At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 15 July 2015

সংঘৰ্ষ আৰু সাফল্যৰ আন নাম: চিলভাষ্টাৰ ষ্টেলোন



সংঘৰ্ষ আৰু সাফল্যৰ আন নাম: চিলভাষ্টাৰ ষ্টেলোন

চিলভাষ্টাৰ ষ্টেলোন চলচ্চিত্ৰ জগতৰ এটা চিৰস্মৰণীয় নাম, হিলউদৰ বিখ্যাত তাৰকা৷ তেওঁ একেদিনাই সেই স্থান অজৰ্ন কৰা নাছিল৷ আচলতে যথেষ্ট দুখ-কষ্ট সহ্য কৰিব লগা হৈছিল তেওঁ জীৱনত৷ তেওঁৰ জীৱনৰ সংঘৰ্ষৰ কাহিনীয়ে সকলোকে প্ৰেৰণা যোগাব পাৰে৷
এটা সময়ত তেওঁৰ আৰ্থিক অৱস্থা ইমান শোচনীয় আছিলযে তেওঁ ঘৈণীয়েকৰ অলঙ্কাৰ চুৰ কৰি বিক্ৰি কৰিব লগা হৈছিল৷ অৱস্থা বেয়া হৈ গৈ থাকিল আৰু এসময়ত তেওঁ হৈ পৰিছিল গৃহহীন৷ নিউইয়ৰ্কৰ বাচ আস্থানতে তেওঁ তিনি ৰাতি কটাবলগীয়া হৈছিল৷ ঘৰৰ ভাড়া দিবলৈ পইচা নাছিল৷ আহাৰ কিনিবলৈও পইচা নাছিল৷ অৱশেষত তেওঁ নিজৰ অতি মৰমৰ কুকুৰটোকে মদৰ দোকান এখনলৈ অহা অচিনাকী মানুহ এজনৰ ওচৰত বেচি দিব লগা হৈছিল মাত্ৰ ২৫ ডলাৰত৷ কুকুৰটোক খুৱাবলৈ তেওঁৰ টকা নথকাৰ বাবেই সেই চৰম পদক্ষেপটো ল’বলগীয়া হৈছিল৷ কুকুৰটো বেচি কান্দি কান্দি তেওঁ আতৰি গৈছিল৷
তাৰ দুসপ্তাহ পাছত তেওঁ মহম্মদ আলি আৰু চুক ৱেপনাৰৰ মাজত হোৱা বক্সিং খেল এখন চায়৷ সেই খেলখন চাই তেওঁ অনুপ্ৰাণিত হয় বিখ্যাত চিনেমা ৰকিৰ কাহিনী লিখিবলৈ৷ তেওঁ ২০ ঘন্টা বহি বহি সেই চিনেমাৰ চিত্ৰনাট্য লিখিলে৷ সেইখন তেওঁ বেচিবলৈ চেষ্টা কৰিলে আৰু চিত্ৰনাট্যখনৰ বাবে ষ্টুডিঅ’ এটাৰ পৰা তেওঁ ১২৫,০০০ টকাৰ অফাৰ পালে৷ কিন্তু তেওঁৰ আছিল মাত্ৰ এটা অনুৰোধ: চিনেমাখনৰ মূল নায়ক তেওঁ নিজে হ’ব৷ ৰকিৰ চৰিত্ৰ তেওঁ ৰূপায়িত কৰিব৷ কিন্তু ষ্টুডিঅ’টো মান্তি নহ’ল৷ তেওঁলোকে এজন ভাল প্ৰকৃত ষ্টাৰকহে ৰকি হিচাবে ল’ব বিচাৰিলে৷
তেওঁলোকে ক’লে “ তেওঁ দেখিবলৈ ভাল নহয়, কথা কোৱাৰ ধৰণটোও থিক নহয়”৷ তেওঁ চিত্ৰনাট্যখন লৈ ওলাই আহিল৷ কেইসপ্তাহমান পাছত সেই একেটা ষ্টুডিঅ’ই তেওঁক চিত্ৰনাট্যখনৰ বাবে ২৫০,০০০ ডলাৰ দিবলৈ ওলাল৷ তেওঁ মান্তি নহ’ল৷ তেওঁলোকে ৩৫০,০০০ ডলাৰ আগবঢ়ালে৷ তথাপি তেওঁ অমান্তি হ’ল৷ তেওঁলোকক তেওঁৰ চিনেমাখন লাগে , তেওঁক নালাগে৷ তেওঁ ক’লে নহব৷ তেওঁ নায়ক হ’বই লাগিব৷
অৱশেষত ষ্টুডিঅ’টোৱে তেওঁক চিত্ৰনাট্যৰ বাবে ৩৫,০০০ ডলাৰ দিলে আৰু চিনেমাৰ মূল নায়ক হিচাবে তেওঁকেই ল’লে৷ ৰকি নিৰ্মিত হ’ল আৰু ইতিহাস ৰচনা হ’ল৷ চিনেমাখনে শ্ৰেষ্ঠ চিনেমা, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বাবে অস্কাৰ বঁটা লাভ কৰে৷ আনকি তেওঁৰ নাম শ্ৰেষ্ঠ অভিনেতা বঁটাৰ বাবেও প্ৰস্তাৱিত হৈছিল৷ ৰকি চিনেমাখন আমেৰিকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পঞ্জীত সৰ্বকালৰ এখন শ্ৰেষ্ঠ চিনেমা হিচাবেও অন্তৰ্ভুক্ত হয়৷
তেওঁ লাভ কৰা ৩৫,০০০ ডলাৰেৰে তেওঁ কৰা প্ৰথম কামটো আছিল হৃদয়স্পৰ্শী৷ সৰ্বপ্ৰথমে তেওঁ বেচি দিয়া মৰমৰ কুকুৰটো আকৌ কিনিলে৷ কুকুৰটোৰ বাবে তেওঁ সেই মদৰ দোকানৰ আগত তিনিদিন অপেক্ষা কৰি থাকিল সেই অচিনাকী মানুহজনৰ বাবে৷ তৃতীয়দিনা সেই মানুহজন কুকুৰটো লগত লৈ তালৈ আহিল৷ ষ্টেলোনে মানুহজনক বুজাই ক’লে কিয় বাধ্য হৈ তেওঁ কুকুৰটো বেচিব লগা হৈছিল আৰু কুকুৰটো তেওঁ ওভোটাই কিনি ল’ব বিচাৰে বুলি৷ মানুহজন মান্তি নহ’ল৷ ষ্টেলোনে তেওঁক ১০০ ডলাৰ দিলে৷ মানুহজন মান্তি নহ’ল৷ ৫০০ ডলাৰ যাচিলে তথাপি মান্তি নহ’ল৷ আনকি ১০০০ ডলাৰতো মান্তি নহ’ল৷ অবিশ্বাস্য হ’লেও সত্য যে ষ্টেলোনে যিটো কুকুৰ মাত্ৰ ২৫ ডলাৰত বেচিছিল সেইটো ঘুৰাই পাবলৈ ১৫,০০০ ডলাৰ দিবলগা হ’ল৷ তথাপি তেওঁ কিনিলে, নিজৰ মৰমৰ কুকুৰটো৷
এসময়ৰ ভিকহু সেই চিলভাষ্টাৰ ষ্টেলোন আজি পৃথিবীবিখ্যাত অভিনেতা, মেগাষ্টাৰ৷
ভিকহু হোৱাটো নিশ্চয় বেয়া কথা৷ হয়তো আপোনাৰ বহুতো সপোন আছে কিন্তু সেইবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ আপুনি অক্ষম, অতি নিঃকিন৷ আমাৰ বহতৰে এনেকুৱা সপোন থাকে৷
জীৱনটো কঠিন৷ হয়তো সুযোগবোৰ আহিব আৰু আপোনাৰ কাষেৰে পাৰ হৈ যাব কাৰণ আপুনি এজন অতি সাধাৰণ মানুহ৷ মানুহে হয়তো আপোনাৰ সৃষ্ট বস্তুটো বিচাৰিব কিন্তু আপোনাক নিবিচাৰে৷ জগতখন বৰ নিষ্ঠুৰ৷ যদি আপুনি ইতিমধ্যেই বিখ্যাত, ধনী নাইবা প্ৰভাৱশালী লোকৰ সৈতে পৰিচিত নহয় তেনেহলে জগতত আপুনি অধিক কষ্টই পাব৷
হয়তো আপোনাৰ মুখৰ আগতে দুৱাৰ জপাই দিব, মানুহে আপোনাৰ যশ চুৰ কৰি নিব আৰু আপোনাৰ আশা চুৰমাৰ কৰি পেলাব৷ হয়তো আপুনি অহৰহ চেষ্টা চলাই যাব কিন্তু একো নঘটিব৷
হয়তো আপুনি আশাহত হ’ব৷ আপুনি ভিকহুত পৰিণত হ’ব৷ হয়তো জীৱিকাৰ বাবে অতি সাধাৰণ কাম কৰিবলগীয়া হ’ব৷ হয়তো নিজৰ ভাতমুঠি যোগাৰ কৰিবলৈও কষ্ট হ’ব৷ আৰু হয়তো ফুটপাথত শুবলগীয়াও হ’ব পাৰে৷ এনেকুৱা ঘটে, ঘটি থাকে৷
কিন্তু আপোনাৰ সপোন ধ্বংস কৰিবলৈ কাকো অনুমতি নিদিব৷ লাগিলে যিয়েই নঘটক সপোনটো সযতনে জীয়াই ৰাখক৷ আপোনাৰ আশা নোহোৱা কৰি পেলালেও সপোন দেখি থাকক৷ আপোনাক বাৰে বাৰে খেদি পঠিয়ালেও সপোন দেখি থাকক৷
সপোন দেখি থাকক৷
আপুনি আচলতে কিমান কি কৰিবলৈ সমৰ্থ সেইটো আপোনাৰ বাহিৰে কোনেও ভালদৰে নাজানে৷ মানুহে হয়তো আপুনি দেখাত কেনেকুৱা নাইবা আপোনাৰ কি আছে তাৰ ভিত্তিতেই আপোনাৰ বিষয়ে কিবা এটা মতপোষণ কৰি ল’ব৷ কিন্তু যুঁজি থাকক৷ যুঁজি থাকক ইতিহাসৰ পাতত আপোনাৰ নিজৰ ঠাই অকণমানৰ বাবে৷ যুঁজি থাকক নিজৰ অকণ নাম আৰু যশস্যাৰ বাবে৷
কেতিয়াও এৰি নিদিব৷
লাগিলে আপোনাৰ যথাসৰ্বস্ব বেচি দি কুকুৰৰ লগতে শুবলগীয়া হওঁক৷ তথাপি একো নাই৷ যেতিয়ালৈকে আপুনি জীয়াই আছে আপোনাৰ কাহিনীৰ অন্ত পৰা নাই৷
যুদ্ধ কৰি যাওক৷ আপোনাৰ সপোন আৰু আশা জীয়াই ৰাকক৷

মূল : নাম্মাটিভি চেনেল ; অসমীয়া ৰূপান্তৰ: ডঃ মাখন লাল দাস

No comments:

Post a Comment