At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 31 December 2015

ভিলাই

ভিলাই..


জিৰ জিৰ বৰষুণত
মূৰ দোঁৱাই
তিতি থিয় হৈ
বাটৰ কাষত
গছবোৰ সলনি হৈ পৰা
ছাঁয়ালৈ
নিজৰ সম্মুখতে
ঘটিত হোৱা এই ৰূপান্তৰণ,


টপ্-টপকৈ সৰি থকা টোপালত
জিলমিলোৱা পোহৰবোৰ
আৰু ৰং-বিৰঙৰ ডাৱৰৰ
যাদু ৰচনা কৰা
কাৰখানাৰ চিমনিবোৰ,


ইফালে বাট
সিফালে বাট
মাজেৰে পাৰহৈ যোৱা
ৰেলৰ চিৰিবোৰ,


এই মাথোন সলনি হৈছে হয়তো
পালপাতি কৰা ডিউটিবোৰ,
ক্ৰচিঙৰ গেটত
আৱদ্ধ হৈ পৰা
ভীৰৰ অস্থিৰতা,

চাকি-বন্তিৰ এনে সময়তে
ঘৰ পাবলৈ অস্থিৰ
তেনেকুৱা ভীৰত
মইহে কেতিয়াও নহ’লো
চাইকেল ৰখাই
হেণ্ডেলত ওলোমাই থোৱা
পাচলিৰ মোনা,


মোৰ হাতঘড়ীত
কিয় নহ’ল
ঘৰলৈ ওভতাৰ সময়,
এনেই হোৱা নাই
মুম্বাইৰ পৰা কলকাতালৈ যোৱা
ডাউন গাড়ী এখন
পাৰ হৈ যোৱা,


কোনো ক্ৰুৰ সিদ্ধান্ত অবিহনে
কিদৰে সম্ভৱ হ’ব
এটি বীতৰাগ মন
কিদৰে হ’ব
এটি আধ্যাত্মিক সন্ধ্যা….

মূল (হিন্দী): সতীশ জয়চৱাল;  অনুবাদ: ডঃ মাখন লাল দাস

Monday, 14 December 2015

ভাল ল’ৰা

ভাল ল’ৰা

পাঠকে ছোৱালীজনীৰ বাবে বহুদিনৰ পৰাই ভাল ল’ৰা এটা বিচাৰি আছে৷ ছোৱালী কম্পিউটাৰ ইঞ্জিনিয়াৰ৷ নাম থকা কোম্পানীত কাম কৰে৷ ভাল নাচে, গানো গায়৷ দেখিবলৈও চিনেমাৰ অভিনেত্ৰীৰ দৰেই৷ স্বভাৱে-চৰিত্ৰই সতী-সাৱিত্ৰীতকৈ কোনো গুণে কম নহ’ব যেন লাগে৷ যি ঘৰলৈকে বোৱাৰী হৈ যাব সেই ঘৰেই ভাগ্যবান বুলি ভাবিব লাগিব৷ পঢ়ি থকা অৱস্থাতে আন বহুতৰ নিচিনাকৈ ল’ৰা এটা যোগাৰ কৰি ল’ব নোৱাৰিলে তাই৷ হয়তো দেউতাক বিয়া-বাৰুৰ ক্ষেত্ৰত খুব কাঢ়া বুলি ভাবিয়েই তাই সাবধানে দিনবোৰ পাৰ কৰিলে৷ কিন্তু এতিয়া দৰা বিচাৰি হায়ৰাণ হৈছে দেউতাক পাঠক৷

পাঠক মোৰ বাল্যবন্ধু৷ ইঞ্জিনিয়াৰিং কলেজতো একেলগে পঢ়া দুয়ো৷ পাছ কৰি তেওঁ ৰিফাইনাৰিৰ চাকৰিত সোমাল, মই সোমালোঁ কলেজতে শিক্ষকতাৰ কামত৷ বিয়াও প্ৰায় একে সময়তে পাতিছিলো দুয়ো৷ প্ৰায়েই অহা-যোৱা চলিছিল দুয়ো ঘৰৰ মাজত৷ এতিয়া অৱসৰ পাই ওচৰা-ওচৰিকৈ ফ্লেট কিনি প্ৰায় একেলগে আছোঁহি৷

প্ৰথমতে ছোৱালীজনীৰ বাবে দৰাৰ কথা ভাবি বেছি মূৰ ঘমোৱা নাছিল পাঠকে৷ ইমান ভাল ছোৱালী যেতিয়া অতি সহজে দৰা পাবই বুলি নিশ্চিন্তে বহি আছিল৷ প্ৰথমতে তাই পঢ়ি-শুনি থিতাপি লওঁক, তাৰপাছত বিয়া-বাৰুৰ কথা লাহে-ধীৰে ভাবিব লাগিব৷ কেতিয়াবা কথা-প্ৰসঙ্গত পাঠকে কৈছিল৷ ছোৱালীৰ পঢ়া-শুনাৰ প্ৰতিয়েই ইমান দিনে মনোযোগ দি আহিল পাঠকে৷ তাইও দেউতাকক নিৰাশ নকৰি খুব ভালদৰেই পাছ কৰি গ’ল সকলো পৰীক্ষা৷

কিন্তু ছোৱালীৰ বিয়াৰ চিন্তা মনলৈ অহাৰ পাছৰে পৰা দৰা বিচাৰি পাঠক ভাগৰি পৰিছে৷ দৰাৰ ক্ষেত্ৰত পাঠকৰ চৰ্ত বহুত৷ ল’ৰা ইঞ্জিনিয়াৰ হ’ব লাগিব৷ ভাল চাকৰি কৰা হ’ব লাগিব৷ দেখোতো ভাল হ’ব লাগিব৷ ভাল পৰিয়ালৰ হ’ব লাগিব৷ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগিব৷ কেৱল অসমীয়া হ’লেই নহ’ব, পাৰিলে তেওঁৰ নিজৰ অঞ্চলৰ মূল বাসিন্দা হ’ব লাগিব৷ সেইবোৰ ঠিকে থাকিলেও নহ’ব পঞ্জিকা মতেও ৰাহি-যোৰাও মিলিব লাগিব৷ এবাৰ খুব ভাল ল’ৰা এজনৰ খবৰ পাই পাঠকক জনাইছিলো৷ পাঠকে পঞ্জিকা চাই নাকচ কৰি পেলালে৷ তাৰপাছত কিছুদিন বিয়াৰ কথা তল পৰি আছিল৷ আজি হঠাতে ৰাতিপুৱাতে পাঠকৰ ফোন পালোঁ৷
“আবেলি এপাক ঘৰলৈ আহিবাচোন৷”
“কিয়? কিবা পাতিছা নেকি?”
“নাই৷ ল’ৰা এজন ফুৰিবলৈ আহিব৷ তোমাক চিনাকি কৰাই দিম বুলি ভাবিছো৷ সোনকালে আহিবা”

অৱসৰ পোৱা মানুহ৷ হাতত সময় অপৰ্যাপ্ত৷ ভাত-পানী খাই সোনকালেই পাঠকৰ ঘৰ পালোঁগৈ৷ পাঠকেই কথাটো উলিয়ালে৷
“ভাল ল’ৰা এজনৰ খবৰ পালোঁ৷ ইঞ্জিনিয়াৰ, পুণেত থাকে৷ পঞ্জিকা মতেও মিলাই চাইছো৷ মিলিছে৷ মাজনীক ইতিমধ্যে পুণেত দেখি পচন্দও কৰিছে৷”
“খুব ভাল কথা৷ সোনকালে সকলো ঠিক কৰি দিয়া তেনেহলে৷” মই অতি উৎসাহেৰে ক’লো৷
“ল’ৰাজন দুদিনমানৰ কাৰণে ঘৰলৈ আহিছে৷ খবৰটো পাই আজি ঘৰলৈ মাতিছো৷ তোমাৰ কলেজৰ পৰাই পাছ কৰা ল’ৰা৷ তুমি চিনি পাব পাৰা৷ সেইকাৰণে তোমাৰ মত এটাও লৈ ল’ব খুজিছো৷”
“ল’ৰাজন কি ইঞ্জিনিয়াৰ? চিভিল যদি ভালদৰে চিনি পাম৷”
“নহয়, ইলেক্ট্ৰিকেল৷ তথাপি তুমি চিনি পাবও পাৰা৷ হোষ্টেলত আছিলতো৷ অলপ কথা-বতৰা পাতি চাবা৷”

মইও হয়ভৰ দি ৰৈ থাকিলোঁ ল’ৰাজনৰ বাবে৷ ভালো লাগিল মোৰ মতামতকো পাঠকে ইমান গুৰুত্ব দিব খোজা দেখি৷ দুয়ো ইটো-সিটো কথা পাতি কিছু সময় পাৰ কৰিলোঁ৷ বেছি সময় বাট চাব লগা নহ’ল৷ ল’ৰাজন আহি ওলাল৷ মুখখন চিনাকি চিনাকি লাগিল৷ পাঠকনীয়ে আথে-বেথে বহুৱালে৷ পাঠকে মোক চিনাকি কৰি দিলে৷ আশাকৰা ধৰণেই ল’ৰাজন মোৰ চিনাকি পোৱাৰ পাছত অলপ নাৰ্ভাচ হোৱা যেন লাগিল৷ 

দুই-এটা কথাৰ আদান-প্ৰদান হোৱাৰ পাছত পাঠকনী পাকঘৰত সোমাল৷ পাঠকো ভিতৰলৈ গ’ল ল’ৰাজনৰ লগত মোক অকলে এৰি দি৷ মই কথা আৰম্ভ কৰিলো৷ কথা মানে যেন মৌখিক পৰীক্ষাহে৷ নাম কি? এতিয়া কি কৰি আছা? কোন চনত পাছ কৰিছিলা? কোন হোষ্টেলত আছিলা? ইত্যাদি ইত্যাদি৷
ল’ৰাজনে উত্তৰ দি গ’ল মোৰ প্ৰশ্নবোৰৰ এটা এটাকৈ৷ চন আৰু হোষ্টেলৰ কথা জনাৰ লগে লগেই ফট-ফটকৈ বহুতো কথা মনত পৰি গ’ল মোৰ৷
পাঠক সোমাই আহিল৷ পাঠকনীয়ে চাহ-জলপান দি গ’ল৷ কিছুসময় কথা-বতৰা চলিল৷ তাৰপাছত ল’ৰাজন বিদায় লৈ গ’লগৈ৷

“চিনি পালানে ল’ৰাজন?” আশাকৰা মতেই পাঠকৰ প্ৰথম প্ৰশ্ন৷
“পাইছো৷ মই অধীক্ষক হৈ থকা হোষ্টলতে আছিল৷” উত্তৰ দিলোঁ৷ কিন্তু মোৰ মনটোত সমান্তৰাল ভাবে বেলেগ এটা চিন্তা চলি আছিল বুলি পাঠকে সহজে অনুমান কৰি আকৌ পোনে-পোনে সুধিলে,
“কেনেকুৱা ল’ৰা? ভালনে? তোমাৰ মতামত কি?”
এইবাৰহে দোমোজাত পৰিলো৷ ল’ৰাজনক চিনি পোৱাৰ পাছত ল’ৰাজনৰ বিষয়ে যিমানখিনি কথা মনত পৰিছে গোটেইখিনি জনাই দিয়া উচিত হ’বনে নাই মনতে ঠাৱৰ কৰিব নোৱাৰি উত্তৰ দিলোঁ,
“নাই, মই চিনি পাইছো যদিও মাত্ৰ এদিনহে লগ পাইছিলো৷ গতিকে কেনেকুৱা ল’ৰা সেই বিষয়ে মতামত নিদিয়াই ভাল হ’ব৷”
“মাত্ৰ এদিন? সেইটো আকৌ কেনেকুৱা কথা? তুমি অধীক্ষক হৈ থকা হোষ্টেলতে আছিল হেনো ল’ৰাজন?” পাঠকৰ স্বাভাৱিক প্ৰশ্ন৷
“মই তিনিবছৰ বাহিৰত আছিলো উচ্চ শিক্ষাৰ বাবে৷ উভতি আহি হোষ্টেলৰ অধীক্ষকৰ দায়িত্ব লৈছিলো৷ ইতিমধ্যে ল’ৰাজনে ফাইনেল পৰীক্ষা দি সেই হোষ্টেল এৰি গৈছিল মাত্ৰ৷ ফাইনেলৰ ৰিজাল্ট দিয়াৰ পাছত হোষ্টেলৰ ক্লিয়াৰেঞ্চ ল’বলৈ, মানে হোষ্টেলত একো দিবলগীয়া নাই বুলি চাৰ্টিফিকেট ল’বলৈহে মোৰ ওচৰলৈ আহিছিল৷ এদিনৰ চিনাকি মাত্ৰ৷”
“মাত্ৰ এদিন লগ পালা৷ তাকো ইমান বছৰ আগতে৷ তথাপি ল’ৰাজন চিনি পালানে?” পাঠকৰ পৰা এইটো প্ৰশ্নও আহিব পাৰে বুলি মই ভয় কৰি আছিলো৷ সকলো কথা কৈ দিয়াই ভাল হ’ব বুলি ভাবি উত্তৰ দিলোঁ,
“কেতিয়াবা মনত থাকি যায়৷ ল’ৰাজনৰ আচলতে অলপ টকা দিবলৈ বাকী আছিল৷ বেছি নহয় এশ টকামান আছিল বোধকৰো৷ এটকাও বাকী থাকিলে ক্লিয়াৰেঞ্চ মই নিদিওঁ কাৰণ কলেজৰ পৰা একেবাৰে ওলাই যোৱাৰ পাছত আৰু সেই টকা পোৱাৰ কোনো আশা নাথাকে৷ গতিকে পাছত ময়েই ভৰিবলগীয়া হ’ব৷” পাঠক নিজেও ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলত থাকি অহা৷ সকলো জানেই বুলি জানিও অলপ ব্যাখ্যা কৰি ক’লো৷
“ল’ৰাজনক ক্লিয়াৰেঞ্চ দিয়া নাছিলা নেকি তুমি?” পাঠকে জেৰা কৰাৰ দৰেই সুধিলে৷ 

ক্ষন্তেক ৰৈ উত্তৰ দিলো,
“এদিন ৰাতিপুৱাতে আহি ওলাইছিল ল’ৰাজন ক্লিয়াৰেঞ্চ ল’বলৈ৷ মই টকা দিবলৈ বাকী থকা ল’ৰাবোৰৰ তালিকাখন চালো৷ ল’ৰাজনৰ নামটো প্ৰায় ওপৰতে আছিল৷ তেওঁক জনাই দিলো তেওঁৰ অলপ দিবলগা থকা কথাটো৷ ল’ৰাজনে অনুৰোধ কৰি কৈছিল,
“ছাৰ, মই দূৰৰ পৰা আহিছো৷ লগত বেছি টকা নাই৷ ক্লিয়াৰেঞ্চটো দি দিয়ক৷ মোৰ মাহীৰ ঘৰ ইয়াতে৷ অফিচৰ কামখিনি কৰি আবেলি মাহীৰ ঘৰৰ পৰা টকাখিনি আনি আপোনাক দি থৈ যামহি৷ আপোনাক কথা দিছো৷ মোক বিশ্বাস কৰক৷”
ল’ৰাজনৰ কথাত পতিয়ন গৈ ক্লিয়াৰেঞ্চৰ ফৰ্মখনত চহী কৰি দিলো৷ ল’ৰাজন গ’লগৈ৷ সেইদিনা আবেলি নাহিল৷ পিছদিনাও নাহিল৷ বছৰ পাৰ হৈ গ’ল৷ কোনোদিনেই নাহিল৷ আজিহে ইমান দিনৰ মূৰত আকৌ মুখা-মুখি হৈছোঁ৷ মূখখন অলপ অলপ চিনিব পাৰিছিলো৷ নামটো কোৱাত গোটেই ঘটনাটো মনত পৰি গ’ল৷ ল’ৰাজনৰ বিষয়ে অৱশ্যে মই আৰু একো নাজানো” কথাখিনি কৈ শেষ কৰি পাঠকৰ পিনে চালো৷ মোৰ বুকুৰ পৰা বোজা এটা আঁতৰি যোৱা যেন লাগিল৷ 

পাঠক কিছু সময় মনে মনে থাকিল৷ তাৰপছত লাহেকৈ মাত দিলে,
“ভুল তোমাৰেই৷ তুমি ইমান সহজে সকলোকে বিশ্বাস কৰি লোৱা৷ ল’ৰাজন বুধিয়ক৷ আজিৰ যুগৰ লগত খাপ খাই চলিব পৰা ল’ৰা৷ সেইটো একো ডাঙৰ দোষ বা দ্ৰবেক বুলি ক’ব নোৱাৰি৷”

মই পাঠকৰ কথাখিনি শলাগি থলোঁ৷ বিদায় লৈ ঘৰ পালোঁহি৷ দুদিনমান পাছত বিয়াৰ নিমন্ত্ৰণী পত্ৰখন পাম বুলি প্ৰায় নিশ্চিত হ’লো৷

Sunday, 13 December 2015

জাপানৰ মুকুতা-মণি

জাপানৰ মুকুতা-মণি

স্বামী –স্ত্ৰী হাত আৰু চকুৰ নিচিনা হোৱা উচিত: হাতে আঘাত পালে চকুৱে কান্দে; আৰু যেতিয়া চকুৱে কান্দে, হাতে চকুলো মোহাৰি দিয়ে৷

কোনো এটা সমস্যা যদিহে সমাধান কৰিব পাৰি তেনেহলে তাৰ বিষয়ে অনাহক চিন্তা কৰাৰ প্ৰয়োজন নাই৷ যদিহে সমস্যাটোৰ সমাধান নাই তেনেহলে চিন্তাত মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷

ওপৰলৈ উঠি যোৱাৰ প্ৰৱল হেঁপাহ যাৰ আছে তেওঁ জখলা এখন তৈয়াৰ কৰাৰ উপায় চিন্তা কৰিবই৷

ভালদৰে দিন্তা কৰাৰ পাছত কামত লাগি যাওক৷ আৰু সেইটো কৰাৰ পাছত চিন্তা কৰিবলৈ বাদ দিয়ক৷

নাদত থকা ভেকুলীয়ে সাগৰৰ বিশালতাৰ উমান নাপায়৷

সৌভাগ্য সদায় হাঁহিৰে ভৰি থকা ঘৰলৈকে আহে৷


(সংগ্ৰহ)

আপিগিলানে কলাত লবো…

আপিগিলানে কলাত লবো…

সৰুতে বৰ চাপৰ আছিলো৷ মূৰটো ডাঙৰ, নাকটোও চেপেটা বাবে আৰু অধিক চাপৰ দেখা গৈছিল মোক৷ কিছুমানে “গাইথা” বুলি জোকাইছিল৷ কিছুমানে জোকাইছিল “মাদা” (শকত) বুলি৷ ওখ হোৱাৰ দুৰ্বাৰ হেঁপাহ এটা মনত পুহি ৰাখিছিলো৷ এবাৰ অষ্টম নে নৱম শ্ৰেণীত থাকোঁতে বৰপেটাত অসম বিজ্ঞান সমিতিৰ অধিৱেশন এখন হৈছিল৷ প্ৰদৰ্শনী চাবলৈ আমি শাৰী পাতিছিলো৷ সকলোতকৈ চাপৰ বাবেই হয়তো মোক একেবাৰে আগত থিয় কৰাই দিয়া হৈছিল৷ দুৱাৰমুখতে আছিল এখন দীঘল আইনা৷ মূৰৰ পৰা ভৰিলৈকে সম্পূৰ্ণকৈ দেখা যায়৷ তাতে নিজৰ চেহেৰাটো ভালদৰে চালো৷ চাই দৃষ্টি ঘূৰাই দিলোঁ৷ সঁচাকৈয়ে মই ইমান চাপৰ৷

মোৰ সহপাঠী প্ৰভাতো প্ৰায় মোৰ সমানেই ওখ আছিল৷ দুয়ো আছিলো নলে-গলে লগা বন্ধু৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগে আগে এদিন সন্ধিয়া দুয়ো চাউলখোৱা নদীৰ দলঙৰ ওপৰেৰে গৈ আছিলো অলপ মুকলি বতাহ খোৱাৰ মানসেৰে৷ সেই সময়ত বহুতো যুৱক তাত গোট খায়, একে উদ্দেশ্যেৰেই৷ 

আমি খোজ কাঢ়ি কিছুদূৰ পাৰ হৈ যোৱাৰ পাছতে প্ৰভাতে মাত দিলে,
“সিহঁতে আমাক দুটাক দেখি কি কৈছে মন কৰিলিনে?”
“নাই কৰা৷ মই বেলেগ কিবা চিন্তা কৰি আছিলোঁ৷” মই উত্তৰ দিলোঁ৷
“আমাক দেখি সিহঁতে কৈছে, কি সৰু-সৰু ছলিয়ে৷ আহুন কলেজত গেলি আপিগিলানে কলাত লবো৷ (ইহঁত কলেজলৈ গ’লে ছোৱালী বিলাকে কোলাত ল’ব)৷”
একো উত্তৰ নিদিলো৷ ওখ হোৱাৰ বাসনা আৰু অধিক প্ৰবল হ’ল৷ দুৱাৰত ধৰি ওলমি থকা, ৰিঙত ধৰি উঠা-নমা কৰা আদি ব্যায়াম কৰি থাকিলো৷
সময় বাগৰি গ’ল৷ চাপৰ বুলি কোনেও হাঁহিব নোৱাৰা অৱস্থা এটা পালোঁ৷

কলেজত অৱশ্যে কোনেও কোলাত ল’বলৈ সাহস নকৰিলে৷

Saturday, 12 December 2015

ধনৰ ধনী-মনৰ ধনী

ধনৰ ধনী-মনৰ ধনী


খুব ধনী মহিলা এগৰাকী শাৰীৰ দোকান এখনলৈ আহি ক’লে,
“মোক অলপ সস্তীয়া শাৰী দুখনমান দেখুৱাওকচোন৷ কোনোমতে কাম চলা ধৰণৰ হ’লেও হ’ব৷ আমাৰ ঘৰত বিয়া আছে; কামকৰা বাইজনীক এখন নিদিলে নহয় বাবে দিব খুজিছো৷”

আবেলি সেই কামকৰা বাইগৰাকী একেখন শাৰীৰ দোকানলৈ গৈ ক’লে,
“মোক অলপ দামী শাৰী দুখনমান দেখুৱাওকচোন৷ আমাৰ মালিকৰ ঘৰত বিয়া আছে৷ মালিকনীক এখন উপহাৰ দিব লাগে৷”

দাৰিদ্ৰ মনত নে টকাৰ বেগত?
ধনী কোন?

এখন ডাঙৰ হোটেলত লঘূ আহাৰৰ বাবে আহিছিল পৰিয়াল এটা৷ লগত তেওঁলোকৰ ছমহীয়া কেঁচুৱাটো৷ অলপ পাছত কেঁচুৱাটোৰ ভোক লগাত কান্দিবলৈ ধৰিলে৷ মাক সাজু হৈ অহা নাছিল৷ হোটেলৰ মেনেজাৰৰ ওচৰলৈ গৈ সুধিলে,
“আপোনালোকৰ ইয়াত গাখীৰ পোৱা যাব নেকি একাপমান? মোৰ কে্চুৱাটোৰ বাবে?”
“পাব, কিন্তু একাপত এশ টকা৷’

এশ টকাৰে গাখীৰ একাপ খুৱালে কেঁচুৱাটোক৷

তাৰপাছত গাড়ীৰে ঘৰমুৱা হ’ল৷ কিছুসময় পাছত কেঁচুৱাৰ আকৌ ভোক লগাত কান্দিবলৈ ধৰিলে৷বাটৰ কাষত এখন চাহ দোকান দেখি গাড়ী ৰখালে৷ অতি সাধাৰণ চাহ দোকান৷ দোকানীজনৰ ওচৰলৈ গৈ মহিলাগৰাকীয়ে "কেঁচুৱাটোৰ বাবে গাখীৰ একাপ খুজিলে৷ গাখীৰৰ দাম সোধাত দোকানীয়ে উত্তৰ দিলে,

"কেঁচুৱাৰ বাবে লোৱা গাখীৰৰ আমি দাম নলওঁ নহয়৷ বাটত আকৌ ভোক লাগিব পাৰে৷ বটল এটাত আৰু অলপ ভৰাই দিওঁ৷ লৈ যাওঁক৷”


মহিলাগৰাকীয়ে বাটে বাটে ভাবি গ’ল,
”কোন ধনী, সেই দামী হোটেলৰ মানুহজন নে সাধাৰণ চাহ দোকানী জন?”


টকাৰ পিছে পিছে দৌৰি থাকোঁতে আমি প্ৰায়েই পাহৰি যাওঁ যে আমি সকলো মানুহ৷

অভাৱত থকা, বিপদত পৰা, প্ৰয়োজন থকা কাৰোবাক বিনিময়ত একো আশা নকৰাকৈ সহায় কৰোঁ আহক৷ তেনে কৰিলে আমি যি সন্তুষ্টি লাভ কৰিম সেয়া অধিক ধনে দিব নোৱাৰে৷

গাখীৰ আৰু চেনীৰ সৈতে মিহলি হোৱাৰ আগলৈকে কফিয়ে জানো ভাবিব পাৰিছিল সিও ইমান সোৱাদ হ’ব পাৰে বুলি? আমি ব্যক্তিগত ভাবে ভাল ঠিকেই, কিন্তু উচিত লোকৰ সৈতে মিলিত হৈ আমি অধিক উন্নত, অধিক ভাললগা হৈ পৰিব পাৰোঁ৷


(ফেচবুক আপডেট এটাৰ আধাৰত)

Tuesday, 8 December 2015

পাগলী

পাগলী
ঘৰৰ চাদত বহি ককাই ৰ’দ পুৱাইছে৷ জাৰকালি প্ৰায়েই ককা ৰাতিপুৱা তাতে বহে৷ কাষৰ ঘৰৰ চাদত মাধৱৰ ছোৱালীজনী থিয় হৈ আছে৷ ককাই ছোৱালীজনীলৈ চালে৷ বয়স পোন্ধৰমান হৈছে৷ আজি বোধকৰো স্কুল বন্ধ৷ সেইবাবে অকলে চাদত থিয় হৈ আছে৷ ককাই অলপ ভালদৰে মন কৰিলে তাইক৷ তাই এবাৰ ইফালে যায়, এবাৰ সিফালে যায়৷ এবাৰ ওপৰলৈ চায়৷ এবাৰ তললৈ চায়৷ এবাৰ মূৰটো বেঁকা কৰি নিজে নিজে হাঁহে৷ এবাৰ মূৰটো চিধা কৰি ওঁঠ দুটা জোঙা কৰি দিয়ে৷ লাহে লাহে ককা চিন্তাত পৰিল৷ বেচেৰা মাধৱৰ ছোৱালীজনী পাগল হ’ল৷
ইচ, ইমান কম বয়সতে তাই পাগল হ’ল৷ মাধৱে কি কৰিব এতিয়া? সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰা ভাল৷ মাধৱে কথাটোবা মন কৰিছে নে নাই?
ছোৱালীজনীলৈ আকৌ চালে৷ এইবাৰ তাই চুলিবোৰ মেলি দি চিনেমাৰ নায়িকাৰ নিচিনা ভঙ্গিমাৰে থিয় দিছে৷ সম্মুখত কোনো নাই কিন্তু তাই কালৈ চাই হাঁহি আছে?
চিন্তিত মনেৰে ককা তললৈ নামি গ’ল আৰু নাতিয়েকক মাতি আনিলে৷
“ছোৱালীজনী ভালদৰে চাচোন৷ তাই কেনে আচৰিত ধৰণৰ ব্যৱহাৰ কৰি আছে৷ পাগল হোৱা যেন লগা নাইনে?”
নাতিয়েকেও অলপ ভালদৰে লক্ষ্য কৰিলে ছোৱালীজনী৷
তাৰপাছত ককালৈ চাই ক’লে,
“ককা, তাই পাগল হোৱা নাই৷
তাই চেল্ফীহে লৈ আছে৷”

(হোৱাটচাপ পোষ্ট এটাৰ আধাৰত)

মৰমৰ ঘৈণীলৈ পতিদেৱৰ কবিতা..

মৰমৰ ঘৈণীলৈ পতিদেৱৰ কবিতা..


প্ৰিয়া তুমি নতুন চুটনো চিলোৱা কিয়
পুৰণি শাৰীতেই তোমাক অপ্সৰা যেন লাগে৷

বিউটি পাৰ্লাৰলৈ কিয়নো যোৱা তুমি
জোন যেন চেহেৰা ক্ৰিমেৰে কিয় ঢাকিব লাগে?

হোটেল-ৰেষ্টোঁৰাত খোৱাতনো কিহৰ মজা
তোমাৰ হাতৰ ৰহৰ দাইল শতগুণে ভাল লাগে৷

ঠাই ফুৰিবলৈ গৈ জানো সিমান ভাল লাগে
তোমাৰ দেউতাৰ ঘৰত থাকি যি আৰাম লাগে৷

চাকৰনীৰ চক্ৰত পৰি স্বাস্থ্য কিয় নষ্ট কৰা
ঘৰ সৰা-মোচা কৰি লঘূ ব্যায়ামহে কৰিব লাগে৷

সোণ-ৰূপ নিকিনিবা তাতো ভেজাল হ’ল
তোমাৰ সৌন্দৰ্যহে ২৪ কেৰেট সোণ যেন লাগে৷

আনৰ সম্পত্তি দেখি জ্বলিবনো কিয় লাগে
তোমাকে দেখোন ঘৰৰ দেৱী লক্ষ্মী যেন লাগে৷

(হিন্দী কবিতা এটাৰ অসমীয়া ৰূপান্তৰ)

Monday, 7 December 2015

অলৌকিক

অলৌকিক..

হস্পিটেলত ঘৈণীয়েকৰ কাষত বহি গিৰিয়েকে উচুপি উচুপি কান্দি আছিল৷ ঘৈণীয়েক অচেতন৷ প্ৰায় তিনিদিনেই হ'ল৷
ডাক্তৰ সোমাই আহিল৷ গিৰিয়েকৰ কান্ধত হাত থৈ সান্তনা দিবলৈ চেষ্টা কৰি ক'লে,
" কি কৰিব? সকলো ঈশ্বৰৰ হাতত৷ আমি যিমান পাৰো চেষ্টা চলালোঁ৷ চিকিৎসাত একো ত্ৰুটি কৰা নাই৷ কিন্তু আপোনাৰ পৰিবাৰ এতিয়া "ক'মা" অৱস্থালৈ গ'ল৷ কেতিয়া চেতনা ঘূৰাই পায় কোনেও ক'ব নোৱাৰে৷"
নিজক যিমান পাৰে চম্ভালি গিৰিয়েকে সুধিলে,
"চেতনা ঘূৰাই পোৱাৰ সম্ভাৱনা আছেনে নাই?"
ডাক্তৰে ক'লে, "আপোনাক মিছা কৈনো কি লাভ? চেতনা ঘূৰাই পাবও পাৰে, নাপাবও পাৰে৷ সকলো ঈশ্বৰৰ হাতত৷ আমি কৰিব পৰা সকলোখিনি কৰিলো৷"
অচেতন ঘৈণীয়েকৰ ফালে গিৰিয়েকে এবাৰ চালে৷তাৰপাছত উচুপি উচুপি আকৌ ক'বলৈ ধৰিলে,
"ইচ বেচেৰী৷ আমাৰ বিয়া হৈছিলহে মাত্ৰ৷ তাই জীৱনটো উপভোগ কৰিবলৈকে নাপালে৷ সম্মুখত গোটেই জীৱনটো পৰি আছিল৷ তাইৰ বয়সনো কিমান হৈছিল.. মাত্ৰ ত্ৰিশবছৰ৷
গিৰিয়েকে আকৌ উচুপিব ধৰিলে কথাখিনি কৈ..
ডাক্তৰে কান্ধত হাত দি সান্তনা দি থাকিল৷
হঠাতে অলৌকিক ঘটনা ঘটি গ’ল৷ অচেতন হৈ পৰি থকা ঘৈণীয়েকৰ হাতৰ আঙুলি দুটা কঁপিবলৈ ধৰিলে৷ গিৰিয়েক আৰু ডাক্তৰে অবাক হৈ চাই থাকিল৷
তাৰপাছত গৈণীয়েকে দুয়ো শুনাকৈ স্পষ্টকৈ কৈ উঠিল,
“নহয়, নহয়, ত্ৰিশবছৰ নহয়, সাতাইশহে…….”


(বন্ধু এজনৰ পোষ্ট এটাৰ আধাৰত)

Sunday, 6 December 2015

আত্ম-সন্মান

আত্ম-সন্মান

সময়মতেই উৰিল উৰাজাহাজখন৷ লাহে-লাহে ওপৰ উঠিবলৈ ধৰিলে৷ খিৰিকিৰে দিগন্তই তললৈ চাই থাকিল আপোনমনে৷ সুউচ্চ অট্টালিকাবোৰ লাহে-লাহে পুতলাযেন দেখা গ’ল৷ এটা সফল যাত্ৰাৰ সামৰণি পৰিল৷ হেঁপাহ পলুৱাই উপভোগ কৰিলে সিহঁতে যোৱা পোন্ধৰটা দিন৷ দেশখনৰ পূব-পশ্চিম-উত্তৰ-দক্ষিণ সকলোপিনে ভুমুকি মাৰিলে৷ কিছুদিনৰ বাবে সকলো পাহৰি গৈছিল সি৷  গুৱাহাটীত থকা তাৰ ব্যৱসায়, বন্ধু-বান্ধৱ, ল’ৰা-ছোৱালী সকলো৷ এনেদৰে কিছুদিন কটোৱাটো তাৰ আৰু উপাসনাৰ বাবে প্ৰয়োজনীয় আছিল৷ বিয়াৰ পাছত হনিমুন বুলি ক’লৈকো যোৱাই নহ’ল সিহঁতৰ৷ তেতিয়া দিগন্তৰ ব্যৱসায় আৰম্ভ হৈছেহে মাত্ৰ৷ কোনোমতে ঠন ধৰি উঠিব ধৰিছে তাৰ কাৰখানাটো৷ এদিনো আহৰি নাই৷ বিয়াখনো ঘৰৰ হেঁচাত পৰিহে পাতিবলৈ মত দিছিল সি সিমান সোনকালে৷ তাৰপাছত পৰিয়াল বাঢ়িল৷ ব্যৱসায়ো বাঢ়িল৷ চাওঁতে-চাওঁতে ত্ৰিশটা বছৰ পাৰেই হৈ গ’ল চকুৰ পচাৰতে৷ উপাসনাই অৱশ্যে কোনো দিনে আপত্তি কৰা নাই এনে এটা ব্যস্ত জীৱনৰ বাবে৷ ঘৰৰ সকলো তায়েই চম্ভালি আহিছে  আজিলৈকে৷

ত্ৰিশ বছৰীয়া বিবাহ-বাৰ্ষিকীটো অলপ ডাঙৰকৈয়ে পাতিছিল দিগন্তই৷ হাইস্কুল-কলেজত একেলগে পঢ়া প্ৰায় সকলোবোৰ বন্ধু-বান্ধৱকে মাতিছিল সি৷ ফেচবুক-হোৱাটচআপৰ যোগেদি প্ৰায়বোৰৰ লগতেই পুনৰ সম্বন্ধ স্থাপন হৈ গৈছিল ইতিমধ্যে৷ গুৱাহাটীত থকা সকলোবোৰ আহিছিল৷ দূৰত থকা বন্ধুও ভালেকেইজন আহিছিল৷ বিদেশত থকা কিছুমানে মেচেজ পঠাইছিল৷ সেই উৎসৱমুখৰ পৰিৱেশতে সুজিত নামৰ উৎপতীয়া বন্ধু এজনে দিগন্ত আৰু উপাসনা দুয়োকো সকলোৰে সম্মুখলৈ টানি নি সিহঁতৰ প্ৰথম হনিমুনৰ অভিজ্ঞতা বৰ্ণাবলৈ অনুৰোধ কৰিছিল৷ এক মিনিটো পলম নকৰি হাঁহি মুখে দিগন্তই ঘোষণা কৰি দিছিল সিহঁত হনিমুনলৈ নগ’লেই বুলি৷
“মিছা কথা, হ’বই নোৱাৰে৷ উপাসনা, তুমি ইমান দিন কিয় মনে-মনে আছা? এতিয়াও সময় আছে৷ ইট ইজ বেটাৰ লেট ডেন নেভাৰ৷” সুজিতে কৈছিল৷
“য়েচচচ.. এইবাৰ ভালকৈয়ে ফুৰি আঁহা ৷ ভাৰতত নহয়, বিদেশলৈ যাব লাগিব৷ উপাসনাৰ প্ৰাপ্য তেনে এটা ডাঙৰ উপহাৰ৷” কুন্তলাই সমৰ্থন কৰি কৈছিল৷ সকলোৱে হাত-চাপৰি মাৰি সমৰ্থন জনাইছিল সেই প্ৰস্তাৱত৷
“আমেৰিকাত ইমানবোৰ বন্ধু আছে, আমেৰিকালৈকে যোৱা৷ তাৰ পৰা ইউৰোপ হৈ উভতি আহিবা৷” আন এজনে পৰামৰ্শ দিলে৷

তাৰ পৰাই আৰম্ভণি৷ কথাটো দিগন্তই গুৰুত্ব সহকাৰে ল’লে৷ সি এতিয়া যথেষ্ট ধন-সম্পত্তিৰ মালিক যদিও এবাৰো বিদেশলৈ যোৱাই নাই৷ যাবলৈ চেষ্টাও কৰা নাই, আহৰিও পোৱা নাই৷ তাৰ সহপাঠী বহুতেই বিদেশত, ঘাইকৈ আমেৰিকাত নিগাজীকৈ থাকিবলৈ ল’লে কেতিয়াবাৰ পৰাই৷ চেষ্টা কৰা হ’লে দিগন্তও যাব পাৰিলেহেতেন বিদেশত থাকিবলৈ৷ সি কিন্তু অসমতে থাকি যাবলৈ ভাল পালে৷ অসমতে উদ্যোগ এটা খুলি অসমৰ উন্নতিত কিঞ্চিত হ’লেও অৰিহণা যোগোৱা তাৰ লক্ষ্য আছিল৷ নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে সি তাৰ উদ্যোগটো গঢ়ি তুলিছে, জীয়াই ৰাখিছে, শতাধিক লোকক কৰ্ম-সংস্থান দিছে, ৰাজ্যৰ বাবে অলপ হ’লেও ৰাজহ বৃদ্ধি কৰিছে৷ সেয়েই তাৰ সন্তুষ্টি৷

আমেৰিকাৰ কথা ভাবোঁতেই প্ৰথমেই তাৰ মনলৈ আহিছিল মৃদুলৰ কথা৷ তাৰ বাল্যকালৰ অতি নলে-গলে লগা বন্ধু৷ সৰুৰে পৰা দুয়ো একেলগে পঢ়া৷ প্ৰাইমাৰী স্কুলৰ পৰা দশম শ্ৰেণীলৈকে দুয়ো একেলগে বহা৷ শ্ৰেণীত মৃদুল সদায় প্ৰথম, সি দ্বিতীয়৷ অংকত অতিপাত চোকা আছিল মৃদুল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহজনৰ মাজত মৃদুলে স্থান পাব বুলি সকলোৱে আশা কৰিছিল৷ কিন্তু ফলা-ফলে সকলোকে আচৰিত কৰি দিছিল যেতিয়া দিগন্তইহে অসমীয়াত সৰ্বোচ্চ নম্বৰ পাই মৃদুলতকৈ বহুখিনি বেছি নম্বৰ পাই পাছ কৰিছিল৷ দিগন্ত সকলো বিষয়তে সমানে ভাল বাবেই মৃদুলতকৈ সৰ্বমুঠ নম্বৰ বেছিকৈ পালে৷ ৰিজাল্ট পাই মৃদুল হতাশ হ’ল নিজে বেছি ভাল নকৰা বাবে নহয়, কিন্তু দিগন্তই তাতকৈ অধিক ভাল নম্বৰ পোৱা বাবেহে৷ তদুপৰি অসমীয়াত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পোৱা বাবে দিগন্তৰ নাম সকলোৰে মুখে-মুখে৷ ইমান দিনে সেই ঠাইত সদায় প্ৰাধান্য পাই অহা মৃদুলে কথাটো সহজে হজম কৰিবলৈ টান পালে৷ সি দিগন্তৰ লগত মাত-বোল কৰিবলৈকে এৰি দিলে ৰিজাল্ট ওলোৱাৰ পিছৰ পৰা৷
দিগন্ত গুচি আহিল গুৱাহাটীলৈ৷ কটন কলেজত নাম ভৰ্তি কৰিলে৷ মৃদুলে তাতকৈ কম নম্বৰ পোৱা বাবে কটন কলেজত চীট নাপালে৷ গুৱাহাটীৰে আন এখন কলেজত সি নাম লগালে৷ মৃদুলে দিগন্তৰ লগত কোনো ধৰণৰ যোগাযোগ ৰখা নাছিল যদিও আনৰ পৰা মৃদুলৰ সকলো খবৰ দিগন্তই পাইছিল৷ প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাতো দিগন্তৰ ৰিজাল্ট বেচ ভালেই হ’ল৷ সি গুচি গ’ল অসমৰ বাহিৰলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ৷ অসমৰ বাহিৰৰ সেই বিখ্যাত কলেজত সি মৃদুলৰ মুখামুখি হ’ল আকৌ৷ মৃদুলে দিগন্তৰ নিচিনা ভাল বিভাগত চীট নাপাই কোনেও পঢ়িব নিবিচৰা বিভাগ এটাতে নাম ভৰ্তি কৰিছিল৷ দিগন্তক দেখিও নেদেখা ভাও ধৰি মৃদুল আঁতৰি গৈছিল৷ সকলো ধৰণে সি দিগন্তক এৰাই চলিছিল৷ কথাটোৱে দিগন্তক কিন্তু যথেষ্ট আমনি কৰিছিল মানসিক ভাবে৷ মৃদুলক সি কোনো দিনে তাৰ প্ৰতিদ্বন্দ্বী বুলি ভবা নাই৷ কিন্তু সৰুৰে পৰা সদায় প্ৰথম হৈ অহা মৃদুলে হয়তো সহজভাবে ল’ব পৰা নাই দিগন্ত তাতকৈ আগবাঢ়ি যোৱা বাবে৷ দিগন্তই মৃদুলৰ লগত সহজ হ’বলৈ চেষ্টা কৰিও বিফল হৈছিল বাৰে-বাৰে৷ মৃদুলে তাক সম্পূৰ্ণৰূপে এৰায়েই চলিল কলেজৰ গোটেই বছৰ কেইটা৷

দিন পাৰ হৈ গৈ থাকিল৷ কথাবোৰ সহজ ভাবে ল’বলৈ শিকিলে দিগন্তইও৷ পৰীক্ষাৰ ফলাফল ভালেই কৰি গ’ল দিগন্তই৷ মৃদুলো আগবাঢ়িল৷ যথাসময়ত পাছ কৰি অসমলৈ উভতি আহি ব্যৱসায়ত মন দিলে দিগন্তই৷ কিছুদিনৰ বাবে বাকী সকলো পাহৰি গ’ল সি কৰ্মব্যস্ততাৰ মাজত৷

এবছৰমান আগৰ পৰা ইন্টাৰনেটৰ যোগেৰে মৃদুলৰ লগত আকৌ সম্বন্ধ স্থাপন কৰিলে সি৷ ইঞ্জিনিয়াৰিং পাছ কৰি মৃদুল আমেৰিকালৈ গুচি যোৱা বুলি দিগন্তই শুনিছিল আনৰ মুখত৷ মাজে-মাজে মৃদুল অসমলৈ আহিছিল যদিও দিগন্তৰ লগত কেতিয়াও মুখা-মুখি হোৱা নাছিল৷ মৃদুলে আমেৰিকাত খুব ভাল নাম কৰিছে, তাতে নিগাজীকৈ থাকিবলৈ লৈছে৷ আমেৰিকাত থকা অসমীয়া প্ৰতিজনেই তাক ভালদৰে চিনি পায়৷ ফেচবুকত মৃদুলৰ প্ৰফাইলটো বিচাৰি উলিয়াবলৈ অসুবিধা নহ’ল দিগন্তৰ৷ প্ৰফাইল ফটোখন আগ্ৰহেৰে চালে৷ একেই হৈ আছে দেখাত৷ চুলিও সৰা নাই এডালো৷ সি অলপো সংকোচ নকৰাকৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই দিলে মৃদুললৈ৷ মৃদুলে ততালিকে সেই ৰিকুৱেষ্ট গ্ৰহণ কৰাত সি আচৰিতেই হ’ল৷ বহুদিনৰ পাছত আকৌ বাৰ্তালাপ৷ খবৰৰ আদান-প্ৰদান৷ হেৰোৱা বন্ধুক পুনৰ ঘূৰাই পাই দিগন্তৰ ভাল লাগিল৷ বুকুৰ পৰা ডাঙৰ বোজা এটা আঁতৰি যোৱা যেন লাগিল তাৰ৷

আমেৰিকালৈ ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লোৱাৰ পাছতে দিগন্তই মৃদুলক কথাটো জনালে৷
“বঢ়িয়া৷ কেতিয়া কেনেকৈ আহিবা মোক সবিশেষ জনাবা৷ তোমালোক দুয়ো মোৰ ঘৰতে থাকিব পাৰিবা৷ বেছি সময় হাতত লৈ আহিবা৷ গোটেইখন আমেৰিকা দেখুৱাই দিম৷” মৃদুলে অতি উৎসাহেৰে মেচেজ পঠালে৷

সেই অনুসাৰেই সকলো আগবাঢ়িল৷ যথাসময়ত দিগন্ত আৰু উপাসনা আমেৰিকাত উপস্থিত হ’লগৈ৷ মৃদুলে সিহঁতক আথে-বেথে নিজৰ ঘৰলৈ লৈ গ’ল৷ দিগন্তহঁতক এটা ডলাৰো সি খৰচ কৰিবলৈ নিদিলে আমেৰিকাত থকা দিন কেইটাত৷ তেনেদৰে পোন্ধৰটা দিন কেনেদৰে পাৰ হৈ গ’ল দিগন্তহঁতে গমেই নাপালে৷ বিদেশত থকা যেন এবাৰো অনুভৱেই নহ’ল সিহঁতৰ৷

আজি গধুৰ মনেৰে বিদায় লৈ দিগন্তহঁত পুনৰ উৰা মাৰিছে, ভাৰতলৈ বুলি৷
“সাংঘাটিক ভাল লাগিল দেই৷ দিনকেইটা কেনেদৰে পাৰ হ’ল গমেই নাপালো৷” ভাবত বিভোৰ হৈ থকা দিগন্তক উদ্দেশ্যি ক’লে উপাসনাই৷
“ওঁ”, উপাসনাৰ ফালে নোচোৱাকৈয়ে উত্তৰ দিলে দিগন্তই৷
“ইমান ভাল বন্ধু এজনৰ লগত ইমান দিনে কিয় সম্পৰ্ক নৰখাকৈ আছিলা তুমি?”
‘হুঁ?” উপাসনাৰ প্ৰশ্নৰ কি বুলি উত্তৰ দিব ভাবি নাপালে দিগন্তই৷ সি নিজেও সম্পূৰ্ণকৈ বুজি উঠা নাই মানুহৰ পাৰস্পৰিক সম্পৰ্কৰ খুটি-নাটিবোৰ৷

সিহঁতৰ উৰাজাহাজখন তেতিয়া অপাৰ মহাসাগৰৰ ওপৰত আপোনমনে উৰিছে৷



Saturday, 5 December 2015

আবৰ্জনা..

আবৰ্জনা..
ফ্লেটত খকাৰ সুবিধা যেনেদৰে আছে অসুবিধাও বহুত আছে৷ বহুতো নীতি-নিয়ম মানি চলিবলগীয়া হয়৷ কামবোৰ কৰোঁতে আনে যাতে কোনো অসুবিধা নাপায়, কোনো ধৰণৰ অশান্তিৰ যাতে সৃষ্টি নহয় তালৈ লক্ষ্য ৰাখি চলিব লাগে৷ গুৱাহাটীত ফ্লেট এটা কিনি থাকিবলৈ লোৱা প্ৰায় দহবছৰেই হৈ গ’ল হাজৰিকাৰ৷ মাটি কিনি ঘৰ নিজে সাজি লোৱাৰ সাহস কৰিব নোৱাৰি ফ্লেটকে ল’বলৈ ভাল পালে তেওঁ৷ সৰু-সুৰা সমস্যাবোৰ আহি থাকিল যদিও কেনেদৰে ফ্লেটত চলিব লাগে লাহে-লাহে সকলো শিকি ল’লে৷ হাজৰিকা এনেও অলপ বেছি ভদ্ৰ৷ গাড়ীখন পাৰ্ক কৰাৰ সময়তো বহুত চিন্তা কৰে৷ বেলেগৰ অসুবিধা নহয়তো? আন গাড়ী কাষেৰে পাৰ হৈ যোৱাত অসুবিধা নহয়তো? তেওঁ পাৰ্ক কৰাৰ পাছতো গাড়ীখনলৈ চাই এবাৰ চিন্তা কৰে৷ সেইটো আচলতে তেওঁৰ ভদ্ৰতা নে ভীৰুতা মাজে-মাজে তেওঁ নভবা নহয়৷ আনৰ নিচিনা দাদাগিৰি কৰি, সকলোৱে দেখাকৈ নীতি-নিয়ম অমান্য কৰি চলিব তেও্ঁ নোৱাৰে৷ কোনো ধৰণৰ বেমেজালিত তেওঁ পৰিব নোখোজে৷ বাটত গাড়ী চলাওঁতে আনক সহজে পাৰ হৈ যাবলৈ ঠাই এৰি দিয়ে৷ প্ৰায় ক্ষেত্ৰতেই মনৰ খং মনতে মাৰ নিয়াই চলাত তেওঁ অভ্যস্ত হৈ গৈছে৷

গুৱাহাটীত ফ্লেটলৈ অহাৰ পাছত এবছৰমান ভালেই গৈছিল যদিও লাহে-লাহে আবাসীবোৰৰ মাজত নানা ধৰণৰ কন্দলৰ সৃষ্টি হ’বলৈ ধৰে৷ দুই-এটা ঘটনাত পুলিচ মাতিবলগীয়া অৱস্থাও হৈ পৰিছিল৷ হাজৰিকাই সেই সকলোৰে পৰা সাৱধানে নিজক আঁতৰাই ৰাখি চলি আহিছে আজিলৈকে৷

চাকৰিৰ খাটিৰত হাজৰিকা আজি কিছুদিন আগৰ পৰা নতুন ঠাইত অকলে আছেহি৷ অফিচৰ পৰা প্ৰায় দুই কিলোমিটাৰমান দূৰতে ফ্লেট এটা ভাড়ালৈ লৈ থাকিবলৈ লৈছে৷ নতুন ফ্লেট৷ বাৰটা ফ্লেটৰ সৰু চোচাইটি৷ তাৰে কেইঘৰমান মানুহ বিদেশতে থাকে৷ বছৰত এবাৰকৈ আহি ফ্লেটটো চাই যায়৷ মাত্ৰ ছটামান ফ্লেটতহে নিয়মীয়াকৈ মানুহ থাকে বুলি হাজৰিকাই দুমাহমান থাকি বুজি পাইছিল৷ কাৰো লগত বেছি একো কথা-বতৰা নহয়৷ মাজে-মাজে তত্ত্বায়ধায়ক জনৰ লগতে কথা পাতে৷ একেবাৰে বাটৰ কাষতে ফ্লেটটো৷ নতুনকৈ গঢ়ি উঠিছে ঘৰ-বাৰী, ফ্লেট, দোকান-পোহাৰ চাৰিওফালে৷

ফ্লেটলৈ আহিয়েই হাজৰিকাই খবৰ ল’লে ঘৰৰ আৱৰ্জনা পেলোৱাৰ কিবা ব্যৱস্থা সমুহীয়াকৈ কৰা আছে নে নাই৷ গুৱাহাটীৰ ফ্লেটত ৰাতিপুৱাতে ফ্লেটৰ সম্মুখত ৰাখি থৈ দিয়া আৱৰ্জনাৰ টোপোলা চোচাইটিয়ে ৰাখি থোৱা কৰ্মীয়ে সংগ্ৰহ কৰি লৈ যায়৷
“কোনোবাই ৰাতিপুৱা ঘৰৰ আৱৰ্জনা সংগ্ৰহ কৰিবলৈ আহে নে?” তেওঁ তত্ত্বাৱধায়কজনক সুধিছিল৷
“নাই কোনো নাহে৷ তেনে কোনো ব্যৱস্থা কৰা নাই এতিয়ালৈকে৷”  তত্ত্বাৱধায়কজনে উত্তৰ দিলে৷
“তেনেহলে মানুহে জাবৰ-জোথৰ ক’ত পেলায়?” হাজৰিকাই অলপ চিন্তিত ভাবেই সুধিলে কাৰণ য’তে-ত’তে জাবৰ-জোথৰ পেলাই এই অচিনাকী ঠাইত তেওঁ কোনো বেমেজালিত পৰিব নিবিচাৰে৷
“আমাৰ ফ্লেটৰ আগফালে বাটৰ কাষতে পেলাই দিয়ে৷ মাজে-মাজে সেইবোৰ আমি জ্বলাই দিওঁ৷” তত্ত্বাৱধায়কজনে বুজাই দিলে৷

আবেলি হাজৰিকাই বাটৰ পিনে ওলাই গৈ ভালদৰে চালে৷ তেওঁলোকৰ বিল্ডিংটোৰ কাষতে থকা হাউচিং চচাইটিৰ গেটৰ কাষতে থকা দেৱালৰ সম্মুখতে আৱৰ্জনাৰ এটা প্ৰকাণ্ড দ’ম দেখিলে৷ দেৱালত লিখা আছে, লেতেৰা নকৰিব বুলি৷ মানুহবোৰে পেলোৱা আৱৰ্জনাৰ মাজেৰে লিখাখিনি জিলিকি আছে৷
প্ৰথম দুদিনমান হাজৰিকাই আৱৰ্জনা নেপেলালে৷ পলিথিনৰ পেকেট এটাতে ভৰাই ৰাখিলে৷ তেওঁ মন কৰি থাকিল কোনোবাই সেই ঠাইখিনিত আৱৰ্জনা পেলায় নেকি৷ ৰাতি দহমান বজাত এজনে পলিথিনৰ পেকেট এটা পেলোৱা দেখি তেৱোঁ নিজৰ পেকটটো লৈ মাজনিশা নামি গ’ল ফ্লেটৰ পৰা৷ ইফালে-সিফালে চালে৷ কোনো নাই৷ পেকেটটো আৱৰ্জনাৰ দ’মটোৰ পিনে দলিয়াই দি প্ৰায় দৌৰ মাৰি অহাৰ নিচিনাকৈয়ে উভটি আহিল৷ খোৱা বস্তুৰ সন্ধানত কেইটামান কুকুৰ আহি পেকটটোৰ ওপৰত জপিয়াই পৰা বুলি তেওঁ বুজিলে কুকুৰৰ মাজত হোৱা ভুকভুকনিৰ শব্দৰ পৰাই৷ এটা স্বস্তিৰ নিশ্বাস পেলাই তেওঁ টোপনি যাবলৈ চেষ্টা কৰিলে৷

তেনেদৰেই সেই ঠাইতে জাবৰ পেলাই থাকিল তেওঁ সেই একে সময়তে, মাজৰাতি৷ ইতিমধ্যে কুকুৰ কেইটাইও তেওঁক ভালদৰে চিনি পোৱা হৈ গৈছিল৷ মাজে-মাজে কোনোবাই জাবৰবোৰ জ্বলাই দিয়ে৷ পোৰা প্লাস্টিক, ৰবৰ আদিৰ গোন্ধটো সহজে আহি নাকত লাগে৷ সেই ধোঁৱা স্বাস্থ্যৰ বাবে হানিকাৰক বুলি তেওঁ জানে যদিও সকলোৱে চাৰিওফালে তেনেদৰেই আৱজৰ্নাবোৰ পলিথিনৰ পেকেটত ভৰায়েই পেলায় আৰু মাজে-মাজে জ্বলাই থাকে৷

এদিন ৰাতিপুৱা মানুহৰ গালি-গালাজৰ শব্দত তেওঁ সাৰ পালে৷ কোনোবাই চিঞৰি-চিঞৰি কাৰোবাক কিবা কৈ আছে৷ সেই ঠাইত আৱৰ্জনা পেলোৱা বাবেই কিবা বিতৰ্কৰ সৃষ্টি হোৱা নাইতো? হাজৰিকাৰ মনত সন্দেহ উপজিল৷ অফিচলৈ ওলাই যাওঁতে দেখিলে তেওঁলোকে জাবৰ পেলোৱা ঠাইখিনিত দপ-দপাই জুই জ্বলি আছে৷ তাৰমানে তেওঁৰ অনুমান ঠিক বুলি বুজিলে৷ সেই ঠাইত আৱৰ্জনা পেলোৱাকে লৈ ৰাতিপুৱাতে চিঞৰ-বাখৰ চলিছিল৷ সেইপিনে চাই অলপ চিন্তিত মনেৰেই হাজৰিকা অফিচলৈ গুচি গ’ল৷
আবেলি উভতি আহি দেখিলে জাবৰ পেলোৱা ঠাইখিনি পৰিষ্কাৰ কৰি তাৰ ওপৰত অলপ নতুনকৈ মাটি দি একেবাৰে ৰূপেই সলনি কৰি পেলোৱা হ’ল ঠাইখিনিৰ৷ তাতে গাড়ী এখনো পাৰ্ক কৰি থৈছে কোনোবাই৷ কেৱল সেই ঠাইখিনিয়েই নহয়, আশে-পাশে থকা সকলো ঠাইৰ জাবৰ-জোথৰবোৰ সাৰি গোটাই জ্বলাই দি গোটেই পৰিৱেশটোৱেই সলনি কৰি পেলোৱা হ’ল৷ দেখি ভাল লাগিল যদিও এতিয়া জাবৰ ক’ত পেলাব সেই চিন্তাইহে হাজৰিকাক আমনি কৰিবলৈ ধৰিলে৷

পিছদিনা ৰাতিপুৱা হাজৰিকাই বাটৰ আনটো দিশে সৰু-সৰু পেকেট দুটামান পৰি থকা দেখিলে৷ ৰাতি কোনোবাই পেলাই থৈ গৈছে৷ অলপ পাছত মানুহ এজন আহি সেই ঠাইৰ আৱৰ্জনাবোৰ গোটাই জ্বলাই দিলে৷ হয়তো পৰিষ্কাৰ-পৰিচ্চন্নতাৰ কিবা বিশেষ অভিযান চলিছে৷ কথাটো ভালেই কিন্তু আৱৰ্জনাবোৰ পেলোৱাৰ সুব্যৱস্থা এটাৰো প্ৰয়োজন৷ হাজৰিকাই কেইদিনমান আৱজৰ্নাবোৰ পেকেটত ভৰাই ভৰাই ঘৰতে জমা কৰি ৰাখিলে৷ আন মানুহে ক’ত আৱৰ্জনা পেলায় লক্ষ্য কৰি থাকিল৷ তেওঁলোকৰ চচাইটিৰ মানুহবোৰে এতিয়া ক’ত আৱৰ্জনা পেলাবলৈ লৈছে গম নাপালে, সুধিবলৈও লাজ লাগিল৷ আশে-পাশে ক’তো ৰাজহূৱা ডাষ্টবিন আদিও চকুত নপৰিল৷ লাহে-লাহে হাজৰিকাৰ ঘৰত আৱৰ্জনাৰ পেকেট বাঢ়ি আহিল৷ প্ৰায় এসপ্তাহমান হৈ গ’ল৷ ঘৰত সোমালেই গেলা-পচা গোন্ধ এটা নাকত লগা হ’ল৷

আজি কিবা এটা কৰিবই লাগিব৷ জাবৰবোৰ ক’ৰবাত পেলাবই লাগিব৷ হাজৰিকাই ভাবিলে৷ অফিচলৈ যাওঁতে তেওঁ গাড়ীখন লাহে-লাহে চলাই গ’ল৷ বাটৰ দুয়োকাষে নিৰীক্ষণ কৰি গ’ল জাবৰ পেলাবলৈ ক’ৰবাত সুবিধাজনক ঠাই আছে নেকি৷ প্ৰায় ১০০ মিটাৰ মান যোৱাৰ পাছত অলপ জন বসতি সেৰেঙা ঠাই এডোখৰ পালে৷ বাটৰ কাষত দুটামান সৰু সৰু পেকেট পৰি আছে৷ ওচৰে-পাজৰে মানুহৰ ঘৰ বেছি নাই বাবে হয়তো জাবৰ-জোথৰো পেলাওঁতা কোনো নাই তেতিয়ালৈকে৷ ঠাইখিনি ভালদৰে মনত ৰাখিলে হাজৰিকাই৷ আবেলি অফিচৰ পৰা আহোঁতেও ঠাইখিনি আকৌ চাই আহিল তেওঁ৷

ৰাতি এঘাৰমান বজাত ভাত-পানী খাই হাজৰিকাই ডাঙৰ পেকেট এটা ল’লে৷ তাতে আৱৰ্জনাৰে ভৰা সৰু-সৰু পেকেট চাৰিটা থেলি-হেঁচি ভৰাই পেকেটটো খুব ভালদৰে বান্ধি ল’লে৷ তাৰপাছত সন্তৰ্পণে নামি গ’ল তললৈ৷ গাড়ীৰ দুৱাৰ খুলি পেকেটটো দ্ৰাইভাৰৰ কাষৰ চীটৰ ভৰি থোৱা ঠাইখিনিত ৰাখিলে৷ তাৰপাছত গাড়ীত বহি ষ্টাৰ্ট কৰি লাহে-লাহে আগবাঢ়ি গ’ল দিনত চাই থোৱা সেই ঠাইখিনিৰ ফালে৷ ঠাইখিনি পাওঁ পাওঁ হওঁতেই সম্মুখৰ পৰা গাড়ী এখন আহি থকা যেন দেখি হাজৰিকাই গাড়ী নৰখাই ধীৰ গতিৰে আগবাঢ়ি গ’ল৷ কিছুদূৰ আগুৱাই গৈ এঠাইত গাড়ীখন ৰখালে৷ গাড়ীখন ঘূৰাই লৈ তেওঁ আকৌ লাহে-লাহে আহিবলৈ ধৰিলে ঠাইখিনিৰ ফালে৷ ঠাইখিনি পাই গাড়ীখন বাটৰ কাষত ৰখালে৷ দুৱাৰ খুলি গাড়ীৰ পৰা নামিল৷ বিপৰীত পিনৰ দুৱাৰখন খুলি ইফালে-সিফালে চালে৷ ঘোপমৰা আন্ধাৰ৷ গাড়ী-মটৰ আদিৰ হেডলাইটৰ পোহৰো অহা নাই কোনো দিশৰ পৰা৷ সম্পূৰ্ণ নিৰাপদ দেখি তেওঁ আৱৰ্জনাৰ প্ৰকাণ্ড পেকেটটো হাতত ল’লে আৰু ততালিকে বাটৰ কাষলৈ দলিয়াই দিলে৷ ক’ত পৰিল চোৱাৰ প্ৰয়োজনবোধ নকৰিলে তেওঁ৷

তেনেতে সম্মুখৰ পৰা মটৰ চাইকেল এখন অহা দেখি হাজৰিকাই নিজৰ গাড়ীৰ চকা কেইটা ভালদৰে চোৱাৰ অভিনয় কৰিলে৷ যেন চকাৰ পাম কম হৈছে নেকি পৰীক্ষা কৰিবলৈহে গাড়ীখন তেওঁ তাত ৰাখিছিল৷ তাৰপাছত সম্পূৰ্ণ ভদ্ৰ ভাবে গাড়ীত বহি সন্তুষ্ট মনেৰে ঘৰ অভিমুখে গাড়ী চলাই দিলে৷
পিছদিনা অফিচলৈ যাওঁতে সেই ঠাইখিনি পাই নাচাওঁ বুলিও বাটৰ কাষলৈ চালে হাজৰিকাই৷ ইতিমধ্যে ভালেকেইটা পলিথিনৰ পেকেটেৰে ঠাইখিনি ওপচি পৰিছে যদিও তেওঁ পেলোৱা নীলা ৰঙৰ প্ৰকাণ্ড পেকেটটো চিনি পোৱাত অসুবিধা নহ’ল তেওঁৰ৷ সেই ঠাইৰ পৰা পেকেটটোৱে তেওঁলৈ চাই যেন হাঁহি এটাহে মাৰিলে এনেকুৱা লাগিল হাজৰিকাৰ৷
তাৰপৰা দৃষ্টি আঁতৰাই লাহে-লাহে তেওঁ আগবাঢ়ি গ’ল৷

----------------------ডঃ মাখন লাল দাস, ৫ ডিচেম্বৰ, ২০১৫, নৱচাৰি, গুজৰাট