At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday, 29 January 2016

পাইছনে মজাটো এতিয়া?

পাইছনে মজাটো এতিয়া?

মোৰ বন্ধুজনো কম নহয়৷ কূটবুদ্ধিৰ ভঁড়াল৷

এদিন কিবা এটা কামত সি আমাৰ দুয়োৰে বন্ধু দীপাংকৰলৈ ফোন কৰিলে| দীপাংকৰ খুব ডাঙৰ মানুহৰ ল'ৰা৷  ভেমটো  অলপ বেলেগ ধৰণৰ৷ সহজে কাৰো ফোন নধৰে৷ মোৰ বন্ধুজনৰো ফোন নধৰিলে সি৷

“মই কৈছিলো নহয়, সি তোৰ ফোন নধৰিব বুলি,” মই ক’লো৷

“ৰ’বিচোন , আকৌ এবাৰ কৰি চাওঁ, দৰকাৰী কথা আছে কাৰণেহে কৰিছো, ” বুলি সি আকৌ দীপাংকৰক ফোন লগালে৷ ফোন বাজি থাকিল কিন্তু সি নধৰিলে৷

মুখেৰে অশ্লীল গালি এটা ওলালেই বন্ধুজনৰ৷ তাৰপাছত একো নকৈ আকৌ ফোন কৰিলে, কিন্তু ফলাফল একেই৷

মই তাৰফালে চাই হাঁহিলো৷ সি কিন্তু নাহাঁহিলে৷ মোলৈ চাই ক’লে,

“তাক সহজে নেৰোঁ৷ চাই থাকচোন খেলখন৷” সেইবুলি সি মেচেজ এটা টাইপ কৰিবলৈ ধৰিলে,

“তোক তিনিবাৰ ফোন কৰিলো৷ তই ব্যস্ত আছিলি বোধকৰো৷ আচলতে এটা খুব জৰুৰী কাম আছিল৷ তাইৰ পৰা মোলৈ মেচেজ এটা আহিছে৷ তোৰ ফোন নম্বৰ বিচাৰিছে৷ তোক নোসোধাকৈ মই দিব খোজা নাই৷ সোনকালে জনাবি , নম্বৰটো দিমনে নাই৷”

তাৰপাছত সি মেচেজটো দীপাংকৰলৈ এচ এম এচ কৰি পঠিয়াই দিলে৷
"মিছা কথা কিয় লিখিলি? তোকতো তাই তাৰ নম্বৰ খোজা নাই৷" মই সুধিলো৷
সি উত্তৰ নিদি কুটিল হাঁহি এটাহে মাৰিলে৷

এক মিনিট মান পাছতেই দীপাংকৰৰ পৰা ফোন আহিল৷ এইবাৰ বন্ধুজনে ফোন নধৰিলে৷ ফোন বাজি থাকিল৷ বন্ধ হৈ গ’ল৷ আকৌ ফোন……

সেইদিনা আবেলিলৈকে প্ৰায় এশবাৰ ফোন আহিল দীপাংকৰৰ পৰা৷ বন্ধুজনে এবাৰো ধৰা নাই৷

পিছদিনা কি হ’ল গম নাপালো৷

Thursday, 28 January 2016

তিনিটা লিমাৰিক৷৷৷

তিনিটা লিমাৰিক৷৷৷


১///
ককাই বোলে নাতিল'ৰা কথাটো মোক কোৱা
ফেব্ৰুৱাৰী আহিলে কিয় তত নোহোৱা হোৱা
নাতিয়ে বোলে ভেলেন্টাইন
নামানো আমি কোনো আইন
এইবাৰ তুমিও আইতাক লৈ পাৰ্কলৈ যোৱা৷৷৷


২///
মাজনিশা পাপুৱে ডিঙিলৈকে খাই
গাড়ী চলাই আহিছে গাত তত নাই
পুলিচে ধৰিলে আদ বাটত
উত্তৰ পিছে জিভাৰ আগত
গাড়ী চলোৱা বুলি গমেই পোৱা নাই৷৷

৩///
ককাই আজি আনিছে কাটি কলপাত
মাটিত লেপেটা কাঢ়ি তাতহে খাব ভাত
আলু পিটিকা বেঙেনা পোৰা
লগতে সানিছে তিলৰ গুড়া
বোলো এয়াহে আচল অসমীয়া জাত৷

Friday, 22 January 2016

ভূল ভুল শুদ্ধ শুদ্ধ

ভূল ভুল শুদ্ধ শুদ্ধ..

সৰুতে আমি 'ভূল' বুলিয়েই লিখিবলৈ শিকিছিলো৷ কেতিয়াৰ পৰা 'ভূল'টো ভুল বুলি ধৰা হ'ল মনত নাই যদিও সহজে মানি ল'লোঁ আৰু অভ্যাসত পৰিণত হৈ গ'ল৷ তেনেদৰে আগতে চলি থকা কিছুমান বানান এতিয়া গ্ৰহণযোগ্য নহয় বুলি আমি মানি লৈ আছো৷ এনেদৰে বানান সলনি হৈ থকা বাবে পুৰণিদিনীয়া মানুহৰ মনত খেলিমেলি হ'ব পাৰে আৰু লিখোঁতে বানান ভুল হ'ব পাৰে৷ সেইটো বৰ ডাঙৰ কথা নহয়৷ কিন্তু আজিকালি সমাপিকা আৰু অসমাপিকা ক্ৰিয়াৰ ব্যৱহাৰহে বহুতেই নজনা যেন দেখা গৈছে৷
হয়তো কথা কওঁতে অসমীয়াত 'ই'তকৈ 'য়'হে বেছি ব্যৱহাৰ হোৱা বাবেও এই ভুল সোমাই পৰিছে৷ কওঁতে আমি 'ময়' বুলিহে কওঁ, 'মই' বুলি নকওঁ৷ কিন্তু লিখোঁতে 'ময় ভাল ল'ৰা' বুলি লিখিলে ভুল হ'ব৷ একেদৰে আমি 'তয়' বুলি কওঁ কিন্তু লিখোঁতে 'তই' হে লিখিব লাগিব৷

যেতিয়া কোনো এটা কাম শেষ হোৱা বুজায় তেতিয়া 'য়' ব্যৱহাৰ হয় (সমাপিকা ক্ৰিয়া) আৰু কামটোৰ পাছত আৰু কিবা কাম চলি থকা বুজালে 'ই' ব্যৱহাৰ হয় (অসমাপিকা ক্ৰিয়া)৷
সি ৰাতিপুৱা ভাত খায়৷ কিন্তু,  সি ভাত খাই শুবলৈ যায়৷
ইতিহাসে ৰিঙিয়াই কয়৷ অৰ্থাৎ, ইতিহাসে ৰিঙিয়ায়৷

Thursday, 21 January 2016

হৃদয় বিদাৰক পৰিৱৰ্তন

হৃদয় বিদাৰক পৰিৱৰ্তন
মোৰ বন্ধু এজনৰ কাহিনী৷ চাকৰিত সোমায়েই বুলেট ৩৫০ চিচি মটৰ চাইকেল এখন কিনিলে৷ বহুদিনৰ হাবিয়াস এটা পূৰণ হ’ল৷ নতুন মটৰ চাইকেল লৈ তেওঁ প্ৰেয়সীৰ ঘৰৰ আগ পালেগৈ৷ পিছৰ চীটত প্ৰেয়সীক বহুৱাই ফুৰিবলৈ ওলাই গ’ল৷ হাইৱে পাই আপোন মনে মটৰ চাইকেল চলাবলৈ ধৰিলে৷ হঠাতে পিঠিত দিলে এটা ভুকু প্ৰেয়সীয়ে৷ মটৰ চাইকেল ৰখাই সি সুধিলে,
“কি হ’ল?”
“ইমান পৰে তোমাক কথা এটা সুধি আছো তুমি একো  উত্তৰ নিদিয়া কিয়?” প্ৰেয়সীয়ে খং কৰি ক’লে৷
“হয়নেকি? মই দেখোন একো শুনাই নাই৷”
“নাই শুনা বুলি ক’লে হ’বনে? মই জোৰকৈয়ে কৈ আছো৷”
হঠাতে বন্ধুজনৰ মনত খেলালে যে ৩৫০ চি চি বুলেটৰ শব্দত প্ৰেয়সীৰ মাত তল পৰি গৈছে৷
পিছদিনাই সি বুলেটখন বেচি দি ১০০ চিচিৰ মটৰ চাইকেল এখন কিনি ল’লে৷ শব্দ কম৷ এতিয়া পিছপিনৰ পৰা কোৱা সকলো কথা ভালদৰে শুনিব পাৰে সি৷

দুবছৰৰ মূৰত বন্ধুজনক আকৌ লগ পালো৷ অকলে আহিছে মটৰ চাইকেল চলাই৷ এইবাৰ কিন্তু ৫০০ চিচিৰ বিয়াগোম বুলেট এখন চলাই আহিছে৷ মোক দেখি ৰৈ গ’ল৷
“নতুন বুলেট ল’লানেকি?” মই সুধিলো৷
“অঁ, কেইমাহমান হৈছেহে৷”
“কিন্তু এইখনৰ শব্দ দেখোন আৰু বেছি৷ পিছৰ পৰা কোৱা কথা একো নুশুনিবা৷”

“সেই কাৰণেইতো লৈছো৷ বিয়া হৈ গ’ল নহয় আমাৰ৷ তোক মাতিছিলো . নাহিলি৷”

Tuesday, 19 January 2016

বৰ কষ্ট হয়!!!


বৰ কষ্ট হয়!!!


তুমি যদি কোৱা
এৰি দিম
ওখলৈ উৰি যাবলৈ
অনন্ত আকাশত বিচৰণ কৰিবলৈ
জপিয়াই থকা কৰিম আশে-পাশে
যিমানখিনি পাওঁ
ধৰা-আকাশে
জী ল’ম
কিন্তু মোৰ ডেউকা নাভাঙিবা
যেতিয়া কেতিয়াবা কৰা
সেইদুখন পকোৱাৰ চেষ্টা
দুখ পাওঁ
তুমি যদি কোৱা
ৰাতিবোৰ পাৰ কৰি দিম উজাগৰে
ভুলতো নেদেখিম কোনো সপোন
পিছে পুৱাৰ সূৰুয দেখাৰ লগে-লগে
পাখি ফৰফৰোৱাৰ অনুমতি নিশ্চয় খুজিম
যিখিনিকে খুটিয়াই পাওঁ
দানা-খুদকণ
জী ল’ম
সাৰে থকাতো নেদেখিম সপোন একো
তাৰ প্ৰতিশ্ৰুতি তোমাক দিছোঁ
সপোন যেতিয়া ভাঙি যায়
বৰ কষ্ট হয় ৷৷৷

মূল: (হিন্দী) শৈলেন্দ্ৰ শান্ত ; অনুবাদ: ডঃ মাখন লাল দাস

ইখনৰ পাছত সিখন

ইখনৰ পাছত সিখন

মোৰ বন্ধুজনৰ আপদ নুগুচেহে নুগুচে৷ এটাৰ পাছত এটাকৈ কিবা নহয় কিবা এটা লাগিয়েই থাকে৷
খবৰ পালো বন্ধুজন হস্পিটেলত থকা বুলি৷ কিবা দুৰ্ঘটনাত কাণদুখন হেনো পুৰিলে৷ লগে লগে হস্পিটেল পালোঁগৈ৷ বিষত কেঁকাই থকা বন্ধুজনক সুধিলো,
"কেনেকৈ পুৰিলে তোৰ কাণ?"
"নকবি আৰু৷ মই ৰাতিপুৱাতে এঠাইলৈ যাবলগীয়া আছিল৷ পিন্ধিবলৈ বুলি কাপোৰ ইস্ট্ৰি কৰি আছিলো৷ তেনেতে ফোনটো বাজিল৷ মই ফোন বুলি গৰম ইস্ট্ৰিটোকে কাণত লগাই দিলো৷ লগে লগে কাণখন বেয়াকৈ পুৰিল৷ "
"বৰ বিষাইছে চাগে? কাণৰ কথা'" মই সহানুভূতি দেখুৱাই ক'লো৷
"এৰা অ', হেড অফিচৰ কাষতে নহয়৷একেবাৰে চিৰিং চিৰিং কে মাৰি আছে'" সি কেঁকাই কেঁকাই ক'লে৷
"পিছে আনখন কাণ পুৰিল কেনেকৈ?" মই আকৌ সুধিলো৷
সি উত্তৰ দিলে,
"কেনেকৈ মানে? কাণখন পোৰাৰ পাছত মই ডাক্তৰক ফোন কৰিব খুজিছিলো আকৌ সিখন কাণেৰে...৷"

Sunday, 17 January 2016

মন গ'লেও উপায় নাই..

মন গ’লেও উপায় নাই..

বন্ধু এজনৰ কথা৷ ফাইভ ষ্টাৰ হোটেলত খাবৰ মন গৈ আছিল বহুদিনৰ পৰা৷ টকা জমা কৰি কৰি আছিল তাৰ বাবে৷ হাতত কিছু টকা জমা হোৱাত এদিন সুবিধা বুজি ফাইভ ষ্টাৰ হোটেল এখনত সোমাল , ধুনীয়া ইউনিফৰ্ম পিন্ধা মানুহ এজন ওচৰ চাপি আহিল, বন্ধুজনে প্ৰথমতে চাহ একাপৰ অৰ্ডাৰ দিলে৷
কিছু সময় পাছত মানুহজনে ট্ৰে এখন ধুনীয়াকৈ সজাই-পৰাই লৈ আহিল৷ বন্ধুজনৰ আগত এবিধ এবিধকৈ বস্তুবোৰ ৰাখিলে৷ গৰম পানী, গৰম গাখীৰ, চেনীৰ কিউব থকা বাটি এটা, টি বেগ দুটামান৷
বস্তুবোৰলৈ চাই বন্ধুজনে বুজি পালে যে চাহ বনাই খাব লাগিব৷ গৰম গাখীৰত অলপ গৰম পানী মিহলাই তাতে চেনীৰ কিউব দুটামান দিলে৷ তাৰপাছত টি বেগ এটা ডুবাই দিলে৷ চাহ তৈয়াৰ হৈ গ’ল৷ লাহে লাহে চাহত চুমুক দি বন্ধুজনে ইফালে-সিফালে চাবলৈ ধৰিলে৷ তেতিয়া মানুহ প্ৰায় নাছিলেই৷
অলপ পাছত মানুহজন ওচৰ চাপি আহি বন্ধুজনলৈ চাই সুধিলে,
“আৰু কিবা লাগিব নেকি ছাৰ?”
বন্ধুজনে লাহেকৈ উত্তৰ দিলে,

“চিকেন বিৰিয়ানি খাবৰ মন আছিল, পিছে বনাব নাজানো নহয়…৷”

(বন্ধুজনে কোৱা কথা৷ সঁচাও হ'ব পাৰে, মিছাও হ'ব পাৰে)

Tuesday, 12 January 2016

ছলনাময়ী

ছলনাময়ী

পাঁচ বজাৰ পেচেঞ্জাৰ ট্ৰেইনখনৰ টিকট কাটিবলৈ মদন শাৰীত থিয় হৈ আছিল৷ তেনেতে ছোৱালী এজনী ওচৰ চাপি আহিল৷ মদনৰ ফালে চাই ছোৱালীজনীয়ে খুব মৰমলগাকৈ ক'লে,
"মোৰ কাৰণেও টিকট এটা লৈ দিয়কনা৷ লেডীজ লাইনটো ইমান দীঘল ৷ মই লাইনত থিয় দিলে পাঁচ বজাৰ ট্ৰেইনখন মিচ কৰিম৷ কিন্তু মই যেনে তেনে এইখন ট্ৰেইনত যাবই লাগিব৷ নহ'লে বৰ ডাঙৰ বিপদ হ'ব৷" ছোৱালীজনীৰ কথাত অনুনয়ৰ ভাবো স্পষ্ট৷

মদনে ছোৱালীজনীলৈ এইবাৰ ভালদৰে চালে৷ বয়স ত্ৰিশ মান হ'ব৷ কপালত সেন্দুৰ লোৱা নাই যদিও বিবাহিতা যেনেই লাগে৷ পিন্ধনত খুব দামী নহ'লেও ভাল শাৰী এখন৷ কোনো অভিজাত পৰিয়ালৰ নহ'লেও ভাল ঘৰৰেই ছোৱালী যেন লাগে৷ ছোৱালীজনীয়ে মদনৰ ফালে একেথৰে চাই আছে৷  তাইৰ চকু দুটা সেমেকি উঠিছে৷ মদনৰ ওপৰতেই যেন সকলো আশা-ভৰসা৷ লাইনত আন আন মানুহো আছিল কিন্তু তাই অনুৰোধ কৰিবলৈ মদনেই কিয় বাছি ল'লে মদনে নুবুজিলে৷ কিন্তু তাকে কৰাৰ দ্বাৰা মদন এজন বিশ্বাসযোগ্য, ভদ্ৰলোক বুলি প্ৰতিপন্ন কৰিছে বুলিয়েই মদনে ভাবিলে৷ কথাটো ভাবি মদনে নিজকে নিজে প্ৰশংসা কৰিলে মনে মনে৷

"ঠিক আছে, 'লৈ যাব আপুনি?" মদনে আগ্ৰহেৰে সুধিলে৷

"ৰামপুৰ৷" পঞ্চাশ টকীয়া নোট এখন মদনলৈ আগবঢ়াই দি ছোৱালীজনীয়ে উত্তৰ দিলে৷

মদনৰ আগত চাৰিজন মানুহহে আছিল৷ প্ৰায় দুই মিনিটমানতে মদন সম্মুখ পালেগৈ৷ দুটা টিকট লৈ ল'লে৷ ৰামপুৰৰ টিকটটো ছোৱালীজনীলৈ আগবঢ়াই দি বাকীৰোৱা টকা কেইটা ওভোতাই দিলে৷ টিকটটো আৰু টকা কেইটা হাত পাতি লৈ ছোৱালীজনীয়ে ক'লে,
"'লক৷ মই অকলেহে আছো৷ আপোনাক লগ পাই ভালেই হ'ল৷ একেলগে বহি কথা-বতৰা পাতি যাব পাৰিম৷"

মদনেও ভালেই পালে৷ দুয়ো গৈ ইতিমধ্যে ৰৈ থকা ট্ৰেইনখনত উঠি বহিল৷ খিৰিকিৰ কাষৰ চীট এটাত ছোৱালীজনী বহি লৈ মদনকো কাষতে বহিবলৈ ইঙ্গিত দিলে৷ অলপ সংকোচ কৰি , ছোৱালীজনীৰ পৰা এটা সৌজন্যতামূলক ব্যৱধান বজাই ৰাখি মদন বহিল৷ হাতত থকা সৰু বেগটো কোলাতে লৈ থাকিল৷ পাঁচ বাজিবলৈ তেতিয়াও প্ৰায় আধাঘন্টামান আছে৷ মানুহ উঠি আহি আছে যদিও ছোৱালীজনী আৰু মদনৰ কাষত কোনো বহা নাই৷ হয়তো দুয়োকো স্বামী-স্ত্ৰী বুলি ভাবিছে মানুহবোৰে৷ খিৰিকিৰে বাহিৰলৈ চাই থকা ছোৱালীজনীৰ ফালে মদনে আকৌ ভালদৰে চালে৷ ভালদৰে জানিবৰ মন গ'ল ছোৱালীজনীৰ বিষয়ে৷ কিন্তু কথা আৰম্ভ কৰিবলৈ সাহস নহ'ল তাৰ৷ সি চেলু বিচাৰি থাকিল৷ অলপ পাছতহাতৰ ঘড়ীলৈ চাই মদন বহাৰ পৰা উঠি ছোৱালীজনীক ক'লে
"মোৰ বেগটো ইয়াতে থৈছো৷ চাবা৷ টাইমপাচ কৰিবলৈ কিবা এটা খোৱা বস্তু লৈ আহোঁগৈ৷"
ছোৱালীজনী 'আপুনি'ৰ পৰা 'তুমি' হৈ গ'ল তাৰ অজানিতে৷ ছোৱালীজনীৰ উত্তৰলৈ বাট নাচাই মদন উঠি ৰেলৰ পৰা নামি গ'ল আৰু প্লেটফৰ্মত ইফালে সিফালে চাই ওচৰতে গৰম গৰম পকৰি বেচি থকা দেখি ওচৰ চাপি গ'ল৷ দোকানীজনলৈ দহ টকীয়া নোট এখন আগবঢ়াই দিলে সি৷ খবৰ কাগজত দোকানীয়ে বান্ধি দিয়া পকৰিৰ টোপোলাটো লৈ সি বেগাবেগিকৈ নিজৰ ঠাইলৈ উভতি আহিল৷ ছোৱালীজনীয়ে নিৰ্বিকাৰ ভাবে খিৰিকিৰে বাহিৰলৈ চায়েই আছিল৷ সি কেতিয়া আহি চীটৰ পৰা বেগটো হাতত লৈ  বহিল ছোৱালীজনীয়ে যেন মনেই নকৰিলে৷ মদনৰ কৌতুহল বাঢ়ি গ'ল৷ ছোৱালীজনীৰ পিনে পকৰিৰ টোপোলাটো আগবঢ়াই দি সি আৰম্ভ কৰিলে,
"পকৰি কেইটামানকে লৈ আনিলো৷ গৰমে আছে৷ লোৱাচোন৷"
"থেংক ইউ৷ পকৰি মোৰ বৰ ভাল লাগে৷" বুলি কৈ ছোৱালীজনীয়ে আলফুলকৈ পকৰি এটা হাতত ল'লে৷ মদনৰ মনটো কিবা এটা ভাল লাগি গ'ল৷ পকৰিটো লওঁতে ছোৱালীজনীয়ে বাৰু তাৰ হাতৰ তলুৱাখন ইচ্ছাকৃতভাবেই প্ৰয়োজনতকৈ অধিক সময় স্পৰ্শ কৰিছিল নেকি? মনলৈ অহা ভাবটো সি জোৰকৈ আতৰাই পঠিয়ালে৷ সিও পকৰি এটা মুখত দিলে৷ ছোৱালীজনীয়ে আৰু এটা পকৰি ল'লে৷ মুখেৰে কিন্তু একো কথা নোকোৱা দেখি মদনেই আকৌ আৰম্ভ কৰিলে,

" তোমাৰ ঘৰ ক'? এই সন্ধিয়া পৰত ছোৱালী মানুহ অকলে অকলে ৰেলেৰে আহিছা যে?"

" ঘৰ ৰামপুৰত৷ ইয়ালৈ কিবা কামত আহিছিলো৷ বেছি পলম হোৱাৰ আগতেই ঘৰ পাবগৈ লাগে বাবেই এইখন ৰেলত নগলেই নহয়৷"

" কিবা চাকৰি কৰা নে ? ঘৰত কোন কোন আছে?"

অধিক আপোন ভাবেৰে মদনে সুধিলে৷ হাতত আন এটা পকৰি লৈ ছোৱালীজনীয়ে ক'লে,

"মই আৰু মোৰ মানুহটো৷ ঘৰত আমি দুজনেই৷ বিয়া হোৱা দুবছৰমান হৈছেহে৷"
উত্তৰটো শুনি  যেন বেছি ভাল নালাগিল এনেকুৱা ভাব হ'ল মদনৰ৷
সি একো উত্তৰ নিদিলে৷ এইবাৰ ছোৱালীজনী মদনৰ অলপ কাষ চাপি আহি সৰুকৈ ক'লে,
"ঘৰৰ অমত পলাই আহি বিয়া হৈছিলো৷ কিন্তু মানুহটোৰ স্বভাৱ বেয়া বুলি পিছতহে গম পালো৷ মোৰ লগত বেছি ভাল ব্যৱহাৰ নকৰে৷"

কথাখিনিৰ মাজেৰে মদনক কিবা বাৰু ইঙ্গিত দিলে নেকি তাই? মদনে চিন্তা কৰিবলৈ ধৰিলে৷ ক'ব নোৱাৰাকৈয়ে ছোৱালীজনীৰ প্ৰতি তাৰ মনত কিবা এক অবুজ আকৰ্ষণ জাগি উঠিব ধৰিলে৷ মনটো চৰাই হৈ আবেলিৰ আকাশত উৰি ফুৰিবলৈ ধৰিলে৷

"এইয়া৷ এইজনী ইয়াতে বহি আছে৷ " হঠাতে কাৰোবাৰ মাতত মদন সচকিত হ'ল৷ সিহঁতৰ সম্মুখতে কঁকালত হাত দি থিয় দি আছে চাৰিজন ডেকা৷ বয়স পঁচিশ-ত্ৰিশৰ ওচৰা-ওচৰি হ'ব৷ সাজ-পোছাক, ভাব-ভংগী আদিৰ পৰাই অনুমান কৰিব পাৰি বৰ ভদ্ৰঘৰৰ নহয় বুলি৷ তাৰে সকলোতকৈ শকত-আৱতজনে মদনলৈ চাই ক'লে,

"তাৰমানে তয়েই মোৰ মানুহজনীক মনে মনে পলুৱাই লৈ যাব খোজা মানুহটো৷ ইমান দিনে লুকাই চুৰকৈ প্ৰেম কৰি আছিলি বুলি গম পাইছিলো৷ আজি একেবাৰে তাইক পলুৱাই আনিলি? আৰু একেবাৰে গিৰিয়েক-ঘৈণীয়েকৰ নিচিনাকৈ বহি একলগে পকৰি খাইছ? পিছে, পলাবি ক'? ধৰা পেলাইহে এৰিলো তহঁতক আজি৷"

কথাখিনি বুজি পাবলৈ অলপ সময় লাগিল মদনৰ৷ কিন্তু বুজি পাই তাৰ কাণ-মূৰ গৰম হৈ গ'ল৷ তাৰমানে সেই ছোৱালীজনীৰ গিৰিয়েকে তাক তাইৰ গোপন প্ৰেমিক বুলি ভাবিছে আৰু এতিয়া তাইক পলুৱাই নিব খোজা বুলি সন্দেহ কৰিছে৷ 

"নাই, নাই আপোনালোকে ভুল কৰিছে৷ মই এওঁক আগৰ পৰা চিনি নাপাওঁ৷ ৰেলৰ টিকট কাটি দিবলৈ মোক অনুৰোধ কৰাতহে মই টিকটটো কাটি দিছিলো৷ লগত কোনো নাই বাবে কাষত বহিবলৈ মোক অনুৰোধ কৰাতহে মই ইয়াতে বহিছিলো৷ আপোনালোকে মোক ভুল বুজিছে৷"
মদনে কথাবোৰ যিমান ভালদৰে পাৰে বুজাই দিবলৈ যত্ন কৰিলে৷

"', ', ইয়াত কৈ লাভ নাই ৷পুলিচৰ আগত যি ক'ব লগা আছে কৈ থাকিবি৷ বেলেগৰ তিৰোতা অপহৰণ কৰাৰ শাস্তি কি গম পাবি আজি তই৷" বুলি কৈ মদনক প্ৰায় চোঁচোৰাই নমাই লৈ গ'ল ডেকা কেইজনে ৰেলৰ পৰা৷ মদনে চিঞৰি চিঞৰি বুজাবলৈ চেষ্টা কৰিলে৷ ছোৱালীজনীৰ পিনে চালে৷ তাই কাৰোফালে নোচোৱাকৈ তলমূৰকৈ পিছে পিছে আহি আছে ডেকা কেইজনৰ৷ মুখত মাত নাই৷ হয়তো তাই অসহায়৷ কিন্তু তাইতো কৈ দিব পাৰে তাৰ দোষ নাই বুলি৷ মদনে ভাবিলে৷ সি তাইৰ ফালে চাবলৈ চেষ্টা কৰিলে যদিও তাই তললৈহে চাই থাকিল৷

ৰেলৰ পৰা নামি ছোৱালীজনীৰ গিৰিয়েকে দুজন লগৰীয়া  ক'লে,

"তহঁত দুজনে ইয়াক ইয়াতে ধৰি থাক৷ মই পুলিচৰ লগত কথা পাতি আহোঁ৷ চাবি, তাক পলাব নিদিবি৷"

তাৰপাছত তলমূৰকৈ থিয় হৈ থকা ছোৱালীজনীলৈ চাই ক'লে,
"তইও ইয়াতে থিয় হৈ থাক৷ আৰু কিবা খেলিমেলি কৰিলে এইবাৰ কোবাই ভৰি ভাঙি থ'ম৷ গম পাবি৷"

ছোৱালীজনীক তাৰমানে গিৰিয়েকে এনেকুৱা বেয়া ব্যৱহাৰেই কৰে৷ তাইলে দয়া উপজিল মদনৰ৷ কিন্তু তাৰ একো দোষ নাই বুলি তাই নকয় কিয়? ইমান ভয় কৰেনে গিৰিয়েকক তাই? হয়তো পুলিচৰ আগত তাই সকলো কথা খুলি ক'ব৷ মদনে ভাবিবলৈ ধৰিলে৷ কিন্তু পুলিচৰ কথা ভাবিহে  তাৰ বুকুখন কঁপি উঠিল৷ পুলিচেও যদি তাক সন্দেহ কৰে তেতিয়া কি হ? কিহেনো পাইছিল তাক ছোৱালীজনীক টিকট কাটি দি সহায় কৰি দিবলৈ? টিকট কাটিলে বাৰু ঠিকে আছে কিন্তু কাষত বহিবলৈ কিহে পাইছিল তাক? এতিয়া অহেতুক জঞ্জালখনত সাঙোৰ খাই পৰিব লগা হল৷ হয়তো এতিয়া ৰেলখনো মিচ কৰিব সি৷

হেৰি, তাইকে সোধকচোন আপোনালোকে৷ তাই কৈ দিব নহয় আচল কথাটো কি৷ মোক আপোনালোকে এনেই সন্দেহ কৰিছে৷ মোক যাবলৈ দিয়ক৷ ৰেলখন এৰিবলৈ বেছি সময়ো নাই৷তাক হাতত ধৰি থকা ডেকাদুজনক উদ্দেশ্যি সি প্ৰায় কাকুতি-মিনতি কৰাৰ দৰেই কলে৷

নাই৷ আমি এৰি দিব নোৱাৰো৷ সি বৰ অভং মানুহ৷ কিন্তু এটা কাম কৰিব পাৰি৷এজন ডেকাই অলপ লাহেকৈ লে৷

কি?” অতি উৎকন্ঠাৰে সুধিলে মদনে৷

আপুনি দহ হেজাৰ টকা দিব পাৰিবনে তাক? তেতিয়া হয়তো সি আপোনাক পুলিচৰ হাতত নিদি এৰি দিব পাৰে৷ তাক আমি মনাব পাৰিম৷

দহ হেজাৰ? ইমান টকা নাই নহয় মোৰ লগত৷

বেংকত আছে নিশ্চয়৷ সৌ এ টি এমটোৰ পৰা উলিয়াই দিব পাৰিব নহয়৷ নহলে কিন্তু আজি ৰেলত যোৱাআশা এৰক৷ ৰাতিটো থানাতে কটাব লাগিব আপুনি৷”

মদনৰ মনত ধুমুহা বলিবলৈ ধৰিল৷ কিবা এটা সোনকালে কৰিব লাগিব৷ ৰেলখন ধৰিব নোৱাৰিলে তাৰ বিপদ হ’ব৷ অলপ টকা দি দিয়াই ভাল বুলি ভাবিলে সি৷ তাৰ লগত টকা তিনি হাজাৰহে আছে৷ তাকেই দি দিয়া ভাল হ’ব৷ ডেকাজনৰ ফালে চাই সি প্ৰায় প্ৰাৰ্থনা কৰাৰ দৰেই ক’লে,

“বেঙ্কতো মোৰ ইমান টকা নাই৷ তাতে এ টি এমৰ পৰা টকা উলিয়াবলৈ যাওঁমানে ৰেলখন গুচি যাব৷ মোৰ হাতত তিনিহাজাৰ টকা আছে৷ কিবা এটা জৰুৰী কামৰ বাবে আনিছিলো৷ তাকে লওঁক৷ মোক যাবলৈ দিয়ক৷ আৰু মোৰ আচলতে একো দোষেই নাই৷”

ডেকাজনে মদনৰ ফালে চাই কিবা এটা ভাবিলে৷ মদনে হাতৰ ঘড়ীলৈ চালে৷ আৰু মাত্ৰ দুটা মিনিটহে আছে ৰেলখন এৰিবলৈ৷ আনজন ডেকাই এইবাৰ মাত দিলে,

“ঠিক আছে বাৰু দিয়ক তাকে৷ আমি তাক সৈমান কৰাব পাৰিম৷ ভৱিষ্যতে বেলেগৰ তিৰোতা পলুৱাবলৈ কিন্তু চেষ্টা নকৰিব৷”

পকেটৰ পৰা মনিবেগটো উলিয়াই মদনে টকা তিনিহাজাৰ ডেকাজনৰ হাতত গুজি দি ৰেল অভিমুখে দৌৰ মাৰিলে৷ এবাৰ উভতিও নাচালে সি ছোৱালীজনীৰ ফালে৷

ৰেলত উঠি কোনোমতে চীট এটাত বহি সি স্বস্তিৰ নিশ্বাস পেলালে৷

সেইয়া আছিল প্ৰায় দুবছৰ আগৰ কথা৷ ঘটনাটো পাহৰিবলৈ চেষ্টা কৰিও মদনে পাহৰিব পৰা নাই৷ মনত পৰিলে আজিও তাৰ হাত-ভৰি কঁপে৷ জীৱনত তেনেকুৱা ভুল আৰু কেতিয়াও নকৰে বুলি সি দৃঢ় প্ৰতিজ্ঞ৷ তাৰ পাছত আৰু সি কেতিয়াও সেই চহৰলৈ যোৱা নাছিল৷ কিবা কাম থাকিলেও বেলেগকহে পঠিয়াইছিল৷

আজি কিন্তু বিশেষ জৰুৰী কামত সি আকৌ আহিব লগা হ’ল৷ আকৌ সেই একেখন ৰেলৰ বাবে টিকটৰ শাৰীত থিয় দি তাৰ সকলো কথা চিনেমা এখনৰ দৰে চকুৰ আগত ভাঁহি উঠিব ধৰিছে৷

ইফালে-সিফালে অলপ ভয়ে ভয়ে চালে সি৷ তাক কোনেও চিনি পোৱা নাইতো? নাই, কোনো চিনাকি মানুহ তাৰ চকুত পৰা নাই৷ হঠাৎ দূৰত দেখিলে সেই ছোৱালীজনী৷ এৰা, সেই ছোৱালীজনীয়েই৷ তাৰ ভুল হ’ব নোৱাৰে৷ সি ভালদৰে চিনি পালে৷ আজিও তাই অকলে৷ টিকট কাটিবলৈ শাৰী পাতি থকা এজন মানুহৰ ওচৰলৈ গৈ কিবা এটা কৈ আছে তাই৷

হঠাতে সকলো কথা পৰিষ্কাৰ হৈ পৰিল৷ বুজিবলৈ অসুবিধা নহ”ল মদনৰ৷ আচলতে ছোৱালীজনীয়ে সেই ডেকা কেইজনৰ লগ লাগি অচিনাকী মানুহক এনেদৰে সুপৰিকল্পিত ভাবে ঠগায়৷ মানুহজনক সাবধান কৰি দিয়া ভাল হ’ব বুলি ভাবিলে যদিও মদনৰ সাহস নহ’ল৷কোনে জানে ডেকা কেইজন ক’ৰবাৰ পৰা ওলাই আহি তাকেই কিজানি আকৌ বিপদত পেলায়৷

সি নেদেখা ভাও ধৰি আগলৈ চাই থাকিল৷

শাৰীটো অতি লাহ লাহে আগবাঢ়ি থাকিল৷

(শুনা ঘটনা এটাৰ আধাৰত)


Saturday, 9 January 2016

নিতৌ এচিকুট বিহ!!!!!

নিতৌ এচিকুট বিহ!!!!!

মালতীৰ বিয়া হোৱা দুমাহ হৈ গ’ল কিন্তু কোনোমতেই শাহুৱেকৰ লগত মিলিব পৰা নাই৷ বিধৱা শাহুৱেকৰ একমাত্ৰ বোৱাৰী তাই৷ শাহুৱেকৰ লগত তাইৰ চিন্তা-ধাৰা নিমিলে বুলি তাই সহজে বুজি পাইছিল বিয়াৰ দুদিন মান পাছতেই৷ কথাই-কথাই শাহুৱেকে তাইৰ দোষ ধৰে৷ কোনো কামেই পচন্দ নহয়৷ প্ৰথমতে তাই একো নামাতিছিল৷ লাহে লাহে শাহুৱেকৰ ঠাট্টা-বিদ্ৰুপ তাই সহ্য নকৰা হ’ল৷ তাইও সমানে সমানে উত্তৰ দিবলৈ ধৰিলে৷

এদিন কিবা কথাত শাহুৱেকৰ লগত ৰাতিপুৱাতে তাইৰ কথা কটা-কটি হ’ল৷ গিৰিয়েকে পিছে মালতীৰ হৈ মাত নামাতি মাকৰ ফলীয়াহে হ’ল৷ কথাটো মালতীৰ সহ্য নহ’ল৷ তাই বেগ এটাত কাপোৰ ভৰাই, কাকো একো মাত নলগাই, মাক-পুতেকৰ আগেৰে ঘৰৰ পৰা ওলাই গুচি আহিল৷ গিৰিয়েকে তাইক বাধাও নিদিলে৷ তাই ওচৰৰ গাঁৱত থকা দেউতাকৰ ঘৰলৈকে যাব বুলি গিৰিয়েকহঁতে জানিছিল৷

মাকৰ ঘৰ পাই মালতীয়ে কান্দি-কান্দি নিজৰ দুখৰ কথা  মাকহঁতৰ আগত বিবৰি ক’লে৷ দেউতাকো কাষতে বহি শুনি আছিল৷ মালতীৰ দেউতাক এজন বিখ্যাত কৱিৰাজ৷ মালতীয়ে দেউতাকলৈ চাই ক’লে,
“দেউতা, মোৰ শাহু নমৰালৈকে মই আৰু সেইখন ঘৰলৈ উভতি নাযাওঁ৷ নহ’লে তুমি মোক অলপ বিহ দিয়া৷ মই উভতি গৈ শাহুক বিহ দি মাৰিম৷ তেতিয়াহে অলপ শান্তি আহিব ঘৰখনত৷”

দেউতাকে মালতীক বুজনি দি ক’লে,
“নাই, নাই, তেনে ভুল নকৰিবা৷ তুমিও জেললৈ যাব লাগিব আৰু বিহ দিয়া বাবে মইও যাব লাগিব জেললৈ৷”

“কিন্তু শাহু জীয়াই থাকেমানে মই তাত থাকিব নোৱাৰোঁ৷ গতিকে তোমালোকে মোক সেইখন ঘৰলৈ উভতি যাবলৈ জোৰ নকৰিবা৷”

কিছু সময় নীৰৱে চিন্তা কৰি দেউতাকে মাত লগালে,
“ এটা উপায় আছে৷ মই তোমাক এবিধ দৰৱ দিম৷ তুমি সদায় শাহুক এচিকুট এচিকুটকৈ ভাতৰ লগত মিহলাই খুৱাবা৷ সেই দৰৱে খুব লাহে লাহে মানুহ গৰাকীক ভিতৰৰ পৰা মাৰি আনি থাকিব৷ তেনেদৰে সদায় খুৱালে প্ৰায় ছমাহৰ ভিতৰত তোমাৰ শাহু মৰি থাকিব৷”

“খুব ভাল কথা৷ তেনে দৰৱ আজিয়েই দিয়ক৷ মই আজিয়েই উভতি যামঙ’ মালতীয়ে অতি উৎসাহেৰে ক’লে৷
দেউতাকে গহীনাই ক’লে,
“ কিন্তু এটা চৰ্ততহে মই তোমাক দিম৷ তোমাক যাতে কোনেও একো সন্দেহ নকৰে সেই কাৰণে আজিৰে পৰা তুমি শাহুৰ প্ৰতি খুব ভাল ব্যৱহাৰ কৰিবা৷ কোনো কথাৰে উত্তৰ নিদিবা৷ হাঁহি মুখে সকলো সহ্য কৰি তেওঁৰ সেৱা কৰি যাবা৷ মাত্ৰ ছমাহৰহে কথা৷”

মালতী মান্তি হ’ল৷ দেউতাকে পেকেট এটাত বিহখিনি বান্ধি দিলে আৰু সেইখিনি লৈ মালতী শাহুৱেকৰ ঘৰলৈ আবেলিয়েই উভতি গ’ল৷

মালতীৰ মুখলৈ চাই গিৰিয়েক আৰু শাহুৱেক দুয়ো আচৰিত হ’ল৷ তাইৰ মুখত মিচিকিয়া হাঁহি৷ হাঁহিমুখে তাই আহি পাকঘৰত সোমাল৷ ৰাতি শাহুৱেকৰ ভাতৰ লগত দেউতাকে দিয়া দৰৱ এচিকুট মিহলাই দিলে আৰু শাহুৱেকৰ কাষত বহি বিচনিৰে বিচি থাকিল৷ ৰাতি বিচনাত পৰা শাহুৱেকৰ ওচৰলৈ গৈ ভৰি পিটিকি দিলে৷ শাহুৱেক আচৰিত হ’ল যদিও একো নামাতিলে৷

তেনেদৰে মালতীয়ে সদায় এচিকুটকৈ বিহ শাহুৱেকক খুৱাই থাকিল কিন্তু শাহুয়েকক সেৱা-শুশ্ৰূষাও সমানে কৰি থাকিল৷ মালতীৰ সেই পৰিৱৰ্তিত ব্যৱহাৰে শাহুৱেককো সলনি কৰিব ধৰিলে৷ শাহুৱেকে আজিকালি মালতীৰ কোনো কামতে দোষ নেদেখা হ’ল৷ ওচৰ-চুবুৰীয়া কাৰো আগত মালতীৰ দোষৰ কথা নোকোৱা হ’ল৷ লাহে লাহে মালতীক নিজৰ জীয়েকৰ নিচিনাকৈ মৰম কৰিবলৈ ধৰিলে শাহুৱেকে৷

দিন পাৰ হৈ গৈ থাকিল৷ মালতীয়ে শাহুৱেকক এচিকুটকৈ বিহ খুৱাই গৈ থাকিল৷ কিন্তু লাহে লাহে শাহুৱেকৰ প্ৰতি মালতীৰ মনত কোনো ধৰণৰ খং-ৰাগ-বিদ্বেষ আদি ভাব নোহোৱা হৈ পৰিল৷

ছমাহ পূৰ হ’ল৷ দেউতাকে দিয়া বিহো শেষ হ’ল৷ ৰাতি শাহুয়েকৰ ভৰি পিটিকি পিটিকি মালতীৰ চকুৰে পানী ব’বলৈ ধৰিলে৷ আৰু হয়তো দুদিনমানৰ পাছতেই শাহুৱেক মৰি থাকিব৷ এতিয়া শাহুৱেকক তাইৰ নিজৰ মাক যেনেই লগা হৈছে৷ তাই যে কি ডাঙৰ ভুল কৰিলে৷

তাকেই ভাবি ভাবি ৰাতি তাইৰ টোপনি নাহিল৷ পিছদিনা ৰাতিপুৱাতে তাই দেউতাকৰ ওচৰ পালেগৈ৷ দেউতাকে তাইলৈ অলপ আচৰিত ভাবে চালে৷ দেউতাকে কিবা সোধাৰ আগতেই মালতীয়ে মাত দিলে,
“ দেউতা মোৰ হাতত বেছি সময় নাই৷ মোৰ শাহু আইক যোৱা ছমাহে মই বিহ খুৱাই আহিলো৷ কিন্তু এতিয়া দেখোন তেওঁক মোৰ নিজৰ মাৰ নিচিনাই লগা হ’ল৷ তেওঁক বচাবলৈ কিবা এটা দৰৱ দিয়া৷ নহ’লে মই গোটেই জীৱন অনুতাপ কৰিব লাগিব৷”

দেউতাকৰ মুখত হাঁহি বিৰিঙি উঠিল৷ লাহেকৈ উত্তৰ দিলে,
“তোমাৰ শাহু নমৰে , চিন্তা নকৰিবা৷ মই তোমাৰ হাতত বিহ দিয়া নাছিলো নহয়৷ সেইবোৰ আছিল হজম শক্তি বঢোৱা দৰৱহে৷”

মালতীয়ে দেউতাকলে কৃতজ্ঞতাৰ ভাবেৰে চালে৷ 
তাৰপাছত একো উত্তৰ নিদি ঘৰলৈ বেগাই খোজ ল’লে৷

(হিন্দী কাহিনী এটাৰ ৰূপান্তৰ)

Friday, 8 January 2016

পাঁচ মিনিটৰ ভি আই পি

পাঁচ মিনিটৰ ভি আই পি

প্ৰায় ষোল বছৰ আগৰ কথা৷ সভা এখনৰ আলহী হিচাবে গৈছিলো ওডালগুৰিলৈ৷ তাতে বন্ধু এজন লগ পালো৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত একেলগে পঢ়া৷ কথা-প্ৰসঙ্গত মই আন এখন ঠাইলৈ যাবলগীয়া কথাটো ওলাল৷ তাতো এখন সভাত কথা কবলৈ মাতিছিল৷ কথাটো শুনি বন্ধুজনে ক’লে,

“তুমি তালৈ যোৱা যদি অমুকাক এবাৰ দেখা কৰিব পাৰা৷ এতিয়া তাতে আৰক্ষী অধীক্ষক হৈ আছে৷”

কথাটো গম পাই ভাল লাগিল৷ কটন কলেজত একেলগে পঢ়িছিলো বন্ধুজনৰ লগত৷ কটন কলেজ এৰা প্ৰায় বিশ বছৰ পাৰ হৈ গৈছিল তেতিয়া৷ বন্ধুজন আই পি এচ হোৱা বুলি শুনিছিলোহে, লগ পোৱা নাছিলো৷ মোক চিনি পাব বুলি মই নিশ্চিত আছিলো আৰু চিনি নোপোৱাৰ ভাও নধৰে বুলিও নিশ্চিত আছিলো৷

আবেলি প্ৰায় দুইমান বজাত মোৰ নতুনকৈ কিনা মাৰুতী ৮০০ গাড়ীখনেৰে সপৰিয়ালে গৈ উপস্থিত হ’লোঁগৈ বন্ধুজন থকা ঠাইত৷ আৰক্ষী অধীক্ষকৰ বাসভৱন বিচাৰি পোৱাত অসুবিধা নহ’ল৷ গেটত মোৰ নামটো কৈ ক্ষন্তেক অপেক্ষা কৰিলো৷ প্ৰায় লগে লগেই চৌহদৰ ভিতৰলৈ মাতিলে৷ আবাসৰ ভিতৰ সোমায়েই মুখামুখি হ’লো দুয়ো৷ দেখাত একেবাৰে একেই হৈ আছিল বন্ধুজন৷ মোলৈ অলপ সময় একেথৰে চাই মাত দিলে,
“মাখন..”

আন এজন মানুহো বহি আছিল বন্ধুজনৰ সম্মুখত৷ কিবা জৰ্ৰৰী কামত আহিছিল৷ মোক চিনাকি কৰাই দিলে নিজৰ বন্ধু বুলি৷ মানুহজন যোৱাৰ পাছত আমাৰ অধিক অন্তৰঙ্গ আলাপ আৰম্ভ হ’ল৷ তেনেদৰে প্ৰায় এঘন্টামান পাৰ হ’ল৷ আবেলি চাৰি বজাৰ পৰা মোৰ সভা আৰম্ভ হোৱাৰ কথা৷ চাহ-পানী খাই বিদায় ল’লো৷ আমাক আগবঢ়াই দিবলৈ বাহিৰ ওলাই আহিল বন্ধুজন৷ মোৰ গাড়ীখন দেখি অৰ্থপূৰ্ণ হাঁহি এটা মাৰি মাত লগালে,
“ এৰিজোনা বেইজ….”
মোৰ গাড়ীখনৰ ৰংটো পাতল হালধীয়া আৰু সেউজীয়াৰ সংমিশ্ৰণ, এৰিজোনা বেইজ বুলি কয়৷

মই ক’লো, “নতুনকৈ লৈছো মাত্ৰ৷ কেইমাহমান হৈছেহে৷”

“মোৰো একেই গাড়ী, একেই ৰং৷ মইও লোৱা কেইমাহমান হৈছেহে৷ আমি দুয়ো প্ৰায় একে সময়তে লৈছো৷ নিশ্চয় একেটা লটৰ গাড়ী৷” বন্ধুজনে উত্তৰ দিলে৷

কিবা এটা ভাল লাগিল, আৰক্ষী অধীক্ষক বন্ধুজনে মোৰ নিচিনা একে ৰঙৰ. একে গাড়ী, একে সময়তে কিনা বাবে৷

মই সুধিলো,
“মোৰ সভাখন জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত আছে৷ মই এই চহৰৰ বাট-পথ চিনি নাপাওঁ৷ ইয়াৰ পৰা কেনেকৈ যাব লাগিব?”
একো উত্তৰ নিদি বন্ধুজনে পাইলট কাৰ এখনৰ ওচৰ চাপি গৈ ক’লে,
“এখেতসকলক জিলা পুথিভড়ালত থৈ আহকগৈ৷”

আমি গাড়ীত বহিলো৷ বন্ধুজনৰ পৰা বিদায় লৈ পাইলট কাৰৰ পিছে পিছে গাড়ী চলাই আগবাঢ়িলো৷ প্ৰায় পা্ঁচ মিনিটমান পাছতে জিলা পুথিভড়াল পালোঁগৈ৷ আমাক তাতে এৰি পাইলট কাৰখন উভতি গ’লগৈ৷

আমিও গাড়ীৰ পৰা নামিলো৷ ভাবিলো, অন্ততঃ পাঁচ মিনিটৰ বাবেও আগে আগে পাইলট কাৰ যোৱা ভি আই পি হ'বলৈ পালো বন্ধুজনৰ অনুগ্ৰহত৷

Wednesday, 6 January 2016

বৰপেটাত ছোৱালী চোৱা..

বৰপেটাত ছোৱালী চোৱা..

চনটো মনত নাই৷ বিয়া হোৱা দুবছৰমান হৈছে যদিও তেতিয়া প্ৰায় চফল ডেকা৷ শ্ৰীমতী থাকে বৰপেটাত, মই থাকোঁ জালুকবাৰীত৷ 

এদিন জালুকবাৰীৰ ওচৰৰে গাড়ীগাঁৱৰ চিনাকি ডেকা এজনৰ কইনা চাবলৈ যাবলৈ লগ ধৰিলে৷ কইনাৰ ঘৰ বৰপেটাৰ ওচৰৰ ভৱানীপুৰত৷ গতিকে সেইফালৰ মানুহ বুলি মোকো লগ ধৰিলে৷ তেতিয়া নিজৰ গাড়ী নাছিল৷ আন এজন বন্ধুৰ পুৰণি এম্বেচেডৰ এখন আছিল৷ তেওঁকে অনুৰোধ কৰা হ’ল৷

যথাসময়ত আমি চাৰিজন ডেকা এম্বেচেডৰত বহি যাত্ৰা আৰম্ভ কৰিলো ৰাতিপুৱাতে৷ গাড়ী বন্ধুজনে চলাইছিল৷ মই বহিলো দ্ৰাইভাৰৰ কাষৰ আসনত৷ কইনা চাবলৈ যোৱা কথা৷ লগত মহিলা এগৰাকী হ’লে ভাল বুলি মই ক’লো বৰপেটাৰ পৰা শ্ৰীমতীক লৈ যোৱা ভাল হ’ব বুলি৷ সেই সুযোগতে মোৰো এবাৰ লগ পোৱা হ’ব৷

কথা মতে কাম৷ গাড়ী আগবাঢ়িল বৰপেটা অভিমুখে৷ লগৰীয়াজনে গাড়ী প্ৰায় ঠিকেই চলাই গৈ থাকিল৷ প্ৰায় তিনি ঘন্টামান পাছত বৰপেটা চহৰত প্ৰৱেশ কৰিলো আৰু মই বাট দেখুৱাই নিবলৈ ধৰিলো৷ তেতিয়া প্ৰায় দহমান বাজিছে৷ স্কুল-কলেজ, অফিচলৈ যোৱা মানুহেৰে বাট-পথ উপচি পৰিছে৷ বন্ধুজনে সাবধানে চলাই গৈ থাকিল৷ পুলিচ থানাৰ আগেৰে গৈ চাৰিআলিটো পাই বাওঁফালে ঘূৰিলো৷ সেইটো বাটত আৰু অধিক ভীৰ৷ অলপ দূৰ আগবাঢ়ি যোৱাৰ পাছতে চকুত পৰিল বগা ইউনিফৰ্ম পিন্ধা এগৰাকী মহিলা ট্ৰেফিক কনিষ্টবল৷ বাটৰ কাষে কাষে খোজ কাঢ়ি গৈ আছিল৷

আমাৰ বন্ধুজনে হৰ্ণ দি কাষেৰে পাৰ হৈ যাব খুজিলে কিন্তু তাকে কৰোঁতে গাড়ীৰ সম্মুখৰ বাওঁফালটো মহিলা কনিষ্টবল গৰাকীৰ গাত লাহেকৈ ঘঁহনি খালে৷ মই চকু মুদি দিলো৷ লগে লগে মহিলা গৰাকীয়ে ৰুদ্ৰ মূৰ্ত্তি ধৰি আমাৰ গাড়ীখন আগচি ধৰি তৰ্জন-গৰ্জন কৰিবলৈ ধৰিলে,
“দেখিছেনে? একেবাৰে মোৰ গাতে গাড়ীখন উঠাই দিলে৷ নামক, নামক, ব’লক, থানালৈ ব’লক৷ …”

গাড়ী চলোৱা বন্ধুজন আৰু মই  গাড়ীৰ পৰা নামিলো৷ বাকী দুজন গাড়ীতে বহি থাকিল৷ ক্ষন্তেকৰ ভিতৰতে মানুহেৰে ভৰি পৰিল ঠাইখিনি৷ তেনেতে মোৰ শিক্ষক এজন ওচৰ চাপি আহি মোক চিনি পাই সুধিলে,
“কি হৈছে?”
মই লাহেকৈ কথাটো ক’লো৷
তেখেতে হাঁহি মাৰি ক’লে, “ গাড়ীখন থানালৈ নিনিবি৷ ইয়াতে কিবা এটা কিবা এটা দি দে..৷”
মই একো উত্তৰ নিদিলো৷ তেনেকুৱা পৰিস্থিতিত আগতে কেতিয়াও পৰা নাছিলো৷ ট্ৰেফিক পুলিচৰ গাতে গাড়ীয়ে ঘঁহনি মাৰিছে৷ কম ডাঙৰ অপৰাধনে?

গাড়ী চলোৱা বন্ধুজনে কথাটো বুজি পালে৷ লাহেকৈ হাতখন পকেটত ভৰালে আৰু মহিলা গৰাকীৰ ওচৰ চাপি গ’ল৷ তাৰপাছত মহিলাগৰাকীৰ হাতত ধৰি লাহেকৈ ক’লে,
“অ’ বাইদেউ, সৰু ভাই বুলি আমাক মাফ কৰক৷ গুৱাহাটীৰ পৰা আহিছো৷”
বন্ধুজনৰ হাতৰ পৰশ পাই মহিলাগৰাকীৰ সুৰ নৰম হৈ গ’ল৷ তথাপি অলপ খঙেৰেই সুধিলে,
“লাইচেঞ্চ আছেনে?”
“আছে বাইদেউ আছে৷ গুৱাহাটীত গাড়ী চলাই থাকোঁ৷”
এইবাৰ মহিলাগৰাকীয়ে আৰু নৰম হৈ সুধিলে,
“গুৱাহাটীৰ পৰা ইয়াত কি কৰিব আহিছে?”
বন্ধুজনে তপৰাই উত্তৰ দিলে,
“আমি ছোৱালী চাব আহিছো৷”

উত্তৰটো শুনি মহিলাগৰাকীয়ে মুখত বিৰিঙি উঠা মিচিকিয়া হাঁহিটো লুকুৱাবলৈ বৃথা চেষ্টা কৰি লাহেকৈ ক’লে,
“গুৱাহাটীৰ পৰা ইয়ালৈ ছোৱালী চাব আহিছে? ...যাওক, সাৱধানে চলাব গাড়ী৷”

আমিও গাড়ীত বহি আকৌ আৰম্ভ কৰিলো যাত্ৰা৷ বৰপেটাৰ বৃন্দাবন হাটী অভিমুখে৷ বুজিলো, আমি ছোৱালী চাবলৈ অহা বুলি কোৱা মানে তেখেতে বেলেগহে বুজিলে বুলি৷ গাড়ীৰ ভিতৰত চাৰিজন চফল ডেকা দেখি তেনেদৰে ভবাই স্বাভাৱিক৷

মই বন্ধুজনক সুধিলো, “কিবা দিলা নেকি?”
“হাতৰ টিপতে দহ টকা৷” অতি সাবধানে গাড়ী চলোৱা বন্ধুজনে হাঁহি এটা মাৰি উত্তৰ দিলে৷

প্ৰায় দুঘন্টামান পাছত শ্ৰীমতীক লগত লৈ বৰপেটাৰ পৰা ভৱানীপুৰ অভিমুখে ৰাওনা হ’লো৷ পাঁচআলিৰ চ’কৰ পুলিচ পইন্টত কৰ্তব্যৰত মহিলা গৰাকীয়ে আমাক চিগনেল দিলে৷ গাড়ীৰ ভিতৰৰ পৰা বন্ধুজনে চিঞৰি মাত লগালে,
“বাইদেউ যাওঁদেই৷”

Monday, 4 January 2016

পুৱাৰ সূৰুয…

পুৱাৰ সূৰুয

কোনো এক শীতৰ ৰাতিপুৱা
মূৰত এডালো চুলি নোহোৱা
ইনচাৰ্ট কৰি নোলোৱা
দীঘল হাফচাৰ্ট পিন্ধা
হাতত এখন মোনা লৈ
সাৱধানে বাটৰ দাঁতিয়েদি
খোজকাঢ়ি যোৱা
কোনো এক অচিন আদহীয়া৷
প্ৰতিটো খোজত
বিয়পি পৰিছে এটি সুৰ
চিনাকি চিনাকি,
মানুহ নহয়
যেন এক প্ৰতিনিধি
এটি সমদল
এটা যুগ
এটা সংস্কৃতি
এজাক লোকৰ ভাৰ বৈ যোৱা৷
থৰ লাগি চাইছো তেওঁকেই
ভাবত বিভোৰ হৈ
তেওঁ আগবাঢ়ি আছে
এখোজ-দুখোজকৈ৷
হঠাতে আহিল ৰবাৰ পৰা
এজাক ডেকা ৰা
বায়ুবেগে মটৰ চাইকেল চলাই
ধূলিৰ ধুমুহা বোৱাই
নিমিষতে হৈ নেদেখা৷
মুখখন ৰুমালেৰে ঢাকি
মানুহজন কিছুপৰ
বাটৰ কাষত থিয় দি,
তাৰপাছত আকৌ লে খোজ
সাৱধানে
লাহে-লাহে
এখোজ-দুখোজ
আকাশত তীব্ৰ হৈ আহিছিল
পুৱাৰ সুৰূয৷
=====================

ডঃ মাখন লাল দাস

Sunday, 3 January 2016

যাক লগ পাব লাগিছিল!!!!

যাক লগ পাব লাগিছিল!!!!

সেই কবিতাটো, যিটো পঢ়িবলগীয়া আছিল
অতি মনোযোগেৰে বাছি লোৱা হৈছিল
ভনীসবৰে সৈতে হ’বলগীয়া আছিল কথা-বতৰা
কবিতাৰ নদীত বিহাৰ কৰিবলগা আছিল তেওঁৰ
ডায়েৰীত লিখি থোৱা আছিল যি কবিতা
তাৰেই নিচিনা এটা মৰমলগা কবিতা
ডায়েৰীৰ বাহিৰত আছিল, অলপ অসন্তুষ্ট আছিল
ঘৰৰ পৰা বাহিৰত ভৰি ৰাখি নিজে নিজে উভতিল
তেওঁক সৈমান কৰাবলৈ, সেই কবিতা কাষৰ চহৰতে আছিল
সেই পঢ়িবলগীয়াটো, কিছুমান হৃদয়ত অৱতৰণ কৰিবলগীয়া আছিল
আৰু যাক লগ পাবলগীয়া আছিল, হৃদয়ৰ পৰা বাহিৰ হৈ নাযায়েই
হৃদয়েই পদযুগলক শুনাই দিছিল নিজ সিদ্ধান্ত…!


মূল: শৈলেন্দ্ৰ শান্ত: অনুবাদ: ডঃ মাখন লাল দাস

কি হ'ল?

কি হ’ল?
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছয় নং ছাত্ৰাবাসৰ বাসিন্দা আমি তেতিয়া৷ বহুদিনৰ পৰা শুনি আছিলো ১৯৮০ চনত অসমত খুব ডাঙৰ ভূমিকম্প এটা হ’ব বুলি৷ আমি সেই সময়ত হোষ্টেলত৷ ভূমিকম্প আহিব আহিব বুলি বাট চাই থাকোঁ৷
আমাতকৈ এবছৰ জুনিয়ৰ ছাত্ৰ এজন আছিল৷ খুব ভাল ল’ৰা৷ চিধা-চাধা ল’ৰা বুলি অলপ বেছিকৈ ৰেগিঙো খাইছিল চিনিয়ৰৰ পৰা৷ ৰেগিং মানে তেওঁক লৈ ধেমালিহে কৰিছিল৷ চিনিয়ৰবোৰে তেওঁক লৈ কৰা ধেমালিবোৰ দেখি আমিও বৰ ৰং পাইছিলো৷ ৰেগিঙৰ সময়ৰে কথা৷ এদিন ৰাতি দুইমান বজাত তেওঁ “ইউৰেক, ইউৰেকা” বুলি চিঞৰি বাৰান্দাৰে দৌৰি ফুৰিছিল৷ আমি সাৰ পাই দুৱাৰ খুলি ওলাই চাওঁ তেওঁ হাতত  কাঁচৰ বটল এটা  লৈ অকলে অকলে দৌৰি আছে৷ বটলটোত চাৰ্ফৰ পানী ভৰাই থোৱা আছে৷ সেইটোকে লৈ দৌৰি আছে ইউৰেকা ইউৰেকা বুলি৷ আমি ধমকি দিলো ৰাতিখন ইমানকৈ চিঞৰি থকা কাৰণে৷ আমাৰ গালি খাই তেওঁ অলপ থমকি ৰ’ল৷ তাৰ পাছত আমাৰ চিনিয়ৰ দুজনমানে তেওঁক আকৌ ধমকি দিলে চিঞৰি চিঞৰি দৌৰিবলৈ৷ আকৌ আৰম্ভ হ’ল, “ইউৰেকা, ইউৰেকা,,” আমিও ৰস পালোঁ তাকে দেখি৷
তেনেদৰে কিছুদিন পাৰ হৈ গ’ল৷ ল’ৰাজন থাকে প্ৰথম মহলাত৷ আমাৰ লগৰে এজনৰ ৰুমমেট৷ তেতিয়া ছয় নং ছাত্ৰাবাসটো দুমহলীয়াহে আছিল৷ এদিন ৰাতি হঠাৎ ভূমিকম্প আহিল৷ চাৰিওফালে হুৱাদুৱা লাগিল৷ আমি সকলো দৌৰি তল পালোঁহি৷ হোষ্টেলৰ আগৰ পথাৰখনতে কিছুসময় গোট খাই থাকিলো৷ ভূমিকম্প মাত্ৰ কেইচেকেণ্ডমানহে আছিল যদিও প্ৰায় এঘন্টামান সকলোৱে তাতে আড্ডা মাৰি থাকিলো৷ তাৰপাছত লাহে লাহে নিজৰ নিজৰ ৰুমলৈ গ’ল সকলোৱে৷
মোৰ ৰুমটো পোৱাৰ আগতে বন্ধুজনৰ ৰুমটো পায়৷ তাতে গৈ সোমালো৷ আমাক দেখি আঠুৱাৰ তলেৰে মূৰটো লাহেকৈ উলিয়াই সেই ল’ৰাজনে আমালৈ চাই সুধিলে,
“কি হ’ল?”
ইমান চিঞৰ বাখৰ, জোকাৰণিতো সাৰ নোপোৱা ল’ৰাজনৰ সেই প্ৰশ্নতহে আমি আকৌ অধিক ৰস পাই প্ৰাণখুলি হাঁহিলো৷

ভূমিকম্পৰ ভয়ো ক’ৰবাত হেৰাল৷