At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday, 26 October 2016

নীৰৱতা...

নীৰৱতা.........................(হোৱাটচাপ পোষ্ট এটাৰ আধাৰত)

বৃদ্ধাশ্ৰমত থকা মহিলা এগৰাকীৰ একমাত্ৰ সন্তানটি আমেৰিকাত থাকে৷ এদিন তেওঁলৈ বৃদ্ধাশ্ৰমৰ পৰা ফোন আহিল৷

বৃদ্ধাগৰাকীৰ পুতেকে সিফালৰ পৰা ক'লে "ইয়াত এতিয়া আৰ্থিক মন্দাৱস্থা চলি আছে৷ কোনো দান-বৰঙণি নুখুজিব কিন্তু৷"

বৃদ্ধাশ্ৰমৰ মেনেজাৰজনে উত্তৰ দিলে, " নাই নাই, আমিতো দান-বৰঙণি বিচাৰিবৰ বাবে ফোন কৰা নাই৷ আচলতে আপোনাক খবৰ এটা দিবৰ বাবেহে ফোন কৰিলো৷"

"কি খবৰ?"

"আপোনাৰ মাতৃয়ে কেইঘন্টামান আগতে শেষ নিশ্বাস পেলালে.....আপোনাৰ বাহিৰে তেখেতৰ আন কোনো নাই বাবেই খবৰটো আপোনাকেই দিব লাগিব আমি...৷" মেনেজাৰে অলপ গহীনভাবে ক'লে৷

ক্ষন্তেক নীৰৱতা৷

তাৰপাছত সিফালৰ পৰা পুতেকে উত্তৰ দিলে, " তেনেহলে মই আহিবই লাগিব৷ ঘৰ-মাটি আদি যি যি সম্পত্তি আছে সকলো বিক্ৰি কৰি দিব লাগিব ৷"

"নাই, নাই, আপোনালোকৰ কোনো সম্পত্তি নাই৷ আপোনাৰ ৰুগীয়া দেউতাৰ চিকিৎসাৰ খৰচ বহন কৰিবৰ বাবে দুবছৰ আগতেই সকলো সম্পত্তি বিক্ৰি কৰি দিয়া হৈছিল৷"

আকৌ ক্ষন্তেক নীৰৱতা৷

তাৰপাছত পুতেকৰ মাত ভাহি আহিল, " অ', হয় নেকি? মই কথাটো গমে পোৱা নাছিলো৷ ঠিক আছে বাৰু, আপোনালোকে মাৰ শেষ সৎকাৰ ভালদৰে কৰাৰ ব্যৱস্থা কৰক৷ যি খৰচ লাগে মই পঠিয়াই দিম..৷"

"নাই, নাই.. তাৰ প্ৰয়োজন নাই৷ তেখেতে শৰীৰটো মেডিকেল কলেজলৈ দান কৰি থৈ গৈছে৷ শৰীৰটোৰ বাবে কিছু টকা পোৱা যাব৷ টকাখিনি আপোনালৈ পঠিয়াবৰ বাবে আপোনাৰ বেংকৰ একাউন্ট নম্বৰটো লাগিছিল৷ আচলতে সেইবাবেহে আপোনাক ফোন কৰিছিলো...৷"

এইবাৰ সম্পূৰ্ণ নীৰৱতা ৷

কিছুময় পাছত মেনেজাৰে ফোনটো থৈ দিলে৷

Saturday, 22 October 2016

চোৰক মোৰে পালে...

চোৰক মোৰে পালে...

এদিন দুপৰীয়া ঘৰত অকলে আছিল বৰুৱানী৷
তেনেতে কলিংবেল বাজিল৷ দুৱাৰ খুলি দিলে৷ দুৱাৰমুখত এজন আদহীয়া মানুহ৷ বৰুৱানীক দেখি মানুহজনে ক'লে,
"আপুনি দেখোন বেচ ধুনীয়া৷"
বৰুৱানী আচৰিত হ'ল৷ ভয় খাই দুৱাৰখন লগে লগে জপাই দিলে৷
পিছদিনা একেসময়তে মানুহজন আকৌ আহিল বৰুৱানী অকলে থকা সময়ত৷ আকৌ বৰুৱানীয়ে দুৱাৰ খুলিলে৷ মানুহজনে আকৌ ক'লে,
"আপুনি দেখোন সাংঘাটিক ধুনীয়া৷"
বৰুৱানীয়ে ভয় খাই দুৱাৰখন লগেলগে জপাই দিলে৷
পিছদিনা মানুহজন আকৌ আহিল৷ বৰুৱানী অকলে আছিল৷ মানুহজনে ক'লে,
"আপুনি কিন্তু বিৰাট ধুনীয়া আৰু আকৰ্ষণীয়৷"
বৰুৱানীয়ে দুৱাৰখন জপাই দিলে৷ ভাবিলে, কথাটো গিৰিয়েকক কোৱা ভাল হ'ব৷
বৰুৱাই কথাটো শুনি ক'লে,
"মানুহজন পাগলো হ'ব পাৰে৷ কাইলৈ নিশ্চয় একে সময়তে আকৌ আহিব৷ মই কাইলৈ অফিচলৈ নাযাওঁ৷ মানুহজন আহিলে তুমি দুৱাৰ খুলি দিবা৷ মই দুৱাৰৰ পিছপিনে লুকাই থাকিম৷ মানুহজনে তোমাক ধুনীয়া বুলি কোৱাৰ লগেলগে তুমি কিবা এটা উত্তৰ দিবা৷ লগেলগে মই ওলাই আহি তাক ধৰি ভালদৰে এসেকা দিম৷"
কথামতে কাম৷
পিছদিনা একেসময়তে মানুহজন আকৌ আহিল৷ কলিংবেল বাজিল৷ বৰুৱানী দুৱাৰ খুলিবলৈ গ'ল৷ পিছে পিছে বৰুৱা৷ বৰুৱানীয়ে দুৱাৰ খুলিলে৷ বৰুৱা দুৱাৰৰ পিছপিনে লুকাই থাকিল হাতত লাঠি এডাল লৈ৷ মানুহজনে বৰুৱানীৰ পিনে চাই ক'লে,
"আপুনি কিন্তু সঁচাই বৰ ধুনীয়া৷"
লগেলগে সাহস গোটাই বৰুৱানীয়ে উত্তৰ দিলে,
"অঁ, ধুনীয়া তাতে আপোনাৰ কি হ'ল?"
মানুহজনে অলপো ভয় নাখাই সমানে সমানে উত্তৰ দি ক'লে,
"কি হ'ল মানে? আপুনি ধুনীয়া বুলি , চকুতলগা বুলি আপুনি নিজৰ স্বামীক আগতে পতিয়ন নিয়াবলৈ চেষ্টা কৰক৷ আপোনাৰ স্বামীয়ে আপোনাক ধুনীয়া বুলি মানি ল'লে তেওঁ মোৰ মানুহগৰাকীৰ পিছে পিছে লাগিবলৈ এৰি দিব৷ অন্ততঃ আপুনি মোৰ পৰিয়ালৰ শান্তিৰ খাটিৰতে এই কামটো কৰক৷ নিজৰ স্বামীৰ মন মোহক৷"
মানুহজন গুচি গ'ল৷
বৰুৱানীয়ে উভতি দুৱাৰৰ পিছপিনে চাল৷
বৰুৱা দুৱাৰৰ পিছপিনে নাই
আছেগৈ বিচনাৰ তলত৷

(শুনা কথাহে দেই)

Friday, 21 October 2016

আকাশৰ পৰা কি পৰিল?

আকাশৰ পৰা কি পৰিল?


সৰু থাকোঁতে আকাশেৰে উৰি যোৱা উৰাজাহাজ দেখিলে আমি ওপৰলৈ তধা লাগি চাইছিলো, একেবাৰে মুখ মেলি মেলি৷ তেতিয়া ধেমালি কৰি এজনে আনজনক কৈছিলো,

:ওপৰলৈ নাচাবি৷ এৰোপ্লেনৰ পায়খানাৰ পৰা ময়লা আহি মুখতে পৰিব৷


ৰেলৰ পায়খানা দেখা সকলোৱে জানে ময়লাবোৰ ৰেলআলিয়ে আলিয়ে পৰি যায় বুলি৷ (অৱশ্যে আজিকালি অলপ সলনি হ'ব ধৰিছে)৷ উৰাজাহাজৰ পায়খানাবোৰ তেনেকুৱাই নেকি বুলি ভাবিছিলো যদিও নহয় বুলি বুজাই দিছিল দাদাহঁতে৷

অলপতে , ৫ অক্টোবৰ ১০১৬ তাৰিখে আবেলি ৰাজস্থানৰ কাৰোলি জিলাৰ নাৰাইনা নামৰ গাঁৱৰ ওচৰত কিছুমান গৰখীয়াই সৰু পাহাৰ এটাৰ আগত গৰু চৰাই থাকোঁতে আকাশৰ পৰা  এচপৰা প্ৰকাণ্ড বৰফ আহি পৰা দেখা পায়৷ বৰফডোখৰ পৰি টুকুৰা-টুকুৰ হয়৷ কাৰো গাত নপৰিল আৰু কোনেও একো আঘাত নাপালে৷ আকাশৰ পৰা সেই বৰফ চাবলৈ বহুতো মানুহৰ সমাগম হয়৷

একেধৰণৰ দুই-এটা ঘটনা আন ঠাইতো ঘটা বুলি জানিব পৰা গৈছে৷

বৰফৰ টুকুৰাটো ক'ৰ পৰা আহিল আৰু তাৰ উপাদান পানী নে আন কিবা সেই বিষয়ে নানা ধৰণৰ জল্পনা-কল্লনা চলাৰ লগতে সৰু-সুৰা গৱেষণাও চলে৷ দিল্লীস্থিত বিশেষজ্ঞ বিমল কুমাৰ শ্ৰীৱাস্তৱৰ মতে সেই বৰফ আন একো নহয়, উৰাজাহাজৰ পায়খানাৰ পৰা ওলোৱা পানী, পেচাব ইত্যাদি গোট মাৰি হোৱা বৰফ৷

ফেচবুকত এইবিষয়ে পঢ়ি হঠাতে সৰু কালৰ কথা মনত পৰি গ'ল৷

অৱশ্যে শূণ্য ডিগ্ৰীতকৈও কম উষ্ণতাৰ মাজেৰে পৰা সেই পায়খানাৰ পানীত কোনো বীজাণু জীয়াই থকাৰ সম্ভাৱনা নিশ্চয় নাই৷ তথাপি পায়খানাৰ পৰা পৰি ওলোৱা বাবেই তাক হাতেৰে চুবলৈ কাৰো মন নাযাব৷ ঘৰৰ মুধচত নপৰিলেই ৰক্ষা৷

Wednesday, 19 October 2016

ঈশ্বৰলৈ চিঠি আৰু কেইজনমান কুকুৰপোৱালী

ঈশ্বৰলৈ চিঠি আৰু কেইজনমান কুকুৰপোৱালী

পোষ্ট অফিচত কাম কৰা মানুহ এজনৰ কাম আছিল যিবোৰ চিঠিৰ ঠিকনা ভালদৰে পঢ়িব নোৱাৰি সেইবোৰ চিঠিৰ উচিত ব্যৱস্থা কৰা৷ এদিন এখন চিঠি আহিল৷ চিঠিখন লিখা হৈছেঈশ্বৰলৈকিন্তু ঠিকনাত কেৱল স্বৰ্গ বুলি লিখি থোৱা আছে৷ মানুহজনে ভাবিলে কোনো অবুজ শিশুৱে হয়তো চিঠিখন লিখিছে৷ গতিকে খুলি পঢ়ি চাবলৈ মন মেলিলে তেওঁ৷

চিঠিখনত লিখা কথাখিনি এনেধৰণৰ আছিল:
মৰমৰ ঈশ্বৰ,
আশাকৰো তুমি মোৰ চিঠিখন পঢ়িবা আৰু উত্তৰ দিবা৷
মই বৰ বিপদত পৰিহে তোমালৈ লিখিছো৷ মই এগৰাকী ৮০ বছৰীয়া বৃদ্ধা৷ অতি দুখীয়া৷ ভঙা-চিঙা ঘৰত এটাত অকলে থাকোঁ৷ মাহেকত ১৫০০ টকা পেঞ্চন পাওঁ৷ তাৰেই কোনোমতে চলিব লাগে৷ কালি মোৰ টকাৰ মোনাটো কোনোবাই চুৰ কৰিলে৷ তাত ৩০০ টকা আছিল৷ অহা মাহৰ পেঞ্চন পাবলৈ এতিয়াও এসপ্তাহ বাকী আছে৷ মোৰ হাতত আৰু এটকাও নাই৷ দুদিনপাছত মোৰ জন্মদিন৷ জন্মদিনলৈ মই তিনিগৰাকী বান্ধৱীক নিমন্ত্ৰণ কৰি থৈছিলো৷ এতিয়া মোৰ হাতত এটকাও নাই৷ কেনেদৰে আলহী সুধিম?
মোৰ কোনো আত্মীয়-কুটুম কোনো নাই৷ তোমাৰ বাহিৰে আন কোনো নাই মোক সহায় কৰিবপৰা৷ তুমিয়েই মোৰ শেষ আশা৷ তুমি অনুগ্ৰহ কৰি মোক সহায় কৰিবানে?
মই আশাৰে বাট চাই থাকিলোঁ৷
ইতি
বিৰজা

চিঠিখন পঢ়ি মানুহজনৰ খুব দুখ লাগিল৷ তেওঁ পোষ্ট অফিচৰ বাকী কৰ্মচাৰী কেইজনক চিঠিখন দেখুৱালে৷ সকলোৱে পকেটৰ পৰা দুই-এটকাকৈ বৰঙণি আগবঢ়ালে৷ মুঠতে ২৯০ টকা গোট খালে৷ টকাখিনি তেওঁলোকে এনভেলপ এটাত ভৰাই মানুহগৰাকীৰ ঠিকনালৈ পঠিয়াই দিলে৷

মানুহগৰাকীলৈ টকাখিনি পঠিয়াই দি সকলোৰে মনবোৰ ভাল লাগি থাকিল৷ বিপদত পৰা দুখীয়া মানুহ এগৰাকীক সহায় কৰিবলৈ পোৱা বাবে৷

কেইদিনমান পাছত “ঈশ্বৰ”লৈ বুলি আকৌ এখন চিঠি আহিল৷ হাতৰ আখৰ দেখিয়েই মানুহজনে চিনি পালে সেই বৃদ্ধাৰ পৰা অহা চিঠি বুলি৷ তেওঁ পোষ্ট অফিচৰ সকলো কৰ্মচাৰীক মতিলে৷ সকলোৱে একেলগে চিঠিখন খুলিলে আৰু অতি আগ্ৰহেৰে পঢ়িবলৈ ধৰিলে৷

চিঠিখনত বিৰজাই এনেদৰে লিখিছিল:
মৰমৰ ঈশ্বৰ,
তুমি মোক কিমান ডাঙৰ সহায় কৰিলা তাৰবাবে তোমাক মই ধন্যবাদ দি শেষ কৰিব নোৱাৰো৷ মোলৈ ভালপোৱাৰ চিন স্বৰূপে তুমি মোলৈ যি উপহাৰ পঠিয়ালা তাৰে মোৰ জন্মদিন ভালদৰে পালন কৰিলো মোৰ বান্ধৱী তিনিগৰাকীৰ সৈতে৷ তুমি মোক দিয়া উপহাৰৰ কথাটো মই বান্ধৱী তিনিগৰাকীকো কৈছো৷ সকলোৱে তোমাক ধন্যবাদ দিছে৷
কিন্তু এটা কথা৷ পেকেটটোত ১০ টকা কম আছিল৷ তুমি নিশ্চয় ৩০০ টকাই পঠাইছিলা৷ পোষ্ট অফিচৰ কুকুৰ পোৱালী কেইটাই দহ টকা মাজতে সৰকালে নিশ্চয়৷
আকৌ ধন্যবাদেৰে
বিৰজা

(ইন্টাৰনেটত পোৱা চিঠি এখনৰ অসমীয়া ৰূপান্তৰ)

জোৰ কা ঝটকা

জোৰ কা ঝটকা

আমাৰ নগেনকাই বৰ কৃপণ৷
সকলো কাম নিজে কৰিব খোজে৷ মিস্ত্ৰী, মেকানিক আদি মাতি পইচা খৰচ কৰিব নোখোজে৷
এদিন লাইটৰ চুইচ এটা বেয়া হ'ল৷
আমাৰ নগেনকাইয়ে  স্ক্ৰু দ্ৰাইভাৰ হাতত লৈ চুইচটো খুলিবলৈ ধৰিলে৷
ঘৈণীয়েকক ক'লে,
"তই ওচৰত থিয় হৈ  থাক৷ কিবা দৰকাৰ হ'বও পাৰে৷"
নগেনকাইয়ে চুইচটো খুলি তাঁৰ এডাল হাতেৰে চুই দিলে ভুলতে৷ লগে-লগে লাগিল শ্বক৷ আই ঔ মৰিলো বুলি কোনোমতে হাতখন এৰুৱাই আনিলে৷
অতি উৎকণ্ঠাৰে ঘৈণীয়েকে সুধিলে,
" বেছিকৈ শ্বক লাগিল নেকি? আপুনি ঠিকে আছেতো?"
নগেনকাই ভেকাহি মাৰি উঠিল,
" মই ঠিকে আছো৷ যাচোন যা৷ মিটাৰটো কিমান বেছিকৈ ঘূৰিল তই চাই আহগৈ৷"


তেখেতৰ জন্মদিন.....

তেখেতৰ জন্মদিন….

তেতিয়া আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ৷ সেইসময়ত প্ৰথম বাৰ্ষিক নাছিল৷ দুবছৰীয়া প্ৰাকবিশ্ববিদ্যালয় পৰীক্ষা পাছ কৰি আমি ভৰ্তি হৈছিলো দ্বিতীয় বাৰ্ষিকত৷ অৰ্থাৎ আমি আছিলো নবাগত৷ আমাৰ ছাত্ৰাবাসত আমি ষোল্লজন নবাগত আছিলো৷ এজন খাচীয়া, এজন জয়ন্তীয়া আৰু তিনিজন মিজো৷ বাকী থাকিলো আমি অসমীয়া এঘাৰজনহে৷ গতিকে আমাৰ মাজত প্ৰচণ্ড মিল৷  বাৰ আৰু তেৰ নম্বৰ ৰুমত তিনিজনকৈ আমি ছজন আৰু আৰু বাকী পাঁচজন চিনিয়ৰৰ লগত অকলে অকলে বেলেগ বেলেগ ৰুমত৷ গতিকে বাকী কেইজনে প্ৰায় সকলো সময়তে আমাৰ বাৰ বা তেৰ নম্বৰ ৰুমতে আড্ডা মাৰেহি৷ সন্ধিয়া ফুৰিবলৈ, চাহ খাবলৈ, চিনেমা চাবলৈ, খেলিবলৈ প্ৰায় সকলো কামতে আটাইকেইজন একেলগে ওলাই যাওঁ৷

সময় পাৰ হৈ গ’ল৷ আমাৰ পৰীক্ষা ওচৰ চাপি আহিল৷ আমিও পঢ়া-শুনাত মন দিবলৈ ধৰিলো৷ তেনেহেন চিৰিয়াচ সময়তে এটা চিৰিয়াচ সমস্যাই দেখা দিলে৷ ছাত্ৰাবাসৰ সকলোতকৈ চিনিয়ৰ আবাসীজনক আমি যথেষ্ট সমীহ কৰি চলিছিলো৷ বহুবছৰধৰি হোষ্টেলতে আছে৷ যথেষ্ট চিনিয়ৰ হোৱা বাবে তেখেতক আমি “তেখেত” নাম দিছিলো৷ তেখেতৰ কাষৰ কোঠাটোতে আমাৰ লগৰ এজন থাকে৷ এদিন লগৰজনক মাতি তেখেতে ক’লে, “কালি মোৰ জন্মদিন৷ মোৰ ৰুমটো অলপ ডেকোৰেট কৰি দিবা৷ লগৰবোৰকো ক’বা ৰুমটো সজোৱাত লাগি-ভাগি দিবলৈ৷” 

লগৰীয়াজনে আমাক কথাটো ক’লে৷ আমাৰ হাঁহিও উঠিল, খঙো উঠিল৷ হোষ্টেলত জন্মদিন পাতে? তাতে আমাৰ জুনিয়ৰবোৰক কামত খটুৱাবলৈ আহিছে ৰুম সজোৱাত৷ আমি নাযাওঁ বুলি সিদ্ধান্ত ল’লো৷ সন্ধিয়া ভাত খাই ডাইনিং হলৰ পৰা উভতি আহোঁতে বাৰান্দাতে তেখেতে পালে৷ ৰুমমেট এজনক প্ৰায় আদেশ দিয়াৰ দৰে ক’লে, “মোৰ ৰুমলৈ আহিবাচোন৷ কাম আছে৷” ইফালে আমাৰ বহুত পঢ়িবলগীয়া আৰু হোমৱৰ্ক আদি কৰিবলগীয়া আছিল৷ ৰুমমেট অলপ নিমাখিত বিধৰ প্ৰাণী আছিল৷ চিনিয়ৰৰ কথা পেলাব নোৱাৰি মুখেৰে ভোৰভোৰাই ওলাই গ’ল৷ আমি বাকীদুজন ৰুমতে থাকিলো৷ প্ৰায় দুঘন্টামান পাছত ৰুমমেটজন উভতি আহিল৷ আমাৰ আগত আহি আকৌ ভোৰভোৰালে৷ আমাৰো খং ভালকৈয়ে উঠিছিল৷ কাষৰ ৰুমলৈ গ’লো৷ তাতে বাকী গোটেইকেইজন বহি আছিল৷ তেখেতৰ বিৰুদ্ধে মুখ খুলি কোৱাৰ সাহস আমাৰ নাছিল৷ গতিকে আমাৰ উৰ্বৰ মস্তিষ্ক কামত লগালো৷ সকলোৱে মিলি এখন জাননী লিখিবলৈ ধৰিলো৷ হাতৰ আখৰ যাতে কোনেও চিনি পাব নোৱাৰে সেইবাবে এজনে এটা আখৰ লিখোঁ, তাৰপাছত আন এজনে আন এটা আখৰ৷ তেনেদৰে সকলোৰে হাতৰ আখৰ মিহলি কৰি জাননী এখন লিখিলো৷ জাননী মানে সমজুৱা নিমন্ত্ৰণী পত্ৰ৷ তেখেতৰ তেত্ৰিছবছৰীয়া জন্মদিনলৈ বুলি৷ পত্ৰখন যিমান পাৰি ৰসাল কৰি তুলিলো সকলোৱে মিলি৷ তাৰপাছত মাজৰাতি আন কোনেও নেদেখাৰ সুযোগ লৈ আমি পত্ৰখন নোটিচ বোৰ্ডত লগাই দিলো৷

পিছদিনা ৰাতিপুৱাৰ পৰা হোষ্টেলত বিৰাট আমোদৰ সৃষ্টি হ’ল৷ সকলোৱে নোটিচখন পঢ়ে আৰু ঢেকঢেকাই হাঁহে৷ অৱশেষত তেখেতৰ কাণতো পৰিল নোটিচখনৰ কথা৷ “কোনে লিখিছে, কোনে লিখিছে” বুলি খঙতে ভোৰভোৰালে তেখেতে৷ আমি দূৰৰ পৰা আলেখলেখ চাই থাকিলো৷ কোনেও এবাৰো সন্দেহ নকৰিলে আমাৰ নিচিনা নিমাখিত নবাগত কেইজনে সকলোতকৈ চিনিয়ৰ আবাসীজনক লৈ তেনেকুৱা ধেমালি কৰিবলৈ সাহস কৰিব পাৰিম বুলি৷


(তেখেতলৈ ক্ষমা প্ৰাৰ্থনাৰে) 

Tuesday, 18 October 2016

এলাৰ্মে যেতিয়া কাম নকৰে....

এলাৰ্মে যেতিয়া কাম নকৰে...

বাপুকণ বৰ এলেহুৱা৷ পঢ়া-শুনা নাই, দিনৰ দিনটো ঘূৰি ফুৰে, ৰাতি মোবাইল খুচৰি খুচৰি কেইবজালৈকে সাৰে থাকে কোনেও নাজানে৷ ৰাতিপুৱা উঠোঁতে প্ৰায়েই দেৰী হয়৷ কলেজলৈ যোৱাৰ সময় পাৰ হৈ যাব খোজে৷ মাকে গালি পাৰি পাৰি বিচনাৰ পৰা উঠাব নোৱাৰে৷
দুদিনমানৰ পৰা মাকে ঘড়ীত এলাৰ্ম দি বাপুকণৰ কাণৰ কাষত থৈ দিবলৈ লৈছে৷ ৰাতিপুৱা ঠিক সময়তে এলাৰ্ম বাজে৷ বাপুকণে সাৰ ঠিকেই পায়, কিন্তু এলাৰ্মটো বন্ধ কৰি আকৌ টোপনি যায়৷
আজি কথা গুৰুতৰ৷ সোনকালে সকলো কাম-কাজ সামৰি মাক আজৰি হ'ব লাগে৷
বাপুকণকো সোনকালে উঠাই দিবই লাগিব৷
এলাৰ্ম বাজিল৷
বাজি বাজি বন্ধ হৈ গ'ল৷
মাকে ওচৰলৈ গৈ দুবাৰমান মাতিলে৷ একো সাৰ-সুৰ নাই৷
মাক অতীষ্ঠ হ'ল৷
এইবাৰ লাহেকৈ বাপুকণৰ বিচনাৰ কাষ পালেগৈ৷
বাপুকণৰ কাণত ফুচ-ফুচাই ক'লে,
"ঐ, বাপুকণ৷ সোনকালে উঠ৷ আজি কথা বিষম৷ বাপেৰে তোৰ মোবাইলটো চেক কৰি আছে ......"
বাপুকণ একেজাপে উঠি দিলে দৌৰ বাপেকৰ কাষলৈ.....

পতি পৰম গৰু

পতি পৰম গৰু..

বেচেৰা মোলু চুৰ কৰি ধৰা পৰি জেল খাব লগা হৈছিল৷ দুবছৰ জেলত থাকিল৷
আজি তাক জেলৰ পৰা উলিয়াই দিয়া হ'ল৷
লেতেৰা ফটা উৱলি যোৱা কাপোৰ৷
ভৰিৰ চেণ্ডেলযোৰো আজি চিঙো কালি চিঙো কৰি আছে৷
জেলৰ পৰা ওলাই মোলুৱে ইফালে-সিফালে চালে৷ তাক নিবলৈ কোনো অহা নাই৷ ইফালে প্ৰচণ্ড ৰ'দ৷
লগত পইচাও নাই ৰিক্সা বা বাছত উঠিবলৈ৷
মোলুৱে লাহে লাহে খোজ কাঢ়িবলৈ ধৰিলে৷
প্ৰায় দুঘন্টামান পাছত সি ঘৰ পালেগৈ  ভাগৰত ফোঁপাই-জোপাই৷
তাক দেখিয়েই ঘৈণীয়েক চিঞৰি উঠিল,
"ক'ত ঘূৰি ফুৰিছিল ইমান দেৰীলৈকে?
আপোনাক দেখোন দুঘন্টামান আগতেই এৰি দিয়াৰ কথা আছিল..."

Wednesday, 12 October 2016

প্ৰতিদান



প্ৰতিদান..

আশ্ৰয়….. অনাথৰ আশ্ৰয়স্থল৷ পিতৃ-মাতৃ নোহোৱা ল’ৰা-ছোৱালীৰো আশ্ৰয়, সন্তানে অৱহেলা কৰি বা বাধ্য হৈ থৈ যোৱা বৃদ্ধ-বৃদ্ধাৰো আশ্ৰয়৷ প্ৰায় চল্লিশ বছৰ ধৰি সমাজ সেৱা কৰি আহিছে আশ্ৰয় নামৰ এই অনুষ্ঠানটিয়ে৷ ৰজাঘৰৰ পৰা পুৰস্কাৰো পাইছে, সহায়ো পাইছে৷ টকা-পইছা, সা-সুবিধাৰ কোনো অভাৱ নাই৷ বিভিন্ন উৎসৱ-পাৰ্বণত ডাঙৰ-ডাঙৰ মানুহে আহি অশ্ৰয়ত থকা শিশু তথা বৃদ্ধ-বৃদ্ধাৰ প্ৰতি মৰম-চেনেহ প্ৰদৰ্শন কৰেহি৷ বহুতো লোকে নিজৰ বা পৰিয়ালৰ আনলোকৰ জন্মদিন পালন কৰেহি আশ্ৰয়লৈ আহি৷ আশ্ৰয়ৰ আবাসীবোৰে ভালেই পায়৷ কৃত্ৰিম আদৰ বুলি জানিলেও সাময়িকভাবে মনটো ভাল লাগে, সকলো পাহৰি যায়৷

ৰাতিপুৱা দহমান বজাতে আশ্ৰয়ৰ সম্মুখত দামী গাড়ী এখন আহি ৰ’ল৷ গাড়ীৰ পৰা সুন্দৰ-সুঠাম চেহেৰাৰ মানুহ এজন প্ৰথমে নামিল৷ বয়স প্ৰায় ত্ৰিশ বছৰমান হ’ব৷ অভিজাত লোক বুলি দেখিলেই বুজিব পাৰি৷ বহুজাতিক কোম্পানীত ডাঙৰ চাকৰি কৰা অভিনৱ হাজৰিকা৷ প্ৰায় একে সময়তে সম্মুখৰ আনখন দুৱাৰ খুলি নামিল চালে চকুৰোৱা সাজপাৰ পৰিহিতা আধুনিকা মহিলা এগৰাকী৷ অভিনৱ হাজৰিকাৰ ধৰ্মপত্নী প্ৰমীলা৷ কোনো চাকৰি নকৰে, আধুনিক হাউচ উৱাইফ প্ৰমীলা হাজৰিকা৷ পিছফালৰ দুৱাৰ খুলি নামি পৰিল দুটি শিশু৷ ল’ৰা এটা ছোৱালী এজনী৷ হাজৰিকাৰ দুই সন্তান৷ আৰু সদৌ শেষত নামি পৰিল প্ৰায় সত্তৰ বছৰীয়া এজন লোক৷ অভিনৱ হাজৰিকাৰ বৃদ্ধ পিতৃ মনোৰম হাজৰিকা৷ মনোৰম হাজৰিকাৰ মূৰত এডালো চুলি নাই৷ চেলাউৰি পকি কপাহৰ দৰে হৈ পৰিছে৷ ভালদৰে খোজ কাঢ়িব নোৱাৰে আঁঠুৰ বিষৰ বাবে৷ তথাপি কাৰো সহায় নোলোৱাকৈ লাহেলাহে খোজ কাঢ়ে৷ অভিনৱ  মনোৰম হাজৰিকাৰ একমাত্ৰ সন্তান৷ প্ৰায় দহবছৰেই হৈ গ’ল হাজৰিকাৰ পত্নীবিয়োগ ঘটাৰ৷

গোটেই হাজৰিকা পৰিয়ালটো লাহেলাহে আশ্ৰয়ৰ ভিতৰ সোমাই গ’ল৷ সকলোটি ধুনীয়া অফিচৰুমটোলৈ সোমাই গ’ল৷ অভিনৱে ইতিমধ্যেই কথা-বতৰা পাতি থৈছিল৷ অফিচত বহি থকা মহিলা গৰাকীৰ সৈতে দেউতাকক চিনাকী কৰাই দিলে অভিনৱে৷ তাৰপাছত গাড়ীৰ পৰা দেউতাকৰ বয়-বস্তুবোৰ নমাই আনিবলৈ বাহিৰ ওলাই গ’ল৷
মহিলাগৰাকীয়ে মনোৰম হাজৰিকালৈ চাই সুধিলে,
“আপুনি কেনেকুৱা ৰুমত থাকিব খোজে? সকলো আধুনিক সা-সুবিধা থকা, এ চি লগোৱা ৰুমো আছে আৰু সাধাৰণ ৰুমো আছে৷”
“আধুনিক নালাগে৷ আমি পুৰণিকলীয়া মানুহ৷ সাধাৰণ ৰুম এটাতে থাকিম৷ আৰুনো কেইটাদিন?” মনোৰম হাজৰিকাই নিৰ্বিকাৰভাবে উত্তৰ দিলে৷
বোৱাৰীয়েক আৰু নাতি-নাতিনীয়েকহঁত ইতিমধ্যে বাহিৰ ওলাই গৈ চৌহদটো চাবলৈ ধৰিছে৷
“আপুনি অলপ বহক, মই আহি আছো” বুলি মহিলাগৰাকীও বাহিৰ ওলাই গ’ল৷
ইতিমধ্যে হাজৰিকাৰ সকলো বয়-বস্তু গাড়ীৰ পৰা নমাই আনি বাৰান্দাত ৰাখিছিলহি অভিনৱে৷ বয়-বস্তু বুলি বিশেষ একো নাই৷ চুটকেচ এটা আৰু বেগ এটা মাথোন৷ 

মহিলাগৰাকীয়ে নিজে লৈ গ’ল অভিনৱক হাজৰিকাৰ ৰুমটো দেখুৱাবলৈ৷ পিছে পিছে প্ৰমীলা আৰু ল’ৰা-ছোৱালীদুটাও যাবলৈ ধৰিলে৷ কামকৰা ল’ৰা এটাই চুটকেচ আৰু বেগটো কঢ়িয়াই লৈ গ’ল৷
বয়বস্তুবোৰ ৰুমত থৈ সকলোটি ওলাই আহিল৷ মনোৰম হাজৰিকা এতিয়াৰ পৰা আশ্ৰয়তে থাকিব৷ দেউতাকক মাত লগাবলৈ বুলি অভিনৱ অফিচৰ পিনে আগবাঢ়ি গ’ল৷ ভিতৰ সোমাই দেখে দেউতাক নাই৷ অফিচত কোনো নাই৷ অলপ আচৰিত হৈ অভিনৱে প্ৰমীলাক সুধিলে,
“দেউতা ক’ত? ইয়াতে নাছিল জানো?”
“মই কেনেকৈ জানিম? আমিতো ইয়াতে বহুৱাই থৈ গৈছিলো৷” প্ৰমীলাৰ উত্তৰ৷
অভিনৱ বাহিৰ ওলাই গ’ল দেউতাকক বিচাৰি৷ প্ৰমীলা অফিচতে বহি থাকিল৷
ইফালে-সিফালে চাই অভিনৱে চৌহদৰ এমূৰত গছ এজোপাৰ তলত দেউতাকক দেখিলে৷ বৃদ্ধমানুহ এজনৰ লগত আপোনমনে কথা পাতি আছে৷ আনজন মানুহ চিনি পাবলৈ অভিনৱৰ অসুবিধা নহ’ল৷ বিনন্দ পাঠক৷ আশ্ৰয়ৰ মূল মানুহ৷ দেউতাকক থোৱাৰ বিষয়ে কথা পাতিবলৈ আহোঁতে অভিনৱে তেখেতৰ সৈতে কথা পাতিছিল৷ অনুষ্ঠানটো ইমানদিন ধৰি তেখেতেই সুচাৰুৰূপে চলাই আহিছে৷ কিন্তু দেউতাকৰ লগত ইমান আপোনভাবে কথা পতা দেখি অভিনৱ আচৰিত হ’ল৷ ভাবিলে, ভালেই হ’ল, দেউতাকে হয়তো আগৰ পৰাই বিনন্দ পাঠকক ভালদৰে চিনি পায়৷ গতিকে এই অনাথ আশ্ৰমত দেউতাকে অকলশৰীয়া অনুভৱ নকৰিব৷

লাহেলাহে দেউতাকহঁত অভিনৱহঁতৰ পিনে আগবাঢ়ি আহিল৷
“ আমি বেছি দেৰী নকৰোঁ৷ মোৰ জৰুৰী মিটিং এখন আছে৷ মাজেমাজে আমি আহি থাকিম৷ ব’লক, আপোনাক আপোনাৰ ৰুমটো দেখুৱাই দিওঁগৈ৷” অভিনৱে ক’লে৷
দেউতাকে একো উত্তৰ নিদি অভিনৱৰ পিছে-পিছে খোজ ল’লে৷ বিনন্দ পাঠক বাৰান্দাতে থিয় হৈ ৰ’ল৷
দেউতাকক ৰুমত থৈ অভিনৱ ওলাই আহিল৷ বিনন্দ পাঠক তেতিয়াও বাৰান্দাতে থিয় হৈ আছিল৷ অভিনৱে তেখেতৰ পিনে চালে৷ পাঠকেও চালে অৰ্থপূৰ্ণ ভাবে৷ কিবা যেন ক’ব খুজিও ক’ব পৰা নাই পাঠকে এনে অনুভৱ হ’ল অভিনৱৰ৷
“দেউতাক থ’লো৷ আশাকৰো আপোনালোকৰ লগত  ভালে-কুশলে থাকিব৷” অভিনৱে ভদ্ৰতাৰ খাটিৰত কথাষাৰ ক’লে৷
“চিন্তা কৰিব নালাগে৷ আমি তেখেতক খুব ভালদৰে ৰাখিম৷ তদুপৰি তেখেত মোৰ বহুদিন আগৰ পৰাই চিনাকী৷” বিনন্দ পাঠকে আৰু কিবা ক’ব খুজিও যেন ৰৈ গ’ল, এনে ভাব হ’ল অভিনৱৰ৷
“হয়নেকি? জানি ভাল লাগিল৷ কিন্তু আপোনাৰ লগত বহুদিনীয়া চিনাকী বুলিতো আমাক কেতিয়াও কোৱা নাছিল দেউতাই৷ কেতিয়াও আপোনাৰ ওচৰলৈ দেউতা অহাও মোৰ মনত নপৰে৷”
মুখত ঈষৎ হাঁহি এটা বিৰিঙি উঠিল বিনন্দ পাঠকৰ৷ তাৰপাছত অভিনৱৰ ফালে নোচোৱাকৈ লাহেকৈ ক’লে,
“চিনাকী বহুদিনৰ৷ তেখেতৰ কোনো সন্তান নাছিল৷ তেখেতসকল স্বামী-স্ত্ৰী দুয়ো সময়-সুবিধা পালেই আমাৰ ইয়ালৈ আহি কণ-কণ শিশুবোৰৰ লগত সময় কটাইছিল৷ প্ৰায় ত্ৰিশবছৰ আগতে তেখেতে আমাৰ ইয়াৰ পৰাই কেচুৱা ল’ৰা এটা তুলি লৈ গৈছিল৷…”
বিনন্দ হাজৰিকাই আৰু কি কৈছিল অভিনৱৰ কাণেৰে নোসোমাল৷ 

বিনন্দ হাজৰিকা কেতিয়া তাৰপৰা আঁতৰি গ’ল অভিনৱই গমকে নাপালে৷ ত্ৰিশবছৰ আগৰ কেঁচুৱা ল’ৰাটো কোন বুজিবলৈ অসুবিধা নহ’ল অভিনৱৰ৷ চাৰিওফালৰ পৃথিবীখন চক্ৰাকাৰে ঘূৰিবলৈ ধৰা যেন লাগিল৷

কিছুসময় পাছত প্ৰমীলাই বজোৱা গাড়ীৰ হৰ্ণৰ শব্দত অভিনৱে সম্বিৎ ঘূৰাই পালে৷

(ক’ৰবাত পঢ়া সৰু ঘটনা এটাৰ অলমত)

Saturday, 8 October 2016

বোজা



বোজা…….
বৰুৱাই নিজকে খুব ভাগ্যবান বুলি বিবেচনা কৰিছিল কাৰণ তেওঁৰ দুয়োজন পুত্ৰ সৰুৰে পৰা পঢ়া-শুনাত খুব ভাল ফলাফল দেখুৱাই আহিছিল আৰু দুয়োজনেই আই আই টিৰ  পৰা ডিগ্ৰী লৈ   আমেৰিকাত কোটি টকা দৰমহা পোৱা চাকৰি কৰি আছিল৷ সুবিধা পালেই বৰুৱাই আনৰ আগত দুয়ো পুত্ৰৰ কথা অতি গৌৰৱেৰে কৈছিল৷ আমেৰিকাৰ ফটো দেখুৱাইছিল৷ বৰুৱাৰ আন কোনো সন্তান নাছিল৷ চাকৰিৰ পৰা অৱসৰ পোৱাৰ পাছত বৰুৱাই ঘৰটো নতুনকৈ সজাইছিল৷ পুতেকহঁতে আমেৰিকাৰ পৰা টকা পঠিয়াইছিল৷ কোনো কৃপণালি নকৰাকৈ খৰচ কৰি ৰাজ প্ৰাসাদৰ দৰে চালে চকুৰোৱা বিয়াগোম অট্টালিকা সাজি উলিয়াইছিল৷ বৰুৱাই আশা কৰিছিল কোনোবা এজন পুতেক আমেৰিকাৰ পৰা উভতি আহি তেওঁৰ লগত থাকক৷ ইতিমধ্যে যথেষ্ট টকা উপাৰ্জন কৰিলে দুয়োজনেই৷ যিমান উপাৰ্জন কৰিলে তাৰে কেবাপুৰুষো চলিব পাৰিব ভাৰতত৷ বৰুৱাই হিচাব কৰি চাইছিল৷ কথাটো পুতেকহঁতক জনাওঁতে কিন্তু কোনোজন পুতেকেই ভাৰতলৈ পুনৰ ঘূৰি আহিবলৈ মান্তি নহ’ল৷ পুতেকহঁতে বৰুৱা-বৰুৱানীকহে আমেৰিকালৈ মাতি পঠিয়ালে আৰু তাতেই থাকি যাবলৈ পৰামৰ্শ দিলে৷ নিজৰ ঠাই এৰি বিদেশত থাকিবলৈ বৰুৱাহঁতৰ অলপো মন নাছিল৷ তথাপি কিছুদিন থাকি চোৱা বেয়া নহ’ব বুলি ভাবি দুয়ো আমেৰিকা পাইছিলগৈ ৷ কিন্তু প্ৰায় তিনিমাহমান থাকি বিৰক্তি লগাত দুয়ো আকৌ অসমলৈ উভতি আহিছিল৷
পুতেকহঁতৰ সৈতে ফেচবুক, হোৱাটচাপ, স্কাইপ আদিৰ যোগেৰে নিয়মিতভাবে যোগাযোগ ৰক্ষা কৰি চলিছিল যদিও লাহে-লাহে বৰুৱা-বৰুৱানীৰ মন গধুৰ হৈ আহিব ধৰিছিল জীৱনৰ বিয়লিবেলাত কাষত কোনোজন পুতেককো নাপায় বুলি জানি৷ বৰুৱানীৰ গা দিনে দিনে বেয়া হৈ আহিছিল৷ বৰুৱাৰো শৰীৰ বেছি ভাল নাছিল আগৰ পৰাই৷ হৃৎপিণ্ড দুৰ্বল আছিল৷ মাজে-মাজে চিকিৎসকৰ পৰামৰ্শ লৈছিল৷ কিন্তু বৰুৱানীৰ অৱস্থাহে অতি দ্ৰুতগতিত বেয়া হৈ আহিব ধৰাত বৰুৱাই নিজৰ কথা পাহৰি যাবলৈ ধৰিলে৷ অৱশেষত প্ৰচণ্ড দুৰ্যোগ নামি আহিল বৰুৱা-বৰুৱানীৰ জীৱনলৈ৷ এদিন ৰাতিপুৱাতে বৰুৱানীৰ ষ্ট্ৰোক হোৱাত বৰুৱাই চুবুৰীয়াৰ সহায়ত হস্পিটেল পোৱালেগৈ যদিও বৰুৱানী সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠিল৷ এফাল পেৰালাইচিচ হৈ গ’ল বৰুৱানীৰ৷ কথা ক’বও নোৱাৰা হৈ পৰিল৷ শয্যাশায়ী ঘৈণীয়েকৰ সকলো দায়িত্ব পৰিল এতিয়া বৰুৱাৰ ওপৰত৷ পুতেকহঁতে নাৰ্চ এগৰাকী ৰাখিবলৈ পৰামৰ্শ দিলে৷ টকা-পইচাৰ কথা চিন্তা কৰিব নালাগে বুলি ক’লে, কিন্তু সকলো সময়তে ঘৰত থাকি সহায় কৰা নাৰ্চ ৰাখিবলৈ বৰুৱাৰ মন নগ’ল৷ নিজেই ঘৈণীয়েকৰ আলপৈচান ধৰিবলৈ সিদ্ধান্ত ল’লে৷ ভাবিলে, আন একো কাম নাই, ঘৈণীয়েকৰ আলপৈচান ধৰিলে সময়খিনি ভালদৰে পাৰ হৈ যাব, পতিধৰ্ম পালন কৰা হ’ব৷
দিনৰ পিছত দিন, মাহৰ পিছত মাহ পাৰ হৈ গ’ল৷ বৰুৱাই যন্ত্ৰৰ দৰে নিজৰ দায়িত্ব পালন কৰি গ’ল৷ পুতেকহঁতৰ লগত ফেচবুক, হোৱাটচাপৰ যোগেৰে কথা-বতৰা চলি থাকিল যদিও আগৰ দৰে সময় নোপোৱা হ’ল৷ বৰুৱানীৰ আলপৈচান ধৰোঁতে কেতিয়াবা নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ বৰুৱাই পাহৰি যায়৷ পুতেকহঁতে কথাটো মনত পেলাই দি থাকে৷
এদিন ৰাতি ঘৈণীয়েকক ভাত-পানী খুৱাই, খুৱাবলগীয়া দৰৱ খুৱাবলৈ লওঁতেই বৰুৱাৰ গাটো অলপ বেয়া লাগিবলৈ ধৰিলে৷ ঘৈণীয়েকক দৰৱখিনি খুৱাই বৰুৱাই কাষৰ বিচনাখনতে দীঘল দি পৰিল৷ বৰুৱানীয়ে কথাটো মন কৰিছিল যদিও মুখেৰে একো মাতিব নোৱাৰে বাবে কেৱল আকুল ভাবে চাই থাকিল৷ নিজকে যিমান পাৰে স্বাভাৱিক দেখুৱাবলৈ চেষ্টা কৰি বৰুৱাই শুবলৈ চেষ্টা কৰিলে৷ এঘন্টামান পাৰ হৈ হ’ল৷ বৰুৱানীৰো টোপনি আহিল৷ ৰাতি দুইমান বজাত বৰুৱাই বিচনাত চটফটাবলৈ ধৰিলে৷ নিমিষতে প্ৰাণবায়ু উৰি গ’ল হৃৎপিণ্ডৰ স্পন্দন বন্ধ হৈ৷ কাষৰ বিচনাত শুই থকা বৰুৱানীয়ে গমেই নাপালে৷
ৰাতিপুৱা ছয়বজাত বৰুৱানীয়ে সাৰ পালে৷ সদায় সেইখিনি সময়তে বৰুৱাই বৰুৱানীক ধৰি ধৰি লৈ যায় প্ৰাতঃকৰ্ম সম্পন্ন কৰোৱাবলৈ৷ কিন্তু বৰুৱাৰ কোনো সাৰসুৰ নাই৷ যিমানেই সময় পাৰ হৈ যাবলৈ ধৰিলে সিমানেই বৰুৱানীৰ দুশ্চিন্তা বাঢ়ি যাবলৈ ধৰিলে৷ কোনোমতে কষ্ট কৰি বৰুৱানী বিচনাৰ পৰা নামিবলৈ চেষ্টা কৰিলে৷ শৰীৰটোক সৰ্বশক্তি প্ৰয়োগ কৰি টানিবলৈ চেষ্টা কৰিলে আৰু অৱশেষত বিচনাৰ পৰা বাগৰি পৰিল৷ তাৰপাছত কোনোমতে চুচৰি চুচৰি প্ৰায় দহ-পোন্ধৰ মিনিটমানৰ পাছত বৰুৱাৰ ওচৰ পালেগৈ৷বৰুৱানীয়ে গিৰিয়েকক স্পৰ্শ কৰি জোকাৰি দিবলৈ চেষ্টা কৰিলে৷ বৰুৱাৰ কোনো সাৰ-সুৰ নাই৷ বৰুৱানীৰ বুজিবলৈ বাকী না্থাকিল বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰিলে বুলি৷
পেৰালাইচিচ হোৱা বাবে বৰুৱানীৰ মুখৰ মাতো নাছিল যে কাৰোবাক চিঞৰি মাতিব৷ কি কৰিম কি নকৰিম বুলি কিছুপৰ তভক মাৰি ৰ’ল বৰুৱানী৷ তাৰপাছত মনলৈ এটা বুদ্ধি আহিল৷ দূৰৰ টেবুলখনত বৰুৱাৰ মোবাইল ফোনটো আছিল৷ সেইখিনিলৈকে নিজক চোচোৰাই চোচোৰাই নিবলৈ বৰুৱানীয়ে চেষ্টা কৰিলে৷ প্ৰায় আধাঘন্টামান অশেষ কষ্ট কৰাৰ পাছত বৰুৱানী টেবুলখনৰ কাষ পালেগৈ৷ টেবুলৰ এচুকত ধৰি থিয় দিবলৈ চেষ্টা কৰিলে যদিও ভাৰসাম্য হেৰুৱাই টেবুলখন বাগৰি বৰুৱানীৰ গাতে পৰিল৷ মোবাইলটো মজিয়াত পৰি গ’ল৷
এইবাৰ মজিয়াত পৰি থকা মোবাইলটোৰ পিনে যাবলৈ শৰীৰৰ বাকী থকা শক্তিখিনি প্ৰয়োগ কৰিলে বৰুৱানীয়ে৷ অৱশেষত চেতনা থকা হাতখেনেৰে মোবাইলটো ধৰিবলৈ সক্ষম হ’ল৷ চুবুৰীয়াৰ ভিতৰত শইকীয়াই বৰুৱাহঁতৰ সকলোতকৈ নিকট আছিল৷ বৰুৱানীয়ে শইকীয়াৰ নম্বৰটো ডায়েল কৰিবলৈ সক্ষম হ’ল৷ কিন্তু কথা কোৱাৰ ক্ষমতা বৰুৱানীৰ নাছিল৷ আনফালে শইকীয়াৰ ফোনটো ঠিকেই বাজিল৷
শইকীয়াই ফোনটো ধৰিলে, বৰুৱাৰ নম্বৰটো চিনি পালে৷ ইফালৰ পৰা কাৰো মাত নুশুনিহে চিন্তাত পৰিল৷ কিবা এটা অঘটন ঘটা বুলি সন্দেহ  কৰি লগেলগে কাপোৰ সলাই বৰুৱাৰ ঘৰলৈ বুলি লৰ মাৰিলে৷ ওচৰ-চুবুৰীয়া আৰু দুজনমানক খবৰটো দিলে৷
মানুহবোৰ আহি বৰুৱাৰ দুৱাৰত ঢকিয়াই কোনো সঁহাৰি নাপাই দুৱাৰ ভাঙি ভিতৰ সোমাই গ’ল৷ সোমাই বুজি পালে ঘটনা ডাঙৰ বুলি৷ মজিয়াত টেবুল এখন বাগৰি পৰি আছে অলপ কাষতে নিথৰ হৈ পৰি আছে বৰুৱানী৷ কোঠাটোৰ এখন বিচনাত পৰি আছে বৰুৱাৰ শৰীৰ৷ স্বামী-স্ত্ৰী দুয়ো এগেলগে স্বৰ্গগামী হোৱা বুলি সকলোৱে বুজি পালে৷
যাকে য’তে পাৰে খবৰ দিয়া হ’ল৷ চুবুৰীৰ মানুহবোৰ গোট খালেহি৷ আমেৰিকাত থকা বৰুৱাৰ দুই পুত্ৰলৈকো খবৰ পঠিউৱা হ’ল৷ কেইঘন্টামানৰ পাছত আৰম্ভ হ’ল শৱযাত্ৰা, শ্মশানলৈ বুলি৷ অগাপিছাকৈ স্বামী-স্ত্ৰী দুয়োৰে৷ মৃতদেহ কঢ়িয়াবলৈ চুবুৰীৰ ডেকাবোৰ আগবাঢ়ি আহিল আৰু নিজৰ নিজৰ কান্ধ পাতি দিলে৷ কেৱল দুখন কান্ধ অনুপস্থিত থাকিল যাৰ পৰা মাক-দেউতাকৰ আশা আছিল৷ হয়তো সেইদুখন কান্ধ কোটি টকাৰ ভাৰ বৈ কেতিয়াবাই ভাগৰি পৰিছিল৷
(ইন্টাৰনেটত পোৱা হিন্দী কাহিনী এটাৰ অসমীয়া ৰূপান্তৰ)

Friday, 7 October 2016

ঐ তই, তই....



ঐ তই, তই….

তই তুচ্চাৰ্থক সম্বোধন যদিও অতি মৰমৰ সকলোকো তই বুলি সম্বোধন কৰা হয়৷ সকলোতকৈ নিকট বন্ধু-বান্ধৱীয়ে পৰস্পৰক তই বুলি সম্বোধন কৰে৷ বৰপেটালৈ থাকিবলৈ অহাৰ পাছত এটা কথা বিশেষভাৱে মন কৰিছিলো যে বৰপেটাত মানুহে তুমি বুলি কমহে সম্বোধন কৰে; চিনাকী-অচিনাকী প্ৰায় সকলোৱে “কিয়ে বাপু, তোৰ ঘৰ ক’ত, ক’ত থাকা? তোৰ দেউতেৰ নাম কি? …. “ বুলিহে কথা পাতে৷ বৰপেটা বিদ্যাপীঠত একেলগে পঢ়া সহপাঠীবোৰৰ কাকো তুমি বুলি সম্বোধন কৰা মনত নপৰে; সকলো তই ৷ শিক্ষকসকলেও আমাক সকলোকে তই বুলিয়েই সম্বোধন কৰি আছিহিল আৰু লগ পালে এতিয়াও তই বুলিয়েই সম্বোধন কৰে৷
আনহাতে কটন কলেজ আৰু অসম ইঞ্জিনিয়াৰিং কলেজত একেলগে পঢ়া বন্ধু-বান্ধৱীসকলৰ খুব কম সংখ্যকেহে মোক তই বুলি সম্বধন কৰা মনত পৰে৷ তেনে বন্ধু-বান্ধৱীৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি৷ অৱশ্যে ভাল বন্ধু-বান্ধৱীৰ সংখ্যা কম নহয়৷
মোৰ দুয়োটা সন্তানৰ জন্ম অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত থাকোঁতেই হৈছিল৷ তাতেই উমলি-জামলি ডাঙৰ হৈছিল দুয়োটা৷ ডাঙৰ ল’ৰাটো সৰুৰে পৰা বৰ ভদ্ৰ৷ মুখত কেতিয়াও টান মাত নুফুটিছিল আৰু আজিও নুফুটে৷ আনক গালি পাৰিবও নাজানিছিল, হয়তো আজিও নাজানে৷ কেতিয়াবা কিবা কথাত মাকৰ ওপৰত ভীষণ খং উঠিলে সি মাকক কেৱল,
“ ঐ তই, তই…. “ বুলিহে গালি পাৰিছিল৷
তই শব্দটোকে বেচেৰাই গালি বুলি ভাবিছিল৷

Thursday, 6 October 2016

লেমৰ চিমনি, টাপলি আদি…



লেমৰ চিমনি, টাপলি আদি…
(বন্ধু ৰাজৰ্ষি দত্তচৌধুৰীৰ লেমবিষয়ক লেখা এটা পঢ়ি মনলৈ উভতি অহা কিছু কথা)

সৰুতে বিজুলিবাতিৰ পোহৰতে পঢ়িছিলো যদিও দেউতা ঢুকুৱাৰ পাছত বৰপেটালৈ আহি বিজুলি সংযোগ নথকা ভাড়াঘৰ এটাত থাকিবলৈ লোৱাৰ পাছত লেমৰ খুটিনাটিৰ সৈতে ভালদৰে পৰিচিত হওঁ৷ সকলোতকৈ ডাঙৰ কাম আছিল সদায় আবেলি লেমৰ চিমনি পৰিষ্কাৰ কৰি তাত তেল ভৰোৱাটো৷ ঘৰত আন কাম কৰা মানুহ নাছিল বাবে সেই কাম আমিয়েই কৰিবলগীয়া হৈছিল৷ সচৰাচৰ দাদা এজনে সেই কাম বেছিকৈ কৰিছিল৷

লেমৰ চিমনি ফাটি গ’লে নতুনকৈ এটা কিনি লোৱাটো আমাৰ বাবে সহজ কাম নাছিল৷ চিমনিৰ ফাঁটটোৰ ওপৰেৰে কাগজেৰে টাপলি মাৰি যিমান দিনলৈকে পাৰি কাম চলাবলৈ চেষ্টা কৰিছিলো৷ লেমটো জ্বলোৱাৰ পাছত গৰম হৈ কাগজডোখৰ পুৰি গ’লে আকৌ নতুনকৈ এডোখৰ আঠা লগাই দিছিলো৷ কাগজ লগোৱা ফালেৰে পোহৰ কমকৈ ওলোৱা বাবে পঢ়াৰ সময়ত পোহৰ ভালদৰে ওলোৱা ফালটো গাৰ ফালে কৰি লৈছিলো৷ একেখন মেজতে দুজনে পঢ়িবলগা হ’লেহে কেতিয়াবা টনা-আজোৰা লাগিছিল৷ কেতিয়াবা কাজিয়াৰ সূত্ৰপাতো হৈছিল তাৰে পৰাই৷

লেম আছিল দুবিধ: এবিধ হাত লেম আৰু আনবিধ বৈঠক লেম৷ বৈঠক লেম অ’লৈ-ত’লৈ লৈ ফুৰিব নোৱাৰি৷ তেলৰ সৰু পাত্ৰটোৰ ওপৰতে চিমনিটো মাত্ৰ থাকে, ধৰি লৈ ইফালে-সিফালে নিবলৈ কোনো হেণ্ডেল নাথাকে৷ বৈঠক লেমৰ চিমনিটো দীঘল৷ জাতি লাও এটাৰ নিচিনা৷ পেটটো ডাঙৰ, ডিঙিটো সৰু৷ তাৰ পোহৰো অলপ বেছি৷ 

এদিন দাদাই কাগজৰ চুঙা এটা কৰি বৈঠক লেমৰ চিমনিটোৰ ওপৰত বহুৱাই দিলে৷ গতিকে চিমনিটো আৰু দীঘল হৈ পৰিল৷ লগে-লগে জুইশিখাৰ ৰং সলনি হৈ অধিক নীলা হৈ পৰিল আৰু পোহৰো বাঢ়ি গ’ল৷ আমাৰ উৎসাহো বাঢ়ি গ’ল৷ বাতৰি কাকতেৰে যিমান পাৰি সিমান দীঘলকৈ চুঙা বনাই চিমনিটোৰ ওপৰত বহুৱাই দি চালো৷ পোহৰ আৰু বাঢ়ি যোৱা যেন দেখিলো৷ কিন্তু কাগজৰ চুঙাটো বাগৰি পৰি যাব খোজা বাবে হাতেৰে ধৰি থাকিব লগা হ’ল৷ মুঠতে চিমনিটোকে লৈ আমি পৰীক্ষা-নিৰীক্ষা কৰিবলৈ ধৰিলো৷

মন কৰিবলগীয়া কথা এয়ে যে প্ৰথমে সেই পৰীক্ষা কৰা দাদাজন আৰু দাদাক সহায় কৰা মইও পাছলৈ ইঞ্জিনিয়াৰ হলোঁগৈ৷ তেনেদৰে কাগজৰ চুঙা লগাই দি চিমনিটোৰ উচ্চতা বঢ়াই দিলে কি হয় আৰু পোহৰ কিয় সলনি হয় সেই বিষয়ে অৱশ্যে ভালদৰে পঢ়িবলৈ পালো ইঞ্জিনিয়াৰিং কলেজতহে৷..