At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 21 January 2015

যেনে দেশ তেনে ভেশ

যেনে দেশ তেনে ভেশ..

বেলেগ বেলেগ দেশৰ ৰীতি-নীতি, বিশ্বাস আদি বেলেগ-বেলেগ হ’ব পাৰে৷ হয়তো কেতিয়াও তেনেকুৱা পৰিৱেশৰ মাজলৈ যাবলগীয়া আমাৰ নহ’ব পাৰে কিন্তু তেনে বিভিন্নতাবোৰৰ বিষয়ে জানি থোৱা নিশ্চয় লাভজনক৷ ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তেনে কিছুমান ৰীতি, বিশ্বাস বা সৌজন্যতামূলক আচৰণ আদিৰ কথা ইয়াত চমুকৈ উল্লেখ কৰা হৈছে:
১)কোৰিয়াৰ লোকসকলে খাবলৈ বহিলে সকলোতকৈ বয়োজ্যেষ্ঠজনে খাবলৈ আৰম্ভ নকৰালৈকে কোনেও খাবলৈ আৰম্ভ নকৰে৷
২)ইটালীদেশত খাবলৈ বহাৰ পাছত অতিৰিক্ত ভাবে চীজ নুখুজিব৷ তেনে কৰিলে চেফজনে ভালদৰে ৰান্ধিব নজনা যেন দেখুৱাই তেওঁক অপমান কৰাৰ দৰে হয়৷
৩) ফ্ৰান্সত আপুনি খুব খৰখেদাকৈ, গোগ্ৰাসে গিলি খোৱা কাম সমাপ্ত কৰিবলৈ চেষ্টা নকৰিব কাৰণ তেনে কৰাটো খুব অমাৰ্জিত ব্যৱহাৰ বুলি গণ্য কৰা হয়৷
৪)জাপানত খোৱাৰ সময়ত কোনোবাই কিবা খুজিলে চপষ্টিকেৰে দিবলৈ চেষ্টা নকৰিব৷ সেইটো অসন্মানজনক বুলি বিবেচনা কৰা হয়৷
৫)জামাইকাৰ মানুহে বিশ্বাস কৰে যে কেঁচুৱাই কথা ক’বলৈ শিকাৰ আগতে যদি কুকুৰাৰ মাংস খায় তেনেহলে কেতিয়াও কথা ক’ব নোৱাৰিব৷ অৰ্থাৎ কেঁচুৱাক কুকুৰাৰ মাংস নুখুৱাব৷
৬) দক্ষিণ কোৰিয়াত যেতিয়া আপুনি কিবা পনীয়া বস্তু পান কৰে তেতিয়া মূৰটো ঘূৰাই বেলেগ ফালে চাব৷
৭) ফ্ৰান্সত হোটেল-ৰেষ্টোঁৰা আদিত খোৱাৰ বিল দিওঁতে গোটেইখিনি দিয়ক, দুই-তিনিজন লগ হৈ আংশিক বাবে নিদিব৷ তেনে কৰাটো লাজলগা কথা বুলি ধৰা হয়৷
৮) নাইজেৰিয়াৰ মানুহে বিশ্বাস কৰে যে কণী খোৱা সৰু ল’ৰা-ছোৱালীবোৰ ডাঙৰ হ’লে চোৰ হয়৷ গতিকে সৰু ল’ৰা-ছোৱালীক নাইজেৰিয়াৰ মানুহে কণী নুখুৱায়৷
৯) ইজিপ্তত খাবলৈ বহাৰ পাছত নিমখদানিটো হাতত নল’ব৷ তেনে কৰিলে চেফজনক অপমান কৰা হ’ব৷
১০)চীন দেশত আপোনাৰ চপষ্টিক কাৰো পিনে পোনাই নাৰাখিব৷
১১) ৰাচিয়াত ভদকাৰ খালি বটলবোৰ মজিয়াত ৰাখিব লাগে৷ খালি বটলটো টেবুলত থোৱা মানে দুৰ্ভাগ্য মাতি অনা বুলি ভবা হয়৷
১২) খাজাখিস্তানত কাৰোবাৰ ঘৰত আপোনাক চাহ খাবলৈ দিলে আধা কাপ দিয়া দেখি আচৰিত নহ’ব৷ পূৰা কাপ নুখুজিব কাৰণ কাপটো ভৰাই দিয়া মানে গৃহস্থই আপোনাক বিদায় দিয়াটো বুজায়৷
১৩) ইটালীত হেনো কোনোবাই খাবলৈ মাতিলে খোৱাৰ সময়ত প্ৰথমতে অতি ভদ্ৰভাবে নালাগে বুলি ক’ব লাগে কিন্তু আপোনাক দ্বিতীয়বাৰ খোৱা-বস্তু দিবই আৰু আপুনি মানা নকৰিব৷
১৪) ৰাচিয়াত খোৱা চুৰিখনৰ পৰা একো চেলেকি নাখাব৷ তেনে কৰাটো অতি অভদ্ৰ আচৰণ বুলি গণ্য কৰা হয়৷
১৫) ইংলণ্ডত যেতিয়া আপুনি চুপ খায় তেতিয়া চুপৰ বাওলটো আপোনাৰ গাৰ পৰা বিপৰীত দিশে অৰ্থাৎ সন্মুখৰ পিনে অলপ বেঁকা কৰি লৈ চামুচখনো গাৰ পৰা সন্মুখৰ পিনে আগবঢ়াই নি চুপ তুলি নি খাব লাগে৷
১৬) চিলিত একো বস্তুৱেই হাতেৰে নাখাব, আনকি পিজাও৷
১৭) এস্টোনিয়াত মাটিত পৰা ৰুটিডোখৰ দলিয়াই পেলোৱাৰ আগতে ৰুটিডোখৰক চুমা এটা খাবলৈ নাপাহৰিব৷
১৮) চীনদেশৰ মানুহে বিশ্বাস কৰে যে দীঘল নুদল মানে দীঘল জীৱন৷ গতিকে নুদল খাবৰ সময়ত চুটি কৰি কৰি নাখাব৷ যিমান দীঘল তেনেকৈয়ে ৰাখি খাওক৷
১৯) ইণ্ডোনেচিয়াত আকৌ আপুনি খোৱাৰ সময়ত সকলো সময়তে আপোনাৰ হাত দুখত টেবুলত ৰাখি থ’বলৈ শিকক৷
২০)টাঞ্জানিয়াত আকৌ আপোনাক নিশাৰ আহাৰলৈ মাতিলে ২০ মিনিট পলমকৈ যাব৷ সোনকালে গ’লে গৃহস্থক অপমান কৰাৰ দৰে হয়৷

(ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰি লিখা হৈছে)

No comments:

Post a Comment