At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 2 February 2017

মেলেৰিয়া

মেলেৰিয়া কি? ইয়াৰ লক্ষণ কি? ই কিয় হয়? ইয়াক কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি?

উত্তৰ:
মেলেৰিয়া এটা অসমীয়া শব্দ৷ ইৎৰাজী বা বেলেগ ভাষাতো ইয়াক মেলেৰিয়া বুলিয়েই কয়৷ গতিকে ই এটা আন্তৰ্জাতিক শব্দ৷
এই শব্দটো খুব শুনা যায় মানুহৰ মুখত, ডাক্তৰ নাৰ্চ, কম্পাউণ্ডাৰ আদিৰ মুখত৷
এইটো বহুতে বেমাৰ বুলি ভাবে৷
আচলতে মেলেৰিয়া বুলি একো বেমাৰ নাই৷ ই এটা মনৰ ভ্ৰম মাত্ৰ৷

লক্ষণ: মেলেৰিয়া যিকোনো ক্ষণত হ’ব পাৰে, এইটোয়েই তাৰ লক্ষণ৷ অৱশ্যে যেতিয়া মানুহে চকু দুটা ডাঙৰ কৰি ভয়ে ভয়ে ইফালে সিফালে চায় আৰু হাত দুখন জোৰকৈ মুঠা মাৰি ধৰে আৰু কঁপিবলৈ ধৰে তেতিয়া মেলেৰিয়া হোৱা বুলি বুজি পাব পাৰি৷ সেই সময়ত ওচৰত নথকাই ভাল৷ কাৰণ ওচৰৰ মানুহৰ হাতত জোৰকৈ খামুচি ধৰিব পাৰে৷
মেলেৰিয়া দিনতো হ’ব পাৰে ৰাতিও হ’ব পাৰে৷ সেইটো মানুহজনৰ ওপৰত নিৰ্ভৰ কৰে৷
মেলেৰিয়া কিয় হয়: ই মনৰ ভ্ৰম৷ গতিকে মনৰ ভ্ৰম হ’লে মেলেৰিয়া হোৱা বুলি মানুহজনে ভাবে আৰু ওচৰৰ মানুহবোৰেও ভাবে৷
ৰাতি চোৰৰ মেলেৰিয়া হ’ব পাৰে যদি কাৰোবাৰ ঘৰত মনে মনে সোমোৱাৰ পাছত গৃহস্থই সাৰ পাই লাইটটো জ্বলাই দিয়ে৷ তেতিয়া চোৰটো বিচনাৰ তলত মেলেৰিয়াত আক্ৰান্ত হ’ব পাৰে৷
পৰীক্ষাৰ সময়ত বহুত গাধা ল’ৰা-ছোৱালীৰ মেলেৰীয়া হয়৷ ভাইভাৰ সময়তযে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই মেলেৰিয়াৰ কবলত পৰে৷
জাৰকালি মেলেৰীয়া সহজে হয়৷
আমাৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়াই ডাঙৰ ডাঙৰ নোটবিলাক নচলা কৰি দিয়াৰ পাছত বহুতো ধনী ধনী মানুহৰ মেলেৰিয়া হৈছিল৷
এনেকুৱা বহুত উদাহৰণ দিব পাৰি৷

প্ৰতিৰোধৰ উপায়: যেতিয়া আপোনাৰ মেলেৰিয়া হ’ব খোজে তেতিয়া নিজৰ গাত জোৰকৈ চিকুটি দিয়ক৷ কিবা ভাললগা কথা চিন্তা কৰক৷ মেলেৰিয়া ভয়তে পলাই ফাঁট মাৰিব৷
মেলেৰিয়া বৰ সংক্ৰামক৷ মেলেৰিয়া হোৱা মানুহৰ ফালে নাচাব৷ চালে তেওঁৰ কঁপনি দেখি আপোনাৰো মেলেৰিয়া হ’ব পাৰে৷ ডাক্তৰৰ ওচৰলৈ গ’লে বিৰাট তিতা দৰব খুৱাই দিয়ে৷ তেতিয়া ইমান তিতাৰ প্ৰকোপত সকলো পাহৰি গৈ মেলেৰিয়াও নোহোৱা হয়৷


No comments:

Post a Comment