At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 3 June 2015

ডাঙৰ মূৰ.. বিপদ দুৰ্ঘোৰ

ডাঙৰ মূৰ.. বিপদ দুৰ্ঘোৰ

মূৰ ডাঙৰ হ’লে হেনো পঢ়াত চোকা হয়৷ কথাটো কিমান দূৰ সত্য ক’ব নোৱাৰো কিন্তু মোৰ প্ৰকাণ্ড আকৃতিৰ মূৰটোৱে সৰুকালৰ বেলেগ এটা কথালৈহে মনত পেলাই দিয়ে৷

১৯৬৬ চন মানৰ কথা৷ তেতিয়া আমি তিতাবৰৰ চৰকাৰী ৰেচম পামত থাকো৷ মই প্ৰথম শ্ৰেণীত পঢ়োঁ৷ 

পামৰ সম্মুখতে সন্দিকৈ চাহাবৰ ঘৰ৷ সেই ঠাইৰ এজন বিখ্যাত মানুহ৷ তেখেতৰ ঘৰলৈ জাপানৰ পৰা অহা ঊল গুঠা মেচিন এটা আহিল৷ মেচিনটো কেনেদৰে ফিটিং কৰি কেনেদৰে চলাব লাগে সেইবিষয়ে পৰামৰ্শ বিচাৰি মেচিনটো আমাৰ দেউতাৰ ওচৰলৈ লৈ অহা হ’ল৷ মেচিনটোৰ লগত অহা কাগজ-পত্ৰবোৰ জাপানী ভাষাতে লিখা আছিল আৰু আমাৰ দেউতা এবছৰ জাপানত আছিল বাবে জাপানী ভাষা অলপ-অচৰপ হয়তো জানিছিল বাবেই সেই পদক্ষেপ লোৱা হৈছিল৷ দেউতাই কেইদিনমান কষ্ট কৰি মেচিনটো চলালে৷ তাৰপাছত সন্দিকৈ চাহাবৰ ছোৱালী, চিনু বাইদেউকো অলপ শিকাই দিলে৷ ইমানদিনে হাতেৰেহে ঊল গুঠা দেখি আছিলো৷ সেই মেচিনেৰে ঘপা-ঘপ চুৱেটাৰ গুঠি দিব পৰা দেখি আমি সকলো আচৰিত হৈছিলো৷ মেচিনটো চলাব পৰা হোৱাত চিনু বাইদেউহঁতে ঘৰলৈ লৈ গ’ল৷

দুদিনমান পিছত দেউতাই মোৰ চুৱেটাৰ এটা গুঠিবৰ কাৰণে ঊল কিনি আনিলে৷ ক’লা ৰঙৰ হাইনেক চুৱেটাৰ এটা বনাবলৈ চিনু বাইদেউহঁতক কোৱা হ’ল৷ মেচিনত গুঠা চুৱেটাৰ পিন্ধিবলৈ মইও আগ্ৰহেৰে বাটচাই থাকিলো৷

দুদিনমান পিছত এদিন আবেলি বাটেৰে আহি থাকোঁতে চিনু বাইদেৱে মোক চিঞৰি মাতিলে,
“অ’ সোণকন৷ এইফালে আহাচোন৷”
মই তেওঁলোকৰ ঘৰৰ বাৰান্দা পালোগৈ৷ চিনুবাইদেউৰ হাতত ক’লা ৰঙৰ চুৱেটাৰ এটা৷ বুজিলো, সেইটো মোৰ বাবে গুঠা চুৱেটাৰটো৷ মোলৈ চাই বাইদেৱে ক’লে,
“আহাচোন, তোমাৰ চুৱেটাৰটো পিন্ধাই চাওঁ৷ জোখ ঠিক আছেনে নাই৷”

মই আগ্ৰহেৰে আগবাঢ়ি গ’লো৷ বাইদেৱে ক’লা ৰঙৰ হাইনেক চুৱেটাৰটো পিন্ধাই দিলে৷ পিন্ধোঁতে মূৰটো নোসোমায় নোসোমায় যেন লাগিল৷ তথাপি জোৰকৈ টানি সুমুৱাই দিয়া হ’ল৷ গা আৰু হাত আদিৰ জোখ ঠিকেই থকা যেন লাগিল৷

“ডিঙিটো অলপ সৰু হৈছে৷ মূৰটো ভালদৰে নুসুমায়৷” মই ক’লো৷
“ৰ’বা, চুৱেটাৰৰ ডিঙিটো অলপ ডাঙৰ কৰি দিম৷ খোলাচোন চুৱেটাৰটো এতিয়া৷” বাইদেৱে ক’লে৷

মই চুৱেটাৰটো খুলিবলৈ চেষ্টা কৰিলো৷ হাত দুখন ঠিকেই ওলাল কিন্তু মূৰটো চুৱেটাৰটোৰ ডিঙিত এইবাৰ ভালদৰেই লাগি ধৰিল৷ প্ৰাণপণে টানিলো, কিন্তু কোনোমতে চুৱেটাৰটো ওলাই নাহে৷ তাকে দেখি মোক চিনু বাইদেউ আৰু লগত থকা মানুহ এগৰাকীয়ে বাহিৰৰ বাৰান্দালৈ উলিয়াই নিলে আৰু দুয়ো প্ৰচণ্ড জোৰেৰে চুৱেটাৰটো ওপৰলৈ টানিবলৈ ধৰিলে৷ মোৰ কাণদুখন চিঙি যাব যেন লাগিল৷ কিমান সময় তেনেদৰে যুঁজ-বাগৰ চলিল মনত নাই৷ মই দুচকুৰে এন্ধাৰহে দেখি থাকিলো৷ ইতিমধ্যে আলিবাটত থিয় হৈ কিছুমান মানুহে সেই কাণ্ড চাবলৈ ধৰিলে৷


অৱশেষত চুৱেটাৰটো মোৰ মূৰৰ পৰা ওলাল৷ কাণদুখন আৰু কপালখন জুইয়ে পোৰা যেন লাগিছিল৷ আলিবাটত গোটখাই মোৰ সেই দুৰৱস্থা চাই আমোদ লৈ থকা মানুহ কেইজনলৈ চাই লাজতে মোৰ সকলো দুখ-কষ্ট পাহৰি গ’লো৷ 

তাৰপাছত কেতিয়া আহি ঘৰ পালো গমেই নাপালো৷

No comments:

Post a Comment