At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday, 24 August 2015

কিমান খাবা খোৱা…

কিমান খাবা খোৱা…

এজন খুব ধনী মানুহে তেওঁৰ প্ৰকাণ্ড গাড়ীখনেৰে গৈ থাকোঁতে ৰাস্তাৰ কাষত দুজন মানুহে ঘাঁহ খাই থকা দেখি গাড়ী ৰখাই মানুহদুজনক সুধিলে,
“তোমালোকে ঘাঁহ কিয় খাইছা?”
“ছাৰ আমি অতি দুখীয়া, খাবলৈ একো নাই৷ সেইকাৰণে ঘাঁহ খাইছো৷আমি ঘাঁহ খাই কোনোমতে জীয়াই আছো৷” এজনে উত্তৰ দিলে৷
“হয় নেকি? কিমান দিনৰ পৰা এনেদৰে ঘাঁহ খাইছা?"
"ছাৰ, প্ৰায় এমাহমান আমি ঘাঁহেই খাই আছো৷ এতিয়া অভ্যাস হৈ গৈছে৷"
"হয় নেকি? চিন্তা কৰিব নালাগে মোৰ ঘৰলৈ আহা৷ মই খাবলৈ দিম,” ধনী মানুহজনে ক’লে৷
“ ছাৰ, মোৰ ঘৈণী আৰু ল’ৰা-ছোৱালী দুটাও আছে সৌ গছৰ তলত,” মানুহজনে ক’লে৷
“ভালেই, সিহঁতকো মাতি আনা,” ধনী মানুহজনে ক’লে৷
অতি উৎসাহ পাই দুখীয়া মানুহজনে ক’লে,
“ছাৰ মোৰ এই লগৰীয়াজনক কেনেকৈ এৰি যাওঁ?”
“তেওঁকো লগত লোৱা৷ মোৰ ঘৰলৈ ব’লা,” ধনী মানুহজনে ক’লে৷
তেতিয়া আনজন মানুহে ক’লে,
“ছাৰ মোৰ পৰিয়ালটো কেনেকৈ এৰি যাম?”
“তেওঁলোককো মাতি আনা আৰু গেটেই কেইজন মোৰ গাড়ীত উঠা৷ ডাঙৰ গাড়ী৷ আঠজন মানুহ সহজে বহি যাব পাৰি৷”
দুখীয়া মানুহদুজনে পৰিয়ালৰ সৈতে অতি উৎসাহেৰে গাড়ীত উঠিল৷ আজিৰ দিনতো ইমান ভাল মানুহ থাকিব পাৰে বুলি তেওঁলোকৰ বিশ্বাসেই নহ’ল৷
এজন দুখীয়া মানুহে মাত লগালে,
“ছাৰ আপুনি বৰ দয়ালু মানুহ৷ ইমানবোৰ মানুহক বিনামূল্যে খুৱাবলৈ ঘৰলৈ লৈ গৈছে৷”
ধনী মানুহজনে উত্তৰ দিলে,
“মোৰ বৰ ডাঙৰ ঘৰ৷ চৌহদটো প্ৰকাণ্ড৷ চাৰিওফালে এফুট এফুট লহপহীয়া ঘাঁহ৷ তোমালোক গোটেই কেইজনে এমাহতো শেষ কৰিব নোৱাৰিবা খাই খাই৷”

(শুনা কথাহে)

Thursday, 20 August 2015

পাতল ভাজি.. তাকে খাম আজি

পাতল ভাজি.. তাকে খাম আজি

প্ৰায় ত্ৰিশবছৰমান আগৰ কথা৷ প্ৰথম মুম্বাইলৈ গৈছো৷ লগত থকা কেইজনো প্ৰথমবাৰৰ বাবেই মুম্বাইলৈ গৈছে৷ গৈ ধৰমশালা এটাত উঠিলো৷ সন্ধিয়া ওলাই গৈ হঠাতে ব্যস্ত বজাৰৰ পৰা মুকলি ৰাজপথ এটা দেখিলো৷ তাৰ কিছু দূৰৰ পৰাই সাগৰ৷ পথৰ কাষে-কাষে চকুৰে মনিব পৰালৈকে শাৰী-শাৰীকৈ লাইট৷ অভিনৱ দৃশ্য৷ প্ৰায় দুমিনিটমান স্তব্ধ হৈ একে ঠাইতে ৰৈ থাকিলো৷ লগৰ এজনে কলে, “মেৰিন দ্ৰাইভ, কুইনচ নেকলেচ…”
মুম্বাই আৰু মেৰিন দ্ৰাইভ৷ শুনিছিলো৷ আজি দেখিলো৷ হেঁপাহ পলুৱাই উপভোগ কৰিলো সেই মায়াময় পৰিৱেশ৷

নিশাৰ আহাৰ খাবলৈ সাধাৰণ ৰেষ্টোঁৰা এখনত সোমালো৷ বোৰ্ড এখনত খোৱা-বস্তুৰ তালিকাখন লিখি থোৱা আছিল৷ প্ৰায় সকলোবোৰ নামেই অচিনাকী৷ কিবা এটা অৰ্ডাৰ দি খালো৷ কোনোমতে ক্ষুধা নিবাৰণ হ’ল ৰাতিটোৰ বাবে৷

পিছদিনা ৰাতিপুৱা আকৌ একেখন ৰেষ্টোঁৰাত সোমালো৷ ইতিমধ্যে আমি দুজনমানে অলপ চিনি পাব ধৰিছো কোনবিধ কি বস্তু৷ আমি কিবা এবিধ বস্তুৰ অৰ্ডাৰ দিলো৷ 

লগৰ এজন কিন্তু অলপ ব্যতিক্ৰম আছিল৷ তেওঁ লিষ্টখন চালে, কান্দা ভাজি, ….., পা্তল ভাজি….আৰু অৰ্ডাৰ লবৰ বাবে কাষত ৰৈ থকা ল’ৰাজনলৈ চাই ক’লে,

“এক প্লেট পাতল ভাজি…”

“ মাত্ৰ পাতল ভাজি? আৰু একো নালাগে?” ল’ৰাজনে আচৰিত হৈ সুধিলে৷

“ নালাগে, মই একপ্লেট  পাতল ভাজিয়েই খাম৷”

কিছুসময় পাছত আমাৰ খোৱাবস্তুবোৰ আহিল৷ কিন্তু পাতল ভাজি অৰ্ডাৰ দিয়াজন ৰৈ থাকিল৷

অলপ পাছত ল’ৰাজনে এখন ডাঙৰ প্লেটত পাতল ভাজি লৈ আহি আমাৰ লগৰীয়াজনৰ সম্মুখত থ’লে৷ আমি সকলোৱে পাতল ভাজিনো কি চালোঁ৷

চাই দেখো, প্লেটখনত কেৱল হালধীয়া পানী আৰু মাজতে এডোখৰ আলু, যেন সাগৰৰ মাজত এটা দ্বীপহে৷ অৰ্ডাৰ দিয়াজনে আমাৰ ফালে চাই লাজতে সেমেনা-সেমেনি কৰিব ধৰিলে৷ 

পাতল ভাজি লৈ অহা ল’ৰাজনে ক’লে,

“ এইটো অকলে কেনেকৈ খাব? মই দীঘল পাওৰুটি এটা লৈ আহিছো৷ তাৰ লগতে খাওঁক৷”

বেচেৰা লগৰীয়াজনে পাওৰুটিটো হাত পাতি ল’লে বাধ্য ছাত্ৰৰ দৰে৷ তাৰপাছত এডোখৰ ভাঙি ডুবাই দিলে “পাতল ভাজি”ত৷


আমি মিচিক-মাচাককৈ হাঁহি খোৱাত মন দিলো৷

Thursday, 13 August 2015

অতি সুন্দৰ, গভীৰ অৰ্থবহ কথা..

অতি সুন্দৰ, গভীৰ অৰ্থবহ কথা..

তলত উল্লেখ কৰা কথা কেইটা কোনো লিখিছিল জনা নাযায় , কিন্তু ইয়াৰ মাজত থকা গভীৰ অৰ্থ আমি বুজিবলৈ চেষ্টা কৰা উচিত৷ এই কথাবোৰ মনত ৰাখি চলিলে আমাৰ জীৱন অধিক সুখময় হ’ব বুলি দৃঢ়ভাবে ক’ব পাৰি৷

১) প্ৰাৰ্থনা গাড়ীৰ চকা ফুটি বিপদত পৰিলে ডিকিৰ পৰা উলিয়াই অনা “স্পেয়াৰ হুইল” নহয়৷ প্ৰাৰ্থনা হ’ব লাগে আমাৰ জীৱনৰ গাড়ীৰ “ষ্টিয়েৰিং হুইল” আমাক সকলো সময়তে সঠিক পথত ৰাখিবলৈ৷
২) গাড়ীৰ সম্মুখৰ গ্লাচখন ইমান ডাঙৰ আৰু পিছলৈ চোৱা গ্লাচখন ইমান সৰু কিয়? কাৰণ আমাৰ ভৱিষ্যত আমাৰ অতীততকৈ বেছি গুৰুত্বপূৰ্ণ৷ গতিকে আগলৈ চাওক, আগবাঢ়ি যাওক৷
৩)বন্ধুত্ব এখন কিতাপৰ নিচিনা৷ জ্বলাই দিবলৈ মাত্ৰ কেইমিনিটমান লাগে কিন্তু লিখিবলৈ লাগে হয়তো বহুবছৰ৷
৪)জীৱনৰ সকলো কথাই অস্থায়ী৷ যদি জীৱনটো ভালে চলি আছে তেনেহলে উপভোগ কৰক, কাৰণ এই অৱস্থা চিৰদিন নাথাকে৷ আনহাতে যদি বেয়া অৱস্থা চলি আছে তেনেহলে চিন্তা নকৰিব৷ সেই অৱস্থাও বেছি দিন নাথাকে৷
৫) পুৰণি বন্ধু সোণৰ নিচিনা আৰু নতুন বন্ধু হীৰাৰ নিচিনা৷ কিন্তু হীৰাৰ বাবে সোণখিনি দলিয়াই নেপেলাব কাৰণ হীৰা এডোখৰ ধৰি ৰাখিবলৈ সোণৰ বান্ধনি এটাৰেই প্ৰয়োজন হয়৷
৬)আমি যেতিয়া আশা এৰি দি কওঁ সকলো শেষ বুলি তেতিয়া প্ৰায়ে ঈশ্বৰে কয়, “ ধৈৰ্য ধৰা বাচা, এইয়া শেষ বিন্দু নহয়, এটা আলি-কেঁকুৰি মাত্ৰ৷
৭) যেতিয়া ঈশ্বৰে আপোনাৰ সমস্যা সমাধান কৰে, তেওঁৰ সামৰ্থৰ ওপৰত আপোনাৰ বিশ্বাস জন্মে৷ আনহাতে যদি তেওঁ আপোনাৰ সমস্যা সমাধান নকৰে তেনেহলে জানিব যে আপোনাৰ সামৰ্থৰ ওপৰত তেওঁৰ বিশ্বাস আছে৷
৮) এজন অন্ধ মানুহে সাধু এজনক সুধিছিল, “ দৃষ্টিশক্তি হেৰোৱাতকৈ আৰু বেয়া কিবা ঘটিব পাৰেনে?” সাধুজনে উত্তৰ দিছিল, “পাৰে, যদিহে দৰ্শন হেৰাই পেলোৱা৷”
৯)যেতিয়া আপুনি আনৰ বাবে প্ৰাৰ্থনা কৰে ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনি তেওঁলোকক আশীৰ্বাদ কৰে৷ যেতিয়া আপুনি ভালে আছে, আনন্দত আছে, আপুনি জানিব লাগে যে আন কোনোবাই নিশ্চয় আপোনাৰ বাবে প্ৰাৰ্থনা কৰিছে৷
১০) দুশ্চিন্তাই আহিবলগীয়া দিনৰ সমস্যা নোহোৱা নকৰে, বৰং বৰ্তমানৰ শান্তিহে হৰণ কৰে৷

(অসমীয়া ৰূপান্তৰ: ডঃ মাখন লাল দাস)


Wednesday, 12 August 2015

যিমানে বিলাই দিবা…..


যিমানে বিলাই দিবা…..

এগৰাকী অতি জাক-জমক সাজ পৰিহিতা, অতিশয় সুন্দৰী , ধনী নাৰীয়ে তেখেতে দেখা কৰিবলৈ যোৱা মনোৰোগ চিকিৎসকজনৰ আগত কৈছিল যে তেখেতৰ জীৱনটো একেবাৰে শূণ্য, একেবাৰে অৰ্থহীন৷

পৰামৰ্শ ল’বলৈ মহিলাগৰাকী কাউনচেলৰ এজনৰ ওচৰলৈ গ’ল জীৱনত সুখ লাভ কৰাৰ উপায় বিচাৰি৷

কাউনচেলৰজনে ঘৰ-মজিয়া সৰা-পোছা কৰা বুঢ়ী মহিলা গৰাকীক মাতিলে৷

তাৰপাছত ধনী মহিলাগৰাকীক ক’লে, “মই অনুৰোধ কৰিছো আপুনি এখেতৰ কথা মন দি শুনক, এখেতে এতিয়া আপোনাক ক’ব এখেতেনো কেনেকৈ জীৱনত সুখ লাভ কৰিলে৷”

বৃদ্ধা মহিলা গৰাকীয়ে হাতৰ ঝাড়ুপাত বেৰত আউজাই থৈ চকী এখনত বহিল আৰু নিজৰ কাহিনী ক’বলৈ ধৰিলে:

“মোৰ স্বামী মেলেৰিয়া হৈ ঢুকাল৷ তিনিমাহ পাছত একমাত্ৰ ল’ৰাটো গাড়ীয়ে খুন্দিয়াই মাৰিলে৷ মোৰ আত্মীয়-স্বজন কোনো নাই৷ মোৰ বাবে একোৱেই বাকী নাছিল৷ মই হৈ পৰিছিলো সম্পূৰ্ণ নিথৰুৱা৷ লাও-লোৱা ভিকহু৷ মই শুব নোৱাৰিছিলো, খাব নোৱাৰিছিলো, কালৈকো চাই কেতিয়াও হাঁহি এটাও নামাৰিছিলো৷ আনকি মই আত্মহত্যা কৰাৰ কথাহে ভাবিব ধৰিছিলো৷

এদিন আবেলি মই কামৰ পৰা উভতি আহোঁতে মোৰ পাছে-পাছে মেকুৰী পোৱালী এটা আহিল৷ তালৈ মোৰ মৰম লাগিল৷ বাহিৰত বৰ জাৰ৷ তাক মই ভিতৰলৈ লৈ আহিলো৷ প্লেট এখনত অলপ গাখীৰ দিলো৷ সি চেলেকি চেলেকি খাই শেষ কৰি দিলে৷ তাৰপাছত মেকুৰী পোৱালীটোৱে শব্দ এটা কৰি তাৰ নেজডাল মোৰ ভৰিত ঘঁহাই ঘঁহাই মৰম কৰিবলৈ ধৰিলে আৰু বহু মাহৰ পাছত মোৰ মুখত প্ৰথম বাৰৰ বাবে হাঁহি বিৰিঙি উঠিল৷

তাৰপাছত মই ভাবিবলৈ ধৰিলো, যদি সামান্য মেকুৰী পোৱালী এটাক সহায় কৰিয়েই মই মনত ইমান আনন্দ পাইছো তেনেহলে মানুহক সহায় কৰিলে কিজানি মই অধিক আনন্দ পাম৷

গতিকে, পিছদিনা মই পিঠা কেইখনমান বনাই বেমাৰত পৰি থকা দুখীয়া চুবুৰীয়া এজনক খাবলৈ দিলোগৈ৷

প্ৰত্যেক দিনাই মই কাৰোবাৰ প্ৰতি কিবা ভাল কাম এটা কৰিবলৈ চেষ্টা কৰোঁ৷ আনক আনন্দিত দেখিলে মই নিজে খুব আনন্দিত হওঁ৷

আজি হয়তো মোতকৈ ভালদৰে টোপনি যাব পৰা বা খাব পৰা আন কোনো নাই৷

“আনক সুখ দিয়াৰ যোগেৰেই মই সুখ বিচাৰি পাইছো৷”


কথাখিনি শুনি ধনী মহিলাগৰাকীৰ চকুলো বৈ আহিল৷ টকাৰে কিনিব পৰা সকলো তেওঁৰ আছে, কিন্তু টকাৰে কিনিব নোৱাৰা মূল্যবান সম্পদ তেওঁ হেৰুৱাইছে৷


“জীৱনৰ প্ৰকৃত মূল্য, প্ৰকৃত সৌন্দৰ্য আপুনি কিমান সুখী তাৰ ওপৰত নিৰ্ভৰ নকৰে কিন্তু আপোনাৰ বাবে আনলোক কিমান সুখী হ’ব পাৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰে৷”
“সুখ এটা লক্ষ্য নহয়, সুখ এটা অবিৰত যাত্ৰা..”
“সুখ আহিবলগীয়া দিনটো নহয়, সুখ আজিয়েই..”
“সুখ আনৰ ওপৰত নিৰ্ভৰশীলতা নহয়, ই এটা সিদ্ধান্ত..”
“সুখ আপোনাৰ কি আছে সেইটো নহয়, বৰং আপুনি নিজে কি সেইটোহে..”


অ্তি সুন্দৰ অথচ সহজ বাৰ্তা৷

(ইন্টাৰনেটত পোৱা বাৰ্তা এটাৰ অসমীয়া ৰূপান্তৰ৷ মূল লেখক অজ্ঞাত)

Tuesday, 11 August 2015

মনতেই আছে আনন্দৰ উৎস……

মনতেই আছে আনন্দৰ উৎস……


এজন ৯২ বছৰ বয়সীয়া , সুন্দৰ পোছাক পৰিহিত ভদ্ৰলোক আজি বৃদ্ধাশ্ৰমলৈ আহিছে৷ কেবাঘন্টাও লবীত বহি অপেক্ষা কৰাৰ পাছত তেওঁ মিচিকিয়া হাঁহি এটা মাৰিলে যেতিয়া তেওঁক কোৱা হ’ল তেওঁৰ কোঁঠাটো সাজু হোৱা বুলি৷ তেওঁৰ ৮০ বছৰীয়া ভাৰ্যাৰ অলপতে মৃত্যু ঘটিছে আৰু তেওঁ ঘৰ এৰি ইয়ালৈ আহিবলগীয়া হৈছে৷

হাতৰ লাখুটিত ভৰ দি লাহে লাহে তেওঁ লিফ্টটোৰ পিনে আগবাঢ়ি যাব ধৰিলে আৰু মই তেওঁৰ সৰু কোঁঠাটো কেনেকুৱা হ’ব তাকে তেওঁৰ আগত বৰ্ণনা কৰিবলৈ ধৰিলো, খিৰিকীত পৰ্দা হিচাবে ওলোমাই ৰখা কাপোৰখনকে ধৰি৷

“ খুব ভাল লাগিছে মোৰ ৰুমটো”, কুকুৰ পোৱালি এটা পাই উৎফুল্লিত হোৱা ৮বছৰীয়া ল’ৰা এটাৰ নিচিনাকৈ তেওঁ উৎসাহেৰে ক’লে৷

“ আপুনি আপোনাৰ ৰুমটো দেখাই নাই৷ অলপ পৰ ৰ’ব৷ আমি পালোহিয়েই৷”

“ দেখা-নেদেখাৰ ওপৰত কথাটো নিৰ্ভৰ নকৰে”, তেওঁ উত্তৰ দিলে৷

“মই ইতিমধ্যেই মোৰ মনত সিদ্ধান্ত কৰিছো যে মই মোৰ ৰুমটো ভাল পাইছো৷ মই প্ৰতিদিনে ৰাতিপুৱা শুই উঠি এনেদৰে সিদ্ধান্ত লওঁ৷..”

“মই আনন্দ আগতীয়াকৈ বাছি লওঁ৷ মই ৰুমটো ভাল পাওঁ নে নাপাওঁ সেইটো ফাৰ্ণিচাৰৰ ওপৰত নাইবা ৰুমটো কেনেদৰে সজোৱা হৈছে তাৰ ওপৰত নিৰ্ভৰ নকৰে বৰং মই ৰুমটো কেনেভাবে চাবলৈ সিদ্ধান্ত লৈছো তাৰ ওপৰতহে নিৰ্ভৰ কৰিছে৷

মই বাছি ল’ব পাৰো৷ মই গোটেই দিনটো বিচনাত পৰি মোৰ শৰীৰৰ কোন কোন অংগই ভালদৰে কাম নকৰা হৈছে তাকে চিন্তা কৰি মনটো বেয়া কৰি থাকিব পাৰো, অথবা মই উঠি ঈশ্বৰক ধন্যবাদ দিব পাৰো মোৰ শৰীৰৰ যিবোৰ অংগই এতিয়াও ভালদৰে কাম কৰি আছে সেইবোৰৰ বাবে৷

প্ৰতিটো দিনেই একোটা উপহাৰ, যদিহে মই মোৰ চকু মেলিব পৰা হৈ আছো, মই নতুন দিনটোলৈ মোৰ মনোযোগ দিম আৰু লগতে মোৰ গোটেই জীৱনত মই গোটাই লোৱা ভাললগা স্মৃতিবোৰ আকৌ মনলৈ আনিম৷


বৃদ্ধাৱস্থা এটা বেংক একাউন্টৰ নিচিনা৷ আপুনি ইমান দিনে সঞ্চয় কৰি থোৱা বস্তুবোৰ আপুনি উলিয়াবলৈ ধৰে৷

সেয়েহে, মোৰ উপদেশ এয়ে যে সেই স্মৃতিৰ একাউন্টত যিমান পাৰে আনন্দ জমা কৰক৷

মোৰ সেই একাউন্টত আনন্দ যোগ দিয়া বাবে ধন্যবাদ৷ একাউন্টত মই এতিয়াও জমা থৈ আছো৷

আনন্দৰ বাবে এই সৰল নিৰ্দেশনা কেইটা মনত ৰাখিব:
১) আপোনাৰ অন্তৰখন ঘৃণাৰ পৰা মুক্ত কৰি ৰাখক৷
২) আপোনাৰ মনটো দুশ্চিন্তাৰ পৰা মুক্ত কৰক৷
৩) সহজ-সৰল জীৱন যাপন কৰক৷
৪) অধিককৈ দিয়ক৷
৫) কমকৈ আশা কৰক|

সৰু-সৰু কথা, সাধাৰণ কথা, সহজ কথা অথচ অতি উপযোগী, অতিকৈ প্ৰয়োজনীয় কথা৷

(ইন্টাৰনেটত পোৱা লেখা এটাৰ আধাৰত৷ মূল লেখক অজ্ঞাত)



.




Monday, 10 August 2015

নিশাৰ বীৰ.. উন্নত শিৰ

নিশাৰ বীৰ.. উন্নত শিৰ
১৯৭৬ চন৷ কটন কলেজৰ প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীত নাম ভৰ্তি কৰি ফাৰ্ষ্ট মেছত আবাসী হিচাবে থাকিবলৈ লৈছো৷ পুৰণি ছাত্ৰ বা দাদা সকলে ৰাতি নিজৰ ৰুমলৈ মাতি নি চা-চিনাকি হৈ থাকে৷ নানা ধৰণৰ প্ৰশ্ন সোধে৷ ধেমালিও কৰে৷ কেতিয়াবা ভালো লাগে, কেতিয়াবা ভয় লাগে৷ তথাপি কোনো আপত্তি নকৰাকৈ জ্যেষ্ঠসকলৰ আদেশ শিৰোধাৰ্য কৰি সকলো কৰি গৈ আছিলো৷
নবাগত আদৰণি সভা হোষ্টেলত বেলেগকৈ হয়৷ সেইদিনা ৰাতিহে হেনো চা-চিনাকি অলপ বেছিকৈ হয়৷ ভাবি ভয় লাগি আছিল৷
অৱশেষত সেই দিনটো আহি পালে৷ সন্ধিয়া আদৰণি সভা শেষ হ’ল৷ নিমন্ত্ৰিত অতিথি আদি সকলো গ’লগৈ৷ ৰাতি দহমানবজাৰ পৰা আৰম্ভ হ’ল এক বিশেষ কাৰ্যক্ৰম৷ মেডকেল পৰীক্ষা৷ চা-চিনাকিৰ সেইটো হেনো বিশেষ পৰ্ব৷ আমাক এজন এজনকৈ এটা বিশেষ কোঠালৈ মাতি নিয়া হ’ল৷ ভিতৰত হেনো কিবা মেডিকেল কৰা হয়৷  আমি নিজৰ পাল কেতিয়া পৰে বুলি অপেক্ষা কৰি থাকিলো৷

অৱশেষত মোৰ পাল পৰিল৷ কোনে মাতিলে মনত নাই৷ লাহেকৈ ভিতৰ সোমাই গ’লো৷ কোঠাটোৰ ভিতৰৰ লাইটটো জলোৱা নাই৷ বাহিৰৰ পৰা লাইটৰ পোহৰত দেখিলো এখন টেবুলৰ কাষত দুজন চিনিয়ৰ৷ এজন প্ৰাকবিশ্ববিদ্যালয় দ্বিতীয় বাৰ্ষিক আৰু আনজন বি.এ. প্ৰথম বাৰ্ষিকৰ৷

মোক আদেশ দিয়া হ’ল দিগাম্বৰ হ’বলৈ৷ মই নহওঁ বুলি ক’লো৷ আকৌ জোৰকৈ ক’লে৷ মই মান্তি নহ’লো৷

“টেবুলৰ তলত সোমাই থাকা৷” এচুকত থকা টেবুল এখনৰ পিনে আঙুলিয়াই এজনে মোক আদেশ দিলে৷ মই টেবুলৰ তলত সোমাবলৈ আঁঠু কাঢ়ি দেখিলো ইতিমধ্যে আন এজন সোমাই আছে৷ চিনি পালো৷ শিৱসাগৰৰ মৃদুল ৷ তাৰমানে দিগাম্বৰ হ’বলৈ অস্বীকাৰ কৰিলে মৃদুলেও৷ ভাল লাগিল৷

সৰু টেবুলখনৰ তলতে কুচিমুচি দুয়ো সোমাই থাকিলো৷
তাৰপাছত কোন কোন আহিল আৰু কি কি হ'ল চাবলৈ নহ'ল৷ 
কিছুসময় পাৰ হ'ল৷
সোমাই আহিল লক্ষীমপুৰৰ গোকুল৷ লগত চতিয়াৰ ৰূপক৷ চিনিয়ৰ দুজনে আদেশ দিবলৈহে পালে, গোকুলে চিঞৰি চিঞৰি গালি পাৰিবলৈ আৰম্ভ কৰি দিলে …. 
“চিনি পোৱা নাই? এফালৰ পৰা কাটি থৈ যাম….” আৰু বহুত কিবা কিবি…
হয়তো গালি পাৰিবলৈ সাজু হৈয়েই আহিছিল গোকুল৷
সাহস পাই ৰূপকেও ফেৰ পাতি ধৰিলে চিনিয়ৰ দুজনক৷
কথা বিষম দেখি চিনিয়ৰ দুজনে গোটেই প্ৰক্ৰিয়াটোৰ তাতেই সমাপ্তি ঘটাই আমাক টেবুলৰ তলৰ পৰা ওলাই আহিবলৈ ক’লে৷ আমি কানি-কাপোৰ জোকাৰি বাহিৰ ওলাই আহিলো৷
সেইসময়ত লক্ষীমপুৰৰ গোকুল আমাৰ বাবে হৈ পৰিল ৰক্ষাকৰ্তা বীৰ৷
চিনিয়ৰ দুজনকহে আৰু কেতিয়াও ভাল ভাবে ল’ব নোৱাৰিলো৷