At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday 7 April 2015

গেঞ্জীৰ বন্ধন..

গেঞ্জীৰ বন্ধন..

কটন কলেজত একেলগে পঢ়িছিলো যদিও শাখা বেলেগ আছিল, হোষ্টেলো বেলেগ আছিল৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত দুয়ো একেলগে কিছুদিন একেটা ৰুমতে আছিলো৷ বিভাগো আছিল একে, ইলেক্ট্ৰিকেল৷ পাছ কৰাৰ পাছত একেলগে ডিগবৈৰ অসম অয়লতো প্ৰায় এবছৰমান একেলগে চাকৰি কৰিছিলো ৷ কিন্তু মই অসম অয়ল এৰি অহাৰ পাছত বহু বছৰ কোনো যোগাযোগ নাছিল৷ মোবাইল, ইন্টাৰনেট আদি বহু পাছতহে আহিল৷
এদিন হঠাতে গুৱাহাটী বিমান বন্দৰত দেখাদেখি হ’লো৷ তেওঁ গৈ আছে দিল্লীলৈ, মই কলিকতালৈ৷ প্ৰথমে ময়েই মাত লগালো, “শান্তি নহয়নে?”
অলপ সময় মোৰ ফালে চাই তেওঁ স্বভাৱসুলভ সৰল হাঁহি মাৰি হাত আগবঢ়াই দিলে, “ এই, মাখন দেখোন৷”
তাৰপাছত আৰম্ভ হৈ গ’ল শাক খোৱা, ভাত খোৱা বাৰে বিংকৰা কথা৷ ফেচবুক, হোৱাটচআপ আদিৰ যোগেৰে আমি পৰস্পৰক অধিক সঘনাই লগ পাবলৈ ধৰিলো৷ প্ৰায় দৈনিকভাবে৷ লগতে আন আন সমনীয়াবোৰো সাঙুৰ খাই পৰিলহি৷
চাকৰিৰ খাটিৰত শান্তি থাকে মুম্বাইত৷ অকলে৷ মই আছোহি গুজৰাটত৷ অকলে৷ মুম্বাইত আন এজন সহপাঠী সুশান্তো থাকে, সপৰিয়ালে৷ শান্তি আৰু সুশান্তক এবাৰ মুম্বাইত লগ পালোগৈ কিছুসময়ৰ বাবে৷ মই গুৱাহাটীলৈ গ’লে মুম্বাইৰ পৰাই উৰাজাহাজেৰে যাওঁ৷ শান্তিয়ে কৈ থাকে, মুম্বাইলৈ আহিলে মোৰ তাতে থাকিবা৷ একো অসুবিধা নাই৷ যাম যাম বুলি ভাবি আছিলো যদিও সময়হে মিলাব পৰা নাছিলো৷
এদিন শান্তিৰ মেচেজ পালো, “অহা শনিবাৰে আমি চাৰিজন লগ হ’ম, ৰাজৰ্ষি মুম্বাইলৈ আহিছে, সিদ্ধাৰ্থও মুম্বাইত আছে৷ লগতে সুশান্ত আৰু মই৷ পাৰিলে তুমিও আহা৷ আমি পাঁচজন এইচিয়ান লগ হ’ম৷ ভাল লাগিব৷”
মই থকা ঠাইৰ পৰা মুম্বাইলৈ প্ৰায় চাৰে তিনি ঘন্টামানৰ বাট৷ অসংখ্য ৰেল চলে৷ উঠি দিলেই হ’ল৷ শনিবাৰে ৰাতিপুৱা মন বান্ধিলো যাম বুলি৷ কথামতে কাম৷ সৰু বেগ এটাত কাপোৰ এযোৰমান ভৰাই ৰেলৰ সাধাৰণ শ্ৰেণীৰ ডবা এটাত উঠি দিলো টিকট এটা কাটি৷ কিছু সময় পাছতে বহিবলৈ ভাল চীট এটা পালো৷ ইতিমধ্যে শান্তিলৈ মেচেজ পঠিয়াইছো৷ শান্তিয়ে ঘৰৰ ঠিকনা দি কেনেকৈ যাব লাগিব জনাই দিছে৷
আবেলি তিনিমান বজাত আন্ধেৰীত নামিলো৷ তাৰপাছত মানুহক সুধি ঘাটকোপাৰলৈ যোৱা লোকেল ট্ৰেইনৰ প্লেটফৰ্ম পালোগৈ৷ হেঁচা-ঠেলাৰ মাজেৰে ট্ৰেইনত উঠিলো৷ উঠিব নুখুজিলেও মানুহে ঠেলিয়েই উঠাই দিয়ে৷ কিছুসময় পাছত ঘাটকোপাৰত নামি পৰিলো৷ ইতিমধ্যে ঘামে সৰ্বশৰীৰ তিয়াই পেলাইছে৷ ষ্টেচনৰ পৰা ওলায়েই অটো এখনত উঠি পৰিলো৷ তাৰ পৰা শান্তি থকা ঠাইলৈ চল্লিশ টকামান ভাড়া হয় বুলি শান্তিয়ে কৈছিল৷ নিৰ্দ্দিষ্ট ঠাই পাই নামি সুধিলো, কিমান হ’ল? অটোৱালাই ক’লে একচল্লিশ টকা৷ ভাল লাগিল৷ নঠগালে যে৷
শান্তি তললৈ নামি আহি মোক ৰিচিভ কৰিলেহি৷ তিনিটামান প্ৰকাণ্ড বিল্ডিং৷ শান্তিৰ কোঠাত সোমাই অলপ সকাহ পালো৷ পানী এগিলাচ খাই অলপ জিৰালো৷ ইতিমধ্যে ঘামে ধুই পেলোৱা মোৰ শৰীৰৰ পৰা ওলোৱা সুবাসে কোঠাটো পূৰাই তুলিব ধৰিছে৷ প্ৰায় আধাঘন্টামান পাছত সুশান্ত আহি পালে৷ মোলৈ চায়েই ক’লে,
“মাখনে গাটো ধুই ল’বা নহয়জানো৷ দহ মিনিটমানতে ধুই লোৱা৷ তাৰপাছত আমি নৱি মুম্বাইলৈ যাম৷ ৰাজৰ্ষি তাতে আছে৷ সিদ্ধাৰ্থ আহিব নোৱাৰে৷”
শান্তিয়ে নতুন টাৱেল এখন দিলে৷ হাতত লৈ সুধিলো৷ “মোৰ চোলা, গেঞ্জী সকলো ঘামেৰে তিতি গৈছে৷ খুলি ক’ত থ’ম?”
শান্তিয়ে ক’লে, “বাথৰুমৰ ভিতৰত বাল্টি এটাত মোৰো ধুবলগীয়া কাপোৰ অলপ আছে৷ তাতে থোৱা৷ একেলগে ধুই দিম ৱাচিং মেচিনত৷ একো নহয়৷ চিনি পাম দিয়া কাৰ কোনবোৰ কাপোৰ৷ “
কাপোৰবোৰ বাল্টিটোত থৈ ভালদৰে গাটো ধুই সতেজ হৈ ওলাই আহিলো বাথৰুমৰ পৰা৷ লগত লৈ যোৱা আনযোৰ কাপোৰ পিন্ধি সাজু হলো৷ তিনিও বন্ধু ওলাই গ’লো নৱি মুম্বাইলৈ শান্তিৰ গাড়ীৰে৷
পিছদিনা দেওবাৰে ৰাতিপুৱাই শান্তিক ক’ল, “মই আবেলিৰ ৰেলেৰে যামগৈ৷ কাপোৰখিনি ধুই শুকুৱাব লাগিছিল নহয়৷”
“ৰ’বা, পটকৈ হৈ যাব” বুলি কৈ শান্তি ওলাই গ’ল হাতত কাপোৰৰ বাল্টিটো লৈ৷
কিছুসময় পাছত হাতত ৰঙা ৰঙা গেঞ্জী দুটা লৈ শান্তি উভতি আহিল৷ মোক গেঞ্জীদুটা দেখুৱাই ক’লে,
“কি কথাহে? গেঞ্জীবিলাক দেখোন ৰঙা হৈ গ’ল?”
মোৰ হঠাতে মনত পৰিল, মোৰ ৰঙচুৱা ৰঙৰ চোলাটোৰ পৰা ৰং যায়৷ কথাটো শান্তিক ক’বলৈ পাহৰিলো৷ গোটেইবোৰ কাপোৰ একেলগে ৱাচিং মেচিনত ভৰাই দিলেতো বগা গেঞ্জীবোৰ ৰঙা হ’বই৷ মই হাঁহি মাৰি ক’লো,
“হা হা হা, মোৰ ৰঙা চাৰ্টটোৰ পৰা ৰং যায় বুলি তোমাক ক’বলৈ পাহৰিলো৷ একো নহয় দিয়া৷ চাৰ্টৰ তলতহে থাকিব৷ “
শান্তিয়েও হয়ভৰ দিলে মোৰ কথাত৷ তাৰপাছত ৰঙা ৰঙা গেঞ্জীদুটা শুকাবলৈ মেলি দিলে৷
শান্তিয়ে এতিয়া ৰঙা গেঞ্জীটো পিন্ধিছেনে নাই নাজানো৷ মোৰটো হ’লে মই নিপিন্ধি থৈ দিছো ভালদৰে৷

ৰঙা ৰঙৰ গেঞ্জীটোৱে বন্ধুত্বৰ এনাজৰীডাল আৰু অধিক কটকটীয়া কৰা যেনহে লাগিল৷

No comments:

Post a Comment