At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 16 September 2016

গোটেই চহৰৰ পৰিৱেশ….... এটি গজল

গোটেই চহৰৰ পৰিৱেশ….. 
তেওঁক বেয়া নাভাবিবা যাক বেয়া যেন লাগে
তেওঁৰ পৰাহে বাচিবা যাক দেৱতা যেন লাগে

মোক ব্যাকুল কৰি তোলে তেওঁৰ নীৰৱতাই
ইমানেই নীৰৱ যে কিবা কৈ থকা যেন লাগে
 
এয়া জানো সঁচা বা হয়তো মোৰ ধাৰণাহে, কিন্তু
য’লৈকে যাওঁ তেওঁ মোকেই চাই থকা যেন লাগে

কোনো লক্ষ্য নাই কেৱল ওলাই যোৱাই উদ্দেশ্য
সেইফালেই যাওঁ যিফালেই ৰাস্তা থকা যেন লাগে

তেওঁ মৰিল মোৰ ভিতৰত যি আছিল শ্বাসৰুদ্ধ
গোটেই চহৰৰ পৰিৱেশ মুকলি মুকলি যেন লাগে

এই ঘৰখন য’ত মই বছৰ বছৰ ধৰি আছো
বহুত পুৰণি কিন্তু কেতিয়াবা নতুন যেন লাগে

মূল হিন্দী: নৰেন্দ্ৰ শৰ্মা, ইন্দোৰ  :: অনুবাদ: ডঃ মাখন লাল দাস


No comments:

Post a Comment