At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 5 January 2015

সৰু ভাৰত-ডাঙৰ ভাৰত

সৰু ভাৰত-ডাঙৰ ভাৰত

(এক)
ভালেমান দিন আগৰ কথা৷ লাখটকীয়াৰ মীৰ মাৰ্কেটৰ দোকান এখনলৈ কিবা এটা বিচাৰি গৈছিলো৷ দোকানত আছিল প্ৰায় পশিছ বছৰীয়া যুৱক এজন৷ মই গৈ অসমীয়াতে সুধিলো৷ ডেকাজনে হিন্দীতে উত্তৰ দিলে৷ মই আকৌ অসমীয়াতে সুধিলো৷ তেওঁ আকৌ হিন্দীতে ক’লে৷

“আপুনি অসমীয়া নাজানে নেকি? অসমত থাকি অসমীয়া নাজানেনে?” মই সুধিলো৷

ডেকাজনে লগে লগে উত্তৰ দিলে,

“আপ ভাৰত মে ৰেহতে হো, ফিৰ হিন্দী নেহি জানতে হো” (আপুনি ভাৰতত থাকিও হিন্দী নাজানেনে?

ডেকাজনে সঁচাকৈয়ে অসমীয়া নাজানিছিল নে ইচ্ছা কৰিয়েই কেৱল হিন্দীত উত্তৰ দিছিল নুবুজিলো, কিন্তু ডেকাজনৰ লগত বিশেষ একো তৰ্ক নকৰি একো নিকিনাকৈ বাহিৰ ওলাই আহিলো৷ অসমত থাকিলেও অসমীয়া নাজানিলেও হ’ব কিন্তু হিন্দী জানিবই লাগিব কাৰণ অসমখন ভাৰতত৷ হিন্দীভাষীজনৰ মনোভাৱটো ভালদৰে বুজি পালো৷

(দুই)

প্ৰায় দহবছৰৰ মূৰত এবাৰ চেন্নাইলৈ গৈছিলো৷ দহবছৰতে মোৰ বাবে চেন্নাইখনৰ সকলো সলনি হৈ যোৱা যেন লাগিছিল৷ আগৰ ঠাইবোৰ চিনি নোপোৱা হৈ পৰিল৷ এদিন আবেলি এঠাইলৈ গৈছিলো৷ উভতি আহিবলৈ বাছ এখনত উঠি দেখাত শিক্ষিত যেন লগা ডেকা এজনক ইংৰাজীতে সুধিলো,

“ এইখন আডায়াৰলৈ যাব নহয়?”

ডেকাজনে তামিল ভাষাৰে কিবা-কিবি ক’লে৷ মই আকৌ সুধিলো ইংৰাজীতে৷ ডেকাজনে এইবাৰ তামিল ভাষাৰে মোক গালি পাৰিহে কিবা কোৱাৰ নিচিনা লাগিল৷ মই বাছখনৰ পৰা নামি দিলো৷ প্ৰায় দহ-পোন্ধৰ মিনিটমান অপেক্ষা কৰি আন এখন বাছত উঠিলো এজন ভদ্ৰলোকৰ পৰা বাছৰ নম্বৰ জানি লৈ৷

(তিনি)
চাকৰিসূত্ৰ ৰাজস্থানৰ আবুৰোডত থকা সময়ৰ কথা৷ আবুৰোডৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰত আমীৰগড়৷ তাৰ পৰাই আৰম্ভ হয় গুজৰাট৷ তাৰপৰা আহমেদাবাদলৈ প্ৰায় দুশ কিলোমিটাৰ৷ গুৱাহাটীলৈ আহিবলৈ আহমেদাবাদৰ পৰাই উৰাজাহাজত উঠো৷ এবাৰ আহমেদাবাদৰ পৰা বাছেৰে আবুৰোডলৈ আহিবৰ বাবে গীতামন্দিৰত থকা বাছ আস্থান পালোঁগৈ৷ অতি খেলি-মেলি আস্থান এটা৷ চাৰিওফালে কেৱল গুজাৰটীতে লিখা আছে৷ হিন্দীতো দূৰৰে কথা ইংৰাজী আখৰ এটাও নাই৷ গুজৰাটী পঢ়িব নজনা মানুহে গুজৰাটত বেলেগ মানুহক সুধিবলৈ বাধ্য৷ কাউন্টাৰ এটালৈ গৈ হিন্দীতে সুধিলো৷ হিন্দী গুজৰাটী মিহলি উত্তৰ পালো৷ ভালদৰে বুজি নাপাই ইফালে-সিফালে অলপ ঘূৰি চাই এটা প্লেটফৰ্মৰ কাষত ৰাজস্থান চৰকাৰৰ বাছ দেখি অতি উৎসাহেৰে আগবাঢ়ি গ’লো৷ কণ্ডাক্টৰৰ লগত ভালদৰে কথা পাতিব পাৰি সকাহ পালো৷ বাছেৰে আহোঁতে ওৰে বাটে কেৱল গুজৰাটী আখৰহে দেখিলো৷ আমীৰগড় পাৰ হৈয়েই যেতিয়া প্ৰথমখন হিন্দী চাইনবোৰ্ড চকুত পৰিল এনেহে লাগিল যেন নিজৰ ঘৰলৈহে উভতি আহিলো৷ হিন্দী ভাষাটো সেইদিনাৰ সমান আপোন আগতে কেতিয়াও লগা নাছিল৷

(চাৰি)
ৰাজস্থান এৰি চাকৰিসূত্ৰে গুজৰাট পালোঁহি৷ গুজৰাটী ভাষা শিকিবই লাগিব বুলি বুজি কিতাপ এখন গোটাই ল’লো৷ অন্ততঃ চাইনবোৰ্ড আদি পঢ়িব পৰা হ’লো৷ শুনি শুনি কথা-বতৰাবোৰো আধা-আধি বুজি পোৱা হ’লো৷ ছাত্ৰ-ছাত্ৰীসকলে হিন্দী বুজি পায় আৰু ভালদৰেই কয় কিন্তু কৰ্মচাৰীবোৰৰ লগতহে , বিশেষকৈ পিয়ন-চকীদাৰ-ৰান্ধনি আদিৰ লগতহে কথা পতাত অসুবিধা হয়৷ গুজৰাটৰ সকলো চৰকাৰী কাগজ-পত্ৰ গুজৰাটী ভাষাতে আহে৷ ক’ৰবাত চহী কৰিবলগীয়া থাকিলে কাকো নোসোধাকৈ চহী কৰিব পৰা হ’লো৷ আমাৰ অসমত অসমীয়া ভাষাই সেই স্থান কেতিয়াও নাপালে আৰু পোৱাৰ কোনো আশা হয়তো নাই৷

(পাঁচ)
কিছুদিন আগতে কিবা এটা কামত গুজৰাটৰ চুৰাটলৈ গৈছিলো৷ ষ্টেচনৰ পৰা নামি অটো এখনত উঠিলো৷ কথাবতৰা হিন্দীতেই পাতিলো৷ কথাপাতি গম পালো অটোচালকজন উত্তৰ প্ৰদেশৰ বুলি৷ মোৰ কামটো শেষ কৰি কিবা এটা খাওঁ বুলি সৰু দোকান এখনত সোমালো৷ কথাৰ সুৰতেই গম পালো দোকানীজন পূব-উত্তৰ প্ৰদেশৰ বুলি৷

“ আপুনি উত্তৰ প্ৰদেশৰ নেকি?” মই সুধিলো৷

“হয়৷”

“ ক’ৰ? গাজীপুৰ?” এনেই কণাৰ ফৰ্মুটি এটা মাৰি চালো৷

“ নহয়, এলাহাবাদৰ ওচৰৰ গাওঁ এখনত ঘৰ৷”

“ ইয়াত উত্তৰ প্ৰদেশৰ মানুহ বহুত আছে৷”

“ হয়৷ বহুত ৷ বহু লাখ হ’ব৷” দোকানীজনে উত্তৰ দিলে৷

“আপুনি ক’ৰ?” এইবাৰ দোকানীজনৰ প্ৰশ্ন৷

“মই অসমৰ৷ গুজৰাটত কাম কৰো৷”

“অসমত আমাৰ মানুহবিলাক খুব মাৰে বোলে৷ মোৰ ভতিজা এজন আৰ্মিত কাম কৰে৷ অসমত থাকে৷ সি কৈছে তাত উগ্ৰবাদীয়েই উগ্ৰবাদী৷ সিহঁতে বোলে আমাৰ মানুহক খুব মাৰে৷” দোকানীজনে সুধিলে৷ কথাত অলপ প্ৰতিবাদ, অলপ তিৰস্কাৰৰ ভাব ফুটি উঠিল৷

ক্ষন্তেক চিন্তা কৰি মই যিমান পাৰি সহজভাবে বুজালো,

“ আচলতে কিছুবছৰ আগতে এনেকুৱা এটা ঘটনা হৈছিল৷ কিন্তু অসমৰ আচল সমস্যা বেলেগ৷ উগ্ৰবাদীৰ হাতত অসমৰ মানুহহে বেছি মৰিছে৷..ইত্যাদি, ইত্যাদি..”

দোকানীজন বৰ এটা সন্তুষ্ট হোৱা যেন নালাগিল৷ ভতিজাকে বৰ্ণনা কৰা কথাবোৰহে নিশ্চয় তেওঁৰ মনত শিলৰ ৰেখাৰ দৰে খোপনি লৈ আছে৷

“ইয়াত আপোনাৰ কিমান বছৰ হ’ল?” মই বিষয়টো সলনি কৰিবৰ চেষ্টা কৰিলো৷

“দুবছৰমান হ’ল৷ আগতে মহাৰাষ্ট্ৰত আছিলো৷ তাতেই ব্যৱসায় কৰি কৰি বুঢ়া হ’লো৷ কিন্তু বাধ্য হৈ গুচি আহিলো৷ তাত ভাষাবাদ , জাতিবাদ খুব বেছি হৈ গ’ল৷ আমি ইয়ালৈ গুচি আহিলো৷

“ হয়, মহাৰষ্ট্ৰ নৱ নিৰ্মাণ সেনাই উত্তৰ ভাৰতীয় মানুহক খুব কষ্ট দিছিল বুলি শুনিছিলো৷ গুজৰাটলৈ গুচি আহি ভালেই কৰিলে৷” মই মানুহজনৰ কথাত হয়ভৰ দিলো৷

“ ইয়াত নিজা ঘৰ-বাৰী কৰিলেনেকি?” মই আকৌ সুধিলো৷

“ হয়, মহাৰাষ্ট্ৰৰ সকলো বেছি দি ইয়ালৈ আহি ঘৰ কিনি ল’লো৷ এতিয়া অতি কমেও এক কোটি টকাৰ সম্পত্তি হ’ব৷ আমি প্ৰায় পশিছঘৰ মান মানুহ একেলগে ইয়াতে আছো৷ আমি উত্তৰ প্ৰদেশৰ একে ঠাইৰে মানুহ৷ পিছে ইয়াত আৰু বেছি দিন নাথাকো৷ সকলো বিক্ৰি কৰি ইয়াৰ পৰাও যামগৈ৷”

“কিয়? কিয় যায় ইয়াৰ পৰা?” মই সুধিলো৷

“ বুঢ়া হ’লো৷ এতিয়া বয়স পয়ষষ্ঠিমান হ’ল৷ কিমান আৰু দিনৰ দিনটো থিয় হৈ হৈ দোকান চলাম৷ অলপ জিৰণি ল’বৰ হ’ল৷ মোৰ লগতে বাকী মানুহবোৰো উভতি যাব উত্তৰ প্ৰদেশলৈ৷ ইয়াৰ সকলো বিক্ৰি কৰি দিম আমি৷ তাতে আমি মাটি কিনি এখন ডাঙৰকৈ বজাৰ বনাম৷ মহাৰাষ্ট্ৰ, গুজৰাটৰ পৰা নিয়া টকাৰে আমাৰ গাওঁখনৰ অলপ উন্নতি হ’ব৷” এটা কুটিল হাঁহি মাৰি মানুহজনে মোলৈ চাই ক’লে৷ মইও হাঁহি এটা মাৰিলো৷ একো উত্তৰ নিদিলো৷

মানুহজন এইবাৰ অলপ গহীন হ’ল৷ মোলৈ চাই অন্তৰত গোট খাই থকা সকলোখিনি ক্ষোভ উজাৰি ক’লে

“ ভাবিছিলো ভাৰতখন বহুত ডাঙৰ ৷ কিন্তু নাই, এতিয়া বুজিছো ভাৰতখন খুব সৰু৷ মোৰ বাবে মোৰ উত্তৰ প্ৰদেশৰ গাওঁখনেই ভাৰত৷ “

মই তেওঁলৈ অলপ আচৰিত বাবে চালো৷ তেওঁ পোনে-পোনে মোলৈ চাই প্ৰশ্ন কৰিলে,

“ আপ সমঝ ৰহে না মেয় ক্যা কেহ ৰহা হুঁ? ( মই কি বুজাব খুজিছো আপুনি নিশ্চয় বুজিছে)”

মই মূৰ দুপিয়াই শলাগি থ’লো৷ লাহে লাহে তাৰ পৰা আঁতৰি আহিলো৷ সাধাৰণ দোকানী এজনে খুব ডাঙৰ কথা এটা কৈ দিলে৷



অলপ চিন্তা:

নিজৰ মাতৃভাষা সকলোৱে ভাল পায়৷ বেলেগ ভাষা শিকাৰ পৰা কেতিয়াও লোকচান নাই বৰং অধিক ভাষা জানিলে আত্ম-বিশ্বাস বাঢ়েহে৷ তামিল, অসমীয়া, বাংলা আদিতকৈ হিন্দী ভাষা-সাহিত্য বেছি উন্নত বা আগবঢ়া বুলি কোনেও দাবী কৰিব নোৱাৰে কিন্তু একমাত্ৰ সংখ্যাগৰিষ্ঠতাৰ জোৰত হিন্দী ভাষাই এটা বেলেগ স্থান অৰ্জন কৰিছে৷ ভাৰতৰ প্ৰায় ৪০% মানুহ হিন্দীভাষী আৰু বাকীবোৰ লোকেও কম-বেছি পৰিমাণে ভাষাটো শুদ্ধকৈ ক’ব বা লিখিব নোৱাৰিলেও অন্ততঃ বুজি পায়৷ কিন্তু সমস্যা আৰম্ভ হয় যেতিয়া আনভাষীলোকসকলে নিজৰ ভাষা-সংস্কৃতি বিপদাপন্ন হোৱা বুলি অনুভৱ কৰে, নাইবা নিজৰ মাতৃভাষা অৱহেলিত হোৱা বুলি অনুভৱ কৰে৷ সকলোতকৈ গুৰুতৰ সমস্যাৰ সৃষ্টি হয় যেতিয়া কোনো এটা ভাষা জোৰকৈ জাপি দিব খোজা বুলি মানুহে ভাবিবলৈ লয়৷ অনৈক্যৰ মাজত ঐক্য তেতিয়ালৈকেহে বৰ্তি থাকিব যেতিয়ালৈকে বিভিন্ন ভাষা-ভাষী লোকৰ মাজত পৰস্পৰৰ প্ৰতি সমমৰ্যদাৰ ভাব আৰু সন্মান থাকিব৷ নহলে চুৰাটৰ সেই দোকানীজনে কোৱাৰ নিচিনাকৈ আমাৰ ভাৰতখন সৰু-সৰু ভাৰত হৈয়েই থাকিব৷

No comments:

Post a Comment