At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Sunday, 12 February 2017

জীৱনৰ মূল্য

জীৱনৰ মূল্য….

সৰু ল’ৰা এটি ককাকৰ ওচৰলৈ গৈ সুধিলে. “জীৱনৰ মূল্য কিমান?”
ককাকে তাক এটা পাথৰ দি ক’লে,
“এই পাথৰটোৰ মূল্য কিমান জানি লোৱা, কিন্তু এইটো নেবেচিবা৷”
ল’ৰাটোৱে পাথৰটো কমলা বেচা মানুহ এজনৰ ওচৰলৈ লৈ গৈ তাৰ দাম কিমান সুধিলে৷
সেই চিকচিকিয়া পাথৰটোলৈ চাই টেঙা বেপাৰীজনে ক’লে,
“মই তোমাক বাৰটা কমলা দিম মোক পাথৰটো দিয়া৷”
ল’ৰাটোৱে ক্ষমা খুজি ক’লে, মোক ককাই এইটো বেচিবলৈ হাক দিছে৷

সি আগবাঢ়ি গৈ পাচলি বেচা মানুহ এজন পাই সুধিলে,
“এই পাথৰটোৰ দাম কিমান হ’ব?”
সেই চিকচিকিয়া পাথৰটোলৈ চাই পাচলি বেচা মানুহজনে ক’লে,
“এপাচি আলু লৈ যোৱা আৰু মোক পাথৰটো দিয়া৷”
ল’ৰাটোৱে ক্ষমা খুজি সেইটো নেবেচে বুলি ক’লে৷

আৰু আগবাঢ়ি সি এখন অলঙ্কাৰৰ দোকান পালে আৰু তাতে পাথৰটোৰ দাম সুধিলে৷
অলঙ্কাৰৰ দোকানীজনে ক’লে,
“মই তোমাক পাথৰটোৰ দাম দহ লাখ টকা দিম৷”
ল’ৰাটোৱে মূৰ জোকাৰিলে, দোকানীজনে আকৌ ক’লে, “বাৰু , লগতে ২৪ কেৰেট সোণৰ দুডাল নেকলেচ লোৱা আৰু মোক পাথৰটো দিয়া৷
পাথৰটো বেচিব নোৱাৰে বুলি ল’ৰাজনে বুজাই দিলে৷

আৰু অলপ আগবাঢ়ি গৈ ল’ৰাজনে মূল্যবান পাথৰৰ দোকান এখন দেখি তাতে পাথৰটোৰ দাম সুধিলে৷
সেই মূল্যবান পাথৰৰ দোকানীজনে সেই প্ৰকাণ্ড ৰুবীটো দেখি এখন ৰঙা কাপোৰ পাৰি তাৰ ওপৰত ৰুবীটো থ’লে৷ তাৰপাছত তেওঁ ৰুবীটোক কেইবাবাৰো প্ৰদক্ষিণ কৰি মূৰ দোঁৱাই ৰুবীটোক প্ৰণাম কৰিলে৷ তাৰপাছত ল’ৰাটোক সুধিলে,
“তুমি এই অমূল্য ৰুবীটো ক’ত পালা? মই গোটেই জগতখন বেচিলেও, মোৰ জীৱনটো বেচি দিলেও এই অমূল্য পাথৰটো কিনিবলৈ সক্ষম নহ’ম৷”

অতি আচৰিত হৈ ল’ৰাটো ককাকৰ ওচৰলৈ উভতি গৈ সকলো কথা বৰ্ণাই ক’লে৷
“এতিয়া মোক জীৱনৰ মূল্য কিমান কোৱা, ককা৷”
ককাকে ক’লে,

“তুমি কমলা বেচা মানুহ, পাচলি বেচা মানুহ, অলঙ্কাৰ বেচোঁতা আৰু মূল্যবান পাথৰৰ দোকানীজনৰ পৰা পোৱা উত্তৰ কেইটাই আচলতে জনায় জীৱনৰ মূল্য কিমান৷
তুমি অতি অমূল্য পাথৰ হ’ব পাৰা, কিন্তু মানুহে তোমাক মূল্য দিব তেওঁলোকৰ আৰ্থিক অৱস্থা, তেওঁলোকৰ হাতত থকা তথ্য বা তেওঁলোকৰ জ্ঞানৰ পৰ্যায়, তোমাৰ ওপৰত থকা তেওঁলোকৰ বিশ্বাস, তোমাক আদৰ কৰাৰ অন্তৰালত তেওঁলোকৰ অন্তৰত থকা অভিপ্ৰায়, তেওঁলোকৰ উচ্চাকাংক্ষা আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা তেওঁলোকৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি৷

কিন্তু ভয় নকৰিবা৷ তুমি নিশ্চয় কোনোবা এনেলোক বিচাৰি পাবা যিজনে তোমাৰ প্ৰকৃত মূল্য বুজি পাব৷
নিজক সন্মান কৰা৷
নিজক কম মূল্যত নেবেচিবা৷
তুমি দুষ্প্ৰাপ্য, অদ্বিতীয়, মৌলিক আৰু সকলোৰে পৰা পৃথক, একক৷
তুমি এটি অতুলনীয় সৃষ্টি কাৰণ অতুলনীয়জনাই তোমাক সৃষ্টি কৰিছে৷
কোনেও তোমাৰ স্থান ল’ব নোৱাৰে৷

মূল্যক মূল্য দিয়া৷
জীৱন অমূল্য৷৷

(ধনলক্ষ্মী আয়াৰৰ ইংৰাজী পোষ্ট এটাৰ অসমীয়া অনুবাদ)

No comments:

Post a Comment