At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 6 January 2016

বৰপেটাত ছোৱালী চোৱা..

বৰপেটাত ছোৱালী চোৱা..

চনটো মনত নাই৷ বিয়া হোৱা দুবছৰমান হৈছে যদিও তেতিয়া প্ৰায় চফল ডেকা৷ শ্ৰীমতী থাকে বৰপেটাত, মই থাকোঁ জালুকবাৰীত৷ 

এদিন জালুকবাৰীৰ ওচৰৰে গাড়ীগাঁৱৰ চিনাকি ডেকা এজনৰ কইনা চাবলৈ যাবলৈ লগ ধৰিলে৷ কইনাৰ ঘৰ বৰপেটাৰ ওচৰৰ ভৱানীপুৰত৷ গতিকে সেইফালৰ মানুহ বুলি মোকো লগ ধৰিলে৷ তেতিয়া নিজৰ গাড়ী নাছিল৷ আন এজন বন্ধুৰ পুৰণি এম্বেচেডৰ এখন আছিল৷ তেওঁকে অনুৰোধ কৰা হ’ল৷

যথাসময়ত আমি চাৰিজন ডেকা এম্বেচেডৰত বহি যাত্ৰা আৰম্ভ কৰিলো ৰাতিপুৱাতে৷ গাড়ী বন্ধুজনে চলাইছিল৷ মই বহিলো দ্ৰাইভাৰৰ কাষৰ আসনত৷ কইনা চাবলৈ যোৱা কথা৷ লগত মহিলা এগৰাকী হ’লে ভাল বুলি মই ক’লো বৰপেটাৰ পৰা শ্ৰীমতীক লৈ যোৱা ভাল হ’ব বুলি৷ সেই সুযোগতে মোৰো এবাৰ লগ পোৱা হ’ব৷

কথা মতে কাম৷ গাড়ী আগবাঢ়িল বৰপেটা অভিমুখে৷ লগৰীয়াজনে গাড়ী প্ৰায় ঠিকেই চলাই গৈ থাকিল৷ প্ৰায় তিনি ঘন্টামান পাছত বৰপেটা চহৰত প্ৰৱেশ কৰিলো আৰু মই বাট দেখুৱাই নিবলৈ ধৰিলো৷ তেতিয়া প্ৰায় দহমান বাজিছে৷ স্কুল-কলেজ, অফিচলৈ যোৱা মানুহেৰে বাট-পথ উপচি পৰিছে৷ বন্ধুজনে সাবধানে চলাই গৈ থাকিল৷ পুলিচ থানাৰ আগেৰে গৈ চাৰিআলিটো পাই বাওঁফালে ঘূৰিলো৷ সেইটো বাটত আৰু অধিক ভীৰ৷ অলপ দূৰ আগবাঢ়ি যোৱাৰ পাছতে চকুত পৰিল বগা ইউনিফৰ্ম পিন্ধা এগৰাকী মহিলা ট্ৰেফিক কনিষ্টবল৷ বাটৰ কাষে কাষে খোজ কাঢ়ি গৈ আছিল৷

আমাৰ বন্ধুজনে হৰ্ণ দি কাষেৰে পাৰ হৈ যাব খুজিলে কিন্তু তাকে কৰোঁতে গাড়ীৰ সম্মুখৰ বাওঁফালটো মহিলা কনিষ্টবল গৰাকীৰ গাত লাহেকৈ ঘঁহনি খালে৷ মই চকু মুদি দিলো৷ লগে লগে মহিলা গৰাকীয়ে ৰুদ্ৰ মূৰ্ত্তি ধৰি আমাৰ গাড়ীখন আগচি ধৰি তৰ্জন-গৰ্জন কৰিবলৈ ধৰিলে,
“দেখিছেনে? একেবাৰে মোৰ গাতে গাড়ীখন উঠাই দিলে৷ নামক, নামক, ব’লক, থানালৈ ব’লক৷ …”

গাড়ী চলোৱা বন্ধুজন আৰু মই  গাড়ীৰ পৰা নামিলো৷ বাকী দুজন গাড়ীতে বহি থাকিল৷ ক্ষন্তেকৰ ভিতৰতে মানুহেৰে ভৰি পৰিল ঠাইখিনি৷ তেনেতে মোৰ শিক্ষক এজন ওচৰ চাপি আহি মোক চিনি পাই সুধিলে,
“কি হৈছে?”
মই লাহেকৈ কথাটো ক’লো৷
তেখেতে হাঁহি মাৰি ক’লে, “ গাড়ীখন থানালৈ নিনিবি৷ ইয়াতে কিবা এটা কিবা এটা দি দে..৷”
মই একো উত্তৰ নিদিলো৷ তেনেকুৱা পৰিস্থিতিত আগতে কেতিয়াও পৰা নাছিলো৷ ট্ৰেফিক পুলিচৰ গাতে গাড়ীয়ে ঘঁহনি মাৰিছে৷ কম ডাঙৰ অপৰাধনে?

গাড়ী চলোৱা বন্ধুজনে কথাটো বুজি পালে৷ লাহেকৈ হাতখন পকেটত ভৰালে আৰু মহিলা গৰাকীৰ ওচৰ চাপি গ’ল৷ তাৰপাছত মহিলাগৰাকীৰ হাতত ধৰি লাহেকৈ ক’লে,
“অ’ বাইদেউ, সৰু ভাই বুলি আমাক মাফ কৰক৷ গুৱাহাটীৰ পৰা আহিছো৷”
বন্ধুজনৰ হাতৰ পৰশ পাই মহিলাগৰাকীৰ সুৰ নৰম হৈ গ’ল৷ তথাপি অলপ খঙেৰেই সুধিলে,
“লাইচেঞ্চ আছেনে?”
“আছে বাইদেউ আছে৷ গুৱাহাটীত গাড়ী চলাই থাকোঁ৷”
এইবাৰ মহিলাগৰাকীয়ে আৰু নৰম হৈ সুধিলে,
“গুৱাহাটীৰ পৰা ইয়াত কি কৰিব আহিছে?”
বন্ধুজনে তপৰাই উত্তৰ দিলে,
“আমি ছোৱালী চাব আহিছো৷”

উত্তৰটো শুনি মহিলাগৰাকীয়ে মুখত বিৰিঙি উঠা মিচিকিয়া হাঁহিটো লুকুৱাবলৈ বৃথা চেষ্টা কৰি লাহেকৈ ক’লে,
“গুৱাহাটীৰ পৰা ইয়ালৈ ছোৱালী চাব আহিছে? ...যাওক, সাৱধানে চলাব গাড়ী৷”

আমিও গাড়ীত বহি আকৌ আৰম্ভ কৰিলো যাত্ৰা৷ বৰপেটাৰ বৃন্দাবন হাটী অভিমুখে৷ বুজিলো, আমি ছোৱালী চাবলৈ অহা বুলি কোৱা মানে তেখেতে বেলেগহে বুজিলে বুলি৷ গাড়ীৰ ভিতৰত চাৰিজন চফল ডেকা দেখি তেনেদৰে ভবাই স্বাভাৱিক৷

মই বন্ধুজনক সুধিলো, “কিবা দিলা নেকি?”
“হাতৰ টিপতে দহ টকা৷” অতি সাবধানে গাড়ী চলোৱা বন্ধুজনে হাঁহি এটা মাৰি উত্তৰ দিলে৷

প্ৰায় দুঘন্টামান পাছত শ্ৰীমতীক লগত লৈ বৰপেটাৰ পৰা ভৱানীপুৰ অভিমুখে ৰাওনা হ’লো৷ পাঁচআলিৰ চ’কৰ পুলিচ পইন্টত কৰ্তব্যৰত মহিলা গৰাকীয়ে আমাক চিগনেল দিলে৷ গাড়ীৰ ভিতৰৰ পৰা বন্ধুজনে চিঞৰি মাত লগালে,
“বাইদেউ যাওঁদেই৷”

No comments:

Post a Comment