At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 29 September 2016

ইয়াততো দূৰলৈকে...



ইয়াততো দূৰলৈকে…..

আচৰিত বান আহিছিল সেই সজল চকুৰ পৰা
ওলাবকে পৰা নাই মই সেই চাকনৈয়াৰ পৰা

ইয়াততো দূৰলৈকে আপোন সকলেই থাকে
তেন্তে এই শিলবোৰ আহি আছে ক’ৰ পৰা

ভয়তো নকৰো মই কোনো সত্যলৈ
মোৰ মাথো ভয় কেৱল ভুৱা খবৰৰ পৰা

কাৰোবাৰ সৰলতাই এনেদৰে লুটিলে যে
আৰু কোনো আকৰ্ষণ নাই সম্পত্তিৰ পৰা

আৰোগ্যতাৰ আশানো ৰাখোঁ কিদৰে য’ত
মানুহে ভয়হে খাই থাকে চিকিৎসকৰ পৰা

মূল (হিন্দী) নৰেন্দ্ৰ শৰ্মা, অনুবাদ : ডঃ মাখন লাল দাস

No comments:

Post a Comment