At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday, 7 February 2017

গছ আৰু জন্তুৰ তুলনা

গছ আৰু জন্তুৰ তুলনা কৰা…
১) গছ মাটি ফুটি ওলায়৷ সকলোবিলাক জন্তু মাটি ফুটি নোলায়৷ কিছুমান জন্তু ওলায়, যেনে কেঁচু, কুমটি৷
২) গছৰ গুটি মাটিত পুতি থলে তাৰ পৰা গছ হয় কিন্তু জন্তু মাটিত পুতি থলে জন্তু নগজে৷ নহ’লে কবৰৰ পৰা নতুন নতুন মানুহ গজি উঠিলহেতেন৷
৩) জন্তুৱে হোৱা হোৱা কৰে কিন্তু গছে হোৱা হোৱা কৰিব নোৱাৰে৷
৪) জন্তু ৰং-বিৰঙৰ হয় কিন্তু গছ নহয়৷ গছ সেউজীয়া হয়৷
৫) গছৰ তেজ ওপৰৰ পৰা তললৈ বয় কিন্তু জন্তুৰ তেজ তলৰ পৰা ওপৰলৈ বয়৷
৬) গছ চঞ্চল নহয়, একে ঠাইতে থাকে কিন্তু জন্তু বৰ চঞ্চল, ইফালে-সিফালে গৈ থাকে৷
৭) জন্তুৱে কাজিয়া কৰে কিন্তু গছে কাজিয়া নকৰে৷
৮) জন্তুৱে আহাৰ খায়, গছে একো নাখায়৷ গতিকে গছৰ দাঁতো নাই৷
৯) জন্তুৱে কামুৰিব পাৰে, লঠিয়াব পাৰে, গছে কিন্তু নোৱাৰে৷ সেই কাৰণে গছক কোনেও ভয় নকৰে৷
১০) আমি গছত উঠিব পাৰো কিন্তু জন্তুত উঠিব গ’লে হিনকাই দিব৷
১১) জন্তু গছত উঠিব পাৰে কিন্তু গছ জন্তুত উঠা  আমি দেখা নাই৷

১২) আৰু বহুত আছে কিন্তু পাহৰি থাকিলো৷

(হোৱাটচ আপ পোষ্ট এটাৰ পৰা সহায় লোৱা হৈছে)

1 comment: