে চিনি পায়৷ মামাক চিনি পাবলৈও বেছি সময় নালাগিল সৰ্থেবাৰী হৈ বৰপেটালৈ অহা বাছবোৰৰ৷ এদিন মামা বাছেৰে আহি আছিল৷ কণ্ডাক্টৰে সকলোৰে ভাড়া ল’লে কিন্তু মামাৰ পৰা ভাড়া নুখুজিলে৷ বৰপেটা পাবৰ হ’ল৷ মামাই কণ্ডাক্টৰজনক মাতিলে৷

“কি দিয়ক?” কণ্ডাক্টৰজনে সুধিলে৷

“ মোৰ ভাড়াটো ল’ক৷ নামবাৰে হ’ল দেহুন৷” মামাই ক’লে৷

কণ্ডাক্টৰজনে ক’লে, “ ভাড়া? নালগে দ'ক৷”

“ কিয়’ নালগে? ল’ক ভাড়া” বুলি মামাই নোট এখন আগবঢ়াই দিলে৷

কণ্ডাক্টৰজন বিপাঙত পৰিল৷ মামাই নেৰে৷ ভাড়া দিহে এৰিলে৷

কণ্ডাক্টৰজনে যেন কিবা এটা ডাঙৰ অপৰাধহে কৰিলে এনে ভাবেৰে আবেলি দক্ষিণহাটীত থকা মামাৰ সম্বন্ধীয় ভায়েক  এজনৰ ওচৰলৈ আহিল৷ তেওঁ ক’লে,

“ কিয়ে, তুহাৰ ভায়ে দেহুন কিবা ভাড়া দিয়ে ৱে..”

“ আমাৰ সি সেনেৱে.. ভাড়া দিলি লবি৷ তই নুখুজবি..” তেখেতে গৌৰৱ মিহলি ভাবেৰে পৰামৰ্শ দিলে৷

কথাষাৰ আমাৰ কাণত পৰাত মামাক সুধিছিলো ভাড়া যদি নলয় কিয়নো জোৰকৈ দিব লাগে বুলি৷

মামাই উত্তৰ দিছিল, “ পুলিচত কাম কৰিলো বুলি মোৰ ভাড়া নালাগে বুলি ক’ত লিখা আছে? আজি ভাড়া নলব, কালি মোৰ পৰা কিবা ফেভাৰ বিচাৰিব৷ , নহলে বদনাম কৰিব.... ইত্যাদি , ইত্যাদি…”

আমি বুজি পালো৷ ভাল লাগিছিল মামাৰ কথাবোৰ শুনি৷

Wednesday, 17 December 2014

এটি বানান আৰু সন্মান..

এটি বানান আৰু সন্মান..

জীৱনত বহুজনকেই পালো শিক্ষক হিচাবে৷ নগাঁৱৰ ওচৰৰ শেনচোৱাৰ নামৰ ঠাইত শিক্ষাজীৱন আৰম্ভ কৰি, ক্ৰমে তিতাবৰ, শ্বিলং, বৰপেটা, গুৱাহাটী, চেন্নাই হৈ দিল্লীত মোৰ আনুষ্ঠানিক শিক্ষাজীৱনৰ সমাপ্তি ঘটে৷ বিভিন্ন ঠাইৰ বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহত লগপোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰায় সকলোকে মনত পৰে এতিয়াও৷কিন্তু সেইসকলৰ মাজৰে কিছুমানৰ কথা বেছিকৈ মনলৈ আহে কিছুমান বিশেষ ঘটনাৰ বাবে৷ তেনে এগৰাকী শিক্ষক আছিল বৰপেটা বিদ্যাপীঠৰ তৰণীসেন দাসছাৰ৷ গোটেই স্কুলখনেই বিশেষভাবে সন্মান কৰিছিল তেখেতক৷ ইংৰাজী বিষয়ত তেখেতৰ আছিল অগাধ জ্ঞান৷ সুন্দৰ গীতো পৰিবেশন কৰিছিল৷ এবাৰ স্কুলৰ এক বিশেষ অনুষ্ঠানত তেখেতে নিজে হাৰমনিয়াম বজাই পৰিৱেশন কৰা ভূপেন হাজৰিকাৰ “মোৰ একেটি সুৰত বাঁহীটি বন্ধা” গানটো এতিয়াও কাণত বাজি থাকে৷ মুঠতে তেখেত আছিল বহুমুখী প্ৰতিভাৰ ভঁড়ালস্বৰূপ৷ তেখেতৰ ডাঙৰ-ডাঙৰ, ৰঙা-ৰঙা চকুলৈ চাই কথা ক’বলৈ কিন্তু কোনো ছাত্ৰৰেই সাহস নাছিল৷

১৯৭১ চন৷ তেতিয়া মই ষষ্ঠ শ্ৰেণীত৷ অসমীয়া শ্ৰুতলিপিৰ পিৰিয়ড৷ শ্ৰেণীলৈ আহিল তৰণীসেন দাসছাৰ৷ সকলো ভয়ত নিমাত৷ ছাৰে শ্ৰুতলিপি দিলে৷ আমি লিখিলো৷ ছাৰে এখন এখনকৈ বহী পৰীক্ষা কৰিলে৷ মোৰ বহীত এটা বানান ভুল পালে৷ বানানটো আছিল “অটল” , ছাৰে কাটি দি ক’লে যে সেইটো হ’ব লাগে “অতল” ৷ মই সাহ কৰি আপত্তি কৰি ক’লো, “ছাৰ মই ইমানদিনে ‘অটল’ বুলিহে পাই আহিছো ৷” ছাৰে একো নক’লে৷ যথাসময়ত পিৰিয়ড শেষ হ’ল৷ ছাৰ গ’লগৈ৷ দুপৰীয়াৰ বিৰতিৰ পাছত আকৌ পাঠদান আৰম্ভ হ’ল৷ আমাৰ শ্ৰেণীলৈ পিয়ন এজন আহি পাঠদান কৰি থকা শিক্ষকগৰাকীক ক’লে তৰণীছাৰে মোক মতা বুলি৷ মই ভয়ে ভয়ে বাহিৰ ওলালো৷ ছাৰৰ লগত তৰ্ক কৰা বুলি ভাবি ছাৰে বেয়া পালে নেকি বাৰু? ভাবি ভয় লাগিল৷ বাহিৰ ওলাই দূৰৰ পৰাই দেখিলো ছাৰ অফিচলৈ উঠি যোৱা চিৰিৰ কাষত ৰৈ আছে৷ মই চুচুক-চামাককৈ ছাৰৰ ওচৰ পালোঁগৈ৷ চাওঁ-নাচাওঁকৈ তেখেতৰ বাঘৰ নিচিনা ভয়ানক চকুদুটাৰ পিনে চালো৷ 
একো পাতনি নেমেলি ছাৰে মোলৈ চাই ক’লে,
“মই অভিধানত চালোঁ৷ অতল আৰু অটল দুয়োটা বানানেই আছে৷ তোৰ ভুল হোৱা নাছিল যা৷”
মই একো নকৈ শ্ৰেণীকোঁঠাৰ পিনে খোজ ল’লো৷ কিন্তু ছাৰৰ প্ৰতি মোৰ শ্ৰদ্ধা-ভক্তি সহস্ৰগুণে বাঢ়ি গ’ল৷


Friday, 12 December 2014

ইতিবাচক চিন্তাৰ এটি উদাহৰণ..

তোলনীয়া পুত্ৰ: ইতিবাচক চিন্তাৰ এটি উদাহৰণ..

ৰূপক  হাজৰিকা দম্পতীৰ তোলনীয়া ল'ৰা৷ সেইকথা সি জানে৷ অনাথ-আশ্ৰমৰ পৰা তাক হাজৰিকা দম্পতীয়ে লৈ অহা দিনটোৰ কথাও তাৰ অলপ-অচৰপ মনত পৰিব খোজে৷
নতুনকৈ লাভকৰা ঘৰখনত তাক নতুন মাক-দেউতাকে মৰমেৰে ওপচাই ৰাখিছে৷ এতিয়া সি স্কুললৈ যাবলৈ লৈছে৷ স্কুলত তাৰ বিষয়ে লাহে লাহে সমনীয়া সকলোৱে গম পালে যে সি আচলতে তোলনীয়া ল'ৰাহে৷ আচলতে সি হাজৰিকা পৰিয়ালৰ সন্তান নহয়৷ কথাটো সিও কেতিয়াও গোপন কৰিবলৈ চেষ্টা কৰা নাই যদিও বাকীল'ৰাবোৰে তাক অলপ বেলেগ দৃষ্টিৰে চাবলৈ ধৰিলে৷ সি যেন অলপ বেলেগ৷ তাৰ আচল মাক-দেউতাক বা কোন আছিল৷ তাক কিয় অনাথ-আশ্ৰমত থৈ গৈছিল ইত্যাদি নানা-ধৰণৰ চিন্তা সকলোৰে মনলৈ আহি থাকে ৷ কিছুমানে তাক অলপ ঠাট্টা-মস্কৰাও কৰে৷ সি কিন্তু হাঁহি উৰুৱাই দিয়ে৷
এদিন শ্ৰেণীৰ অতিপাত দুষ্ট ল'ৰাটোৱে পিছৰ বেঞ্চৰ পৰা তাক তোলনীয়া, তোলনীয়া বুলি জোকাই আছিল৷ সাধাৰণতে ৰূপকে একো প্ৰতিক্ৰিয়া প্ৰদৰ্শন নকৰে৷ কিন্তু সেইদিনা অতীষ্ঠ হৈ সি জোকাই থকা ল'ৰাটোলৈ উভতি চাই ক'লে,
: "মই তোলনীয়া ল'ৰা বুলি সকলোৱে জানে৷ সেইটোনো কি লাজৰ কথা? মোৰ বাবে গৌৰৱৰহে কথা৷ অনাথ আশ্ৰমত থকা ইমানবোৰ ল'ৰাৰ পৰা বাছি বাছি মোকহে লৈ আহিছিল মোৰ মা-দেউতাই৷ তাৰমানে মই নিশ্চয় কিবা বিশেষ গুণৰ অধিকাৰী৷ মই স্পেচিয়েল৷
পিছে তোমাৰ মা-দেউতালৈহে বেয়া লাগে৷ তোমাৰ নিচিনা দুষ্ট ল'ৰা এটাক লৈয়েই সন্তুষ্ট থাকিবলগা হ'ল৷ "

কথাখিনি শুনি সকলো নিমাত হ'ল৷


Tuesday, 9 December 2014

সেই দিনবোৰ ..

সেই দিনবোৰ..


কিযে দিন আছিল সেইবোৰ....
সকলোৰে হাতত ঘড়ী হয়তো নাছিল কিন্তু সকলোৰে হাতত সময় আছিল৷
কথা-বতৰাত শালীনতা আছিল, ইংৰাজী কেৱল মদখোৱাৰ পাছতহে মুখেৰে ওলাইছিল৷
সকলো ঠাইতে খো খো, কাবাডি আদি খেল হৈছিল; আজিকালি সংসদতহে হয়৷
চিনেমাৰ নায়িকাই টকা কমকৈ পাইছিল কিন্তু কাপোৰ বেছিকৈ কিনিবলৈ টকা আছিল৷
মানুহে খোজকাঢ়ি ফুৰিছিল, পদযাত্ৰা কৰিছিল কিন্তু সেই পদযাত্ৰা ক্ষমতালৈ আহিবৰ বাবে নাছিল৷
চিঠি-পত্ৰৰ আদান প্ৰদান হৈছিল৷ তাত বানান বা ব্যাকৰণ হয়তো ভুল হৈছিল কিন্তু আচৰণ শুদ্ধ আছিল৷


ঘৰত ডাইনিং টেবুল নাছিল৷ সকলোৱে একেলগে পীৰাত বহি ভাত খাইছিল৷
সঁচাকৈয়ে ভালদিন আছিল সেইবোৰ৷
সেইদিনবোৰ আকৌ ঘুৰাই পোৱাহেতেন !!!!

(বন্ধু এজনৰ পোষ্ট এটাৰ আধাৰত)


Monday, 8 December 2014

সমান অধিকাৰ.. কিহৰ বাবে?

সমান অধিকাৰ… কিহৰ বাবে?

ভাৰতৰ যে চাকৰি কৰা নাই৷ কি কি যে পৰিস্থিতিৰ সম্মুখীন হোৱা নাই !

তেতিয়া মই অকলে অসমৰ বাহিৰত আৰু পৰিয়াল গুৱাহাটীত৷সৰু ৰাটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ওচৰ চাপি অহাত মইও অসমৰ ওচৰ চাপোঁ বুলি পশ্চিমবঙ্গৰ ইঞ্জিনিয়াৰিং কলেজ এখনলৈ আহিলো প্ৰিন্সিপাল হিচাবে৷ হাওড়াৰ পৰা প্ৰায় পঞ্চাশ কিলোমিটাৰ দূৰ৷ মোটামুটি কলিকতা বুলিয়েই ধৰিব পাৰি৷ কলেজখনত পশ্চিমবঙ্গৰ লগতে ঝাৰখণ্ড আৰু বিহাৰৰো ছাত্ৰ-ছাত্ৰী অনেক৷ প্ৰায় দুহেজাৰ ছাত্ৰ-ছাত্ৰী৷ সমস্যাও অনেক৷ মোৰ আগৰ প্ৰিন্সিপালজন হেনো মাত্ৰ তিনিদিন থাকিয়েই বিদায় লৈছিল মই চাকৰিত যোগদান কৰাৰ পাছতহে কথাটো গম পালো৷ এজন ৰাহেনো ফেল কৰিছিল৷ কলেজৰ পৰা ইন্টাৰনেল নম্বৰ বেছিকৈ দিলে ৰাটো ফেল নকৰিলেহেতেন, গতিকে কিয় কম নম্বৰ দিছিল বুলি ছাত্ৰ-ছাত্ৰীৰ প্ৰচণ্ড আন্দোলন হৈছিল৷ কলেজৰ প্ৰায় ৩০০ টামান কম্পিউটাৰ  ভাঙি পেলাইছিল হেনো৷ প্ৰিন্সিপালৰ কোঁঠাটোও হেনো জ্বলাই দিছিল৷ মোক সেই কোঁঠাতে বহিবলৈ দিয়া ল৷ কিমান দিন তিষ্ঠিব পাৰো ঠিক নাই বুলি ঈশ্বৰৰ নাম লৈ মই কাম আৰম্ভ কৰিলো৷

সমস্যাৰ মুখামুখি বলগা প্ৰায় তিনিদিন পিছৰ পৰাই৷ আৰম্ভ হ'ল এটাৰ পিছত এটাকৈ লানি নিছিগা ঘটনাক্ৰম৷

ইন্টাৰনেল নম্বৰৰ বাবে পৰীক্ষা আৰম্ভ সেইদিনা৷ মই মোৰ কোঁঠাত ভাইচ প্ৰিন্সিপালৰ সৈতে বহি আছো৷ হঠাতে প্ৰচণ্ড হুলস্থূল আৰম্ভ ল৷ লগতে খিৰিকিৰ আয়না ভঙাৰ শব্দ৷ ধুম-ধাম, খিটলিং-খাটলাং৷ কিনো হৈছে বুলি আমি চাবলৈ যাবলৈ ওলালোঁ পিছে কোঁঠাৰ পৰা বাহিৰ ওলাবলৈ নাপালোৱেই৷ ওপৰ মহলাৰ পৰা হুৰহুৰাই নামি আহিল এজাক ৰা-ছোৱালী৷ ছোৱালীকেইগৰাকীমান আগত৷ আহিয়েই মোক দুৱাৰমুখতে ভেটা দি ধৰিলে৷

কি হৈছে?তোমালোক কোন ক্লাচৰ?” মই গহীন ভাবে সুধিলো৷

আমি আই. টি. থাৰ্ড চেমেস্টাৰ”, ছোৱালী এজনীয়ে লে৷

কি হৈছে? কিহৰ ইমান গণ্ডগোল?”

চাৰ এইখন কলেজত সকলোৰে লগত সমান ব্যৱহাৰ কিয় কৰা হোৱা নাই?” ছোৱালীজনীয়ে যথেষ্ট জোৰেৰে চিঞৰি চিঞৰি লে৷

কি সমান ব্যৱহাৰ?” মই গহীনভাবেই সুধিলো৷

চাৰ ফাইনাল ইয়েৰৰ স্টুডেন্ট বিলাকে এখন বেঞ্চত পাঁচজনকৈ বহি পৰীক্ষা দি আছে৷ আমাক কিয় দুটা দুটাকৈ বহুউৱা হৈছে? আমাকো পাঁচটাকে  বহিবলৈ দিব লাগিব৷ছোৱালীজনীয়ে দাবী কৰি লে৷ বাকী সকলোৱে তাইৰ কথাত হয়ভৰ দিলে৷

মনতে ভাবিলো, কি আজৱ কাণ্ড ! এখন বেঞ্চত পাঁচজনকৈ বহিবলৈ লাগে যাতে ইটোৱে সিটোৰ পৰা চাই চাই লিখিব পাৰে৷ নকল কৰাৰ বাবে সমান অধিকাৰ লাগে সকলোকে৷
বঙালীত কথাকোৱাত মই তেতিয়াও পাৰ্গত হোৱা নাছিলো বাবে ভাইচ প্ৰিন্সিপালজনেই নিজৰ কলিকতীয়া ষ্টাইলত ভালদৰে গালি বৰ্ষণ কৰিলে ছাত্ৰ-ছাত্ৰীবোৰক৷

ঠিক আছে, “মই লাহেকৈ লো, “কাইলেৰ পৰা চিনিয়ৰবোৰকো দুজন-দুজনকৈ বহুউৱা ব৷ তেতিয়াতো আপত্তি নাই?”


ঘটনাটো বেছি আগনাবাঢ়িল৷ সিমানতে নিয়ন্ত্ৰণ ল৷ নকল কৰিবলৈ সুযোগ দিব লাগে বুলি কোনো লাজ নকৰি. বৰং দাবী কৰি ক’বলৈ সাহস কৰা সেই ছাত্ৰ-ছাত্ৰীসকলে কিন্তু আজি চলি থকা বহুতো কথাই উদঙাই দিলে৷